মমতাৰ লেঙেৰা ঘোৰা

1300
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


মমতা বেনাৰ্জীৰ পৰাক্ৰমক গোটেই দেশে স্বীকাৰ কৰিছে। বিজেপিৰ নিচিনা এটা প্ৰতিপত্তি শীল দলক পশ্চিম বংগৰ নিৰ্বাচনত শোচনীয় ভাবে পৰাজিত কৰে মমতাই। বিজেপিয়ে নিজৰ সমস্ত শক্তি প্ৰয়োগ কৰিও পশ্চিম বংগত মুখ ঠেকেছা খালে। পশ্চিমবংগত জয়ী হৈ মমতাই এতিয়া সপোন দেখিছে প্ৰধানমন্ত্রী হোৱাৰ। ইয়াৰ বাবে বিভিন্ন অন্য দল বিশেষকৈ কংগ্ৰেছ দলৰ পৰা নেতা আমদানি আৰম্ভ কৰিছে মমতাই। টোপ হিচাপে দিছে ৰাজ্যসভাৰ সদস্যতা। কিন্তু এতিয়ালৈ যিমান কেইজনে মমতাৰ তৃণমূলত যোগদান কৰিছে তাৰ ভিতৰত কোনো প্ৰভাবশালী নেতা নাই। ৮০ বছৰীয়া যশবন্ত সিনহাই দলৰ কি হিত সাধন কৰিব পাৰিব সেয়া মমতাই হে জানিব। কেইদিনমান আগতে অসমৰ কংগ্ৰেছৰ পৰা আমদানি কৰিলে সুস্মিতা দেৱক। ২০১৯ত শিলচৰ লোকসভাৰ পৰা পৰাজিত দেৱৰ ২০২৪ত শিলচৰৰ পৰা জয়ী হোৱাৰ সম্ভাবনা আছিল শুন্য শতাংশ। ২০২১ বিধানসভাতো কংগ্ৰেছৰ পৰা সোনাই আসনখন আদায় কৰিব নোৱাৰিলে। সেইজন সুস্মিতা এতিয়া ত্রিপুৰাত মমতাৰ প্ৰধান সেনাপতি। অথচ ২০১৮ চনত বিজেপিয়ে ত্রিপুৰা দখল কৰাৰ পিছত দলৰ জ্যেষ্ঠ নেতা ডেৰেক অ’ব্ৰেইনে কৈছিল যে ত্রিপুৰা জয়ৰ কোনো মহত্ব নাই কাৰণ ই হাওৰাতকৈও সৰু। ত্রিপুৰাৰ জনজাতি সকলৰ মাজত দুটা শক্তিশালী দল ইতিমধ্যে আছে। তাত মমতাই একো কৰিব নোৱাৰে। ত্রিপুৰাৰ বঙালীসকল বিজেপিৰ প্ৰতি নতুনকৈ আকৰ্ষিত হৈছে। অতি সোনকালে মমতাই তাত কিবা কৰিব পৰাৰ সম্ভাবনা কম। পৌৰ সভাৰ নিৰ্বাচনৰ ফলাফলে ইয়াক প্ৰমান কৰিলে। আচৰিত ভাবে মমতাই তৃণমূলত এনে কিছুমান নেতাক অন্তৰ্ভুক্ত কৰিছে যাৰ কোনো জনভিত্তি নাই। তাৰ ভিতৰত আছে কিৰ্তী আজাদ, পৱন বৰ্মা আদিৰ দৰে নেতা যাৰ নিৰ্বাচনত জিকি অহাৰ সামৰ্থ নাই। গোৱাত প্ৰক্তন মুখ্যমন্ত্রী ফেলেৰিওৰ ওপৰত মমতাৰ বহু আশা। কিন্তু প্ৰাপ্ত খবৰ অনুসৰি ফেলেৰিওৰ গোৱাত কোনো প্ৰভাব নাই, তেখেত অসমৰ প্ৰফুল্ল মহন্ত। শেহতীয়াকৈ মেঘালয়ৰ ১২জন বিধায়কক কংগ্ৰেছৰ পৰা তৃণমূললৈ আনি মমতাই বহু ডাঙৰ কাম সম্পাদন কৰা বুলি আত্মসন্তুষ্টি লাভ কৰিব পাৰে। কিন্তু মমতাই পাহৰি যোৱা উচিত নহয় যে পাহাৰীয়া ৰাজ্যকেইখন কেন্দ্ৰৰ শাসকীয় দলৰ লগত থাকিব বিচাৰে। কোন সময়ত এই ১২জনে দল বাগৰে সেয়া সময়ে কব। কিন্ত ইতিহাসে আমাক বহু কথা শিকাই থৈছে। অৰুনাচলত একে ৰাতিৰ ভিতৰতে বিধায়ক সকল কংগ্ৰেছৰ পৰা বিজেপিলৈ আহি গেগং আপাঙৰ নেতৃত্বত চৰকাৰ কৰিছিল। নগালেণ্ডত এতিয়া এজনো বিৰোধী নেতা নাই। গতিকে মেঘালয়ৰ আনন্দ যে ক্ষণস্থায়ী হ’ব তাত বেছি সন্দেহ নাই। আচলতে মমতা বেনাৰ্জীক তৃতীয়বাৰ মুখ্যমন্ত্রী হোৱাৰ ক্ষেত্রত ৰাজ্যখনৰ জনগাঠনিয়ে বহুখিনি সহায় কৰিছে। পশ্চিমবংগ এখন দৰিদ্ৰ ৰাজ্য। ৰাজ্যখনত কৰিব লগা বহু কাম আছে। তাকে নকৰি প্ৰধানমন্ত্রী হোৱাৰ সপোনৰ পিছে পিছে দৌৰি থাকিলে ৰাজ্যখনৰ অপকাৰ হ’ব।