মই লগ পোৱা তিনিটা চোৰ

1233
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


এজন বিখ্যাত লোকে কৈছিল “There is a difference between the irresistible impulse, and the impulse not resisted. And that is why the best thieves don’t get caught.” চোৰকলৈ ভাৰতবৰ্ষত বহুতো চিনেমাও নিৰ্মান হৈছে। Dhoom, Race  আদি চিনেমাই হাই প্ৰফাইল চোৰৰ কাৰু-কাৰ্য দেখুৱাই বহু টকা মুনাফা কৰিছে। আজি মই মোৰ জীৱনত লোগ পোৱা  তিনিটা চোৰৰ কথা ক’ব ওলাইছো। ইঞ্জিনিয়াৰিং পঢ়িবলৈ মই ২০০০ চনত বাগাংলোৰলৈ গৈছিলো। পঢ়া সময় তথা চাকৰি জীৱন মিলি প্ৰায় ১৬ বছৰমান বাংগালোৰত আছিলো। এই তিনিটা চোৰৰ সৈতে মোৰ বাংগালোৰতে মুখা মুখি হৈছিল।
তেতিয়া আছিল ২০১০ চন।  শনিবাৰৰ এটা দুপৰীয়া বাহিৰত পুৰণি খৱৰ কাকত কিনা মানুহৰ মাত শুনিলো। চাৰিমাহ মানৰ পৰা বাতৰি কাকত জমা হৈ আছে। ওজন কৰাত ৮ কেজি হ’ল। কিলোত দহটকা হিচাপত ৮০ টকা মানুহজনে আমাক হাতত তুলি দিলে। এখন ৫০টকীয়া আৰু তিনিখন দহটকীয়া নোট। এনেতে শ্ৰীমতীৰ অথন্তৰ লাগিল। ৫০ টকীয়া নোটখন হেনো বহু পুৰণি। বজাৰত নচলিব। পেপাৰ বেচা মানুজনে পকেটত হাত ফুৰাই এখন এশটকাৰ নোট উলিয়াই কলে যে এইখনৰ বাহিৰে তাৰ হাতত আন একো নোট নাই। ২০টকা ঘূ্ৰাই দিম বুলি শ্ৰীমতীয়ে তাৰ পৰা এশটকাখন ল’লে। বহু সময় ধৰি শ্ৰীমতী বেডৰূমত ২০ টকা বিচৰাত ব্যস্ত। ড্ৰইং ৰূমত অপেক্ষা ৰত মই আৰু লগতে পেপাৰৱালা। কিছু সময় পিছত ময়ো বেডৰূমত গৈ ২০ টকাৰ সন্ধানত লাগিলো। ২ মিনিটৰ ভিতৰত ২০টকীয়া নোট এখন বিচাৰি পাই ড্ৰইং ৰূমলৈ আহি চাও পেপাৰৱালা নাই। লগে লগে মই চিৰিৰে নামি গৈ বিল্ডিংৰ তলত তাক লগ পালো। চাইকেলখন লৈ সি যাবলৈ ওলাইছিল। ২০টকা হাতত দিবলৈ যাওতে লক্ষ্য কৰিছিলো তাৰ হাতখন কপিছে। মই সিমান একো নাভাবি তাক বিদায় দিলো। ঘৰলৈ  অহাৰ ৫ মিনিট পিছতে শ্ৰীমতীৰ হুৱাদুৱা লাগিল। মোবাইল ফোনটো বিচাৰি পোৱা নাই। সেই সময়ৰ খুব জনপ্ৰিয় ন’কিয়াৰ মিউজিক এক্সপ্ৰেছ। দাম প্ৰায় ১৬ হাজাৰ মান আছিল।  বাইকখন লৈ লগে লগে চোৰক বিচাৰি গলো। কিন্তু চোৰে যানো মোৰ অপেক্ষাত ৰৈ থাকিব?
