পঞ্চায়ত নিৰ্বাচনত দলে একক ভাবে নিৰ্বাচন খেলাটো প্ৰয়োজন: প্ৰফুল্ল কুমাৰ মহন্ত

6285

সাক্ষাৎকাৰ প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে

সাক্ষাৎকাৰ গ্ৰহণ কৰে পাৰ্থ প্ৰতিম  লহকৰ, ধ্ৰুৱজ্যোতি দাস আৰু সুৰেশ কলিতাই


ৰাজনীতি অসম:  ছবছৰীয়া অসম আন্দোলনক নেতৃত্ব দিয়া আৰু আঞ্চলিক দলৰ চৰকাৰ গঠন কৰি  অসম ৰাজ্যত দুবাৰকৈ মুখ্যমন্ত্ৰী হোৱা প্ৰফুল্ল কুমাৰ মহন্তই বৰ্তমানৰ ৰাজনৈতিক পৰিবেশত আঞ্চলিকতাবাদী ৰাজনীতিৰ স্থিতিক লৈ কি ভাবে ?

প্ৰফুল্ল কুমাৰ মহন্ত: আঞ্চলিক দলৰ প্ৰাসংগিকতা অকল আজিৰ কথা নহয় । স্বাধীন ভাৰতবৰ্ষত জম্মু – কাশ্মীৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজ্যত সময়ে সময়ে কংগ্ৰেছ বা আন ৰাষ্ট্ৰীয় দলে আঞ্চলিক দলৰ লগত মিত্ৰতা কৰি চৰকাৰ গঠন কৰি আহিছে । ভাৰতৰ সকলো ৰাজ্যৰে সমস্যাবিলাক বেলেগ বেলেগ ।  সেয়েহে সংসদীয় ৰাজনীতিত আঞ্চলিক দলৰ সৱল স্থিতি অবিহনে এখন ৰাজ্যৰ সমস্যাসমুহৰ সমাধান অসম্ভৱ । এই ক্ষেত্ৰত অসম ৰাজ্যৰ উন্নয়ন আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত অগপৰ দায়িত্ব আৰু  গুৰুত্ব সৰ্বাধিক ।

ৰাজনীতি অসম: শেহতীয়া ভাবে ভাৰতৰ বিভিন্ন ৰাজ্যত আঞ্চলিকদলৰ পুনৰ উত্থান হৈছে । তেনেক্ষেত্ৰত অগপ দলে বিজেপিৰ লগত কৰা  মিত্ৰতাই অগপৰ সাংগঠিনক স্থিতিক ক্ষতিগ্ৰষ্ট কৰিছে নেকি ?

প্ৰফুল্ল কুমাৰ মহন্ত: কংগ্ৰেছৰ কুশাসনৰ পৰা ৰাইজক পৰিত্ৰাণ দিবলৈ অগপ দলে বিভিন্ন সময়ত বিজেপি দলৰ লগত মিত্ৰতাৰ সিদ্ধান্ত লৈছিল । পূৰ্বতে বিজেপিৰ লগত কৰা মিত্ৰতাৰ সিদ্ধান্তবোৰ সময়োপযোগী আছিল । কিন্ত সকলো সময়তে  মিত্ৰতাৰ সিদ্ধান্ত স্থায়ী হব লাগিব বুলি যুক্তি নাই । আগন্তুক সময়ত অসমৰ উন্নয়ন আৰু অসমৰ জলন্ত সমস্যাবোৰৰ সমাধানৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে অগপ দলে একক ভাবে আগবাঢ়িব লাগিব ।

ৰাজনীতি অসম: বিজেপিৰ সভাপতি অমিত শ্বাহে অগপৰ গুৰুত্ব বুজি আপোনালোকৰ দলৰ লগত নিৰ্বাচনী মিত্ৰতা অটুত ৰখাৰ কথা উল্লেখ কৰিছে। তেনেস্থলত আপোনালোকৰ দলে নিজৰ শক্তি আৰু গণভিত্তি অনুভৱ কৰাত ব্যৰ্থ  হৈছে নেকি ?

