মোডীয়ে একো এটা কৰিব পৰা নাই, হিমন্ত বিশ্বই কেন্দ্ৰলৈ গৈ অসমৰ কি উন্নতি কৰিব? তৰুণ গগৈ

39197
অসমৰ প্ৰথম মাহেকীয়া ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী  তৰুণ গগৈ …..

সাক্ষাৎকাৰ গ্ৰহণ কৰে দেবজিত দত্তই

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসমঃ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ক সময় দিয়া বাবে আপোনাক ধন্যবাদ জনালো ।
তৰুণ গগৈঃ আপোনালোককো ধন্যবাদ ।
ৰাজনীতি অসমঃ আপুনি একেলেথাৰিয়ে অসমৰ তিনিবাৰকৈ মুখ্যমন্ত্রী হৈছিল । আপুনি অসমৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে থকা মুখ্যমন্ত্রী লগতে জনপ্ৰিয় মুখ্যমন্ত্রী । আপোনাৰ ১৫ বছৰীয়া কালচোৱাৰ প্ৰথম দহ বছৰ অসমৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ সময় বুলি কলেও বঢ়াই কোৱা নহব।কিন্তু শেষৰ ৫ বছৰ চৰকাৰখন সফল নহল। তাৰ কাৰণ কি ?
তৰুণ গগৈঃ বিসম্বাদ বাঢ়ি যোৱাটোৱে ইয়াৰ কাৰণ । বিসম্বাদ যেতিয়া দলৰ ভিতৰত বাঢ়ি যায় তেতিয়া Team spirit টো কমি যায়। যিকোনো কাম যেনে খেল , ৰাজনীতি যিয়েই নহওঁক Team spirit  লাগিবই । সেইটোত ঘূনে ধৰিলে শক্তি অলপ কমি যোৱাতো স্বাভাবিক । তেনেকুৱা এটা সময়ত Bureaucracy য়েও  অলপ সুবিধা লব বিছাৰে । তেওঁলোকে চিন্তা কৰে তেওঁলোক কাৰ লগত থাকিব ? তেওঁলোকক মই দোষ নিদিওঁ কাৰণ তেওঁলোকে যাৰ চৰকাৰ হব বা ভবিষ্যতৰ মুখ্যমন্ত্রীৰ লগত থাকিব বিছাৰে । সেই কাৰণে সেই সময়ত কামৰ কিছু অসুবিধা নোহোৱাতো নহয় ।  সেয়ে মই বিষম্বাদটোকে মূল কাৰণ বুলি ভাবো ।
ৰাজনীতি অসমঃ বিগত দুটা বছৰত নতুন চৰকাৰ খনে আগৰ চৰকাৰৰ দিনত আৰম্ভ হোৱা কাম কিছুমানৰ কৃতিত্ব লোৱা বুলি আপুনি ভাবে নেকি?
তৰুণ গগৈঃ বিজেপি কৃতিত্ব লোৱাত পাকৈত কিন্ত্ত চাব লাগিব কাম কাৰ দিনত আৰম্ভ হৈছিল বা কাৰ দিনত বেছি কাম হৈছিল । এতিয়া আনকি মহাত্মা গান্ধীকো তেওঁলোকে হাইজেক কৰে যি মহাত্মা গান্ধীৰ লগত তেওঁলোকৰ আদৰ্শ তেল আৰু পানীৰ নিচিনা । মহাত্মা গান্ধীয়ে সকলো ধৰ্মৰ মানুহক সমান চকুৰে চাবলৈ আৰু সন্মান দিবলৈ কৈছিল । মহাত্মা গান্ধীয়ে গাইছিল ঈশ্বৰ- আল্লা তেৰে নাম সবাকো সন্মতি দে ভগবান । এওঁলোকৰ হিন্দুত্বৰ নীতি অাৰু মহাত্মা গান্ধীৰ ধৰ্ম-নিৰপেক্ষতাৰ নীতিৰ মাজত ক’ত তুলনা হয়? চৰ্দাৰ পেটেলৰ দৰে নেতা যিয়ে মহাত্মা গান্ধীৰ হত্যাৰ পিছত আৰ এছ এছক ban কৰিছিল , সেই চৰ্দাৰ পেটেলকো এওঁলোকে হাইজেক কৰিব খুজিছে ।  