বামপন্থীৰ দ্বাৰা বৰ্জিত সাৱৰকৰ  

1655
  • নৰেন কলিতা

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধত ধনু ধৰা নাছিল , ধনু নধৰাৰ প্ৰতিজ্ঞা কৰা কৃষ্ণই নিয়ন্ত্ৰণ কৰিছিল কুৰুক্ষেত্ৰৰ যুদ্ধ  । পাণ্ডবৰ জয়ত কৃষ্ণৰ ভুমিকা আমি সকলোৱে মনত ৰখা দৰকাৰ আৰু সেইমৰ্মে বৃটিছে নিৰ্ধাৰণ কৰি দিয়া মুক্তিৰ চৰ্তক সঁহাৰি দি যিকোনো উপায়ে পৰাধীন ভাৰতত প্ৰবেশ কৰিব লাগে ” , এইয়া আছিল প্ৰতিজন ৰাজনৈতিক বন্দীৰ প্ৰতি সাৱৰকৰৰ উপদেশ ।
বীৰ সাৱৰকৰৰ আন্দামানৰ চেলুলাৰ জেলৰ পৰা মুক্তি , মাফীনামা বিতৰ্কই আজিও দেশৰ ৰাজনীতি গৰম কৰি আছে । কংগ্ৰেছ আৰু বাওঁপন্থী সকলে বৃটিছৰ সন্মুখত সাৱৰকৰে আপোচ কৰা বুলি তাচ্ছিল্য কৰে কিন্তু সংঘ আৰু বিজেপি দলে সাৱৰকৰৰ দেশপ্ৰেমক প্ৰশ্ন কৰাটো হিন্দুৰ বিৰুদ্ধে কৰা এটা প্ৰপেগেণ্ডা পলিচি বুলি কংগ্ৰেছৰ দাবীক নস্যাৎ কৰে । এইক্ষেত্ৰত এটা নিৰপেক্ষ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হ’ব ।
এজন ব্যক্তিক দুইবাৰ অজীবন কাৰাদণ্ড দিয়া ঘটনা সাৱৰকৰৰ ক্ষেত্ৰত প্ৰথম আৰু শেষ । কালাপানী জেলত দুটা বিকল্প আছিল । প্ৰথম কাৰাদণ্ড মুৰপাতি লৈ জেলত তিলতিল কৈ মৃত্যুবৰণ কৰা ;  আৰু দ্বিতীয় উপায় আছিল জেলৰ পৰিবেশ ভাল কৰা আৰু যিকোনো উপায়ে জেলৰ পৰা মুক্তি পোৱা । সাৱৰকৰৰ ডাঙৰ ভায়েক বাবুৰাও একে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত হৈ একেখন চেলুলাৰ জেলতে যিহেতু আছিল , সেয়ে পৰিয়ালৰ দায়িত্ব আছিল ভাতৃ নাৰায়নৰ ওপৰত । জেলত প্ৰবেশ কৰাৰ পিছত সাৱৰকৰে উপলব্ধি কৰিছিল যে জেলৰ পৰা পলোৱা অসম্ভৱ কাৰণ চাৰিও দিশে সাগৰে ঘেৰি থকা জেলখন আছিল নিছিদ্ৰ । সৱাৰকৰে দুটা উপায় অৱলম্বন কৰে __১/ ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্য্যায়ত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত সৃষ্টি কৰা
২/ জেলৰ ভিতৰৰ পৰা বিভিন্ন মাধ্যমত জেলৰ আভ্যন্তৰিণ অৱস্থাৰ বিষয়ে দেশ তথা বিশ্বৰ জনগণক অৱগত কৰা ।
১৯১১ , ১৯১৩, ১৯১৪, ১৯১৭, ১৯২০ চনত মুঠতে পাঁচবাৰ ইংৰাজ চৰকাৰক সাৱৰকাৰে বিভিন্ন দাবী সম্বলিত পত্ৰ প্ৰেৰণ কৰিছিল ।
প্ৰথম পত্ৰ খনত সন্নিবিষ্ট আছিল ৰাজনৈতিক কাৰাবন্দী সকলক জেলৰ বাহিৰত কাম কৰিবলৈ সুবিধা প্ৰদান কৰা দাবী । বৃটিছ প্ৰশাসনে এই দাবী মানি লৈছিল যদিও একমাত্ৰ  সাৱৰকৰ ভাতৃক জেলৰ  বাহিৰত যাব দিয়া নাছিল ।
ইয়াৰ পিছত দ্বিতীয় বিশ্ব যুদ্ধ আৰম্ভ হোৱাৰ সময়ত সাৱৰকৰে দেখিলে যে বৃটিছ আৰু জাৰ্মানী দুয়োপক্ষই যুদ্ধৰ পৰা দুৰ্বল হ’ব । কিন্তু জাৰ্মানী জয়ী হোৱা সম্ভাৱনাৰ পৰা তেওঁ অধিক সুখী নাছিল । কাৰণ তুৰ্কী সেনা বাহিনী  ভাৰতত প্ৰবেশ কৰিব বুলি ধাৰণা হৈছিল যুদ্ধৰ পিছত । সাৱৰকৰ শংকিত আছিল যে তুৰ্কীৰ আগমনে ভাৰতত  পুনৰ ইছলাম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব ।
সাৱৰকৰে বৃটিছক চিঠি লিখে ___
