মিজোসকলক উচতনি দিছে কোনে?

1469
  • অগ্নিভ দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


অসম মিজোৰামৰ সীমা বিবাদৰ কথা চৰ্চা কৰিবলৈ হ’লে ঘুৰি যাব লাগিব অতীতলৈ ৷ লুচাই পাহাৰ, হয় লুচাই পাহাৰ নামেৰে জনা গৈছিল মিজোৰামক ৷ সেই মিজোৰাম আছিল অসমৰ এখন জিলা ৷ বৃটিছৰ ৰাজত্বৰ সময়তেই (১৮৭৫ চনত) এক গ্যাজাত অৰ্ডাৰৰ যোগেদি অসম আৰু মিজোৰামৰ মাজত কৰা হৈছিল সীমা নিৰ্ধাৰণ ৷
কিন্তু বৃটিছসকলে ১৯৩৩ চনত আকৌ এবাৰ অধিসূচনাৰ যোগেদি মিজোৰামৰ সীমা নিৰ্ধাৰণ কৰে ৷ আৰু সেই সীমাৰ ওপৰত ভিত্তি কৰিয়েই মিজোৰামক অসমৰ পৰা পৃথক কৰি কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাবে ঘোষণা কৰে আৰু পৰৱৰ্তী সময়ত মিজোৰামে ইয়াৰ ওপৰত ভিত্তি কৰিয়েই পুৰ্ণাঙ্গ  ৰাজ্যৰ মান্যতা পায় ১৯৮৬ চনত ৷
কিন্তু এই গোটেই প্ৰক্ৰিয়াটোত মিজোৰামে ১৯৩৩ চনৰ সীমা মানি লোৱাত আপত্তি কৰিছিল ৷ তাৰ কাৰণ হিচাবে যুক্তি আছিল ১৯৩৩ চনৰ অধিসূচনাৰ সময়ত মিজোসকলৰ লগত কোনো আলোচনা নোহোৱাকৈ সীমা নিৰ্ধাৰণ কৰা হৈছিল ৷ গতিকে ১৯৩৩ৰ ভিত্তিত কৰা সীমা মানি ল’ব নিবিচাৰে মিজো সকলে ৷
গতিকে এই সীমা বিবাদৰ কাৰণ ঐতিহাসিক ৷ এই সীমা বিবাদক লৈ বিভিন্ন সময়ত সংঘাট চলি আহিছে ৷ কিন্তু এই বিবাদৰ লগত আন আন কিছু কাৰকেও দুয়ো পক্ষৰ মাজত উত্তেজনা অব্যাহত ৰাখিছে বিগত সময়চোৱাত ৷ তেতিয়া অসমত সৰ্বানন্দ সোনোৱালৰ চৰকাৰ চলি আছে৷
ঠিক NRC ৰ খছৰা প্ৰকাশ হোৱাৰ সময়ৰ কথা  ৷ মিজোৰামৰ বিভিন্ন ছাত্ৰ সংগঠন তথা আন আন সংগঠনে অসমৰ (হয়তো সীমান্ত অঞ্চলৰ )পৰা মিজোৰামলৈ যোৱা মানুহৰ ক্ষেত্ৰত কিছুমান প্ৰতিবন্ধকতা আনি দিছিল ৷  তেওলোকে সীমান্তত চেকপোষ্ট স্থাপন কৰি অসমৰ ফালৰ পৰা যোৱা কিছুমান ( সন্দেহজনক?? ) মানুহৰ পৰা NRC ত নাম থকা তথ্য বিচৰা আৰম্ভ কৰিছিল ৷ এই ধৰণৰ কাগজ পাতি বিচৰাৰ যুক্তি হিচাবে তেখেতসকলে উনুকিয়াইছিল অসম মিজোৰাম সীমান্তত অসমৰ মাটিত সংস্থাপিত হোৱা মানুহবিলাকৰ বেছিভাগেই সন্দেহজনক নাগৰিক ৷ তেওলোকে এইদৰে প্ৰতিবন্ধকতা আনিব বিচৰাটো হয়তো এক  স্বাভাৱিক প্ৰতিক্ৰিয়া আছিল , কাৰণ তেঁওলোকে বিচৰা নাছিল তেঁওলোকৰ ৰাজ্যখনো ওচৰ চুবুৰীয়া ৰাজ্যখনৰ দৰেই হৈ পৰক ৷ আৰু এই যে বাহিৰৰ মানুহ যোৱাত নিয়ম বান্ধি দিছিল  তাতেই লাগিছিল গৰবৰটো সেইসময়ত ৷  সেই প্ৰতিবন্ধকতাৰ বিপৰীতে অসমৰ ফালৰ পৰা কৃষক মুক্তিকে আদি কৰি  বিভিন্ন সংগঠনে ৰাজ্যখনৰ সীমাত প্ৰতিবাদ ককিছিল ৷ কৃষক মুক্তিৰ নেতৃত্বত চলিছিল  তাৰ বিৰুদ্ধে  আন্দোলন ৷ মিজোৰামলৈ সংলগ্ন পথ ‘দ’ কৈ খান্দি দিয়া হৈছিল ৷ আৰু  অমানৱীয় ভাবে মিজোৰামলৈ যাতে