প্ৰফুল্ল কুমাৰ মহন্ত: অমিত শ্বাহ ডাঙৰীয়াই নিজৰ দলৰ মঞ্চৰ পৰা কৰা মন্তব্যৰ ওপৰত মই মন্তব্য দিবলৈ বিচৰা নাই । কিন্তু খানাপাৰত হৈ যোৱা আমাৰ দলৰ বুথ কমিটি সমুহৰ সভাত দলে অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা দোহাৰিছে । আগন্তুক সময়ত অগপ দলে অন্য দলৰ লগত মিত্ৰতা কৰা বা নকৰাৰ সিদ্ধান্ত সম্পুৰ্ণভাবে দলৰ কৰ্মীৰ ওপৰত নিৰ্ভৰ কৰিব ।

ৰাজনীতি অসম: আঞ্চলিক দলৰ চৰকাৰৰ দুবাৰ মুখ্যমন্ত্ৰী আৰু অসম আন্দোলনক নেতৃত্ব দিয়া প্ৰফুল্ল কুমাৰ মহন্তই পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ লগত মিত্ৰতা কৰাত কিমান পক্ষপাতি ?

প্ৰফুল্ল কুমাৰ মহন্ত: অগপ দলৰ প্ৰতি অসমৰ মানুহৰ মৰম আৰু আস্থাৰ ওপৰত ভিত্তি কৰি মই ব্যক্তিগত ভাৱে ভাবো যে অসমৰ উন্নয়নৰ স্বাৰ্থত আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলে একক ভাবে নিৰ্বাচন খেলাটো প্ৰয়োজন ।

ৰাজনীতি অসম:  হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াত বিজেপিৰ স্থিতি স্পষ্ট । কিন্তু আপোনালোকৰ দলে বাংলাদেশীক ধৰ্মৰ আধাৰত বিভাজন কৰাতো বিৰোধীতা কৰিছে । এনে পৰিস্থিতিত অসমৰ নতুন প্ৰজন্মক এই সমস্যাটোৰ সমাধানৰ পথ বা সমাধান সুত্ৰ  আপুনি কি  দিব ?

প্ৰফুল্ল কুমাৰ মহন্ত: যদিও ধৰ্মৰ আধাৰত ভাৰত বিভাজন হৈছিল আৰু বাংলাদেশ স্বাধীন হোৱাৰ পিছত স্বাধীনতাৰ পুৰ্বৰ ভাৰত তিনিখন দেশলৈ ৰূপান্তৰ হ’ল ।  কিন্তু ভাৰতবৰ্ষ যিহেতু এখন ধৰ্মনিৰপেক্ষ দেশ সেয়ে ‘নাগৰিকত্ব সংশোধনী বিল’ খনৰ দ্বাৰা ধৰ্মৰ আধাৰত বাংলাদেশীক অসমত নাগৰিকত্ব দিয়া কথাটো অগপ দলে কেতিয়াও মানি নলয় । ই ‘ অসম চুক্তি ‘ ক লাঘৱ কৰিব । বাংলাদেশী মানুহখিনি অসমত সংস্থাপন কৰিলে অসমৰ খিলঞ্জীয়া মানুহখিনি ক্ষতিগ্ৰস্ত হব । খিলঞ্জীয়া মানুহখিনিৰ ভাষা ,সংস্কৃতি , অৰ্থনৈতিক অধিকাৰ আৰু  ৰাজনৈতিক অধিকাৰ ক্ষুন্ন হব । মুল কথাটো হ’ল বাংলাদেশেই কিয় পৃথিৱীৰ আন যিকোনো দেশৰ পৰাই বিভিন্ন আন্তৰাষ্ট্ৰীয় কাৰণত শৰণাৰ্থীহৈ  বিদেশৰ মানুহ ভাৰতত প্ৰবেশ কৰিব পাৰে । ইয়াৰ অৰ্থ এইটো  হব নোৱাৰে যে বিদেশী মানুহৰ বোজা কেৱল অসমেই ল’ব লাগিব । যদিহে কেন্দ্ৰই হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচাৰিছে তেন্তে ভাৰতৰ আন ৰাজ্যবিলাকত ভগায় দিয়ক । অসমে অতীজৰে পৰা বহু বোজা লৈছে , সেয়ে এতিয়া আকৌ নতুনকৈ বিদেশীৰ বোজা ল’ব নোৱাৰে । ‘ অসম চুক্তি ‘ দ্বাৰা খিলঞ্জীয়াৰ কাৰণে সাংবিধানিক ৰক্ষাকৱচৰ সমুহ দিশ সেই সময়তে দিনেশ গোস্বামীদেবৰ নেতৃত্বৰ সমিতি এখনে ‘চনদ’ আকাৰে  কেন্দ্ৰীয় চৰকাৰক দিয়া হৈছিল । কিন্তু আজি পৰ্য্যন্ত কেন্দ্ৰৰ কোনো এখন চৰকাৰৰ গৃহ বিভাগে বিষয়টোত গুৰুত্ব প্ৰদান নকৰিলে । বৰ্তমান সময়ত সংবাদ শিৰোনমা দখল কৰা টেলেগু দেশম দলটোৱে অন্ধ্ৰ প্ৰদেশক কেন্দ্ৰৰ বিজেপি চৰকাৰখনে  ‘ বিশেষ ৰাজ্য ‘ ৰ মৰ্য্যদা নিদিয়াৰ ফলত এন ডি এ ৰ পৰা আতৰি আহিছে । কিন্তু আজিৰ পৰা বহু বছৰ আগতেই অগপই অসমৰ কাৰণে ‘বিশেষ ৰাজ্য’ ৰ মৰ্য্যদা আনিবলৈ সক্ষম হৈছিল , যিটো সময়ত ইলেকট্ৰোনিক মিডিয়া বা চোচিয়েল মিডিয়া আজিৰ দৰে শক্তিশালী নাছিল ।

