মোডী আৰু ৰাহুলৰ ৰাফেল যুদ্ধ

8588
  • পাৰ্থ সাৰথি দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


ধৰি লোৱা হ’ল আপোনাৰ গাওঁ ৰতনপুৰত এইবাৰ দূৰ্গা পূজা অনুস্থিত  কৰা হব। আপোনাক পূজা সমিতিৰ সভাপতিৰ দায়িত্ব দিয়া হ’ল। আপোনাৰ গাওঁত প্ৰতিমা নিৰ্মাণ কৰা ভাল কাৰিকৰ নাই আৰু সেইবাবে আপুনি কাষৰ গাওঁ সুন্দৰপুৰৰ দাস নামৰ ব্যক্তিজনক এটা চৰ্ত্তত প্ৰতিমা নিৰ্মাণ কৰাৰ দায়িত্ব দিলে। চৰ্ত্তটো হ’ল যে প্ৰতিমা নিৰ্মাণ কৰাৰ বাবে আপুনি দাসক ১ লাখ টকা দিব। কিন্তু দাসে ৰতনপুৰ গাওঁত তাৰ ৫০% অৰ্থাৎ ৫০ হাজাৰ টকা বিনিয়োগ কৰিব লাগিব। এই ৫০ হাজাৰ টকাৰে দাসে ৰতনপুৰ গাওঁৰ যিকোনো ব্যক্তিৰ পৰা প্ৰতিমা নিৰ্মাণত প্ৰয়োজন হোৱা বস্ত্ত যেনে খেৰ, ৰং, মাটি আদি কিনিব পাৰিব। দাসে প্ৰতিমা নিৰ্মাণত ব্যবহাৰ নোহোৱা অন্য বস্ত্ত ইচ্ছা কৰিলে ৰতনপুৰ গাওঁৰ পৰা কিনিব পাৰে। মুঠৰ ওপৰত ৫০ হাজাৰৰ বস্তু কিনিলেই হ’ল।
দাসে পূজাৰ বাবে ৫ টা প্ৰতিমা নিৰ্মাণ কৰিলে। চুক্তি  মতে ৰতনপুৰ গাওঁৰ পৰা দাসে ৫ জন লোক নিৰ্বাচন কৰি ৫০ হাজাৰ টকাৰ বস্ত্ত কিনিলে। দাসে হালৈৰ পৰা ১০,০০০ টকাৰ ৰং, অনিলৰ পৰা ১০,০০০ টকাৰ কাপোৰ , হৰেনৰ পৰা ১০,০০০ টকাৰ বাঁহ, দেবেনৰ পৰা ১০,০০০ টকাৰ ধান আৰু খগেনৰ পৰা ১০,০০০ টকাৰ মিঠাতেল কিনিলে।
এতিয়া আপোনাৰ ওপৰত পূজা কমিতিৰ প্ৰাক্তন অধ্যক্ষই অভিযোগ আনিলে যে
১) প্ৰতিমা নিৰ্মাণৰ বাবে যি ঠিকা দাসক দিয়া হৈছে তাত দুৰ্নীতি হৈছে। আপুনি অধিক দামত প্ৰতিমা কিনিছে।
২) অনিলৰ লগত আপোনাৰ ব্যক্তিগত সম্পৰ্কৰ বাবে তেওঁ প্ৰতিমা নিৰ্মাণৰ বাবে ঠিকা পালে। ৰতনপুৰ গাওঁৰ অভিজ্ঞতাপুষ্ট হালৈক উপেক্ষা কৰি অনিলক কিয় প্ৰতিমা নিৰ্মাণ কৰাৰ ঠিকা দিয়া হ’ল?