অত্যাৱশ্যকীয় সামগ্ৰী যাব নোৱাৰে সেই ব্যৱস্থা গঢ়ি তুলিছিল ৷ এক অৰ্থত অৰ্থনৈতিক প্ৰতিবন্ধকতা গঢ়ি তুলিছিল ৷ অতি গুৰুত্বৰ মানৱ অধিকাৰ খৰ্ব কৰাৰ চেষ্টা চলাইছিল, এইদৰে সীমামূৰীয়া ৰাজ্যখনৰ জনসাধাৰণক বন্ধকত ৰাখি একাংশ আন্দোলনকাৰীয়ে ৷ হয়তো মিজোসকলক এনেদৰে উচতাইছিল বা প্ৰৰোচিত কৰিছিল  যাতে অসমৰ মানুহখিনিৰ লগত মিজো ভাই ককাইহঁতৰ  এখন সংঘৰ্ষ হয় ৷
কিন্তু সেইসময়ৰ চৰকাৰখনে অতি তৎপৰতাৰে আৰু বিচক্ষণতাৰে সেই অপশক্তিৰ জালত ভৰি নিদি, মিজোৰামলৈ সংলগ্ন পথ সেই প্ৰতিবাদকাৰী সকলৰ হাতৰ পৰা মুকলি কৰি মিজোসকলৰ লগত সম্পৰ্কৰ কতো যতি পৰিব দিয়া নাছিল ৷ তাৰ পাছতো তেনেকুৱা দুই এটা ঘটনাৰে মিজোসকলক প্ৰৰোচিত কৰি অসম বিদ্বেষী কৰি তোলাৰ চেষ্টা চৰকাৰে কলিতে মোহাৰি দিছিল ৷ উল্লেখযোগ্য যে তেতিযাও ঘটনাবোৰ সেই একেই লাইকাপুৰৰ ফালেই হৈছিল ঘটনাবোৰ ৷ সেই সময়ৰ ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰৰ সহযোগত  হয়তো বিচক্ষণতাৰে কামবোৰ কৰিবলৈ সক্ষম হোৱাৰ বাবে ক’তো কোনো অঘটন ঘটা নাছিল  এইবাৰৰ ঘটনাৰ লগতো সেই আগৰ ঘটনাবোৰৰ যে কৰবাত নহয় কৰবাত কিবা প্ৰকাৰে সংযুক্ত নহ’ব তাক একাষাৰে নুই কৰিব নোৱাৰি ৷ মিজো ছাত্ৰ সংগঠনকে ধৰি বিভিন্ন সংগঠনে বাৰে বাৰে কৈ আহিছে সেই অঞ্চলত সন্দেহজনক নাগৰিকে অৱস্থান কৰিছে ৷ আনকি মিজো ছাত্ৰ সংগঠন এমজেপিৰ সভাপতিয়ে সংবাদ মাধ্যমত মুকলিকৈ অভিযোগ আনিছে যে সীমান্ত অঞ্চলত বসবাস কৰা সন্দেহজনক নাগৰিকে সময়ে সময়ে চুবুৰীয়া মিজো গাঁও সমুহত লুটপাত,চুৰি কাৰ্য্য আদিৰে গাঁওবাসীক দীৰ্ঘদিনধৰি অতিস্থ কৰি আহিছে ৷
অৱশ্যে আনফালে অসমৰ ফালৰ সীমামূৰীয়া অঞ্চলৰ ৰাইজে আপত্তি দৰ্শাই আহিছে যে মিজোৰামৰ ফালৰ পৰাও সীমামূৰীয়া ৰাইজৰ ওপৰত বিভিন্ন অত্যাচাৰ চলাই আহিছে, আনকি সেই অঞ্চলৰ এখন বঙালী মাধ্যমৰ বিদ্যালয়ো বিগত দিনত দুৰ্বৃত্তই জ্বলাই দিছিল বুলি অভিযোগ অনা হয় ৷ বাকী যিয়েই নহঁওক আমি ভাবো মিজো, নগা, গাৰো আদি উত্তৰ পূবৰ খিলঞ্জীয়া সকল আমাৰ ভাই, ককাই, বাই, ভনী ! গতিকে আমাৰ মাজত বিভেদৰ সৃষ্টি হলে বিভিন্ন পক্ষ লাভৱান হোৱাৰ সম্ভাৱনা আছে ৷ তাতে আকৌ  ওচৰ চুবুৰীয়া শত্ৰু ৰাষ্ট্ৰবোৰেও এইবোৰৰ সুবিধা লবলৈ সদা প্ৰস্তুত, গতিকে সেই সকলৰ  সহায় হোৱা কোনো কামেই কাকো কৰিবলৈ দিয়া উচিত নহয় ! আলোচনা আৰু সম্প্ৰীতিৰ মাজেৰেই সমাধান কৰিব লাগিব আমাৰ মাজত থকা বিভিন্ন বিভেদসমুহ  (আচলতে আমাৰ মাজত বিভেদ থাকিব নালাগেই)।এতিয়া চৰকাৰৰ দায়িত্ব হ’ব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত মিজোসকলৰ লগত পাৰস্পৰিক বুজা পৰাৰে সমাধান কৰা উচিত ।