মায়াবতীয়ে দিব মোডীক প্ৰত্যাহ্বান

5837
  • পাৰ্থ প্ৰতিম লহকৰ

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


দলিত নেত্ৰী মায়াবতী , ৯০’ ৰ দশকত নিজে চাইকেল চলাই উত্তৰ প্ৰদেশৰ গাওঁ গাওঁ ঘুৰি বহুজন সমাজ পাৰ্টী প্ৰতিষ্ঠা কৰিছিল । পিছলৈ যেনিবা চাইকেল বাদ দি অজস্ৰ সম্পত্তিৰে দেশৰ ৰাজনৈতিক ব্যক্তি সকলৰ মাজত সুকীয়া স্থান বনাই ল’লে । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত এখনো আসন নোপোৱা মায়াবতী  ২০১৯ ত অমিত শ্বাহৰ  মুৰ কামোৰণী  হোৱাটো নিশ্চিত । ২০১৪ ত বিজেপিয়ে উত্তৰ প্ৰদেশৰ পৰা পাইছিল ৭১ খন আসন , অৰ্থাৎ বিজেপিয়ে  পোৱা মুঠ আসনৰ ৪ ভাগৰ প্ৰায় ১ ভাগ । বিজেপিয়ে সমাজবাদী , বহুজন সমাজ পাৰ্টী ,কংগ্ৰেছ সকলোকে মোক্ষম আঘাত হানে । কিন্তু এতিয়া ২০১৪ ৰ পৰিবেশ  নাই । উত্তৰ প্ৰদেশত লোকসভাৰ উপনিৰ্বাচনত সমাজবাদী আৰু বহুজন সমাজ পাৰ্টীৰ মিত্ৰজোঁটে বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰাৰ লগে লগে সমীকৰণে নতুন ৰূপ লয় । এফালে মোদী – অমিত শ্বাহ আৰু আনফালে ৰাহুল – মায়াবতী – অখিলেশ – মমতা । কমিউনিষ্ট দল বোৰে সদায় সোপন্থী নীতিক বিৰুদ্ধাচৰণ কৰিবই , সেই সুত্ৰে বিজেপিৰ স্থায়ী বিৰোধী বাওঁপন্থী দলবোৰ । এই ক্ষেত্ৰত  ডিএমকে , এআই ডিএমকে , টেলেগু দেশম আদি দলবোৰৰ কোনো স্থায়ী শিবিৰ নাথাকে ।নিৰ্বাচনৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিহে  শিবিৰ বাচনি কৰিব । ৰাহুল গান্ধী যদিও দলৰ সভাপতি তথাপি দেশক নেতৃত্ব দিব পৰা গুণকলৈ ৰাইজৰ সন্দেহ এতিয়াও মাৰ যোৱা নাই ।’ No risk no gain ‘ নীতিক কংগ্ৰেছ দলে এতিয়াও অনুসৰণ কৰা নাই । কাৰণ কংগ্ৰেছে ৰাহুল গান্ধীক বাদ দিয়াৰ  ৰিস্ক নলয় কাৰণে হয়তো ফলাফল আশা কৰা ধৰণে পোৱা নাই ।তৎস্বত্তেও এটা কথা থিক যে ৰাহুলে ৰাজনীতি শিকিছে । কাৰণ ৰাহুল গান্ধীয়ে দলৰ বিভিন্ন গুৰুত্বপুৰ্ণ পদবী বাওঁপন্থী ভাৱৰ নেতালৈ আহবঢ়াইছে । অন্য ফালে জাতিবাদী নেতা
