- দেৱজিত দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
২০০৬ চনৰ পৰাই ড° হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে। তৰুণ গগৈৰ প্ৰধান সেনাপতি হিচাপে তেওঁ দলটোক ২০১১ৰ বিধানসভা নিৰ্বাচনত বিজয়ী কৰাবলৈ সক্ষম হয়। ২০১৪ আৰু ২০২১ত অসমত বিজেপি জয়ী হোৱাৰ মুল মানুহজন হিমন্ত বিশ্ব শৰ্মা যদিও কাগজত সৰ্বানন্দ সোণোৱালৰ নাম আছিল। ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ৰজা আৰু সেনাপতি দুয়োটা ভুমিকাত অবতীৰ্ণ হয় ড° শৰ্মা। নিজৰ স্বভাবসিদ্ধ কৌশলেৰে তেওঁ পুনৰ বিৰোধীক পৰাজিত কৰে। যোৰহাট জয়ী হ’ব পাৰিলে বিজেপিক ১০০% সফল বুলি ক’ব পাৰিলোহেতেন। তথাপিও ১৪ৰ ভিতৰত ১১ খনো কিন্তু সহজ নাছিল। যিখন ৰাজ্যত ৬০% হিন্দু আছে তাত বিজেপিয়ে ৮০% আসন দখল কৰে। সমষ্টি পুনৰনিৰ্ধাৰন নকৰিলে বৰপেটা আৰু কলিয়াবৰ বিজেপিয়ে হেৰুৱালেহেতেন। হিমন্ত বিশ্ব শৰ্মাৰ কৌশলে দলটোক দুখন আসন বৃদ্ধি কৰাত সহায় কৰে। গৌৰৱৰ জয়ে প্ৰমান কৰিলে যোৰহাটৰ মানুহে শৰ্মাক গ্ৰহণ কৰিব পৰা নাই। উজনিৰ আবেগ প্ৰকাশ হৈছে মৃণাল শইকীয়াৰ বক্তব্যত। হয়তো বহু লোকে মুখ্যমন্ত্রীজন যোৰহাট বা ডিব্ৰুগড়ৰ পৰা হোৱাটো বিচাৰে। মাজুলীত বিজেপিৰ মাত্র ৫ হাজাৰ ভোটত জয় বিজেপিৰ বাবে চিন্তাৰ কাৰণ। মুখ্যমন্ত্রীয়ে মাজুলীক ইমান গুৰুত্ব দিয়াৰ পিছতো তাৰ ৰাইজৰ উদাসীনতা লক্ষ্যনীয়। ডিব্ৰুগড় আৰু গুৱাহাটীত বিজেপিৰ বিজয়ৰ ব্যৱধান আশা কৰা ধৰণে হোৱা নাই। কিছু হিন্দু মানুহ বিজেপিক লৈ সন্তুষ্ট নহয়। কিন্তু মুখ্যমন্ত্রী এজন hardcore ৰাজনীতিবিদ। ৰাইজৰ অসন্ত্তষ্টিৰ কাৰণবিলাক জানি তেওঁ ইয়াৰ নিৰাময়ৰ বাবে ইতিমধ্যে কাম আৰম্ভ কৰিছে।.