সেইহে মই কওঁ যে এই আচনি বোৰ আমি আৰম্ভ কৰাই নহয় ৮০% কাম আমি কৰিছো । ঘৰতো আমি কৰিলো, তেওঁলোকে হয়তো টিংখিনি দি  বাঃ বাঃ লৈছে। কিন্ত্ত আজিৰ মানুহ ইমান মূৰ্খ নহয় । এখন দলং কৰিবলৈ কিমান দিন লাগে এইটো সকলোৱে জানে । এতিয়া বগীবিলৰ কথাও কয়। বগীবিল কাৰ আচনি আছিল ? এতিয়া বাজপেয়ী ডাঙৰীয়াৰ নাম দিব বিচাৰে যদিও এইটো বাজপেয়ীৰ দিনৰ নহয় । বগীবিল আমাৰ আচনি , দেবগৌড়াৰ ঘোষনাৰ আগতে ই আৰম্ভ হৈছে । প্ৰফুল্ল মহন্তৰ দিনতো ই হোৱা নাই,  মই বাজপেয়ীক কোৱাৰ পিছতহে কাম আৰম্ভ হ’ল। কিমান টকা দিছে সেইটো উলিয়াই দিলে হ’ল । বহুখিনি আমি কৰিলো এওঁলোকে শেষৰ খিনি কৰিছে । থিক একে হৈছে শৰাইঘাতৰ দলংখনৰ লগতো । বিজেপিৰ মতে ৭০ বছৰ একোৱেই কৰা নাই । ৭০ বছৰে যদি একো কৰা নাই বাজপেয়ীও একো কৰা নাই । অসমতে আমাৰ দিনত যিমান কাম হৈছে তাৰ তুলনাত এওঁলোকে দুবছৰত কি কৰিছে ? ৰাস্তাৰ অবস্হা বেয়া, হস্পিতালৰ অবস্হা বেয়ালৈ গৈছে, শিক্ষানুস্হানৰ অবস্হা বেয়ালৈ গৈছে । তেওঁলোকে ছয় জাতিৰ জনজাতীকৰণৰ আশ্বাস  দিছিল,  বাংলাদেশী খেদিব বুলি কৈছিল । এতিয়াতো তেওঁলোকে বাংলাদেশীক ৰঙা দলিচাহে পাৰি দিছে citizen amendment bill  আনি । এওঁলোক কথা চহকী চৰকাৰ , কামৰ নহয় ।
ৰাজনীতি অসমঃ ৰাজনীতি অসমে কৰা সমীক্ষা মতে আপুনি এতিয়াও অসম কংগ্ৰেছৰ আটাইতকৈ জনপ্ৰিয় নেতা। গতিকে ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ কথা চিন্তা কৰি দলে যদি আপোনাক সভাপতিৰ দায়িত্ব দিয়াৰ কথা কয় , আপুনি এই দায়িত্ব স্বীকাৰ কৰিবনে ?
তৰুণ গগৈঃ মই সভাপতিৰ দায়িত্ব লোৱাত ইমান আগ্ৰহী নহয় । এইতো নহয় যে মই কোনো দায়িত্ব  লব খোজা নাই , কিন্ত্ত বয়সৰো এটা কথা আছে । অসমৰ চুকে কোণে যদি আমি যাবই নোৱাৰো, কৰ্মকৰ্তা সকলৰ লগত সংগঠনয়েই কৰিব নোৱাৰো , তেতিয়া হলে মই ভাবো মোক দিয়া দায়িত্বতো মই সঠিক ভাবে পালন কৰিব পৰা নাই । সেইখিনি কৰিবৰ বাবে যিমান শক্তি লাগে সেইখিনি মোৰ আছে বুলি মই নাভাবো ।
ৰাজনীতি অসমঃ অসম কংগ্ৰেছৰ সভাপতিৰ বাবে কাৰোবাৰ নাম   প্ৰক্ষেপ কৰিব নেকি ?
তৰুণ গগৈঃ Recommend  নকৰো । এয়া এক গণতন্ত্ৰিক পদ্ধতি । সকলোৰে লগত আলোচনা কৰি এই বিষয়ত সিদ্ধান্ত লব লাগে । মই জনা মতে AICC এ কাকো প্ৰজেক্ট নকৰে ।  কিন্ত্ত এনেকুৱা নহয় যে একপক্ষীয় সিদ্ধান্ত লয়, সকলোৰে লগত আলোচনা কৰিহে সিদ্ধান্ত লয় ।
ৰাজনীতি অসমঃ ৰাজনীতি অসমৰ আন এটা অ’পিনিয়ন প’ল মতে গৌৰৱ গগৈ অসমৰ সকলোতকৈ জনপ্ৰিয় সাংসদ । দলে যদি তেখেতক আৰু অধিক দায়িত্ব দিব বিচাৰে, তেন্তে তেখেত তাৰ বাবে প্ৰস্ত্তত বুলি ভাবেনে?
তৰুণ গগৈঃ তেওঁক অভিজ্ঞতা অাৰু অলপ লাগিব ।  কেন্দ্ৰত কিছুদিন থকা ভাল বুলি মই
ভাবো । কেন্দ্ৰৰ অভিজ্ঞতা নাথাকিলে ভাৰতবৰ্ষৰ নিচিনা এখন জটিল দেশক বুজাটোও টান । অসমৰ নিচিনা ৰাজ্যখনক বুজিবলৈও অলপ সময় লাগিব । ভবিষ্যতৰ কথা মই নকও কিন্ত্ত আজিৰ দিনত তেওঁ যিমান অভিজ্ঞতা লাভ কৰে সেইটোৱে long runত তেওঁক সহায় কৰিব । সেইটো তেওঁৰ কাৰণেও ভাল, ৰাজ্যখনৰ বাবেও ভাল  ।
ৰাজনীতি অসমঃ এই সময়ত দেবব্ৰত শইকীয়া , গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বী বুলি ভাব হয় নেকি?
