মধ্যপ্ৰদেশ ২০১৮: চতুৰ্থবাৰলৈ শিৱৰ ৰাজ

3470

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ছাত্র-ছাত্রী আৰু যুৱক-যুৱতীয়ে তেখেতক মামা বুলি মাতে। দুৰ্গামাতাৰ ভজন তেখেতে সুন্দৰভাবে গাব জানে। ২৯ নবেম্বৰ ২০০৫ চনত এক বিশেষ পৰিস্হিতিত বিজেপি দলে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রীৰ দায়িত্ব অৰ্পন কৰিছিল। যোৱা দুটা বিধানসভা নিৰ্বাচনত দলক সন্মুখৰ পৰা নেতৃত্ব দি বিজয়ী কৰাবলৈ সক্ষম হৈছিল । হয় আমি কৈ আছো মধ্যপ্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানৰ কথা। ৫৮ বছৰীয়া  চৌহানে যোৱা তেৰ বছৰে অতি সবল ভাবে দল আৰু চৰকাৰ চলাই আছে। যোৱা চাৰিটা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপি দলে লাভ কৰা আসনৰ সংখ্যা এনে ধৰণৰঃ
২০০৩ ত ১০ বছৰীয়া কংগ্ৰেছ চৰকাৰখন ওফৰাই বিজেপিয়ে শাসনৰ বাঘজৰি নিজৰ হাতলৈ আনিছিল। কংগ্ৰেছৰ দিগ্বিজয় সিংক আতৰাই ৰাইজে মুখ্যমন্ত্রীৰ আসনত বহুৱাইছিল উমা ভাৰতীক। বাবৰি মচজিদ ধ্বংসৰ গোচৰৰ বাবে মুখ্যমন্ত্রীৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হোৱাৰ পিছত বাবুলাল গৌড় কেইমাহমানৰ বাবে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রী হয়। গৌড় দুৰ্বল মুখ্যমন্ত্রী হোৱাৰ বাবে বিজেপি দলৰ জনাধাৰ কমিব ধৰে। এনে এক সংকটৰ মুহূৰ্তত দলে চৌহানৰ ওপৰত আস্হা ৰাখে। শিৱৰাজ সিং চৌহানে দলক নিৰাশ নকৰিলে। একেৰাহে তিনিটা নিৰ্বাচনত জয়ী হৈ তেখেতে ভাৰতৰ ভিতৰতে এজন অন্যতম জনপ্ৰিয় মুখ্যমন্ত্রীৰ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়।
বিধানসভা নিৰ্বাচনত কি হ’ব?
দুটা অ’পিনিয়ন প’লে মধ্যপ্ৰদেশ নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছৰ তুমুল প্ৰতিদ্বন্দ্বিতা হ’ব বুলি ভবিষ্যত বাণী কৰিছে।
মধ্যপ্ৰদেশ – মুঠ: ২৩০
বিজেপি কংগ্ৰেছ অন্য
Chrome DM ১০৮ ১০৩ ১৯
WARROOM ১৪২ ৭৭ ১১
ABP-CVOTER ১০৮ ১২২
গড় ১১৯ ১০১ ১০
কিন্তু এটা কথা মন কৰিবলগীয়া যে সকলো অ’পিনিয়ন  প’লৰ মতে মুখ্যমন্ত্রীৰ প্ৰথম পচন্দ শিৱৰাজ সিং চৌহান। এইটো নিশ্চয় কংগ্ৰেছৰ বাবে শুভ লক্ষণ নহয়। বিজেপি চৰকাৰখনৰ ১৫ বছৰৰ পিছতো শিৱৰাজ বা বিজেপিৰ বিপক্ষে ৰাইজে অনাস্হা প্ৰকাশ কৰা নাই।  ইয়াৰ কাৰণ হ’ল শিৱৰাজ সিং চৌহানৰ সবল নেতৃত্ব। ৰাজ্যত বিজুলী, পানী আৰু ৰাস্তাৰ উন্নয়নৰ প্ৰতিশ্ৰুতি লৈ শাসনভাৰ লাভ কৰা বিজেপিয়ে যোৱা ১৫ বছৰত এই ক্ষেত্রত সফল হোৱা বুলি কব লাগিব। নহ’লে একেৰাহে তিনিবাৰ কাৰো পক্ষে বিজয়ী হোৱাতো সম্ভব নহয়।
কিন্ত সময় যোৱাৰ লগে লগে ৰাইজৰ আশা আকাঙ্ক্ষা চৰকাৰৰ  ওপৰত বৃদ্ধি পায়। নিবনুৱা সমস্যা, কৃষকৰ সমস্যা, পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি আদিয়ে বিজেপিক বিপদত পেলাব বুলি ভবা হৈছিল। বহুতে ভাবিছিল ১৫ বছৰীয়া প্ৰতিষ্ঠান বিৰোধী ঢৌত উটি যাব শিৱৰাজ সিং চৌহানৰ চৰকাৰ। বৰ্তমানৰ সমীক্ষা বোৰে অবশ্যে অন্য এখন ছবিহে দাঙি ধৰিছে। নিৰ্বাচন যিমানে ওঁচৰ চাপি আহিছে, সিমানে চৌহানৰ জয়ী হোৱাৰ সম্ভাবনীয়তা বৃদ্ধি পাব ধৰিছে। মোডীয়ে নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিলে বিজেপিৰ স্হিতি আৰু অধিক সুদৃঢ় হোৱােটো ধুৰুপ। কংগ্ৰেছ মধ্যপ্ৰদেশত কেইবাটাও ভাগত বিভক্ত। জৌতিৰাদিত্য সিন্ধিয়া, কমল নাথ আৰু দিগ্বিজয় সিং সকলোৰে নিজা নিজা অংক আছে। ব্যক্তিগত টেলিভিছন চেনেল ‘আজতক’ৰ এটা অনুষ্ঠানত দিগ্বিজয় সিং, কমল নাথ আৰু মুখ্যমন্ত্রী চৌহান তিনিওজনে খুব সুন্দৰভাবে নিজৰ কথা ৰাখিছে। দিগ্বিজয় সিং আৰু কমল নাথে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে যদিও শিৱৰাজ সিং চৌহানৰ আত্মবিশ্বাস কিন্তু কমা নাই।
আমাৰ হাতত পৰা খবৰ অনুসৰি যদিও চৌহান মুখ্যমন্ত্রী হিচাপে আজিও জনপ্ৰিয় ,বিজেপিৰ কিছুমান মন্ত্রী- বিধায়কৰ দুৰ্নীতিক লৈ ৰাইজৰ মাজত হতাশা আছে। অমিত শ্বাহে এই কথা বুজিব পাৰি ৫০ ৰ পৰা ১০০ জন বৰ্তমানৰ বিধায়কক টিকট নিদিয়াৰ সিদ্ধান্ত লৈছে।  এইটো পদক্ষেপে বিজেপিক  আগন্তুক নিৰ্বাচনত প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ সুযোগ দিব।
মুঠৰ ওপৰত  বিজেপি আৰু কংগ্ৰেছ উভয়ে মধ্যপ্ৰদেশ নিজৰ হাতত ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে।বৰ্তমান ৰাজনৈতিক  পৰিস্থিতিলৈ চাই কব লাগিব __শিৱৰাজ সিং চৌহান হবলৈ গৈ আছে  মধ্যপ্ৰদেশৰ চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্রী।