ৰাজনীতি অসম: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চলি থকা এন আৰ চি ( NRC)  উন্নিতকৰণৰ সময়চোৱাত ভিত্তিবৰ্ষকলৈ সময়ে সময়ে বিভিন্ন ৰাজনৈতিক নেতাই কৰা  মন্তব্যক আপুনি কিমান যুক্তিসংগত বুলি ভাবে ?

প্ৰফুল্ল কুমাৰ মহন্ত: ‘ অসম চুক্তি ‘ অনুসৰি আৰু দেশৰ উচ্চতম ন্যায়ালয়ৰ তত্বাবধানত চলি থকা এন আৰ চি প্ৰক্ৰিয়া সময়মতে হব লাগে । এন আৰ চি সম্বন্ধত বিতৰ্ক সৃষ্টি কৰা মন্তব্যবিলাকক ৰাইজে গুৰুত্ব নিদিয়ে বুলি মোৰ বিশ্বাস । এই ক্ষেত্ৰত অসম তথা ভাৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিব লাগে ।

ৰাজনীতি অসম: অসমৰ মিত্ৰজোঁতৰ চৰকাৰখনে খাতি খোৱা মানুহৰ আশা আকাংশা পুৰণত কিমান সফল হোৱা বুলি ভাবে ?

প্ৰফুল্ল কুমাৰ মহন্ত: দুবছৰ পুৰ্ণ কৰা চৰকাৰ খনৰ খতিয়ান এতিয়াই দিয়াটো উচিত নহ’ব ।  চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমুহ কিদৰে পুৰণ কৰে সেয়া আগন্তুক সময়ত সকলোৱে দেখা পাব আৰু তেতিয়াহে উচিত মূল্যায়ন সম্ভৱ হ’ব ।

ৰাজনীতি অসম: বিমুদ্ৰাকৰণ আৰু জি এচ টি কিমান সফল হোৱা বুলি আপুনি ভাবে ?