তৰুণ গগৈঃ নহয় । ৰাজনীতিত কিহৰ প্ৰতিদ্বন্দ্বী আছে ? যেতিয়া সময় আহিব কোনে ৰাখিব পাৰে ? এইবোৰ মিছা মিছিহে কৈ থাকে । মইনো ক’ত বিচাৰিছিলো ? এইবোৰ চুটি বুদ্ধি বুলি মই কওঁ । আমাৰ দিনতো এইবিলাক তুলনা হৈছিল । যাৰ ভাগ্য আছে, গুণ আছে সময়ত সি হবই । তাক কোনে বাধা দি ৰাখিব পাৰিব  ।
ৰাজনীতি অসমঃ ক্ষমতাত থকা দল এটাত বিসম্বাদ প্ৰায়ে দেখা যায়। কিন্ত্ত কংগ্ৰেছ দল আজি ক্ষমতাত নাই তথাপিও কংগ্ৰেছ দল কেইবাটাও ভাগত বিভক্ত। তাৰ কাৰণে আপুনি চিন্তিত নহয়নে?
তৰুণ গগৈঃ সেইটো বিৰোধী দলৰো থাকে। মানুহে দেখিছে যে কংগ্ৰেছ দল ক্ষমতা পাও পাও হৈছে সেই কাৰণে ইয়াত বেছিকৈ হৈছে । যিবিলাক দলত আশাই নাই (যেনে চিপিআই) তাত বিসম্বাদ নাই । চিপিএম তো নাই । এতিয়া এজিপিতো অবশ্যে অলপ হৈছে ।  যেতিয়া আশাতো বেছি হয় তেতিয়া groupism অলপ হয় । এইটোলৈ আমি মূৰ ঘূৰাব নালাগে বুলি মই ভাবো । এইটো আজিৰ নহয় , আগেও আছিল । চলিহা আৰু বিঞ্চু মেধিৰ দিনতো এইবিলাক আছিল ।
ৰাজনীতি অসমঃ বিসম্বাদ ৰোধ কৰাত কেন্দ্ৰীয় নেতৃত্ব বিফল হৈছে নেকি?
তৰুণ গগৈঃ নাই হোৱা । এইবিলাক নেহেৰু, ইণ্ডিৰা গান্ধী বা ৰাজীব গান্ধীৰ দিনতো আছিল। এইবিলাক অকল ৰাহুল গান্ধীৰ দিনত যে সৃষ্টি হৈছে তেনে নহয় । অলপ বিসম্বাদ থকাতো ভাল লক্ষন । ইয়ে দলৰ জনপ্ৰিয়তাৰ উমান দিয়ে ।  সেইকাৰণে কৈছো ৰাজনৈতিক দলত অলপ চলপ বিসম্বাদ থাকিবই । বিজেপিতো আছে । আৰ এছ এছে বিসম্বাদ নিয়ন্ত্ৰণ কৰিব পাৰিছে নেকি?   মুৰুলী মোনোহৰ যোশী,যচোবন্ত সিং  আদৱানী,  আদি নেতা সকলৰ মন্তব্যবোৰে জানো বিসম্বাদকে নুসুচায় …
ৰাজনীতি অসমঃ আমাৰ আন এটা অ’পিনিয়ন প’ল মতে ৰিপুন বৰাৰ জনপ্ৰিয়তা খুব কম। তেনে ক্ষেত্রত তেখেতে কেনেকৈ দলতো অাগুৱাই নিব পাৰিব?
তৰুণ গগৈঃ মইতো নাজানো । আমাৰ ৰিপোৰ্টত সেইটো নাই , ৰিপুন বৰাৰ জনপ্ৰিয়তা প্ৰমাণ কৰিব ভবিষ্যতে অসমত হ’ব লগা নিৰ্বাচন বোৰে । পঞ্চায়ত বা লোকসভাৰ নিৰ্বাচনত কি হয় তাৰ  ওপৰত নিৰ্ভৰ কৰিহে এই বিষয়ত ফলাফল দিব পৰা যাব ।
ৰাজনীতি অসমঃ ৰিপুন বৰাই এতিয়ালৈকে দলতো যেনেকে চলাই আছে তাৰ ওপৰত ভিত্তি কৰি তেখেতক আপুনি সফল বুলি ভাবেনে ?
