ৰাফেলৰ পৃষ্ঠভুমি: নতুন প্ৰজন্মই জানেনে ?

1653
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


১৯৫০ ত সংবিধান গৃহিত হয় । ১ম নিৰ্বাচনটোত ভোটদানৰ হাৰ আছিল ৪৫.৭ % আৰু একক সংখ্যাগৰিষ্ঠ দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ । কংগ্ৰেছে ভোট পাইছিল ৪৫ %  , । আজিৰ সাধাৰণ নিৰ্বাচনৰ লগত এটা ডাঙৰ পাৰ্থক্য আছিল ১৯৫২ ৰ নিৰ্বাচনৰ । সেইটো হ’ল ৪৮৯ খন যদিও আসন আছিল , সেইসময়ত কিন্তু সমষ্টি আচিল ৪০১ টা । ৮৬ টা সমষ্টিত দুখন আসন আছিল __ এখন সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আৰু আনখন সংৰক্ষিত শ্ৰেণীৰ বাবে । বাকী এটা সমষ্টিত আছিল ৩ খন আসন । উদাহৰণ স্বৰূপে তেতিয়াৰ দিনতে জৱাহৰলাল নেহেৰুৱে প্ৰতিদন্দিতা কৰা সমষ্টিটোত দুখন আসন আছিল , এখন সাধাৰণ শ্ৰেণীৰ আৰু আনখন অনুসূচিত জাতিৰ বাবে । এলাহাবাদ পুবৰ পৰা সাংসদ আছিল ক্ৰমে নেহেৰু(GEN) আৰু মাচুৰিয়া দিন ( SCপ্ৰাৰ্থী) ।

২০১৯ ত যিদৰে আমেঠি ৰাহুল গান্ধীৰ কাৰণে সহজ হৈ নথকাৰ বাবে কৰ্ণাটক বা কেৰেলাৰ পৰাও প্ৰতিদন্দিতা কৰিব পাৰে ; সেই একেদৰে নেহেৰুৱে ও কিন্তু এনে এটা সহজ সমষ্টি বাচি লৈছিল য’ত দুখন আসনৰ এখন সংৰক্ষিত আছিল ।
সাৱৰকৰে কৈছিল যে ব্যাক্তিৰ আদৰ্শই দেশৰ নীতি নিৰ্ধাৰণক প্ৰভাবিত কৰিলে সেই দেশ যিকোনো সময়তে বিপদৰ সন্মুখিন হ’ব পাৰে । অহিংস নীতিত ব্যক্তি চলিব পাৰে কিন্তু অহিংস নীতিত দেশ নচলে । সাৱৰকৰে ভাৰতক আনবিক শক্তি আহৰণৰ বাবে জোৰ দিছিল । যেতিয়া তেওঁ পৰমাণু বোমা নিৰ্মাণ প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰাৰ কথা সভাই সমিতিয়ে বা কাকতত নিবন্ধ লেখি দাবী জনাইছিল তেতিয়া অধিকাংশ নেতাই গুৰুত্ব দিয়া নাছিল । ৰাছিয়া আমেৰিকা আৰু ইংলণ্ডৰ হাতত পৰমাণু শক্তি আছিল আৰু সেই বাবেই বিশ্বত সেই দেশ বিলাকে ৰাজত্ব চলাব পাৰিছিল ।চীনে তীব্বত দখল কৰাৰ  পিছত ভাৰতৰ ফালৰ পৰা ৰাষ্ট্ৰ সংঘত এবাৰো প্ৰতিবাদ নকৰিলে বৰঞ্চ নেহেৰুৱে চীনৰ লগত পঞ্চশীল নীতিত চহী কৰিলে । ১৯৫৪ চনৰ ২৯ এপ্ৰিলত চাক্ষৰিত চুক্তি খনে তীব্বতক চীনৰ  অংগৰ হিচাপে স্বীকৃতি দিলে । সাৱৰকৰে নেহেৰুৰ বৈদেশিক নীতিক  নীতিক সমালোচনা কৰি পুণাৰ পৰা প্ৰকাশিত ‘কেশৰী ‘  কাকতৰ  ২৬ জানুৱাৰী ১৯৫৬ সংখ্যাটোত বিস্তৃত লেখ লিখে ।  সেই সময়তে তেওঁ নেহেৰুৰ তীব্বত নীতিৰ ফলত যে এদিন নিজৰ দেশ খন চীনৰ আক্ৰমণৰ বলি হ’ব লাগিব তেওঁ আশংকা কৰিছিল ।

