মুখ্যমন্ত্রী পদকলৈ বিজেপিৰ নিমিলা অংক

2002

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


অসমকে ধৰি ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব ২ মে তাৰিখে। ইতিমধ্যে ‘ৰাজনীতি অসম’ৰ সমীক্ষাৰ পৰা স্পষ্ট হৈছে যে অসমত পুনৰ বিজেপিৰ চৰকাৰ হ’বলৈ গৈ আছে। প্ৰায় ২ মাহৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিক এই বিজয় দিবলৈ সক্ষম হৈছে মুখ্যত হিমন্ত বিশ্ব শৰ্মাই  । মোদী-শ্বাহ-নদ্দা আদি কেন্দ্ৰীয় নেতাই অসমত প্ৰচাৰ চলাইছিল যদিও স্থানীয় নেতৃত্বৰ অবিহনে এনে প্ৰচাৰে সুফল নিদিয়ে। বিজেপিয়ে খুব পদ্ধতিগত ভাবে ষ্টাৰ কেম্পেইনাৰ সকলৰ নিৰ্বাচনী সভাৰ স্থান নিৰ্বাচন কৰিছিল। বিজেপিৰ এনে প্ৰচাৰে দলটোক সুফল প্ৰদান কৰে যাৰ ফলত অকলে অসম বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভৰ দিশত আগবাঢ়িছে বিজেপি।
নিৰ্বাচনী ফল ঘোষণা হোৱাৰ লগে লগে বিজেপিৰ বাবে সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব মুখ্যমন্ত্রী নিৰ্বাচন কৰা। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োজনকে মৰ্যাদা সহকাৰে সংস্থাপন কৰিব নোৱাৰিলে আগন্তুক দিনত দলটোৰ বিপদ অনিবাৰ্য্য। বৰ্তমান ৰাজনৈতিক পৰিস্থিতি পৰ্য্যালোচনা কৰি দেখা যায় যে কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত চাৰিটা বিকল্প আছে।
১) সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্রী; হিমন্ত বিশ্ব শৰ্মা উপ মুখ্যমন্ত্রী
বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে বিত্ত, শিক্ষা, স্বাস্হ্য আৰু লোকনিৰ্মাণ বিভাগ। আগন্তুক মন্ত্রীসভাত হিমন্ত বিশ্ব শৰ্মাক উপ মুখ্যমন্ত্রীৰ পদ দি গৃহ আৰু বিত্ত দুয়োটা বিভাগ দিয়াৰ চিন্তা চৰ্চা কৰি আছে কেন্দ্ৰীয় নেতৃত্বই। আমি পোৱা খৱৰ অনুসৰি এইটো কেন্দ্ৰীয় নেতৃত্বৰ মতে সকলোতকৈ ভাল বিকল্প। সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্রী পদৰ পৰা আতৰালে উজনিৰ লগতে জনজাতীয় ৰাইজৰ ক্ষোভৰ সন্মুখীন হোৱাৰ ভয়তে বিজেপিৰ শীৰ্ষ নেতৃত্বই এইটো বিকল্প গ্ৰহণ কৰিব বিচাৰে। তেওঁলোকে ভাবে যে সোণোৱালৰ আপত্তি থাকিলেও শেষত গৃহ বিভাগ দিবলৈ সন্মত হৈ যাব। গৃহৰ সলনি লোকনিৰ্মাণকে ধৰি আন কিছুমান দপ্তৰ মুখ্যমন্ত্রীৰ হাতত থাকিব পাৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ইয়াত সন্ত্তষ্ট নহয়। কোনো কাৰণতে তেওঁ সোণোৱালৰ মন্ত্রীসভাত পুনৰ অন্তৰ্ভুক্ত হ’ব বিচৰা নাই। প্ৰয়োজনত দিল্লীলৈ গৈ সংগঠনৰ কাম কৰিবলৈ সাজু শৰ্মা। এই ক্ষেত্রত কেন্দ্ৰীয় নেতৃত্বৰ পক্ষে হিমন্ত  বিশ্ব শৰ্মাক বুজনি দিয়াটো কঠিন হ’ব।
২) হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী, সৰ্বানন্দ সোণোৱাল উপ-মুখ্যমন্ত্রী
কেন্দ্ৰীয় নেতৃত্বৰ এইটো বিকল্পকলৈও আপত্তি নাই। কিন্তু সোণোৱাল ইয়াকলৈ কোনোপধ্যে ৰাজী নহয়।ৰাজ্যৰ মুখ্যমন্ত্রী এজনৰ এনেকৈ পদ অবনমিত কৰাৰ নজিৰ এই ভাৰতবৰ্ষত নাই।  মহাৰাষ্ট্ৰত অশোক চৌহান এসময়ত মুখ্যমন্ত্রী আছিল যদিও বৰ্তমান উদ্ধব থাকৰে মন্ত্রীসভাৰ সদস্য। কিন্তু মুখ্যমন্ত্রীৰ পৰা মন্ত্রীপদ গ্ৰহণ কৰিবলৈ চৌহানে লৈছিল বহু বছৰ সময়।  তেনে ক্ষেত্রত এই বিকল্পৰ সম্ভাবনা তেনেই ক্ষীণ।
৩) সৰ্বানন্দ সোণোৱাল দিছপুৰত, হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ
হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ যাবলৈ ২০১৯ চনৰ পৰা সাজু হৈ আছে। তেজপুৰৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি কেন্দ্ৰীয় মন্ত্রীসভাত অন্তৰ্ভুক্ত হোৱাৰ প্ৰবল ইচ্ছা আছিল শৰ্মাৰ। কিন্তু কেন্দ্ৰীয় নেতৃত্বৰ বিবেচনা কৰিলে যে সোণোৱালৰ পক্ষে অকলে অসম চলোৱা সম্ভব নহয়। এইবাৰো শৰ্মা দিল্লীলৈ যাবলৈ সাজু।  বিশ্বজিত দৈমাৰীৰ খালি হ’বলগীয়া ৰাজ্যসভাৰ আসনখনো আছে। গতিকে একো অসুবিধা নাই। কিন্তু সমস্যা একেই। কেন্দ্ৰীয় নেতৃত্ব আৰু বিশেষকৈ আৰ.এছ.এছে অনুধাবন কৰিছে অসমত শৰ্মাৰ প্ৰয়োজনীয়তাক। ৰুলছ ফ্ৰেম হোৱাৰ পিছত ‘কা’অসমত বলবৎ কৰা হ’ব। সেইসময়ত অসমত প্ৰয়োজন এজন শক্তিশালী হিন্দুত্ববাদী নেতাৰ। সেয়েহে হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰলৈ নিয়াৰ ক্ষেত্রত তেওঁলোকে এখোজ আগবাঢ়ি , দুখোজ পিছুৱাবলৈ বাধ্য হৈছে।
৪) হিমন্ত বিশ্ব শৰ্মা দিছপুৰত আৰু সোণোৱাল দিল্লীলৈ
হিমন্ত বিশ্ব শৰ্মাৰ বহু বছৰৰ মনোকামনা পূৰ্ণ হ’ব যদিহে সোণোৱাল দিল্লীলৈ যাবলৈ মান্তি হয়। খৱৰ পোৱা মতে আৰ.এছ.এছৰো এয়াই ইচ্ছা। সৰ্বানন্দ সোণোৱালক মোদী কেবিনেটত অন্তৰ্ভুক্ত কৰিলে জনজাতীয় তথা উজনি অসমৰ অসন্ত্তষ্টি কিছু হ্ৰাস পাব বুলি অনুমান কৰিব পাৰি। হিমন্ত বিশ্ব শৰ্মাৰ আমোলত বিজেপিৰ হিন্দুত্ব এজেণ্ডা চলোৱাত সুবিধা হ’ব। কিন্তু সকলো নিৰ্ভৰ কৰিব সোণোৱালৰ ওপৰত।
২মেৰ পিছত মুখ্যমন্ত্রী পদকলৈ বিজেপিত যে ব্যাপক আলোচনা হ’ব সেয়া খাটাং। সকলো নিৰ্ভৰ কৰিব কেন্দ্ৰীয় নেতৃত্বই কেনেকৈ পৰিস্থিতি নিয়ন্ত্রন কৰে। সোণোৱালে যদিহে কেন্দ্ৰলৈ যাবলৈ সন্মতি দিয়ে তেতিয়া মুখ্যমন্ত্রীৰ আসনত উপবিষ্ট হ’ব অসমৰ ৰাজনীতিত সকলোতকৈ চৰ্চিত নেতা হিমন্ত বিশ্ব শৰ্মা।