তৰুণ গগৈঃ কামতো চলি আছে । অকল এজনে নোৱাৰে নহয় । মইতো নকও আমাৰ দিনত অকল ময়ে কৰিছিলো । হয় এজনে নেতৃত্ব দিব লাগে কিন্ত্ত সকলো কাম এজনে নোৱাৰে । কেন্দ্ৰতো অকল ৰাহুল গান্ধীয়ে পাৰিব নেকি ?  তেওঁ নেতৃত্ব দিব লাগিব, inspiration যোগাব লাগিব । অসমতো যদি আমি কোনোৱে কাম নকৰো অকল ৰাহুল গান্ধীৰ সবল নেতৃত্বৰে হ’ব নেকি ? সবল নেতৃত্ব হ’ল মানুহক inspire কৰিব পৰাতো বা যাৰ ওপৰত মানুহৰ আস্হা  থাকে।
ৰাজনীতি অসমঃ বৰ্তমানৰ সোনোৱাল চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে শুন্য সহনশীলতাৰ কথা কৈ থাকে। দুৰ্নীতি ৰোধ কৰাত তেওঁলোক কিমান সফল হোৱা বুলি ভাবে?
তৰুণ গগৈঃ তেওঁলোক যদি সফলেই হৈছে বস্ত্ত বাহানীৰ দাম কিয় বাঢ়িছে? তেওঁলোকৰ বিধায়ক সকলৰ বিৰুদ্ধে চিণ্ডিকেটৰ অভিযোগ কিয় উঠিছে? আমাৰ ১৫ বছৰত কোনো এজন বিধায়কৰ বিৰুদ্ধে demonstration  হোৱা নাছিল। তেওঁলোকৰ বিধায়ক ফুকন আৰু ভাস্কৰৰ নামত  demonstration  চলিছে । চিণ্ডিকেট চলোৱাৰ অভিযোগত demonstration  হোৱাতো কিমান ডাঙৰ কথা। মুখ্যমন্ত্রীয়ে জিৰো টলাৰেন্স বুলি কৈ থকাৰ পিছতো তেওঁলোকৰ মন্ত্রী বিধায়কৰ বিৰুদ্ধে অভিযোগ উঠিছে। হিমন্ত বিশ্ব আমাৰ দিনত মন্ত্রী হৈ থাকোতে তেওঁৰ বিৰুদ্ধে বিজেপিৰ সকলোতকৈ বেছি অভিযোগ আছিল। আমাৰ তাত চোৰ ডকাইট আৰু তেওঁলোকৰ তাত গ’লে  ঋষি-মুনি হৈ যায় 
ৰাজনীতি অসমঃ এপিএছচিৰ সংস্কাৰৰ ক্ষেত্রত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলি আপুনি নাভাবেনে?
তৰুণ গগৈঃ কৰিছে হয় কিন্ত্ত ২০১৬ চনতো নধৰে কিয়? আচল ঘটনাতো ২০১৬ চনৰ পৰাহে ওঁলাইছে। ২০১৬ চনত যাৰ পৰা টকা  লৈছিল সেই ছোৱালীজনী কোন চনত পৰীক্ষা দিয়া ? আজি দুৰ্নীতিৰ অভিযোগত কেবল lower  লেভেলৰ মানুহক ধৰি আছে। দুবছৰৰ পিছততো দুৰ্নীতি বন্ধ হৈ যাব লাগিছিল কিন্ত্ত  আজিও হৈ আছে। সকলোতে দেখিছো কেবল lower leverৰ মানুহক ধৰিছে, higher level ৰ ধৰা নাই। দুৰ্নীতি কি অকল  lower level ত হৈছে নেকি? IAS  ক’ত ধৰিছে? local officer অাৰু সৰু সৰু  officer  বোৰ ধৰি আছে খালি। কেবল পুঠি মাছ ধৰি আছে ৰৌ বৰালিতো ধৰিব পৰা নাই। নধৰে কিয়?
ৰাজনীতি অসমঃ কেইদিনমান আগতে অসমীয়া সাপ্তাহিক বাতৰি কাকত এখনত প্ৰকাশ পাইছিল যে আৰক্ষী বিষয়া মুকুল শইকীয়াই গৃহ বিভাগক ৰাকেশ পালৰ বিৰুদ্ধে প্ৰতিবেদন দিছিল। কিন্ত্ত আপোনাৰ চৰকাৰে তাৰ ওঁপৰত গুৰুত্ব নিদিলে। কথাটো সচা নেকি?
