মমতা বেনাৰ্জীৰ আসন্ন পৰাজয়

1379
  • দেৱজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


পশ্চিম বংগক পশ্চিম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ মমতা বেনাৰ্জীক নিৰ্বাসন দিয়ক বংগৰ জনতাই “___
পশ্চিম বংগ বিজেপি দলৰ সভাপতি দিলীপ ঘোষে হাওৰাৰ জনসভাত দিয়া ভাষণেই মুকলি কৰিছিল বংগৰ নিৰ্বাচনত দলৰ নেৰেটিভ । সুভাষ বসু , খুদিৰাম , বংকিম চন্দ্ৰ চট্টোপধ্যায় প্ৰমুখ্যে জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী আদি অনেক সংগ্ৰামীৰ কৰ্মভুমি আছিল বংগ । স্বাধীনতাৰ কিছু বছৰ পিছতেই বংগত কংগ্ৰেছ শুন্য হৈ পৰিল আৰু শাসনত আহিছিল  বাওঁপন্থী। এনেকুৱা এটা পৰ্য্যায়ো ভাৰতীয় মানুহে  দেখিছে য’ত বাওঁপন্থীয়ে চীন-ভাৰতৰ যুদ্ধৰ সময়ত চীনক সমৰ্থন দিছিল । বাওঁপন্থী ভদ্ৰলোক নেতাৰ নেতৃত্বত চলা গুণ্ডাবাহিনীৰ গুণ্ডামী আছিল বংগৰ সাধাৰণ ছবি । জ্যোতি বসু , বুদ্ধদেৱ ভট্টাচাৰ্য্যৰ প্ৰায় তিনি দশকৰ চৰকাৰক ওফৰাই নতুন চৰকাৰ আহিছিল মমতা বেনাৰ্জীৰ । বাওঁপন্থীৰ লগত থকা মুছলমান ভোট বেংক তৃণমুললৈ চিফ্ট হৈছিল । মমতা বেনাৰ্জীয়ে প্ৰতিশ্ৰুতি মতেই আৰম্ভ কৰিছিল তোষামোদৰ ৰাজনীতি । ২০০৯ চনৰ লোকসভা নিৰ্বাচনত তৃণমুল আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে বংগৰ ২৬ টা লোকসভা সমষ্টি জয়ী হোৱাৰ বিপৰীতে বাওঁদল বিলাকে জয়ী হয় ১৫ টা সমষ্টিত । ইয়াৰ থিক দুটা বছত পিছত বংগৰ বিধানসভাত তৃণমুল মিত্ৰজোঁটে ২২৮ টা বিধান সভা সমষ্টি জয়ী হৈ চৰকাৰ গঠন কৰে । ২৯৪ টা সমষ্টি থকা বংগত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ১৪৭ খন আসন । মুছলমান আৰু চিপিএম বিদ্ধেষী ভোটাৰে মমতা বন্দোপধ্যায়ৰ বৃহৎ জয়ত গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰে । মমতা বন্দোপধ্যায়ৰ বংগত বিখ্যাৎ গায়ক সুমন চট্টোপধ্যায়ে নিজৰ ধৰ্ম সলনি কৰি ইছলাম হয় আৰু নতুন নাম কবিৰ চুমন গ্ৰহণ কৰি তৃণমুলৰ টিকটত সাংসদ হ’ল । কলিকতা বিশ্ব বিদ্যালয়ৰ পৰা ইছলাম ইতিহাস (Islamic History) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লোৱা মমতা