ভীমৰাও আম্বেদকাৰে চীনৰ লগত নেহেৰুৱে কৰা পঞ্চশীল নীতিক লৈ আশ্বৰ্য্য প্ৰকাশ কৰে । চীনৰ মানুহে বুদ্ধ ধৰ্ম পালন কৰে আৰু বুদ্ধ ধৰ্মত হিংসাৰ স্থান নাই । কিন্তু চীনে নিজৰ প্ৰতিপত্তি বিস্তাৰ কৰাৰ কাৰণে নিজৰ বিদেশ নীতিত ধৰ্মক প্ৰশ্বয় দিয়া নাছিল । প্ৰমাণ চীনৰ দ্বাৰা তীব্বত দখল । সাৱৰকৰে নেহেৰুৰ বিদেশ নীতিক সমালোচনা কৰা কাৰণে তেওঁক নেহেৰু আৰু তেওঁৰ অনুচৰ নেতা সকলে কটু মন্তব্য কৰিছিল ; আনকি নতুনকৈ স্বাধীনতাৰ সোৱাদ লোৱা অধিকাংশ ভাৰতীয়ই তেওঁৰ মন্তব্য বিলাক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি ধাৰণা কৰিছিল।  ভাৰতীয় নেতা কিছুমানৰ ধাৰণা ভুল হ’লেও চীনৰ কিন্তু লক্ষ থিক আছিল । ৬২ ‘ ৰ চীনা যুদ্ধই দেখুৱাই গৈছিল পঞ্চশীল নীতি ফোঁপোলা স্বৰূপ ।এই খিনিতে উল্লেখ যোগ্য কথাটো হ’ল যেতিয়া চীনা সৈন্যই ভাৰতৰ ভুখণ্ডত প্ৰবেশ কৰিছিল তেতিয়া সেনা বাহিনীক সহায় কৰাৰ বাবে বায়ুসেনাক আদেশ দিয়া হোৱা নাছিল ।
তীব্বত দখল কৰা চীনে অশা্ন্তি কৰিলে নেপালত , ভুটানত । অৰুণাচলৰ বমদিলাৰে চীনা সৈন্য সোমাই আহি তেজপুৰ দখল কৰো কৰো অৱস্থাত অসম বাসীক গুড বাই দিয়া নেহেৰুৰ ৰেডিঅ’ বাৰ্তা সকলোৰে মনত আছে । ১৯৫৪ ত সাৱৰকৰ আৰু আম্বেদকাৰে নেহেৰুৰ পঞ্চশীল চুক্তিৰ পৰা চীনৰ পৰা আসন্ন বিপদৰ উমান পাইছিল , কিন্তু চৰকাৰী পক্ষই গুৰুত্ব নিদিলে । ছয় বছৰ পিছত চীনে ভাৰতক আক্ৰমণ কৰিলে । ১৯৫৯ চনত তীব্বতৰ পৰা পলায় আহি অসমত সোমোৱা দলায় লামা ( ১৪ তম) ই ভাৰতত আশ্ৰয় লয় । ১৯৯১ চনত প্ৰকাশ পোৱা তেওঁৰ আত্মজীৱনী  ‘ Freedom In Exile ‘ ত নেহেৰুৱে চীনৰ লগত কৰা পঞ্চশীল চুক্তিক কটাক্ষ কৰিছে আৰু এই চুক্তিৰ দ্বাৰা তীব্বতক স্থায়ী ভাবে চীনৰ অধীনৰ অঞ্চল বুলি স্বীকৃতি দিলে ।
” Yet i was conscious that outside Tibet the world had turned its back on us.Worse , India our nearest neighbour and spiritual mentor had tacitly accepted peking’s claim to Tibet…………’ , Dalai Lama.

১ চেপ্তেম্বৰ ১৯৬৫ , যুদ্ধ ঘোষণা হয় । তিনি বছৰ আগতেই জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছে । লাল বাহাদুৰ শাস্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী । প্ৰতিৰক্ষা মন্ত্ৰী য়চৱন্ত ৰাও সাৱন্ত । গান্ধী -নেহেৰুৰ পুৰ্বৰ নীতি নাই । ভাৰতীয় সেনাই লাহোৰত  জাতীয় পতাকা উৰুৱালে । মিগ ২১ এ পাকিস্তানৰ এফ ৮৬ আৰু এফ ১০৪ ক পৰাভুত কৰি যুদ্ধ জয় কৰিবলৈ সক্ষম হয় । স্বাধীনতাৰ পিছৰ পৰা যিজন সাৱৰকৰে ভাৰতৰ সৈনিক শক্তি বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছিল সেইজন সাৱৰকৰক যুদ্ধ জয়ৰ খৱৰে উৎসাহিত কৰিছিল । আমেৰিকাৰ পৰা অহৰণ কৰা পাকিস্তানৰ যু্দ্ধ বিমান বোৰৰ শক্তি কোনো গুণে কম নাছিল । আমেৰিকাৰ পৰা ১৯৫৭ চনতেই পাকিস্তানে এফ ৮৬ যুদ্ধ বিমান কিনিছিল । আৰু ভাৰতত মিগ ২১ আছিল ১৯৬৪ চনত । মাত্ৰ একবছৰৰ ভিতৰত বিমান চলোৱা শিক্ষা লৈ আমেৰিকাৰ এফ ৮৬ ক পৰাভুত কৰিব পাৰিছিল একমাত্ৰ  ভাৰতীয় বৈমানিকৰ  সাহস  আৰু আত্মবিশ্বাসৰ বলত । মিগ ২১ নথকাহেঁতেন ফলাফল কি হ’ল হেঁতেন সেয়া উপলব্ধি কৰিলে নৰেন্দ্ৰ মোদীয়ে । ভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত হ’ল ফ্ৰান্সৰ পৰা কিনা ৰাফেল যুদ্ধ বিমান । তথাপি বায়ু সেনাৰ হাতত ৰাফেল গতাব পৰাটো ইমান সহজ নাছিল । ৰাফেলক বাধা দিবলৈ চীনৰ লগত পঞ্চশীল চুক্তি কৰা জৱাহৰলাল নেহেৰুৰ দলৰ নেতা সকলৰ অনুগ্ৰহত ৰাফেল ক্ৰয়ৰ বিৰু্দ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ পৰিছিল । পিছলৈ উচ্চতম ন্যায়ালয়ত কংগ্ৰেছৰ আবেদন খাৰিজ হয় আৰু বায়ু সেনা বিভাগ শক্তিশালী হয় ।