তৰুণ গগৈঃ মিছা কথা। মোৰ ওঁচৰলৈ অহা নাই। প্ৰতিবেদন দিবলৈ তেওঁ কোন? DG য়ে দিব লাগিছিল। মোলৈ কাগজখন কাৰ পৰা আহিব? তেওঁৰ পৰাতো নাহে, DG ৰ পৰাহে আহিব। অাৰু এটা কথা.. দুৰ্নীতিৰ বিৰুদ্ধে শুন্য সহনশীলতা থকা চৰকাৰখনে তেওঁক কিয় গুছালে? মই তেওঁক সৎ বিষয়া  নহয় বুলি কোৱা নাই কিন্ত্ত ইমানেই যদি সৎ তেন্তে এই চৰকাৰখনে তেওঁক কিয় গুছালে? আমি তেতিয়া অনুসন্ধান নকৰাও নহয়। সুভাষ চন্দ্ৰ বৰাই অনুসন্ধানো কৰিছিল। আমি ৰাকেশ পালৰ বিৰুদ্ধে CBI লৈকে গৈছিলো কিন্ত্ত supreme court ৰ পৰা তেওঁ stay  কৰাই ললে। ইয়াৰ কাৰণ তেওঁৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণ নাই। এইবাৰ সুবিধা হল কাৰণ প্ৰত্যক্ষ প্ৰমাণ পাই গ’ল ছোৱালী জনীৰ জৰিয়তে। আমাৰ দিনতো কেছ হৈছিল যদিও প্ৰমাণ নাছিল।
ৰাজনীতি অসমঃ বহুতে কব খোজে আপোনাৰ চৰকাৰখন দুৰ্নীতি ৰোধৰ ক্ষেত্রত উদাসীন অাছিল। কথাটো হয় নেকি?
তৰুণ গগৈঃ উদাসীন কেনেকৈ হ’ব? সকলো অভিযোগৰ ভিত্তিতহে হয়।কোনোবাই অভিযোগ কৰাৰ পিছত যদি আমি কাম নাই কৰা তেতিয়া কথাটো বেলেগ। মই যদি উদাসীন  আছিলো লোকায়ুক্ত বা ভিজিলেন্সক কেছ নিদিলে কিয়?  লোকায়ুক্তটো ন্যায়াধীষ এজনে কৰে। তেওঁৰ তাত  কেলেই ন’গল? তেওঁৰ তালৈ যাব লাগিছিল। কোনোৱেতো যোৱা নাই। এইবিলিকাত যোৱাৰ পিছতো যদি কয় মই বাধা দিছো তেতিয়াহে মই responsible.
ৰাজনীতি অসমঃ এই চৰকাৰখনে বিভিন্ন ধৰণৰ আচনিৰ কথা ঘোষণা কৰি আছে যেনে বিভিন্ন জিলাত কেঞ্চাৰ হস্পিটাল, প্ৰত্যেক গাওঁত ট্ৰেক্টৰ, সকলো কাঠৰ দলং পকীকৰণ ইত্যাদি। এইবোৰ কামৰ বাবে চৰকাৰক কৃতিত্ব দিবনে?
তৰুণ গগৈঃ আজি দুবছৰে কি কৰিলে? কৰিব বুলিহে কৈছে মোক কৰি দেখুৱাক। প্ৰতিশ্ৰুতি ঢেৰ দিলে । কেঞ্চাৰ হস্পিটালৰ কিছু কিছু হয়তো হব পাৰে কাৰণ এইটো টাটাই কৰিব। এইটো চৰকাৰৰ ফালৰ পৰাতো নহয় , তেওঁলোকে credit কিয় পাব? GMC ৰ  টাটখনত ডাক্তৰ নাই। যেনিবা টাটাই টকাই দিলে ডাক্তৰ নাথাকিলে কেনেকৈ কাম হ’ব? মডেল হস্পিটাল বোৰতো ডাক্তৰ দিব পৰা নাই, ঔষধো নাই । এওঁলোকে আচনিৰ কথা কৈ থাকে কিন্ত্ত আমি চাব লাগিব মানুহৰ আগতকৈ সুবিধা হৈছে নে নাই। আমি উন্নয়ন এটা লেভেললৈ কৰি  গ’লো। এই দুবছৰত বেছিহে উন্নয়ন হ’ব লাগিছিল । মইতো পিছলৈ যোৱাহে দেখিছো। আগুৱাই যোৱাতো মই দেখা নাই।
ৰাজনীতি অসমঃ এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ কথা কৈ থকা হৈছে । সেইখনক লৈ আমি আপোনাৰ দলৰ মাজতো দ্বিমত এটা দেখা পাইছো বৰাকত এটা মত দিছে, ব্যক্তিগত ভাৱে, দলীয় ভাৱে নহয় । ইয়াতে অাপুনি অাৰু ৰিপুন বৰা ডাঙৰীয়াই সেইখনৰ বিৰোধিতা কৰিছে । এনেক্ষেত্ৰত যদি বিলখন সংসদত উত্থাপন হয় তেতিয়া কেন্দ্ৰীয় নেতৃত্বই কি কৰিব ?
তৰুণ গগৈঃ মই বিৰোধিতা কৰিছো আৰু মই ভাৱো কেন্দ্ৰীয় নেতৃত্বই বিৰোধীতা কৰিব ।
ৰাজনীতি অসমঃ ২০১৯ চনৰ নিৰ্বাচন আহি আছে । ৰাজনীতি অসমৰ ফালৰ পৰা জুলাই এটা অ’পিনিয়ন প’ল কৰা হৈছিল আৰু তাত ইণ্ডিয়া টুডে আৰু আমাৰ যি অ’পিনিয়ন প’ল দুয়োটাতে প্ৰায় এনে এটা অ’পিনিয়ন দিছে যে নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ তুলনাত ৰাহুল গান্ধীৰ জনপ্ৰিয়তা বহু কম । এই ক্ষেত্ৰত কংগ্ৰেছ অকনমান বিপদত পৰিব পাৰে নেকি ?
