মহাভাৰতত অসমৰ নেতাৰ অভিনয় !

16708

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)

  • চবিন বসুমতাৰী

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


গোপন সুত্রৰ পৰা পোৱা খবৰ অনুসৰি বিশিষ্ট চিত্র নিৰ্মাতা হৰণ জোহৰে মহাভাৰতৰ কাহিনীৰ ওপৰত এখন চলচিত্র নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে। ১০০০ কৌটি টকাৰ বাজেটেৰে নিৰ্মাণ হ’ব লগা চিনেমাখন ভাৰতৰ ইতিহাসত সৰ্বাধিক বাজেটৰ চিনেমা। জোহৰে চিনেমাৰ বাবে আমেৰিকা আৰু চীন দেশৰ কাৰিকৰী বিশেষজ্ঞৰ লগতো যোগাযোগ কৰিছে। প্ৰথমতে হৰণ জোহৰে এই চিনেমাখনত অভিনয় কৰাৰ বাবে চাৰকুক, চুলমান, নিত্তিক আদিক চুক্তিবদ্ধ কৰাৰ কথা আছিল। নিয়ংকা চোপ্ৰাই এই কথা জানিব পাৰি জোহৰক লগ ধৰিলে। অসম পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই চিনেমাৰ গোটেই অভিনেতা- অভিনেত্রী সকল অসমৰ পৰা লব লগে বুলি চোপ্ৰাই কাকুতি মিনতি কৰিলে। নিয়ংকা আৰু হৰণৰ মাজত যিহেতু বায়েক ভনীয়েকৰ সম্পৰ্ক আছে সেয়ে হৰণ জোহৰে এই ক্ষেত্রত সন্মতি প্ৰকাশ কৰিলে।

জোহৰ অসমলৈ আহিল। বৰা, শৰ্মা, পৰাশৰ, বিষয়া সকলোৰে অদিচন ল’লে কিন্ত কোনোৱে জোহৰক ইমপ্ৰেচ কৰিব নোৱাৰিলে।

জোহৰৰ সমস্যাৰ সমাধান কৰিলে অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ সম্পাদক মহোদয়ে। উপায় বিচাৰি ‘ৰাজনীতি অসম’ৰ বেলতলাস্হিত কাৰ্য্যালয়লৈ অহা হৰণ জোহৰক আমাৰ সম্পাদকে বুজালে যে নেতা বিলাকতকৈ ডাঙৰ অভিনেতা কোনো নহয়। অসমত এই বস্ত্তটো উভৈনদী । কৃষক, ছাত্র, যুৱ সকলো ধৰণৰ নেতা ইয়াত উপলব্ধ। এই কথাটোৱে জোহৰৰ মন চুই গ’ল। তাৰ পিছত ২ সপ্তাহ জোহৰে অসমৰ সকলো নেতাৰ লগত কথা পাতিলে আৰু নিজৰ চিনেমাৰ বাবে চৰিত্র নিৰ্বাচন সমাপ্ত কৰিলে। এই তালিকাত কাৰ নাম আছে?

ৰাইজৰ মনোৰঞ্জনৰ বাবে তালিকাখন তলত প্ৰকাশ কৰা হ’ল:

ধৃতৰাষ্ট্ৰঃ কৰুন গগৈ

গান্ধাৰীঃ অজয়া চক্ৰবৰ্তী

পাণ্ডুঃ কফুল্ল মহন্ত

কুন্তীঃ বগৰীলতা ডেকা

বিদুৰঃ কণীভূষন চৌধুৰী

ভীষ্মঃ উজ্জল ভট্টাচাৰ্য

দ্ৰোনাচাৰ্যঃ আতৰুদ্দিন আজমল

কৃষ্ণঃ সুনজিৎ পানেছৰ

কংস: ফাকেশ পাল

যুধিষ্টিৰঃ সুদৰ্শন সোনোৱাল

ভীমঃ আগ্ৰামা মহিলাৰী

অৰ্জুনঃ বিমন্ত বিশ্ব

নকুলঃ কেবব্ৰত শইকীয়া

সহদেবঃ নৌৰব গগৈ

দুৰ্যোধনঃ ফুলফুল হুছেইন

দুঃশাসনঃ কামপ্ৰসাদ শৰ্মা

দ্ৰৌপদীঃ ৰমিলাৰাণী ব্ৰহ্ম

শকুনিঃ কনিল ৰাজা

কৰ্ণঃ সিদ্ধান্ত ভট্টাচাৰ্য

বলোৰাম:অকিল গগৈ

চিনেমাখন অহা ৩১ চেপ্তেম্বৰ ২০১৮ত মুক্তি লাভ কৰিব।