জিগনেশ ,হাৰ্দিক , কানাইয়া আদিক মোৰেল সমৰ্থন দি জাতিবাদী ৰাজনীতিক অধিক প্ৰভাশালী হোৱাত সহায় কৰিছে । জাতিবাদী ৰাজনীতিৰ প্ৰত্যক্ষ ফল যদিও কংগ্ৰেছে নাপায় তথাপি মোদী চৰকাৰৰ বিৰুদ্ধে আবেগ সৃষ্টি কৰাত ৰাহুল সফল হোৱা বুলি কব লাগিব । ২০১৪ পিছৰ প্ৰতিটো নিৰ্বাচনত ৰাহুল বনাম মোদীৰ খেলখনত ৰাহুল পৰাস্ত হৈছে । এতিয়াও ৰাহুলে মিডিয়াৰ লগত আলোচনা কৰাত পাকৈত হৈ উঠা নাই , অৰ্থনৈতিক, ৰাজনৈতিক বিষয়ৰ ওপৰত দখল যিমান হ’ব লাগে সিমানখিনি ৰাহুলে আয়ত্ব কৰিব পৰা নাই । সেয়ে ২০১৯ টো যদি ৰাহুল বনাম মোদীৰ যুজঁ হয় তেন্তে ফলাফল সহজে অনুমেয় । তেন্তে ৰাহুলক বাদ দি অন্য নেতাৰ নেতৃত্বত মোদী বিৰোধীসকল লগ লগাটো নিতান্তই প্ৰয়োজন । যিহেতু দেশৰ ৰাজনীতি উত্তৰ প্ৰদেশৰ ওপৰত নিৰ্ভৰশীল সেয়ে নেতৃত্ব কোনো উ:প্ৰ: নেতাই লোৱাটো স্বাভাবিক । উত্তৰ প্ৰদেশত অবিজেপি নেতা বুলি ক’লে নাম আহে অখিলেশ যাদৱ আৰু মায়াবতীৰ । কিন্তু সমাজবাদী দল যিহেতু অন্ত:কলহত জৰ্জৰিত সেয়ে অখিলেশ যাদৱে নেতৃত্ব ল’ব নোৱাৰে । সেয়ে বাকী থাকিল বহুজন সমাজ পাৰ্টীৰ মায়াবতী । দুৰ্ণীতিৰ গোচৰত অভিযুক্ত হ’লেও  মায়াবতীৰ দল যিহেতু জাতিবাদৰ আধাৰত গঠিত দল সেয়ে নিৰ্বাচনত ভাল ফলাফল নাপালেও কিন্তু ৰাইজৰ আৱেগ শেষ হৈ নাযায় । থিক অসমৰ অগপ দলৰ দৰে । মায়াবতী আৰু অখিলেশৰ মিত্ৰতাৰ পৰিনাম কি হ’ব পাৰে তাৰ আভাষ বিজেপিয়ে উত্তৰ প্ৰদেশৰ উপনিৰ্বাচনত হাতে হাতে পাইছে । মুল নিৰ্ণায়ক হব আখিলেশ যাদব যাৰ সমৰ্থন মায়াবতীয়ে লোকসভা নিৰ্বাচনতো পাব লাগিব । কাৰণ অখিলেশৰ সমৰ্থন যদি মায়াবতীয়ে পায় তেন্তে আগন্তুক লোকসভা নিৰ্বাচনত এচপি – বিএচপি-কংগ্ৰেছ মিত্ৰজোঁটে ২০১৪ সাধাৰণ নিৰ্বাচনৰ আধাৰত প্ৰায় ৫২ % ভোট শ্বেয়াৰ পাবলৈ সক্ষম হ’ব । এইখিনিতেই উল্লেখ কৰিব লাগিব যে ট্ৰেজিক হিৰো অখিলেশ যাদবৰো ৰাজনৈতিক জীৱনৰ টাৰ্নিং পইন্ট হ’ব । কাৰণ এবাৰ মায়াবতী প্ৰধানমন্ত্ৰী হব পাৰিলে উত্তৰ প্ৰদেশত সমাজবাদী দলৰ ভৱিষ্যত মুঠেই ভাল নহব । মুলত: মায়াবতীক প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি অখিলেশ আৰু ৰাহুলে যদি নিৰ্বাচনত অৱতীৰ্ণ হয় তেন্তে বিজেপিৰ কাৰণে পুনৰবাৰ চৰকাৰ গঠন অতি কঠিন হব ।