বন্দোপধ্যায়ে হিজাব পৰিধান ছবিয়ে বংগৰ পৰিচয় সলনি কৰে । ২০২১ চনত বংগৰ নিৰ্বাচনৰ আগে আগে চিপিএমক একাষৰীয়া কৰা মুছলমান ভোটাৰক টাৰ্গেট কৰি ললে বংগৰ মুছলমান ধৰ্ম গুৰু নেতা সকলে । হাইদৰাবাদৰ দৰে বংগতো আৰম্ভ হ’ল প্ৰত্যক্ষ মুছলমান কেন্দ্ৰীক ৰাজনৈতিক দল । মমতা বেনাৰ্জীৰ মুছলমান তোষামোদ ৰাজনীতি আৰু একে সময়তে ইছলামিক  ৰাজনেতাৰ প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণে    বিজেপিক বংগত  খোপনি পোটাত সহায় কৰিলে । চি এ এ ( নাগৰিকত্ব সংশোধনী বিধেয়ক) ৰ সময়ত মমতা বন্দোপধ্যায়ৰ স্থিতিয়ে বিজেপিক মাইলেজ দিয়াৰ সময়তে বিজেপিৰ সোনাৰ বাংলা আৰু বাংলাৰ অতীত উদ্ধাৰ কৰা শ্লোগানে নিৰ্বাচনী প্ৰচাৰক নতুন মাত্ৰা দিলে । সেইসুত্ৰে ২০১৯ লোকসভা নিৰ্বাচনত বিজেপি দলে বংগত অভাবনীয় সফলতা পালে। ১৮ টা লোকসভা সমষ্টি বিজেপিয়ে দখল কৰিলে । ২০০৯ চনৰ লোকসভা নিৰ্বাচনত তৃণমুলে পোৱা ২৬ খন আসনত কৈ বিজেপিয়ে মাত্ৰ ৮ টা সমষ্টি কম পাইছে । কিন্তু বিধান সভাত সংখ্যাগৰিষ্ঠতাৰ বাবে লগা ১৪৭ খন আসনতকৈ বিজেপিৰ ষ্ট্ৰাইক ৰেট অধিক । লোকসভাৰ আসনক বিধান সভা সমষ্টিত তুলনা কৰিলে আগন্তুক নিৰ্বাচনত বিজেপিয়ে নিজাকৈ পাব ১৫৫ + টা সমষ্টিত জয়ী হ’ব ।  বঙালী ,বিহাৰী ,আদিবাসী , জনজাতি , ৰাজবংশী, নেপালী, গোৰ্খা সকলো  সামৰি বিজেপিয়ে তৈয়াৰ কৰা নেৰেটিভৰ চিকাৰ হৈছে বিভিন্ন জন তৃণমুল নেতা । আনহাতে বাহুবলৰ কাৰণে বিজেপিয়ে অন্তৰ্ভুক্ত কৰিছে এচাম বিশেষ মানুহক । মমতাৰ গুণ্ডা বাহিনীৰ চিকাৰ হোৱা পুৰ্বৰ চিপিএমৰ গুণ্ডা বাহিনীক গাওঁ অঞ্চলত বিজেপিয়ে নিয়োগ কৰিছে । ২০১৯ ৰ লোকসভা নিৰ্বাচনত তৃণমুল বাহিনীৰ ৰেগিংৰ বাবে বিজেপিৰ ১০-১২ খন কম হোৱা বাবে আগন্তুক নিৰ্বাচনত চিপিএমৰ এই কেডাৰখিনিক বিজেপিয়ে দলত অন্তৰ্ভুক্ত কৰিছে ।  বিগত ১০ বছৰত মমতাৰ  মুছলমান তোষামোদে মৌলবাদী এটা শ্ৰেণী বংগত তৈয়াৰ কৰিলে । বৰ্ধিত জনসংখ্যা আৰু ৰাজনৈতিক উচ্চাকাংক্ষাই মুছলমানক সম্পুৰ্ণ মুছলমান দল এটাৰ লগত সংপৃক্ত হোৱাৰ পটভুমি মমতাই নিজেই সৃষ্টি কৰিলে আৰু সেই সাম্প্ৰদায়িকতাৰ চিকাৰ এইবাৰ নিজেই হ’ব ।