মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাত বাদে গত্যন্তৰ নাই

1233
ড ০ সুশান্ত কুমাৰ কাশ্যপ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


সাম্প্ৰতিক সময়ত দেশজুৰি দেখা দিয়া দ্বিতীয় পৰ্যায়ৰ কভিডৰ সম্প্ৰসাৰণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছইয়ে দশম শ্ৰেণীৰ শেষান্ত পৰীক্ষা বা মেট্ৰিক পৰীক্ষা বাতিল কৰিছে । এই সিদ্ধান্তই অতি নগন্য সংখ্যক ছাত্ৰ ছাত্ৰীক আনন্দ দিয়াৰ বিপৰীতে বেছি সংখ্যক ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকক হতাশ কৰি তুলিছে। এয়া অনস্বীকাৰ্য যে দশম শ্ৰেণীৰ শেষান্ত বা মেট্ৰিক পৰীক্ষাটো ছাত্ৰজীৱনৰ প্ৰথম গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাপে বিবেচনা কৰা হয় । এই পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে হাইস্কুলত নামভৰ্তি কৰাৰ দিনৰে পৰা প্ৰস্তুত হয় আৰু ভাল ফলাফল লাভ কৰাটো ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক সকলৰো লক্ষ্য হৈ পৰে । মেট্ৰিক পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ পিছত যিমান আনন্দ , যিমান মাদকতা পোৱা যায়, জীৱনত আন কোনো পৰীক্ষাৰ ভাল ফলাফলতেই সিমান আনন্দ বা মাদকতা পোৱা নাযায় কিজানি , অথচ সেইবোৰ পৰীক্ষাও মেট্ৰিক পৰীক্ষাতকৈ কম গুৰুত্বপূৰ্ণ নহয়, বৰং বহু ক্ষেত্ৰত বেছি গুৰুত্বপূৰ্ণহে জীৱনটোক নতুন গতি দিয়াৰ ক্ষেত্ৰত ! গতিকে এই পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল ফলাফল দেখুৱাবলৈ প্ৰায় সকলো ছাত্ৰ ছাত্ৰীয়েই বাঞ্ছা কৰে আৰু পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিয়েই বহু শিক্ষাৰ্থীয়ে কলা নে বিজ্ঞান নে বানিজ্য নে আন বেলেগ বিষয় অধ্যয়ন কৰিব তাৰ সিদ্ধান্ত লয় । তদুপৰি নিজৰ পছন্দৰ মহাবিদ্যালয় খনত নামভৰ্তিৰ বাবে যোগ্য হ’ব নে নহয়, সেয়াও নিৰ্ভৰ কৰে এই পৰীক্ষাত দেখুওৱা ফলাফলৰ ওপৰত । চিবিএছইয়ে এই মেট্ৰিক পৰীক্ষা বাতিল কৰি শ্ৰেণীৰ আভ্যন্তৰীণ মূল্যায়নৰ ( internal assessment) প্ৰাপ্ত নম্বৰৰ ভিত্তিত শিক্ষাৰ্থীসকলক নম্বৰ প্ৰদান কৰি উত্তীৰ্ণ কৰোৱাব বুলি ঘোষণা কৰিছে । এই ব্যৱস্থাত কোনো পৰীক্ষাৰ্থীয়ে অনুত্তীৰ্ণ নহ’ব , এশ শতাংশই উত্তীৰ্ণ হ’ব । উদ্বেগ জনক কথাটো হ’ল যিহেতু আভ্যন্তৰীণ মূল্যায়ন স্কুল এখনৰ আভ্যন্তৰীণ বিষয়, গতিকে শিক্ষাৰ্থী গৰাকীৰ নিজৰ স্কুলৰ পৰাই নম্বৰ পঠিওৱা হ’ব, গতিকে ইয়ে তুলনামূলকভাৱে কম মেধা সম্পন্ন পৰীক্ষাৰ্থী এগৰাকীকো অতি মেধাসম্পন্ন পৰীক্ষাৰ্থী এজনৰ সমপৰ্যায়লৈ লৈ যোৱাৰ আশংকা থাকিব । অৰ্থাৎ তুলনামূলকভাৱে অযোগ্য এজনেও যোগ্যজনৰ সমানেই ফল দেখুৱাব পৰাৰ অৱকাশ থাকিব। গতিকে এনেধৰণৰ ফলাফলে ছাত্ৰ বা ছাত্ৰী এগৰাকীক সঠিক মূল্যায়ন কৰিব নোৱাৰিব বুলি ভাব হয় ।
