মুখ্যমন্ত্রীত্বৰ দৌৰত গৌৰৱ গগৈ

4755

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ইণ্ডিয়া টুডেৰ পলিটিকেল ষ্টক একচেঞ্জ নামৰ অনুষ্ঠানত  তেওঁলোকে প্ৰতিখন ৰাজ্যত কৰা অ’পিনিয়ন প’লৰ ফলাফল সম্প্ৰচাৰ কৰি আছে। যোৱা মাহত অসমৰ ৰাজনৈতিক পৰিস্হিতিৰ ওপৰত অসমৰ ৰাইজৰ অ’পিনিয়ন প’ল প্ৰকাশ পায়। অসমৰ ৰাইজৰ পৰা মতামত বিচৰা ৫ টা প্ৰশ্ন আছিল এনে ধৰণৰঃ
১) সৰ্বানন্দ সোনোৱাল চৰকাৰৰ প্ৰদৰ্শনত আপুনি সন্তুষ্ট  হয়নে?
২) অসমৰ পৰবৰ্তী মুখ্যমন্ত্রী হিচাপে আপুনি কাক পচন্দ কৰে?
৩) আপুনি এন.আৰ.চিক সমৰ্থন কৰেনে?
৪) মোডী চৰকাৰৰ প্ৰদৰ্শনত আপুনি সন্তুষ্ট  হয়নে?
৫) ভাৰতৰ পৰবৰ্তী প্ৰধানমন্ত্রী কোন হব?
এই ৫টা বিষয়ত কৰা অ’পিনিয়ন প’লটোৰ ২ নম্বৰ প্ৰশ্নটোৰ ফলাফলে আচৰিত কৰিলে সকলোকে। পৰবৰ্তী মুখ্যমন্ত্রীৰ বাবে ৪৭% ৰাইজৰ প্ৰথম পচন্দ সৰ্বানন্দ সোনোৱাল আৰু ২২% ভোট লাভ কৰি দ্বিতীয় স্হান অধিকাৰ কৰিলে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে। পিতৃ তৰুণ গগৈ, অসম কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়াক অতিক্ৰম কৰি মুখ্যমন্ত্রীত্বৰ দৌৰত দ্বিতীয় স্হান লাভ কৰাতো গৌৰৱ গগৈৰ বাবে এক প্ৰাপ্তি বুলিয়েই কব লাগিব। ইয়ে প্ৰমাণ কৰে যে অসম কংগ্ৰেছৰ ভিতৰত লাহে লাহে গৌৰ‍ৱ গগৈৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিছে। অসমৰ প্ৰথম ৰাজনৈতিক ই- আলোচনী ‘ৰাজনীতি অসম’ৰ অ’পিনিয়ন প’লতো গৌৰৱ গগৈক অসমৰ ৰাইজে শ্ৰেষ্ঠ সাংসদৰ খিতাপ দিছিল। ডঃ হিমন্ত বিশ্ব শৰ্মাই ১২%, অগপৰ অতুল বৰাই ২% আৰু সুস্মিতা দে‍ৱে ২% ভোট লাভ কৰে অসমৰ পৰবৰ্তী মুখ্যমন্ত্রীৰ বাবে।
এতিয়া আহো আন ৪ টা প্ৰশ্নৰ ফলাফললৈ।
  • সৰ্বানন্দ সোনোৱাল চৰকাৰৰ প্ৰদৰ্শনকলৈ ৪৪% লোক সন্তুষ্ট  , ২৯% লোক অসন্তুষ্ট  ২২% লোকৰ মতে প্ৰদৰ্শন মধ্যমীয়া।
  • ৭২% ৰাইজে এন.আৰ.চিক সমৰ্থন কৰে, ৫% এ নকৰে। বাকি খিনিয়ে মতামত দিয়াৰ পৰা বিৰত থাকে।
  • মোডী চৰকাৰৰ প্ৰদৰ্শনকলৈ ৪৭% লোক সন্তুষ্ট , ২৫% অসন্তুষ্ট  আৰু ২২% ৰ মতে প্ৰদৰ্শন মধ্যমীয়া।
  • ভাৰতৰ পৰবৰ্তী প্ৰধানমন্ত্রীৰ বাবে অসমৰ ৫১% জনতাই মোডীক ভোট দিলে তথা ২৮% এ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক ভোট দিলে।