তৰুণ গগৈঃ কেনেকৈ পৰিব ? এতিয়াটো সকলোতে আমাৰ কংগ্ৰেছৰ উত্থানহে দেখুৱাইছে । যদি ইউ.পি.এৰ উত্থান হৈছে, ৰাহুল গান্ধী কেনেকৈ কমিলে ? এন.ডি.এ অাৰু আমাৰ আসনৰ পাৰ্থক্য অলপহে দেখুৱাইছে । যিবিলাকে চাৰ্ভে দেখুৱাইছে তাত এফালে কৈছে ইউ.পি.এ বেছি আসন পাব, আনফালে কৈছে ৰাহুল গান্ধীৰ জনপ্ৰিয়তা কমি গৈছে । এইটো টো Full of contradiction.
ৰাজনীতি অসমঃ ২০১৯ চনৰ নিৰ্বাচনত আসন কিমান মান পাম বুলি ভাৱে অসম তথা গোটেই ভাৰতবৰ্ষত ?
তৰুণ গগৈঃ অসমতটো আমি আগতকৈ বেছি পাম বুলি ধৰি লৈছো । আমাৰ লাহে লাহে improve হৈ গৈ আছে । গোটেই ভাৰতবৰ্ষতে দেখুৱাই আছে  আমি লাহে লাহে ওপৰলৈ আগুৱাই গৈ আছো। এতিয়া তেওঁলোক অাৰু আমাৰ মাজত আসনৰ অলপ পাৰ্থক্য । সকলোতে এতিয়া আমাৰ উত্থান দেখুৱাই আছে । তাৰ কৃতিত্বটো ক’ত যাব ? ৰাহুল গান্ধিলৈ নগৈ কলৈ যাৱ ? ৰাহুল গান্ধীৰ নেতৃত্বত আজি দুয়োটা পাৰ্টী ওচৰ পালেগৈ । সেইবোৰ আমাৰ চাৰ্ভে নহয় । সেইবোৰ আন আন চেনেলবোৰে কৰা চাৰ্ভে । ৰাহুল গান্ধী আজি পাৱাৰতো নাই, সেইবোৰ মেনুপুলেটো কৰিব নোবাৰে । মেনুপুলেট কৰাৰ কেপাচিতি কেৱল মোডী ডাঙৰীয়াৰহে আছে ।
ৰাজনীতি অসমঃ মহাজোঁটৰ কথা কৈ আছে কংগ্ৰেছে । বিজেপিৰ বিপক্ষে অকলে যুজ দিয়াত কিবা শংকা আছে নেকি ? নে অকলে নোৱাৰিব কংগ্ৰেছে ?
তৰুণ গগৈঃ আজিকালি সকলোতে অলপ নহয় অলপ মিত্ৰতা আছেই । আমিও বিচাৰো ঠায়ে ঠায়ে মিত্ৰতা  । মহাজোঁট অবিহনেই ইউ.পি.এ.ক এন.ডি.এ.ৰ ওচৰ দেখুৱাইছে  আৰূ কেইমাহ মান আছেই । এতিয়া যিটো সমীক্ষা দেখাই আছে এইটোৱে ইউ.পি.য়েক অকলে জিকাৰ সম্ভৱনা দেখাইছে ।
ৰাজনীতি অসমঃ এন.আৰ.চি.ক লৈ গৃহযুদ্ধৰ কথা কৈছিল মমতা বেনাৰ্জীয়ে । তেখেতৰ সৈতে  মিত্ৰতা কিবা ভাৱিছে নেকি ?
তৰুণ গগৈঃ মিত্ৰতাৰ কথা মই নাজানো । সেইটো দিল্লীয়ে জানে । কিন্তু মমতাৰ লগত আমাৰ পাৰ্থক্য আছে ।  মমতাই হয়তো NRC নিবিচাৰে বেলেগ কথা, আমি বিচাৰো । অসমৰ ৰাজনীতি অাৰু বেংগলৰ ৰাজনীতি একে নহয় ।  তাৰ কাৰণে আমি মত প্ৰকাশ কৰিম ।  তেওঁৰ স্বাৰ্থ বেলেগ হ’ব আৰু আমাৰ স্বাৰ্থ বেলেগ হ’ব । এক হলে ভাল । এক নহলেও আমি  ৰিজোনেল অনুভুতিটো আগতেও বাদ দিয়া নাই আৰু এতিয়াও বাদ নিদিও ।
ৰাজনীতি অসমঃ আমি দেখিছো বিজেপি চোচিয়েল মিডিয়াত যথেষ্ট এক্টিভ হৈ পৰিছে আৰু প্ৰচাৰৰ সুবিধা হৈছে । এই ক্ষেত্ৰত কংগ্ৰেছ কিদৰে আগবাঢ়িছে ?
