মমতা বেনাৰ্জীক জয় শ্ৰীৰাম শ্লোগান

1001
  • হৰকুমাৰ ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


পশ্চিম বংগৰ ৰাজনৈতিক ক্ষেত্ৰ খনত  ফুৰফুৰা শ্বৰিফৰ প্ৰভাৱশালী ধৰ্মগুৰুজনে অনুভৱ কৰে  পিৰজাদা আব্বাচ সিদ্দিকিয়ে নিজৰ নতুন দল জন্ম দি ঘোষণা কৰিছে যে মমতা বেনাৰ্জী চৰকাৰে হিন্দু-মুছলমান বিভাজন সৃষ্টি কৰি মুছলমানসকলৰ বাবে ভালতকৈ অধিক ক্ষতি কৰিছে। যোৱা ১০ বছৰত, টিএমচি চৰকাৰে কেৱল মুছলমান আৰু দলিতসকলক বোকা বানাইছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁলোকৰ বাবে একো কৰা নাই।  কেৱল এটা ধাৰণা সৃষ্টি কৰিছে যে এই চৰকাৰে ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰাৰ বাবে মুছলিম সম্প্ৰদায়ৰ বাবে বহুত কাম কৰি আছে । ছিদ্দিকীয়ে কৈছিল যে “মুছলমান তোষণ ধাৰণাৰ ফলত হিন্দু আৰু মুছলমানসকলৰ মাজত বিভেদ সৃষ্টি হৈছে।
নেতাজী দিৱসৰ কাৰ্যসূচীত  উপস্থিত জনতাই জয় শ্ৰীৰাম ধ্বনি দিয়া বাবেই মমতা বেনাৰ্জীয়ে নিজৰ ভাষণ আৰম্ভ কৰিয়েই শেষ কৰিলে । এই ধ্বনি অপমানসূচক আৰু সাম্প্ৰদায়িক বুলি ধিক্কাৰ দিলে ।  যোৱা দহ বছৰ শাসন কালত নাৰা ই টকবিৰ শ্লোগান আছিল মমতা বেনাৰ্জীৰ জয়লাভৰ অমোঘ শক্তি । প্ৰায় ৩০% মুছলমান ভোট থকা পশ্চিম বংগত মুছলমানক ভোট বেংক হিচাপে গঢ়ি তুলি শাসনৰ গাদী দখলৰ কৰা বেনাৰ্জীৰ কাৰণে জয় শ্ৰীৰাম সাম্প্ৰদায়িক হ’ল । কাৰণ বিজেপিয়ে মমতা চৰকাৰৰ মুছলমান তোষণ নীতিক প্ৰত্যাহ্বান জনাই ৰাষ্ট্ৰবাদীক সংগঠিত কৰিছে । আৰু এই সংগঠন প্ৰক্ৰিয়াক সহায় কৰিছে জয় শ্ৰীৰাম শ্লোগানে ।
মমতাই খাল খান্দি ঘৰিয়াল ছপালে । বিজেপিয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে অস্ত্ৰ বিচাৰে পালে  যে মুছলমানসকলে হিন্দুসকলৰ মূল্যত সকলো পাই আছে। বিহাৰৰ শেহতীয়া বিধানসভা নিৰ্বাচনত এআইএমআইএমৰ আকৰ্ষণীয় প্ৰদৰ্শন, য’ত ইয়াৰ প্ৰাৰ্থীসকলে সীমাঞ্চল অঞ্চলৰ পাঁচটা আসন লাভ কৰিছিল, । ওৱাইচিয়ে ঘোষণা কৰিছে যে তেওঁৰ দলে পশ্চিম বংগ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব আৰু নিৰ্বাচনত মিত্ৰতা কৰিব চিদ্দিকৰ সৈতে ।  মমতা বেনাৰ্জী , মুলায়ম সিং যাদৱ , ইন্দিৰা গান্ধী , ৰাহুল গান্ধীৰ দৰে নেতাই মুছলমান ভোটৰ অংক কৰি নিজৰ নিজৰ দলৰ ৰাজনৈতিক ৰূপৰেখা তৈয়াৰ কৰে আৰু ক্ষমতাত থাকে । এই ট্ৰেণ্ডক ভিত্তি কৰি এচাম প্ৰভাবশালী মুছলমান ব্যক্তিয়ে  নতুন ৰাজনীতি আৰম্ভ কৰে । হায়দৰাবাদত ওৱেচি ভাতৃ , অসমত বদৰুদ্দিন আজমল এই নতুন চিন্তাৰ ফচল । ওৱেচি আৰু আজমলৰ উত্থানে কংগ্ৰেছ , তৃণমুল কংগ্ৰেছ আদি দলৰ মুছলমান তোষামোদ নীতি ভোটাৰৰ চকুত ধৰা দিয়ে । মুছলমান তোষামোদৰ ৰাজনীতিৰ বিৰুদ্ধে আৰম্ভ হয় ৰাষ্ট্ৰবাদী হিন্দুত্বৰ ৰাজনীতি । সাধাৰণ জনতাৰ সচেতনতাৰ ওপৰত ভিত্তি কৰি আৰম্ভ হোৱা হিন্দুত্বৰ ৰাজনীতিৰ স্বীকাৰ হবলৈ গৈ আছে মমতা  বেনাৰ্জী । জয় শ্ৰীৰাম শ্লোগান এতিয়া মমতা বেনাৰ্জীৰ নাৰা ই তকবিৰৰ বিৰুদ্ধে ব্যৱহাৰ হৈছে ।