মুখ্যমন্ত্রী: ৪৩% ৰাইজৰ প্ৰথম পচন্দ হিমন্ত বিশ্ব শৰ্মা

1786

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


‘ অসমৰ পৰবৰ্তী মুখ্যমন্ত্রী হিচাবে কাক বিচাৰে ? ‘ ,  এই প্ৰশ্নটো যোৱা দুই বছৰত কেইবাবাৰো ৰাইজক কৰা হৈছিল ।  এই ক্ষেত্রত সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা ২০১৯ত সকলোতকৈ অধিক আছিল। ‘কা’ আন্দোলনৰ সময়ত ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু লুৰিণজ্যোতি গগৈয়ে ৰাইজৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হয়। তাৰ পিছত আহিল ক’ৰোনা। দিন-ৰাতি একাকাৰ কৰি অসমৰ ৰাইজৰ সেৱাত ব্ৰতী হৈ পৰিল স্বাস্হ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। ক’ৰোনা প্ৰতিৰোধৰ ক্ষেত্রত ভাৰতৰ ভিতৰতে অসম অন্যতম শ্ৰেষ্ঠ ৰাজ্য ৰূপে পৰিগণিত হ’ল। পি.পি.ই কিট, হাস্পতাল , কোৱাৰেন্টাইন কেন্দ্ৰ আদি সকলো ব্যৱস্থা পৰিকল্পিত ভাবে চলাই নিয়াৰ ক্ষেত্রত স্বাস্হ্য মন্ত্রীৰ ভুমিকাক সকলোৱে স্বীকাৰ কৰিছে ।  ড° হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাৰ  গ্ৰাফডাল এই সময়ত উৰ্দ্ধমুখী। ইয়াৰ প্ৰমান পোৱা যায় ‘ৰাজনীতি অসম’ ৰ জুন মাহৰ অপিনিয়ন প’লত। অসমৰ পৰবৰ্তী মুখ্যমন্ত্রীৰ বাবে ৪২.৬% ৰাইজৰ প্ৰথম পচন্দ ড° হিমন্ত বিশ্ব শৰ্মা। এই তালিকাত দ্বিতীয় স্হান অধিকাৰ কৰিছে বৰ্তমানৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে। ২৪.৩% ৰাইজে সোণোৱালৰ সপক্ষে ৰায়দান কৰিছে। উল্লেখযোগ্য যে বিজেপিৰ দুই নেতাই অসমৰ ৬৭% ৰাইজৰ সমৰ্থন পাবলৈ সক্ষম হৈছে। ইয়ে প্ৰমাণ কৰে যে ২০২১ত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বিজেপি এতিয়ালৈকে আগবাঢ়ি আছে।
নগাওঁৰ সাংসদ প্ৰদ্যুত বৰদলৈ ৬.৫% ভোটেৰে কংগ্ৰেছৰ নেতাসকলৰ ভিতৰত শীৰ্ষত আছে। ১৫ বছৰ কাল অসমক শাসন কৰা বৰ্ষীয়ান ৰাজনীতিবিদ তৰুণ গগৈক ৫.৯% ৰাইজে পুনৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাটো বিচাৰে। বৰ্তমানৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই লাভ কৰে ১.৮% ভোট। ছাত্র নেতা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু লুৰিণজ্যোতি গগৈ দুয়োজনে লাভ কৰে ৪.৭%কৈ ভোট। বদৰুদ্দিন আজমলক সমৰ্থন কৰে ১.৮% ৰাইজে। ৭.৭% ৰাইজে আমাৰ তালিকাত নথকা অন্য লোকহে মুখ্যমন্ত্রীৰ বাবে যোগ্য বুলি ভাবে।
এতিয়া লক্ষণীয় হ’ব অহা বিধানসভা নিৰ্বাচনৰ সময়ত ড° হিমন্ত বিশ্ব শৰ্মাৰ ভুমিকা কি হয় ? বিধানসভা নিৰ্বাচনত প্ৰচাৰ কৰিলে ৰাইজক প্ৰতিশ্ৰুতি দিব লাগিব। আৰু প্ৰতিশ্ৰুতি দি জিকি আহিলে মন্ত্রী পদ ল’ব লাগিব।  অৰ্জুনে যুদ্ধ জয় কৰি যুধিষ্ঠিৰক ৰজা পতাৰ দৰে হিমন্ত বিশ্ব শৰ্মাই ২০০৬ চনৰ পৰা প্ৰতিটো নিৰ্বাচনত নিজে সন্মুখৰ পৰা যুদ্ধ কৰি আনক মুখ্যমন্ত্ৰী পাতি আহিছে । কংগ্ৰেছৰ সময়ত তৰুণ গগৈৰ পুত্ৰ স্নেহ , ৰাহুল গান্ধীৰ আভিজাত্য ,কংগ্ৰেছ চৰকাৰৰ পতন আৰু বৰ্তমান সময়ত কংগ্ৰেছৰ সাংগঠনিক দুৰ্বলতাৰ বাবে বদৰুদ্দিন আজমলৰ কাষ চাপিবলৈ বাধ্য হোৱা পৰিঘটনা বোৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক সিদ্ধান্ত লোৱাত সহায় কৰিব । হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ দাদা ব্ৰিগেদৰ আচৰণ কিছু হ’লেও নিৰ্ণায়ক হ’ব । অহাবাৰ বিধান সভাত যদি পুনৰ বিজেপি চৰকাৰ হয় তেন্তে অসমৰ ভৱিষ্যতৰ ৰাজনীতিৰ স্বাৰ্থত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিকোনো এজনক দিল্লীলৈ নিবলৈ বাধ্য হ’ব । ৰাজনীতিৰ পৰা সমাজ নীতিলৈ সৰ্বানন্দ সোণোৱালৰ ইমেজ অতি নিকা আৰু ফেচিষ্ট শব্দৰ পৰা বহু আঁতৰত । যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয় তেন্তে সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰী সভাত অন্তৰ্ভুক্ত কৰাৰ বাট মুকলি হ’ব ।