তৰুণ গগৈঃ এইটো ঠিক যে মোডি ডাঙৰীয়া প্লাব্লিচিতিতে হওক, চোচিয়েল মিডিয়া হওক, মাৰ্কেটিংত হওক, চেলচত হওক আমাতকৈ বহু  এক্সপাৰ্ত । চেলচমেনটো বেছি কেতিয়া দৰকাৰ হয় ? যেতিয়া বস্তুটো বেয়া হৈ থাকে । মোৰ বস্তু ভাল, এইটো কিনক । ভাল বস্তু মানুহে এনেয়ে কিনে ।  সেই কাৰণে তেওঁলোকে মাৰ্কেটিং, চোচিয়েল মিডিয়াত বেছি যোৰ দিছে  ।  তেওঁলোকে  আমাতকৈ আগত আছে হয়, কিন্তু আমিও সমানে আগুৱাই যোৱাতো দৰকাৰ আজিৰ যুগত ।
ৰাজনীতি অসমঃ আপুনি অসমৰ একমাত্ৰ এনে এজন ৰাজনৈতিক নেতা যিজনে এসময়ত কৈছিল “হু ইজ বদৰুদ্দিন আজমল ?”  গতিকে আপোনাৰ সেই স্থিতি আজিও আছেনে ?
তৰুণ গগৈঃ   ইয়াত বদৰুদ্দিন বুলি কথা নাই । বদৰুদ্দিন আজমল মোৰ কাৰণে ব্যক্তিগত শত্ৰু নহয় । মই বিৰোধ কৰিছো তেওঁৰ সাম্প্ৰদায়িক নীতিটোক । দিল্লীয়ে মোক বহুবাৰ তেওঁৰ লগত মিত্ৰতা কৰিবলৈ 
কৈছিল , কিন্তু মই কৰা নাই আৰু নকৰো ।
ৰাজনীতি অসমঃ  তেখেতসকলৰ লগত মিত্ৰতাৰ আপুনি কোনো পোষকতা নকৰে নেকি ?
তৰুণ গগৈঃ নাই মই নকৰো ।
ৰাজনীতি অসমঃ আপোনাক যোৰহাটৰ পৰা লোকসভাৰ টিকত দিয়াৰ কিবা কথা আলোচনা হৈছে নেকি ?
তৰুণ গগৈঃ নাই তেনে কোনো হোৱা নাই আৰু হলেও মই নকৰো ।
ৰাজনীতি অসমঃ অলপ বেলেগ প্ৰসংগলৈ আহিছো, বিজেপিৰ ত্ৰিপুৰা জয়ৰ পিছত হিমন্ত বিশ্বৰ ছবি ৰাষ্ট্ৰীয় স্তৰত যথেষ্ট জনপ্ৰিয় হৈছে । তেখেত কৃতৃত্বটো বুটলিছে । সেয়েহে তেখেত যদি ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ গুছি যায় তেন্তে অসমত বিজেপিক প্ৰতিহত কৰা আপোনালোকৰ বাবে সহজ হব নেকি ? বহুতে কৈ আছে তেখেতক এতিয়া চেণ্টাৰলৈ লৈ যাব ।
তৰুণ গগৈঃ একো নাই । তেখেত এজন ইনডিভিজুৱেল মাত্ৰ । তেওঁতো আমাৰ লগতে আছিল  লোকসভাত । তেওঁৰ সমষ্টিতে কিয় হাৰিলে ? তেতিয়া তেওঁ আনকি কৈছিল “মোডীৰ পাইপত ……, মোডীক কেজৰিৱালৰ নিচিনাকৈ ….” । ইমানলৈকে গৈছিল, আমি তালৈকে নাযাওঁ । আমি সেইটো লেভেললৈ নাযাওঁ । তেওঁ কিমান কংগ্ৰেছী আছিল? তৰুন গগৈতকৈ এখাপ বেছিহে কংগ্ৰেছী আছিল। সেইজনে জাপ মাৰি যোৱা নাই জানো ?
ৰাজনীতি অসমঃ বহুতে ভাৱে তেখেতে কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰিলে অসমৰ ভাল হব । আপুনি কি ভাৱে ?