এই অভিযোগ দুটাৰ সত্যতা নিৰুপণ কৰিব গ’লে দেখা যায় যে ২ নম্বৰ অভিযোগটো ভিত্তিহীন কাৰণ ৰতনপুৰ গাওঁৰ অনিল বা হালৈ কোনেৱো প্ৰতিমা নবনাই। প্ৰতিমা বনাব সুন্দৰপুৰ গাওঁৰ দাস নামৰ ব্যক্তিজনে। অনিল আৰু হালৈকে ধৰি মুঠ ৫জন লোকৰ পৰা দাসে চুক্তি মতে কেবল বস্তু হে কিনিব।
ৰাফেলক লৈও আজি ঠিক একে ধৰণে অভিযোগ উঠিছে। ব্যক্তিগত টেলিভিছন চেনেল আজ তকে লোৱা এটা সমীক্ষা মতে ৮০% লোকে ৰাফেলত কি হৈ আছে সেই বিষয়ে ভালদৰে বুজি পোৱা নাই। Talk show ত ভাগ  লোৱা সকলৰ অনেকে  ৰাফেল সম্বন্ধে বহু অপবাখ্যা কৰা দেখা গৈছে। সেইবাবে  ৰাফেলক সৰলীকৃত কৰি আমি এটা ব্যবহাৰিক উদাহৰণেৰে ইয়াক ৰাইজক জনোৱাৰ চেষ্টা কৰিছো। ভাৰত চৰকাৰে ফ্ৰান্স চৰকাৰৰ পৰা ৰাফেল যুদ্ধ বিমান নিৰ্মাণ কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰিলে। ফ্ৰান্স চৰকাৰে তেওঁলোকৰ কোম্পানী Dassault ক এই যুদ্ধ বিমান নিৰ্মাণৰ বাবে দায়িত্ব দিলে। চুক্তিমতে Dassault এ ভাৰতত ৫০% ধন বিনিয়োগ কৰাৰ বাবে নিবিদা আহ্বান কৰিলে। সেই নিবিদাত আন কিছুমান কোম্পানীৰ লগতে  ৰিলায়েন্সো নিৰ্বাচিত হ’ল। উল্লেখযোগ্য কথাটো হ’ল Dassault এ ৰাফেল সম্পূৰ্ণ ভাবে ফ্ৰান্সত নিৰ্মাণ কৰি ভাৰত চৰকাৰক অৰ্পন কৰিব। ৰিলায়েন্স বা আন কোনো ভাৰতীয় কোম্পানীয়ে ৰাফেল নবনাই। কেবল ৫০% বিনিয়োগ কৰাৰ স্বাৰ্থত কিছুমান ভাৰতীয় কোম্পানী যেনে ৰিলায়েন্স আদিৰ পৰা Dassault এ কিছুমান বস্তু ক্ৰয় কৰিব (Offset Contract) যিটো সামৰিক বা অসমাৰিক যিকোনো হ’ব পাৰে। বিজেপি চৰকাৰে দাবী কৰা মতে তেওঁলোকে ৰাফেল বিমান (unloaded) ইউ.পি.এ চৰকাৰৰ তুলনাত ৯% সস্তা দৰত তথা fully loaded ৰাফেল ২০% সস্তা দৰত ক্ৰয় কৰিব। ৰিলায়েন্সক ঠিকা দিয়াৰ বাবে ভাৰত চৰকাৰে  হেচাঁ দিয়া বুলি ফ্ৰান্সৰ প্ৰাক্তন ৰাষ্ট্ৰপতি অ’লান্দ’ (Hollande) এ এটা টেলিভিচন চেনেলক কৈছে। অবশ্যে ফ্ৰান্সৰ বৰ্তমান চৰকাৰখনে এই কথা অস্বীকাৰ কৰিছে। বৰ্তমান অ’লান্দ’ (Hollande) এ নিজৰ ভাষ্য সলনি কৰিছে।প্ৰাক্তন ৰাষ্ট্ৰপতি অ’লান্দ’ (Hollande) ৰ কথাৰ আতঁ ধৰি বিৰোধী দলবোৰে মোডী চৰকাৰৰ ওপৰত আক্ৰমন তীব্ৰতৰ কৰিছে।
ৰাইজৰ মনত এতিয়া ঘাইকৈ দুটা প্ৰশ্ন
১) ৰাফেলত দুৰ্নীতি হৈছিল নেকি? বিজেপি চৰকাৰে অধিক দামত বিমান কিনিছিল নেকি?-  চৰকাৰে CAG ৰ দ্বাৰা Audit  কৰাৰ কথা কৈছে। আমি আশাকৰো CAG ৰ প্ৰতিবেদনৰ পিছত ছবিখন স্পষ্ট হ’ব।
২) ভাৰত চৰকাৰৰ হেচাঁত Dassault এ ৰিলায়েন্সক ঠিকা (offset contract)  দিলে নেকি?  নহ’লে এটা দেউলীয়া হ’ব ধৰা কোম্পানীয়ে ইমান ডাঙৰ ঠিকা কেনেকৈ পালে? – এই বিষয়ে নিৰপেক্ষ তদন্ত হোৱা দৰকাৰ।
ৰাফেলক লৈ ভাৰতৰ ৰাজনীতি ক্ৰমে গৰম হৈছে। বিশেষকৈ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে বিজেপিৰ ওপৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে। অৰুণ জেটলীকে আদি কৰি বিজেপিৰ শীৰ্ষ নেতাই বাৰে বৰে সংবাদমেল পাতি চৰকাৰৰ সপক্ষত যুক্তি ডাঙি ধৰিছে। ৰাফেলৰ কাৰিকৰী দিশ বিলাক আলোচনা কৰাতকৈ ৰাজনৈতিক দলবিলাকে অদ্ভুত কিছুমান কথা কৈ বোকা চতিওৱা ৰাজনীতি আৰম্ভ কৰিছে। কংগ্ৰেছ দলে যেনেকৈ ৰিলায়েন্সে ৰাফেল বনোৱা ঠিকা পোৱা বুলি উৰা- বাতৰি প্ৰচাৰ কৰিছে, বিজেপিয়েও পাকিস্হানক ৰাফেল বিতৰ্কলৈ টানি আনিছে। দুই দলৰ নেতাই পৰস্পৰক চোৰ, ডকাইত আদি সম্বোধন কৰি ভাৰতৰ ৰাজনীতিক অতি নিম্ন পৰ্য্যায়লৈ লৈ গৈছে। এতিয়া জনতাই কাক বিশ্বাস কৰে তাৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ কৰিব। It has become a war of perception. সমাগত চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত জনা যাব ৰাফেলক লৈ কোন পাছ কোন ফেল হ’ল।