২০১৭ চনৰ এটা দেওবাৰ। বন্ধৰ দিনত অলপ দেৰিলকৈ শুৱাৰ অভ্যাস। ৯টা মান বজাত কলিং বেলৰ শব্দ শুনি দুৱাৰ খুলি দেখিলো এজন অচিনাকি মানুহ। খুব সুন্দৰ কাপোৰ কাণি পৰিহিত মানুহজনে মোৰ লগত ইংৰাজীতে কথা পাতিলে। তেওঁ হেনো আমাৰ ফ্লেটৰ কাষতে থাকে। ঘৰত জুই লাগিছে। খুৱ আৰ্জেন্ট ৫০০ টকা দৰকাৰ। মোক দুপৰীয়ালৈ ওভতাই দিব। টোপনিৰ জালৰ পৰা মই সম্পূৰ্ণ মুক্ত হোৱাই নাই। কোনো প্ৰশ্ন নকৰাই মানুহজনক ৫০০ টকা এটা তুলি দি এজন দায়ত্বশীল চুবুৰীয়াৰ দৰে কলো Pleae let me know if you need any other help. বিচনালৈ গৈ ভাবিলো যে জুই লাগিলে মাত্র ৫০০ টকাৰহে দৰকাৰ কিয়? তেওঁৰ আন চিনাকি মানুহ নাছিল নেকি? এপাৰ্টমেন্টৰ পৰা ওলাই গৈ ওচৰে পাজৰে ক’ত জুই লাগিছে চাবলৈ গ’লো। তেতিয়াহে বুজি পালো যে মানুহজন আৰু কেতিয়াও ঘূৰি নাহে। ৫০০ টকা হেৰুৱাতকৈও নিজে ঠগ খোৱা কথাটোতহে মনটোৱে বেছি অশান্তি পালে।
আমি ইঞ্জিনিয়াৰিং পঢ়ি থকা সময়ত চাৰিজন অসমীয়া লৰা একেলগে ঘৰ ভাৰা লৈ আছিল। তৃতীয়জন চোৰ আছিল এই চাৰিজনৰ মাজৰে এজন। এই চিৰিয়েল চোৰজন আছিল আমি চাৰিজনৰ ভিতৰত সকলোতকৈ আধ্যবন্ত ঘৰৰ লৰা। সপোনতো ভাবিব পৰা নাছিলো যে উচ্চ শিক্ষিত ভাল চাকৰি কৰা  মাক দেউতাকৰ ঘৰত এটা চোৰে জন্ম পাব। এই লৰাজনৰ প্ৰথম চিকাৰ আছিল আমাৰ কাষতে ভাৰা কৰি থকা এটা তেলেগু লৰা। চোৰ জন সিহতৰ ঘৰলৈ ফুৰিবলৈ গৈ ফিৰি অহাৰ কিছু সময় পিছতে তাৰ ১ হাজাৰ টকা অন্তৰ্ধান।  তেলেগু  ল’ৰাজনে টকা বিচাৰি আমাৰ ঘৰলৈ আহি বহু কন্দা কটা কৰিলে। কিন্ত চোৰৰ হৃদয় নগলিল। তাৰ পিছত সি বঙালী লৰা এজনৰ পৰা ১.৫ হাজাৰ টকা চুৰি কৰিলে। বঙালী লৰাজনৰ মাক আহি সকলোৰে লগত সোধা-পোছা কৰিলে। তেখেতে কিন্তু চোৰজন সঠিক ভাবে চিনাক্ত কৰিলে। কিন্ত প্ৰমাণৰ অভাবত একো কৰিব নোৱাৰিলে। এইবাৰ চোৰজনৰ চিকাৰ হ’লো মই আৰু আমাৰ ঘৰতে থকা আন এজন অসমীযা লৰা। কিন্তু চোৰজন আছিল খুৱ চালাক। তাৰ প্ৰৰোচনাত আমি সন্দেহ কৰিবলৈ আৰম্ভ কৰিলো আমাৰ লগত থকা চতুৰ্থজন লৰাক। সেই লৰাজন অলপ অকলশৰীয়া স্বভাবৰ আছিল। তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে চোৰজনে। আমি তিনিজনে মিলি সৎ লৰাজনক আমাৰ ঘৰৰ পৰা বিদায় দিলো। কিন্তু তাৰ বিদায়ৰ পিছতো চোৰৰ উপদ্ৰব নকমিল। অবশেষত এদিন আচল চোৰ হাতে লোতে ধৰা পৰিল। আমাৰ ঘৰৰ তৃতীয়জন সদস্যই বেংকৰ পৰা টকা আনি টেবুলত ৰাখি বাথৰূমলৈ গৈছিল। আহি দেখে বেংকৰ পৰা অনা ২ হাজাৰ টকাৰ ৫০০ টকা নাই। ঘৰত চোৰৰ বাহিৰে আন কোনো নাছিল সেয়েহে চোৰে টকা ঘূৰাই দিবলৈ বাধ্য হ’ল। তাক আমি ঘৰৰ পৰা খেদি দিয়াৰ লগতে জীৱনত কেতিয়াও মাত বোল নকৰাৰ সিদ্ধান্ত ল’লো। খৱৰ পোৱা মতে সি গুৱাহাটীত কিবা চাকৰি কৰিছিল আৰু দুৰ্নীতিৰ অভিযোগত তাক বৰ্খাস্ত কৰা হৈছে।