মৃত্যু শিল্প নহয় , মৃত্যু বেদনাদায়ক

3280
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


মৃত্যু শিল্প নহয় , মৃত্যু সদায় বেদনাদায়ক । ১৯৯৪ চনত ষ্টিভেন স্পিলৱাৰ্গৰ জুৰাচিক পাৰ্ক চিনেমা চাবলৈ হাতত পইছা নথকা যুবক জনে ২১ বছৰ পিছত একেজন যুবকে অভিনয় কৰিলে একে প্ৰযোজকৰ ছবি ‘জুৰাচিক ৱাৰ্লড ‘ ত ।  নেচ’নেল স্কুল অৱ ড্ৰামাৰ পৰা গৈ  মুম্বাুই মায়ানগৰীত নিজৰ পৰিচয় সৃষ্টি কৰা এই যুবক জনেই আছিল ইৰফান খান ।  আধা দৰ্জন হিৰো যি সময়ত অমিতাভ বচ্চনৰ ষ্টাইলক অনুসৰণ কৰি বলিউদত খোপনি পুতিছিল , সেই বলিউদত এটা স্বকীয় শৈলীৰে নিজকে প্ৰতিষ্ঠা কৰিছিল । ফুল ফুলিলে গোন্ধ ওলাবই , ইৰাফানে আমন্ত্ৰণ পালে হলিউদলৈ । হলিউদটো নিজৰ ষ্টাইলেৰে সকলোকে অভিনয়ৰ নতুন সোৱাদ দিলে । ২৩ বছৰ অনুৰ্ধ ৰাজস্থান ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা ইৰাফান খানে ক্ৰিকেট বাদ দিলে যেতিয়া ৬০০ টকাৰ যোগাৰ কৰিব নোৱাৰা বাবে  জয়পুৰৰ পৰা আজমিলৈ চি কে নাইডু ট্ৰফি খেলিবলৈ যাব নোৱাৰিলে । তেতিয়াই হয়টো ভাৰতে হেৰুৱাইছিল এজন অলৰাউণ্ডাৰ ।

আশীৰ দশকৰ ‘ বোবি ‘ ৰ পৰা  এই দশকৰ ‘ মুল্ক ‘ লৈ ঋষি কাপুৰে দৰ্শকক দি গ’ল এক অনন্য অনুভতি 
‘ মুল্ক ‘ ঋৃষী কাপুৰ আৰু তাপসী পান্নু অভিনীত বলিউদ চিনেমা । দাড়ী আৰু টুপিৰে ঋৃষী কাপুৰ এজন ১০০ % মৌলবী । পেছাত উকিল আৰু ইত্যাদি ইত্যাদি।  চিনেমাখনত    ইছলাম ধৰ্মৰ মানুহ এজনে নিজৰ পৰিয়ালৰ সন্মান  আইনী প্ৰক্ৰিয়াৰে ৰক্ষা কৰিছে  । ন্যায়ালয়ত চলা যুঁজ খনৰ প্ৰতিটো মুহুৰ্তত  মানুহজনে একমাত্ৰ পৰিচয় দিছে ভাৰতীয় নাগৰিক  হিচাপে। চিনেমাখনৰ ওপৰত  পাকিস্তান নামৰ দেশ খনে নিষেধাজ্ঞা আৰোপ কৰিছিল । কাৰণ চিনেমাখনত ধৰ্মৰ নাম বিক্ৰী কৰা দালাল শ্ৰেণীক ঋৃষী কাপুৰে প্ৰশয় দিয়া নাই । ধৰ্ম বা জাত – পাতৰ পৰিচয় অবিহনেও মানুহে জীৱনৰ ঘাত – প্ৰতিঘাতত  জয়ী হ’ব পাৰে  সেই ধাৰণা ৰূপালী পৰ্দাত প্ৰতিষ্ঠা কৰি গ’ল । এতিয়া তেওঁ দেখুৱাই যোৱা বাটেৰে আজিৰ প্ৰজন্মই দেশ গঢ়াৰ পণ লৈ জীৱন জীয়াব আৰু সেইয়াই মৌলিক ।