মন্ত্রীসভাত হাগ্ৰামা?

966

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


বড়োভুমিৰ দুই প্ৰধান দল বিপিএফ আৰু ইউপিপিএল কোনো এটাকে নাৰাজ কৰিব বিচৰা নাই বিজেপিয়ে। তাৰ প্ৰধান কাৰণ হ’ল ২০২২ চনৰ ৰাজ্যসভাৰ নিৰ্বাচন। বিপিএফৰ বিধায়ক কেইজনৰ সমৰ্থন অবিহনে খালী হ’ব লগীয়া দুয়োখন ৰাজ্যসভাৰ আসনত জয়ী হোৱা বিজেপিৰ বাবে অসম্ভব। সেয়েহে দুয়োটা দলৰ লগত মধুৰ সম্পৰ্ক ৰক্ষা কৰি চলাত আগ্ৰহী বিজেপি। বিজেপিৰ এই নীতিত সন্তুষ্ট নহয় ইউ.পি.পি.এল। হাগ্ৰামাৰ দলক সম্পূৰ্ণ উৎখাত কৰি বিটিআৰত ৰাজত্য কৰিব বিচাৰে প্ৰমোদ বড়োৱে। কিন্তু সমস্যা হৈছে পৰিষদৰ অংক। বিজেপিৰ সমৰ্থন অবিহনে ইউপিপিএলে পৰিষদ গঠন কৰিব নোৱাৰে। এয়াই বিজেপিৰ ব্ৰহ্মাস্ত্ৰ। ইউ.পি.পি.এলে মুখ মেলিলেই বিটিআৰত চৰকাৰ ভংগ কৰি দিয়াৰ ধমকি দিয়ে বিজেপিয়ে। কিছুমান সংবাদ মাধ্যমৰ মতে প্ৰমোদ বড়োৱে তামুলপুৰত বিধানসভা নিৰ্বাচন খেলি দিছপুৰলৈ আহিব । আচলতে কিন্তু বিটিআৰ হাগ্ৰামাৰ হাতত অৰ্পন কৰাত মুঠেও আগ্ৰহী নহয় বিজেপি। পৰিষদীয় নিৰ্বাচনত বিভিন্ন বাক্যবানেৰে থকা শৰকা কৰা হাগ্ৰামাক কোনো পধ্যে বিজেপেয়ে বিটিআৰত শক্তীশালী হোৱাটো বিচৰা নাই। বিজেপিয়ে বিচাৰে হাগ্ৰামাই গোসাঁইগাওঁৰ পৰা উপ নিৰ্বাচন খেলি হিমন্ত বিশ্ব শৰ্মা চৰকাৰত কেবিনেট মন্ত্রী হওক। বিটিআৰত প্ৰমোদ বড়ো আৰু দিছপুৰত হাগ্ৰামা থাকিলে বিজেপিৰ সকলো সমস্যা দুৰ হয়। বিজেপিয়ে ইতিমধ্যে এই প্ৰস্তাবক লৈ দুয়োটা বড়ো দলৰ লগত আলোচনা আৰম্ভ কৰিছে। প্ৰথম অবস্থাত হাগ্ৰামা এই ফৰ্মুলাকলৈ মুঠেও আগ্ৰহী নাছিল যদিও সময় যোৱাৰ লগে লগে মন কিছু পাতলিছে। হাগ্ৰামাই বুজি উঠিছে যে কোনো কাৰণতে বিজেপিয়ে তেওক বিটিআৰৰ চিফ হ’বলৈ নিদিয়ে। ফলত তেওঁৰ হাতত বিকল্প মাত্র দুটা _দিছপুৰত মন্ত্রী নহলে বিৰোধী দলৰ ভূমিকা পালন। সেয়েহে মন্ত্রী হোৱাৰ বাবে কিছুদিন পূৰ্বে সন্মতি প্ৰদান কৰিছে হাগ্ৰামাই। বৰ্তমান বিভাগক লৈ দৰদাম চলি আছে। সকলো মিলিলে উপ নিৰ্বাচনত গোসাঁইগাওঁৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দেখা পোৱা যাব হাগ্ৰামা মহিলাৰীক। বিটিআৰৰ প্ৰবল প্ৰতাপী নেতাজনে দিছপুৰত কেনে আচৰণ কৰে তাকলৈও সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাব। দুটা প্ৰতিদ্বন্দ্বী দলক একেখন মঞ্চত ৰখাটো বিজেপিৰ বাবে খুব প্ৰত্যহ্বানমূলক হ’ব। হাগ্ৰামা মহিলাৰী আৰু উৰ্খাও গৌৰা ব্ৰহ্মৰ দৰে দুজন ৰাজনৈতিক শত্ৰু একেখন কেবিনেটত হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে সংস্থাপন কৰে সেয়া লক্ষণীয় হ’ব।