তৰুণ গগৈঃ মোডীয়ে একো এটা কৰিব পৰা নাই, হিমন্ত বিশ্বই কেন্দ্ৰলৈ গৈ অসমৰ কি উন্নতি কৰিব? তেওঁ দুবছৰ ধৰি ফাইনেঞ্চ মিনিষ্টাৰ । কি কৰিলে ? স্বাস্থ্য বিভাগৰ তেওঁ মোৰ দিনৰ পৰা মিনিষ্টাৰ । এতিয়া আগতকৈ ভাল হৈছেনে কি হৈছে খবৰ ললে হ’ল । আগেয়েটো ফাইনেঞ্চৰ বাবে মোৰ ওচৰলৈ আহিব লাগিছিল । এতিয়াটো আহিবও নালাগে । তেওঁ নিজে চেংচন কৰিব পাৰে । সেইটো কেপাচিতি আছে । শিক্ষা বিভাগটো নিজে নোৱাৰি আনক দি থৈ গৈছে । বহুত কিবা কিবি প্ৰতিশ্ৰুতি দি এতিয়া দেখিছে যে তেওঁৰ দ্বাৰা নহ’ব । এতিয়া ৰাস্তাৰ কথা কয়, কেতিয়া হ’ব ৰাস্তা? এই বছৰত কিমান হ’ব তাৰ Target দিয়ক ।
ৰাজনীতি অসমঃ এখন কিতাপৰ কথা কৈছো “The Last Battle of Saraighat” । কিতাপখনত কৈছে যে ২০১১ চনৰ নিৰ্বাচনৰ পিছত আপোনালোকৰ জেষ্ঠ্য  নেতা দিগ্বিজয় সিং এ বিচাৰিছিল যে হিমন্ত বিশ্ব শৰ্মা মূখ্যমন্ত্ৰী হওক । কথাটো সচাঁ নেকি ?
তৰুণ গগৈঃ হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছিলে আৰু বহু নেতাই এনকাৰেজ কৰিছিল । মই তেওঁক ডিপুতি মূখ্যমন্ত্ৰী দিছিলো । হিমন্ত বিশ্ব শৰ্মাৰ বিসম্বাদীৰ গুৰিতে কংগ্ৰেছৰ বহু নেতা আছিল । কিন্তু হাই কামাণ্ডৰ মোৰ ওপৰত আস্থা আছিল, সেয়ে মই থাকিলো ।
ৰাজনীতি অসমঃ আপুনি এতিয়া কংগ্ৰেছ  ৱৰ্কিং কমিতিৰ সদস্য অাৰু বহু বছৰ ধৰি প্ৰত্যক্ষ ভাৱে ৰাজনিতিত জড়িত । ১৯৭১ চনৰ পৰা আপিুনি এম.পি. হ’ল, মিনিষ্টাৰ হ’ল । যদি ২০১৯ চনৰ নিৰ্বাচনৰ বাবে ৰাহুল গান্ধীয়ে আপোনাৰ পৰা কিবা পৰামৰ্শ বিচাৰে কি পৰামৰ্শ দিব ?

তৰুণ গগৈঃ মই যেতিয়াই যাওঁ, মোৰ লগত ৰাহুল গান্ধীয়ে কথা পাতে । অকল অসমৰ ৰাজনীতি নহয় গোটেই ভাৰতবৰ্ষৰ কথা পাতে । ৰাহুল আৰু ছোনীয়া গান্ধী দুয়ো মোৰ কথাত গুৰুত্ব দিয়ে। মই CWC ৰ সদস্য হোৱাৰ আগতো মোৰ লগত কথা পাতিছিল তেওঁলোকে ।  তেওঁ নিজেও বিভিন্ন বিষয়ত মোৰ মতামত গ্ৰহণ কৰে। আগতে মোক তেওঁ কেতিয়াবা কিবা দায়িত্ব দিব খুজিলে মই উপদেষ্টা হিচাপেহে থকাৰ সন্মতি দিছিলো কাৰণ  tour  কৰাত মোৰ অসুবিধা আছিল। যোৱাবাৰ নিৰ্বাচনৰ আগেয়ে মই ৰাহুল গান্ধীক কৈছিলো যে আমি এইবাৰ নিজিকো আৰু ময়ো যোৱাবাৰ হাৰিবলৈ বিচাৰিছিলো । মই এই কথাটো গৌৰৱকো কৈছিলো । মই জানিছিলো যে এইবাৰ মই জিকিলে অলপ দিনৰ কাৰণে মানুহে মোৰ গুণ গাব, তাৰ পিছত মোক  condemn কৰিব। মানুহে আমাক প্ৰতিশ্ৰুতী পুৰণ কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিব। এতিয়া মোৰ ৰাজনীতি ভাল  , এই চৰকাৰখনৰ লগত আমাৰ চৰকাৰৰ  তুলনা কৰিলে পাৰ্থক্যটো ৰাইজে গম পাব । ২০১৬ ত হাৰি ভাল হ’ল বুলি মই ভাবো । It was blessing in disguise.

ৰাজনীতি অসমঃ আপোনাৰ লগত কথা পাতি ভাল লাগিল। আমাক বহু সময় দিলে , তাৰ বাবে ‘ৰাজনীতি অসম’ৰ ফালৰ পৰা ধন্যবাদ  লগতে আপোনাৰ সুস্বাস্হ্য কামনা কৰিছো।

তৰুণ গগৈঃ ধন্যবাদ।