অসমতো মেট্ৰিক পৰীক্ষা হ’ব নে নহয় এতিয়াও সন্দেহৰ আৱৰ্তত । ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা বা নকৰাৰ সিদ্ধান্ত আহিব লগা নতুন চৰকাৰে ল’ব বুলি ঘোষণা কৰিছে । অসম মাধ্যমিক শিক্ষা পৰিষদেও (চেবা) এতিয়ালৈকে কোনো নতুন সিদ্ধান্তৰ বিষয়ে জনোৱা নাই । কিন্তু এটা কথা সঠিক যে চিবিএছইয়ে যি পদ্ধতিৰ সহায়ত ফলাফল ঘোষণা কৰিব , তেনেকুৱা পদ্ধতি আমাৰ অসম মাধ্যমিক শিক্ষা পৰিষদ বা চেবাৰ নাই । দশম শ্ৰেণীত মাত্ৰ তিনিটামান বিষয়ৰহে ১০ নম্বৰৰ আভ্যন্তৰীণ মূল্যায়নৰ ব্যৱস্থা আছে । গতিকে আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা সম্ভৱ নহ’ব চেবাৰ বাবে। এনে পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰাত বাদে গত্যন্তৰ নাই । অসম মাধ্যমিক শিক্ষা পৰিষদে সম্পূৰ্ণ কভিড প্ৰটকল মানি পৰীক্ষা কেন্দ্ৰৰ সংখ্যা বঢ়াই হ’লেও মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰি শিক্ষাৰ্থী সকলক ছাত্ৰ জীৱনৰ প্ৰথম গুৰুত্বপূৰ্ণ পৰীক্ষাটোত অৱতীৰ্ণ হোৱাৰ ব্যৱস্থা কৰিব লাগে, লাগিলে তিনিঘন্টাৰ সলনি মুঠ নম্বৰ কমাই দি এঘন্টা বা দুঘণ্টাৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে । যদি কোনোবা পৰীক্ষাৰ্থী বা পৰীক্ষাৰ্থীৰ পৰিয়ালৰ লোক কভিডত আক্ৰান্ত হয়, তেনেকুৱা পৰীক্ষাৰ্থী সকলৰ ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগে ঠিক কম্পাৰ্টমেন্টেল পৰীক্ষাৰ লেখীয়াকৈ।
যিখন দেশত নিৰ্বাচন আয়োগে বহুকেইটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে, সেইখন দেশত পৰিস্থিতিৰ লগত মোকাবিলা কৰি, উপযুক্ত ব্যৱহাৰ জড়িয়তে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ প্ৰশ্নই নুঠে । নিৰ্বাচনৰ ৰেলীত অংশগ্ৰহণ কৰা লোকৰ সংখ্যা বা ভোট দিয়া মানুহৰ সংখ্যাতকৈ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিশ্চিত ভাবে কম হ’ব, গতিকে পৰীক্ষা অনুষ্ঠিত কৰাত যথেষ্ঠ অসুবিধা নহ’ব কিজানি ! কেবল ইয়াৰ বাবে লাগিব চৰকাৰৰ সদিচ্ছা, শিক্ষাৰ্থী , অভিভাৱক আৰু সৰ্বসাধাৰণ ৰাইজৰ সহায় সহযোগিতা।
ৰাজনীতি অসম আলোচনীখন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ক্লিক কৰক: