কৰ্ণাটকে যদি পাৰে, অসমে কিয় মেট্ৰিক পাতিব নোৱাৰে?

1294
  • ৰাকেশ বৰা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


কৰ্ণাটকত দশম শ্ৰেণীৰ পৰীক্ষা শিক্ষা বিভাগে অনুষ্ঠিত কৰিব আৰু সেইমৰ্মে পৰীক্ষা সুঁচী ঘোষণা কৰিছে । অসমৰ শিক্ষা বিভাগে ৫০ বছৰৰ উৰ্ধৰ ছাত্ৰ নেতাৰ লগত আলোচনা বিলোচনা কৰি পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে । জুলাইৰ পৰা সকলো চৰকাৰী কাৰ্য্যালয় খুলিব য’ত প্ৰতিজন কৰ্মচাৰীৰ উপস্থিতি ১০০% হ’ব । কেন্দ্ৰীয় চৰকাৰৰ অধীন বেংক, এলআইচিৰ অফিচ বিলাক সম্পুৰ্ণ কৰ্মচাৰীৰে আৰম্ভ হৈছে যোৱা ২৮ তাৰিখৰ পৰা । ইয়াৰ মাজতে বজাৰ সমাৰত হাজাৰ হাজৰ মানুহ ল’গ হৈছে , ভেকচিন ল’ব গৈ শ মানুহে লাইনত একেলগে থিয় হৈছে । বজাৰত , অফিচত যোৱা মানুহ বিলাকৰ মাজতে মেট্ৰিক পৰীক্ষাৰ্থী সকলৰ অভিভাবক সমুহ আছে । বজাৰত যোৱা মাক দেউতাকৰ পৰা কৰ’না নাহে , কিন্তু পৰীক্ষা দিবলৈ গ’লেহে কৰ’না আহিব । হয়টো সেইবাবেই পৰীক্ষা পাতিব পৰা নাযায় । কৰ্ণাটকত তিনিটা বিষয়ৰ তিনিখন পেপাৰ হ’ব আৰু প্ৰশ্ন বিলাক অৱজেক্টিভ হ’ব । অসমৰ শিক্ষা বিভাগে  এখন পেপাৰত গোটেই কেইটা বিষয় অন্তৰ্ভুক্ত কৰি প্ৰতিটো বিষয়ত ১৫-২০ নম্বৰ কৈ ৰাখি কিয় পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে ? পৰীক্ষাৰ কেন্দ্ৰ পুৰ্বৰ তুলনাত দুগুণ , তিনিগুণ কৰিব পাৰে , লগতে পৰীক্ষাও তিনিটা ভাগত পাতিব পাৰে । ৰাতিপুৱা ৯ বজাত এটা . ১২ বজাত এটা আৰু ৩ বজাত এটা শ্লট হিচাপত পৰীক্ষা পাতিলে মানুহৰ ভিৰো কম হ’ব আাৰু ছাত্ৰ-ছাত্ৰীখিনিও সুৰক্ষিত থাকিব । প্ৰশ্ন আহি পৰীক্ষাৰ চেন্টাৰ বৃদ্ধি কৰিলে পৰীক্ষাৰ ডিউটি দিবলৈ শিক্ষক ক’ত পাব ? প্ৰাথমিক বিদ্যালয়ৰ পৰা হাইস্কুললৈ যিমান বিলাক শিক্ষক আছে সকলোকে নিয়োগ কৰা হওক । নিৰ্বাচনত যদি সকলোৱে দায়িত্ব ল’ব পাৰে তেন্তে ভৱিষ্যত প্ৰজন্মৰ উত্তৰাধিকাৰী ছাত্ৰ-ছাত্ৰীৰ খিনিৰ কাৰণে সমাজ খন কিয় একত্ৰিত নহ’ব ? বল এতিয়াও চৰকাৰৰ কোৰ্টত আছে ।
