মন্ত্ৰী – এমএলএ প্ৰভু নহয় আৰু আমি গোলাম নহয় ____

2017
  • পাৰ্থ প্ৰতীম লহকৰ

ইংৰাজ গ’ল , কিন্তু নগ’ল আমাৰ গোলামী । আম্বেদকাৰৰ দ্বাৰা ৰচিত হ’ল সংবিধান । দেশৰ নাগৰিকে পালে গণতান্ত্ৰীক অধিকাৰ । ‘ By the people for the ………’ ভাৰতীয় গণতন্ত্ৰৰ মূল আধাৰ হ’ল । কিন্তু ৰাইজে জানো নিজকে সৰ্বেসৰ্বা বুলি ভাবে ?  ৰাইজৰ ভোটত চৰকাৰ গঠন হয় , ৰাইজৰ প্ৰতিনিধিয়ে গামোচা লয় । কিন্তু বছৰ শেষ নৌহওঁতেই সেই একেই ৰাইজে ক’লা পতাকা দেখুৱাই । ৰাইজৰ প্ৰতিনিধি সমালোচিত হয় ৰাইজৰ মাজৰ পৰা ;  ব্যক্তি আৰু দলৰ এক অবুজ সংমিশ্ৰণত ৰাইজে প্ৰতিনিধি সলায় । আকৌ গামোচা আকৌ সম্বৰ্ধণা আৰম্ভ হয় । পিছত এইবাৰ হয়তো মাহ ভৰি নেযাওঁতেই কলা পতাকাই ৰাস্তা পায় । প্ৰতিবাদৰ ভাষা সময়ে সময়ে সলনি হৈছিল আৰু হৈ আছে । গণতান্ত্ৰীক ব্যৱস্থাটোৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি একাংশই অস্ত্ৰ লয় । শোষিত বুলি ভবা একাংশ ৰাইজে সমৰ্থন দিয়ে । বোমা , গুলীৰ ধোৱাঁই প্ৰতিবাদৰ দিনলীপি লিখে । শেষত সময়ৰ আহ্বানত নিজৰ গতি সলনি কৰি বিধান সভা , সংসদৰ মজিয়াত খোজ পেলায় । জংঘলত যি আৰক্ষীয়ে তেওঁলোকৰ পিছ লৈছিল , সেই আৰক্ষী এতিয়া দেহৰক্ষী । লাহে লাহে ৰং সলনি হয় আৰু কলা পতাকাই ৰাইজৰ প্ৰতিনিধিক খেদি ফুৰে । একেই ৰাইজ কেতিয়াবা গণতন্ত্ৰ বিৰোধী হয় , কেতিয়াবা এম এল এ ৰ সম্বৰ্ধণা সভাৰ গামোচা চাপ্লাইয়াৰ হয় আৰু সময়ত কলা পতাকা উৰুৱাই , শিল দলিয়াই প্ৰতিবাদ কৰে । এজন মানুহৰ  তিনিটা চৰিত্ৰত জীৱনৰ  অভিনয় আৰু শেষত এটাই উপায় আৰক্ষীক গালি । বৃটিছে আমাৰ তেজত গোলামী দি গ’ল আৰু গান্ধীয়ে আন্দোলন দি গ’ল  । মন্ত্ৰীক চাৰ , মন্ত্ৰীৰ পিএক চাৰ , বিধায়ক চাৰ , বিধায়কৰ ড্ৰাইভাৰ চাৰ , ডিচিয়ে  মন্ত্ৰীক চাৰ , ওচিয়ে বিধায়কক চাৰ , ওচিয়ে এচপিক চাৰ , এচপিয়ে মন্ত্ৰীক চাৰ । মই  কৃষক । আল্লাই মেঘ দিছে , পানী দিছে আৰু মাটিত দিছে সাৰ । নিজৰ হালেৰে খেতি কৰিছো , নিজে খাইছো আৰু আনকো খুৱাইছো । তথাপি এম এল এ ,  মন্ত্ৰী , ডিএচপি মোৰ চাৰ ।  ডাক্তৰ চাৰ । গাত হাত দিয়াৰ লগে লগে তিনিশ টকা । ৰাতি ৯ টাৰ পিছত ৩৫০ টকা । শৌচ , পেচাৱৰ পৰা আৰম্ভ কৰি চকু , নখ পৰীক্ষালৈ পাৰ্চেন্টেজ লয় । তথাপি চাৰ । নৰ্মেল ডিলিভাৰী চিজাৰাইন হয় । কিবা সুধিলেই ইমোচনেল ব্লেক মেইল কৰে । তথাপি ডাক্তৰ চাৰ নমস্কাৰ । মাটিৰ হাকিম । মণ্ডলে প্ৰতি বেলেগ বেলেগ নিৰিখ ।  পইচা থবলৈ ঠাই নাই । পত্নীৰ নামত পাট- কাপোৰৰ দোকান , টেক্স কন্চাল্টটেন্ট জৈনৰ কলমত পত্নীৰ ব্যৱসায়ত মণ্ডলে নাচে । তথাপি  চাৰ নমস্কাৰ । বিহু , পূজা ,  মেহফিল সকলোতেই উপদেষ্টা । ভোটৰ নামত পইচা ল’ম । দিনত পোষ্টাৰ , ৰাতি হ’লে মদ । পঢ়ি – শুণি টকাদি এপিএছচি পায় । বিষয়া হয় । দাদা বিষয়া হয় সমাজ কল্যাণৰ । চাকৰিত জইন কৰি বিয়া পাতে । পত্নীও আমোলা । দাদা  পালৰ দিনৰ , বাইদেউ ক’চিংৰ দিনৰ । পাৰ্থক্য সিমানেই । বাইদেউ শাক্ত ধৰ্মী । দাদা বৈষ্ণৱ  সংঘৰ মানুহ  । ৰাতি হোম যজ্ঞ নহয় । বিবাহ ভৱনৰ ফটো , মাটিৰ আল্পনা সকলো নেদেখা কৰিব লাগিব । দাদা যজ্ঞৰ পৰিপন্থী । টিভিৰ মহাভাৰত চিৰিয়েলটো দাদাই হোম যজ্ঞ চোৱা অপৰাধ । পঢ়ি – শুণি  , ক’চিং কৰি এতিয়া বিষয়া সমাজ কল্যাণত । সমাজৰ কল্যাণ , য’ত মানুহ নেথাকিব ;থাকিব ঠিকাদাৰ আৰু ফাইল । গাওঁৰ ডেকা ল’ৰা  জিকি বিধায়ক হ’ল । মন্ত্ৰীহৈ চাৰ হ’ল । আজি জিন্দাবাদ কাইলৈ মুৰ্দাবাদ । এই দাদা বেয়া , সেই দাদা এই দাদাতকৈ কম বেয়া । নতুন দাদা জিন্দাবাদ । নতুন দাদা চাৰ হ’ল । নতুন চাৰ মুৰ্দাবাদ । ৫ টা বছৰ একেটা ডিঙিত গামোচা পিন্ধাই পিন্ধাই মানুহজনৰ চৰিত্ৰ সলনি কৰো । ৫ টা বছৰৰ শেষত চিনাকি ডিঙিতেই ফাঁচীৰ ৰঁচীডাল লগাই দিওঁ । আজিৰ হিৰো অহাকালি খলনায়ক , অহাকালিৰ খলনায়ক পৰহিলৈ আকৌ হিৰো । চৰিত্ৰ সলনিৰ যদি প্ৰয়োজন আছে , তেন্তে সেই পৰিৱৰ্তন লাগিব ৰাইজৰ । পৰিৱৰ্তন চৰকাৰৰ হৈ জানো কিবা লাভ , যদি আমাৰ নিজৰ চিন্তাৰ পৰিৱৰ্তন নহয় । ৰাইজৰ প্ৰতিনিধিক যিদিনালৈ সমাজৰ কেপ্তেইন পাতি থাকিম সিদিনালৈ গোলাম হৈ থাকিম । আমাৰ উন্নয়ন আমাৰ অধিকাৰ , মন্ত্ৰী এমএলএ ৰ অনুগ্ৰহ নহয় । আমি কৰদাঁতা , আমি কৃষক ,আমি বণুৱা , আমি মাছুবৈ । আপুনি উপায়ুক্ত , আপুনি বিষয়া । ১.৫ লাখ দৰমহা আৰু ৬০ ৰ পিছত পেঞ্চন । বিধায়কৰ পৰা মন্ত্ৰীলৈ , উপায়ুক্তৰ পৰা কমিচনাৰলৈ ; আপোনালোকে দৰমহা লৈছে , কৰদাঁতাৰ টেক্সৰ পৰা । ৰাইজ ৰজা নহয় , যি দৰে আপোনালোক প্ৰভু নহয় । আপোনালোক প্ৰজা নহয় , যিদৰে ৰাইজ গোলাম নহয় । সময় মাথো প্ৰতীক্ষাৰ । আম্বেদকাৰৰ চিন্তন আৰু ভাৰতীয় সংবিধানে দিয়া অধিকাৰ যিদিনাই ভোটাৰে উপলব্ধি কৰিব সিদিনাই বেলটত পৰিৱৰ্তন নকৰাকৈয়ে  পৰিৱৰ্তন হব  মন্ত্ৰী – আমোলাৰ আচৰণত  ।  আমি মানুহ ,আমি ভাৰতীয় নাগৰিক । জননী ভাৰত মাতাৰ সন্তান আমি । ভৃত্ত নহয় ।