১/ স্বাধীন ভাৰত আমাৰ লক্ষ্য কিন্তু সশস্ত্ৰ পন্থাটোৰ লগত মই জড়িত নেথাকো ।
২/ ভাৰতক যদি পুৰ্ণ স্বৰাজ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ইংৰাজ চৰকাৰে তেন্তে বৃটিছ সৈন্য বাহিনীক বিশ্ব যুদ্ধত সহায় কৰিবলৈ সাজু ।
৩/ভাৰতীয়ৰ মাজত বিশ্বাসৰ ভাব জন্মাবৰ কাৰণে প্ৰতিজন ৰাজনৈতিক কাৰাবন্দীক মুক্তি দিয়া হওঁক ।
৪/ মোৰ কথাত যদি বিশ্বাস নকৰে ইংৰাজে তেন্তে বাকী সকলক মুক্তি দি মোক জেলত ৰাখিলে হ’ল ।
জেল কৰ্তপক্ষই কোনো ব্যৱস্থা নল’লে । ইংৰাজ চৰকাৰে সাৱৰকৰৰ দাবী মানি ল’বলৈ অমান্তি হয় । ১৯২০ চনত সাৱৰকৰে শেষৰ খন চিঠি লিখে । যিখন চিঠিক লৈ কংগ্ৰেছ আৰু বাওঁপন্থীয়ে সাৱৰকৰক সমালোচনা কৰে আজিও । কি আছিল চিঠি খনত ____
১/তেওঁ আৰু তেওঁৰ ভাতৃক ক্ষমাদান প্ৰদান কৰি মুক্তি দিব লাগে ।
২/ তেওঁ বৃটিছক বিৰোধক কৰা বাদ দিছে কাৰণ ভাৰতত ইছলামিক শাসন প্ৰবৰ্তনক প্ৰতিহত কৰিবলৈ তেওঁ বৃটিছক সহায় কৰিব ।
৩/ তেওঁ এটা সময়লৈ ৰাজনৈতিক মেল মিটিংত অংশগ্ৰহণৰ পৰা বিৰত থাকিব ।
৪/ তেওঁ যিটো অভিযোগত অভিযুক্ত হৈ পঞ্চাশ বছৰৰ কাৰণে দণ্ডিত হ’ল সেই অভিযোগত কিন্তু আন আন স্বাধীনতা কৰ্মীৰ দণ্ড হোৱা নাই ।
এই চিঠি খনত উল্লেখ থকা কথাখিনিক ভিত্তি কৰি কংগ্ৰেছে সাৱৰকৰক ইংৰাজৰ সমৰ্থক বুলি সমালোচনা কৰে ।  কিন্তু পাহৰি যায় নেহেৰু , গান্ধী , পেটেল , আবুল কালাম আদি নেতাই কাৰাবাস খাতিলে তেওঁলোকক ক’ত ৰখা হৈছিল । সাৱৰকৰক ইংৰাজ দ্ৰোহৰ শাস্তি হিচাপে
ৰখা হৈছিল কালাপাণীত আৰু গান্ধী বা কালামক ৰখা হৈছিল পুনাৰ   আগা খান পেলেচত । কিছুমান নেতাই গোটেই জীৱনটো ইংৰাজৰ পুতৌত জীয়াই থাকি দেশপ্ৰেমী হ’ল আৰু কিছুমানে কালাপানীৰ পৰা মুক্ত হ’বলৈ কাগজ এখিলাত চহী কৰোতেই ইংৰাজ প্ৰেমী সজালে বাওঁপন্থী ইতিহাসবিদে । কিন্তু চিঠি লিখা স্বত্তেও সাৱৰকৰে মুক্তি নেপালে । ইংৰাজ প্ৰশাসনে সাৱৰকৰৰ কথা মানি ল’বলৈ অমান্তি হয় । কিন্তু সেইসময়ত ভাতৃ নাৰায়ন আৰু সাৱৰকৰৰ বন্ধু বৰ্গই কালাপানীত চলি থকা নাৰকীয় যন্ত্ৰনাৰ প্ৰচাৰে গোটেই ভাৰতৰ জনগন তথা চৰকাৰৰ চকু মেল খুৱালে । আৰু সেইমৰ্মে  ভাৰতৰ ইংৰাজ চৰকাৰে আন্দামানৰ জেল পৰিদৰ্শন কৰিবলৈ এজন বিষয়াৰ নেতৃত্বত জেল পৰিদৰ্শক নিয়োগ কৰে । পৰিদৰ্শনত কালত সাৱৰকৰ আৰু আন বন্দী সকলে অভিযোগ দাখিল । ইয়াৰ পিছৰ পৰাই সাৱৰকৰক প্ৰতিবছৰে ঘৰলৈ এখন চিঠি লেখিবলৈ অনুমতি প্ৰদান কৰে ।
ভাতৃ নাৰায়নক লিখা চিঠি আৰু জেলৰ ডাক্তৰ দামোদৰৰ সহায়ত জেলৰ পৰা গোপনে চিঠিবোৰ ইউৰোপ আৰু ভাৰতৰ বাতৰি কাকতত প্ৰকাশ পাইছিল । বৃটিছৰ ওপৰত ইউৰোপৰ আন দেশবোৰৰ চোকা নজৰ পৰিছিল । বৃটিছ বাধ্য হৈছিল হাৰ মানিবলৈ । প্ৰায় সত্তৰ হাজাৰ মানুহে চহী সম্বলিত পত্ৰৰ দ্বাৰা  ৰাজনৈতিক বন্দীক মুক্তি দিবলৈ চৰকাৰক দাবী জনায় ।মহাত্মা গান্ধীয়ে ‘ইয়ং ইণ্ডিয়া ‘ কাকতত সাৱৰকৰক মুক্তি দিবলৈ নিবন্ধ লিখে । তথাপি বৃটিছ মান্তি হোৱা নাছিল ।