মন্ত্ৰী পুত্ৰৰ অসমীয়া জ্ঞান

1377
  • ৰাজেন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


গৌৰৱ গগৈয়ে সাংসদ হৈ সংসদত হিন্দীত শপত গ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি মতা মাছ মাইকী মাছলৈ বিভিন্ন ঘটনাৰ  মাজেৰে দ্বিতীয় বাৰলৈ সাংসদ হৈ কংগ্ৰেছৰ ৰাজনীতিত গুৰুত্বপুৰ্ণ ভুমিকা লোৱাৰ সময়ছোৱাতেই নতুন এজন মন্ত্ৰী পুত্ৰই বিশেষ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে । নিজৰ পিতৃৰ লগত জনসভাত উপস্থিতিত  হৈ সাংবাদিকৰ লগত মত বিনিময় কৰি  মিডিয়াৰ চকুত পৰা এইজন মন্ত্ৰীপুত্ৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ । স্মাৰ্ট , সুন্দৰ ইংৰাজীত কথা কব পৰা  মন্ত্ৰীপুত্ৰক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াও আৰম্ভ হৈছে । নিজৰ পিতৃৰ ৰাজনীতিৰ উত্তৰাধিকাৰী হব বুলিও বহুতে ধাৰণা কৰিছে । ৰাইজৰ প্ৰতিনিধি কোন হব কোন নহব সেইয়া সমষ্টিৰ ভোটাৰে নিৰ্ণয় কৰিব , কিন্তু কথা হ’ল আজিৰ প্ৰজন্মৰ মন্ত্ৰী পুত্ৰসকলৰ অসমীয়া ভাষা উচ্চাৰণে অসমীয়া ধাৰাবহিকত টম এলটাৰলৈ মনত পেলায় দিয়ে । এই সকল মন্ত্ৰী পুত্ৰই কথা ক’লে দিল্লী, মুম্বাইৰ পৰা অহা আই এ এছ বিষয়াই  কথা কোৱা যেন লাগে ।  অনা অসমীয়া বিষয়া সকলৰ অসমীয়া উচ্চাৰণৰ লগত অকণো তাফাদ নাথাকে আজিৰ মন্ত্ৰী পুত্ৰসকলৰ উচ্চাৰণ।  মন্ত্ৰী পুত্ৰ সকলৰ অসমীয়া উচ্চাৰণ জানো অস্বাভাবিক ? আজিৰ সময়ত অসমীয়া মাধ্যমৰ চৰকাৰী স্কুল আৰু শংকৰদেৱ শিশু নিকেতন  বা জাতীয় বিদ্যালয় কেইখনত পঢ়া অতি সীমিত সংখ্যক চহৰীয়া মানুহৰ সন্তানে অসমীয়া ভাষাটো লিখিব পাৰে আৰু হয়টো হিন্দী শব্দ ব্যৱহাৰ নকৰাকৈ শুদ্ধ অসমীয়া কব পৰাৰ সমান্তৰালকৈ আমেৰিকা , লণ্ডনত থকা ভাৰতীয়ই নাকেৰে  কথা কোৱাৰ দৰে অসমতো এবিধ নতুন উচ্চাৰণ পদ্ধতি আৱিষ্কাৰ হবলৈ বেছি দিন নাই বুলিয়েই ধৰিব পাৰি ।
দিনে দিনে অসমত ইংৰাজী মাধ্যমৰ বিদ্যালয় বাঢ়ি গৈছে। কিহৰ বাবে? তালৈ যোৱা ছাত্ৰৰ-ছাত্ৰীসকলোতো অসমীয়া সন্তানেই।সেই কণমানিসকলক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নাম ভৰ্ত্তি কৰা অভিভাৱকসকলতো অসমীয়া লোকেই। তেওঁলোকৰ বহুতেই অসমীয়া মাধ্যমত পঢ়িয়েই প্ৰতিষ্ঠিত হৈছিল।হয়তো ক’ব আজিৰ যুগৰ লগত খাপ খাবলৈ ইংৰাজী শিক্ষাৰ জ্ঞান খুবেই প্ৰয়োজন। সেয়া প্ৰত্যেকেই আমি জানো। কিন্তু কোনোবাই দাঠি ক’ব পাৰিবনে যে ইংৰাজী মাধ্যমত পঢ়িহে প্ৰত্যেকজন নতুন প্ৰজন্ম আন দেশৰ সফলতম লোকৰ দৰে হৈছে। বিভিন্ন ক্ষেত্ৰত সাফল্য অৰ্জন কৰা লোকসকলৰ সৰহ সংখ্যক লোকেই অসমীয়া মাধ্যমতেই পঢ়ি যোৱা।তেনেহ’লে এই অনীহা কিয় নিজৰ মাতৃভাষাৰ বিদ্যালয়ত পঢ়াৰ প্ৰতি।হয় অসমীয়া মাধ্যমৰ কিছুমানত প্ৰয়োজনীয় সুবিধা, শিক্ষকৰ অভাৱ তথা অন্যান্য অসুবিধা আছে। কিন্তু চেষ্টা কৰিলে সেই অসুবিধাবোৰ দূৰ কৰিব পাৰি?কিনতু সেই আন্তৰিকতা আমাৰ মাজত নাই। বহু টকা খৰছ কৰি ইংৰাজী বিদ্যালয়ত পঢ়োৱা হয়।তাৰ অলপো টকা যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত খৰছ কৰা হয়, তেতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ৰুপেই সলনি হৈ যাব। কথাৰে আমি ফুলজাৰি মাৰিব পাৰো, কিন্তু কামত হ’লে একো নাই। ইংৰাজী মাধ্যমৰ বিদ্যালয়ত সন্তানক দি অভিভাৱকে গৌৰৱ অনুভৱ কৰে,আনৰ আগত জহায়-মোৰ সন্তানে অসমীয়া ক’ব নেজানে বুলি। কিন্তু সেই একেজন মানুহেই অসমীয়া ভাষা সংকটত পৰিছে বুলি দুখ কৰে।কিমান যে আচৰিত কথা।আমাৰ দুমুখীয়া স্বভাৱ সঁচাকৈয়ে উপহাসৰ যোগ্য।