দিন হাজিৰা কৰি দুবেলা দুমুঠি ভালদৰে খাব নোপোৱা মানুহেও নিজৰ সন্তানক উন্নত শিক্ষা দিয়াৰ চেষ্টা কৰা পৰিলক্ষিত হয়। সময়ৰ লগে লগে অভিভাৱক সকলৰ মাজত সচেতনতা বৃদ্ধি লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত  প্ৰতিযোগিতামূলক মনোভাৱৰ বাবেও আগতকৈ উত্তীৰ্ণৰ হাৰ বৃদ্ধি হৈছে ।মেট্ৰিক পৰীক্ষাত ছেবাত অলপ ভাল ৰিজাল্ট কৰিলেই কিছুমান অভিভাৱকে অতিমাত্ৰা হৈ চৈ আৰম্ভ কৰে।অতিমাত্ৰা প্ৰচাৰ কৰি ল’ৰাটো বা ছোৱালীজনীৰ মনত এটা অহং ভাৱৰ জন্ম দিয়ে।আনন্দৰাম বৰুৱা বঁটা পালে আনন্দৰাম বৰুৱানো কোন আছিল সেইয়া ভালকৈ বুজাই দিব লাগে।বৰকৈ ওপৰলৈ উঠাই দিলে পিচৰ জীৱনত সি পঢ়া-শুনা অলপ টান পালেই আগৰ ৰিজাল্টৰ সমকক্ষ ৰিজাল্ট কৰিব নোৱাৰিব বুলি নানা ধৰণৰ অহিতকৰ কাম কৰিব পাৰে।যেনে-ঘৰৰ পৰা পলাই যোৱা, ৰাগীয়াল বস্তু সেৱন কৰা,পৰীক্ষাৰ সময়ত বেমাৰৰ ভাও ধৰা ইত্যাদি।বছৰি বহুতে ষ্টেণ্ড কৰি আছে।তেওঁলোকৰ বেচিভাগেই সোঁতত হেৰাই গৈছে ।
তথা কথিত মেট্ৰিক পৰীক্ষা যিটো দশম শ্ৰেণীৰ পৰীক্ষা বুলি বহুতে পাহৰি যায়, এই পৰীক্ষাটোৰ গুৰুত্ব ইমান বেছি নে ?মেট্ৰিক দিয়া বছৰত ভৰি দিয়া লগে লগেই ছাত্ৰ ছাত্ৰীৰ হাৱা (!)লাগি যায় বুলি কোৱা হয় , ই ইমানেই গুৰুত্বপূৰ্ণ নে যে এইটো পৰীক্ষা পাছ কৰাৰ পাছত হে এজন ছাত্ৰই কিবা এটা কাম কৰিব পৰাকৈ প্ৰাপ্তবয়স্ক হয় ।    যেতিয়া ডিগ্ৰী বা পিছলৈ পঢ়িবলৈ নামভৰ্তি কৰিবলৈ যোৱা হয়, তেতিয়া তথাকথিত এই মেট্ৰিকৰ ৰিজাল্ট কোনেও নুশুধে । সকলোৱে জানে এই দুটা কথা, কিন্তু  ঘৰ,  বিদ্যালয়ত শুনে মেট্ৰিক ভাল হ’ব লাগিব, টিউচনত শুনে এইটো বছৰ  ৰিজাল্ট ভাল হব লাগিব, দশম শেণী পোৱা লগে লগে বিদ্যাৰ্থী জনে পাহৰি যায়, তেওঁ যে এতিয়া দশম শ্ৰেণীত হে । আৰু নিজে ডাঙৰ হ’লো বুলি ভাবি বেয়া কাম বোৰত লিপ্ত হ’বলৈ বেছি সময় নালাগে । মনলৈ যেতিয়া মই বৰ ভাব টো আহে, তেতিয়া ভয় টো নিজে নিজে কমি আহে, আৰু এই কথাটোৱেই তেওঁলোকক কিবা এটা বেয়া কাম কৰিবলৈ সহজে উৎসাহ যোগায় ।
মেট্ৰিকৰ লগত ছাত্ৰ-ছাত্ৰী, পৰিয়াল , শিক্ষক , সমাজ সকলোৰে আবেগ জড়িত হৈ আছে । সেয়ে চৰকাৰে শিক্ষক আৰু অভিভাবকৰ লগত কথা পাতক । ৬৫ বছৰীয়া পৌঢ় ব্যক্তিয়ে নেতৃত্ব লোৱা তথাকথিত ছাত্ৰ সংগঠনৰ লগত আলোচনা কৰিলেই দায়িত্ব শেষ নহয় ।