প্ৰফুল্ল কুমাৰ মহন্ত: এই দুটা বিষয় সম্পুৰ্ণ কেন্দ্ৰৰ ওপৰত ন্যস্ত থকা বিষয় । উদ্দেশ্য ভাল । কিন্তু পৃথিৱীৰ আন দেশ যিবিলাকত গি এছ টি ৰ দৰে টেক্স নিয়ম আছে সেইবিলাকত ‘কৰ’ ৰ হাৰ ভাৰতবৰ্ষতকৈ কম । সেয়ে গি এছ টি সম্পৰ্কীয় খুটি নাটি বিলাক সমাধান হ’লে ই ভাৰতীয় অৰ্থনীতিক ক্ষতি কৰাৰ সম্ভাৱনা নাই ।

ৰাজনীতি অসম:  ভাৰতবৰ্ষৰ গনতান্ত্ৰীক ব্যৱস্থাটোৰ প্ৰতিটো নিৰ্বাচনত পঞ্চায়তৰ পৰা আৰম্ভ কৰি লোকসভালৈ ব্যপক ধনৰ প্ৰয়োগ হয় ।  আঞ্চলিক দল সমুহৰ গনভিত্তি সবল হোৱা স্বত্তেও ধনৰ অভাবত কেবল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বাৰ্থতে ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা কৰিবলৈ বাধ্য হয় নেকি ?

প্ৰফুল্ল কুমাৰ মহন্ত: কেতিয়াবা কেতিয়াবা হয় । আঞ্চলিক দল এটাৰ নেতৃত্বত থকা বহি: ৰাষ্ট্ৰৰ সীমাত অৱস্থিত ৰাজ্য এখনৰ ৰাজ্য চৰকাৰে সন্ত্ৰাসৱাদৰ দৰে সমস্যা এটা  কেন্দ্ৰৰ সহযোগিতা অবিহনে একক ভাবে সমাধা কৰিব নোৱাৰে । তেনে এক সন্ধিক্ষনতেই ২০০১ চনত অগপই বিজেপিৰ লগত মিত্ৰতা কৰিব লগা হৈছিল । কিন্তু সেই সময়ত বিজেপিৰ কিছুমান নেতাই ক্ষুদ্ৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি  নতুন দল ‘ অসম বিজেপি ‘  আৰম্ভ কৰি নিৰ্বাচন খেলিলে । একেসময়তে উগ্ৰপন্থী সংগঠনৰ কাৰ্য্যকলাপ,  সন্ত্ৰাসবাদীৰ কুটাঘাত আদিয়ে কংগ্ৰেছক সহায় কৰিলে । যাৰ ফলত  কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ সুযোগ পাইছিল ।

ৰাজনীতি অসম: বৰ্তমানৰ অসমৰ ৰাজনৈতিক মানচিত্ৰখন চালে অতি আচৰিত লাগে যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিধায়কলৈ প্ৰায় সিংহভাগ প্ৰাক্তন অগপ নেতা বা জাতিয়তাবাদী শিৱিৰৰ নেতা ।  ৰাইজৰ আবেগ অনুভুতি জড়িত আঞ্চলিক দল এটাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু অসম চুক্তিৰ সাক্ষৰকাৰীৰ এজন আপুনি । তেনেক্ষেত্ৰত পুনৰ বিধানসভাৰ মজিয়াত অগপক শক্তিশালী কৰাৰ কাৰণে ভৱিষ্যতৰ সময়ছোৱাত কি কৰাৰ  প্ৰয়োজন হৈছে আৰু অঞ্চলিকতাবাদক শিখৰত নিয়াৰ বাবে আপুনি কি ভুমিকা লোৱা উচিত বুলি ভাবে ?

প্ৰফুল্ল কুমাৰ মহন্ত:এতিয়াও অগপৰ প্ৰতি অসমৰ ৰাইজৰ মৰম , আৱেগ আৰু আস্থা আছে । অগপ দল সাংগঠিনভাবে দুৰ্ৱল হৈছিল কংগ্ৰেছ বা বিজেপিৰ কাৰণে নহয় । অগপ দলৰ  নিজৰ ভিতৰত  সমন্বয়ৰ অভাৱৰ বাবে । এইখিনি খামখিয়ালি দুৰ কৰিব পাৰিলেই , আঞ্চলিক আৰু শাখা পৰ্য্যায়ত দলটোৰ প্ৰতিজন কৰ্মী ,নতুন প্ৰজন্ম আৰু অসমৰ জনগনে আকৌ অগপক আকোঁৱালি ল’ব । । কিন্তু কথাটো হ’ল নেতা -কৰ্মী সকলোৱে মিলি আৰু অধিক কষ্ট কৰিব লাগিব ।