মোডী ডাঙৰীয়াই ২০১৪ তকৈ ২০১৯ত বেছি আসন পাব: পবিত্ৰ মাৰ্ঘেৰিটা

2898

অসমৰ প্ৰথম মাহেকীয়া ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত জ্যোতি চিত্রবনৰ অধ্যক্ষ তথা বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটা

সাক্ষাৎকাৰ গ্ৰহণ কৰে দেবজিত দত্তই

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসমঃ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ক সময় দিয়াৰ বাবে ধন্যবাদ।

পবিত্ৰ মাৰ্ঘেৰিটাঃ আপোনালোককো সাক্ষাৎকাৰ লোৱাৰ বাবে ধন্যবাদ।
ৰাজনীতি অসমঃ আপুনি বিজেপিত যোগদান কৰাৰ প্ৰধান কাৰণ কি আছিল?
পবিত্ৰ মাৰ্ঘেৰিটাঃ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শই হ’ল মই তাত সমৰ্পিত হোৱাৰ প্ৰধান কাৰণ। এখোজ আগুৱাই গৈ ক’ব পাৰো যে আমি কাৰ্য্যকৰ্তা সকল বিজেপিত সম্পূৰ্ণ সমৰ্পিত। অসমত আমাৰ এতিয়া ২৭ লাখতকৈ অধিক কৰ্মকৰ্তা আছে যিয়ে বিজেপিক নিজকে সমৰ্পন কৰিছে। আৰু এটা বিশেষ কথা হ’ল যে স্বদেশ প্ৰেমৰ যি মহামন্ত্র, সেই মহামন্ত্রত প্ৰতিজন ভাৰতীয় জনতা পাৰ্টীৰ সদস্য উৎবুদ্ধ। আমাৰ প্ৰতিটো কাৰ্যক্ৰম সমগ্ৰ দেশখনৰ উত্তৰনৰ বাবে সমৰ্পিত। তাৰোপৰি সমাজৰ আটাইতকৈ দৰিদ্ৰতম ব্যক্তিজনৰ উত্থানেই হ’ল বিজেপিৰ আন এক লক্ষ্য। স্বদেশৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা আছে প্ৰতিজন সদস্যৰ। প্ৰতিটো ভাষা তথা জাতি জনগোষ্ঠীৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা আছে, তাৰ উত্তৰনৰ বাবে নীতি আছে, আদৰ্শ আছে আৰু কৰ্মসুচী আছে। সেইটোৱেই মই বিজেপিত যোগ দিয়াৰ অন্যতম প্ৰধান কাৰণ।
ৰাজনীতি অসমঃ আপুনি ভাবেনে  বিজেপি দলৰ শীৰ্ষ নেতাই আপোনাক উপযুক্ত সন্মান দিছে বুলি?
পবিত্ৰ মাৰ্ঘেৰিটাঃ বিজেপিৰ প্ৰতিটো পৰ্যায়ৰ নেতৃত্বই সি কেন্দ্ৰীয়, ৰাজ্যিক বা বুথ সকলোৱে প্ৰতিজন কৰ্মীক উপযুক্ত সন্মান দিয়ে। মোক বুলেয়েই নহয় বুথৰ সভাপতি গৰাকীকো ৰাষ্ট্ৰীয় সভাপতিয়ে একে ধৰণে সন্মান কৰে যি সন্মান ৰাজ্যিক সভাপতি এগৰাকীক কৰে।
ৰাজনীতি অসমঃ যোৱা বিধানসভা নিৰ্বাচনত দলৰ টিকট নাপাই নিৰাশ হৈছিল নেকি?
পবিত্ৰ মাৰ্ঘেৰিটাঃ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি দলৰ হৈ কাম কৰি যোৱাৰ আন এক ধৰণ হ’ল নিৰ্বাচনত অংশগ্ৰহণ কৰা। বহুটো কাৰ্য্যকৰ্তাই কেতিয়াও নাভাবে নিৰ্বাচনত অবতীৰ্ণ হব বুলি কাৰণ সমাজ সেৱা আৰু দেশ সেৱাই হ’ল কৰ্মকৰ্তা সকলৰ মূল লক্ষ্য । কিছুমান ব্যক্তিয়ে নিজে তথা তেওঁ  থকা সমাজখনৰ শুভাকাংশী সকলে ৰাজ্যিক বা আন নিৰ্বাচনত অবতীৰ্ণ হোৱাটো বিচাৰে। আমাকো বহুতে বিচাৰিছিল; আমিও বিচাৰিছিলো। এইটো এটা সাধাৰণ প্ৰক্ৰিয়া। নিৰ্বাচনত টিকট পাম বুলি আমি কেতিয়াও দলত যোগদান কৰা নাছিলো। টিকট নাপাই নিৰাশ হোৱাৰ প্ৰশ্নই নাহে। মোৰ নামতো চৰ্চাত আহিছিল মাৰ্ঘেৰিটা বিধানসভাৰ টিকট বিচৰা বুলি আৰু আমি সচাকে বিচাৰিছিলো কিন্তু নাপালো। এয়া অতি সাধাৰণ কথা। টিকট নোপোৱাৰ দুঘন্টা পিছৰে পৰা নিৰ্বাচনৰ বিভিন্ন কামত নিজকে সমৰ্পন কৰিছিলো। আপুনি জানি ভাল পাব যে বিগত বিধানসভা নিৰ্বাচনৰ আটাইতকৈ জনপ্ৰিয় গীত যাৰ প্ৰভাব যঠেষ্ট সাংকিতিক ভাবে পৰিছিল ‘সকলোতে আনন্দ সৰ্বানন্দ’ সেই গীতটো প্ৰযোজনা ময়ে কৰিছিলো। ‘সকলোতে আনন্দ সৰ্বানন্দ’ এই সুন্দৰ গীতটো নিশ্চয় নিৰাশাৰ প্ৰতিফলন নহয়। সেইটো আশা আৰু প্ৰাপ্তিৰ এটা প্ৰতিফলন। গতিকে মই আগতেও নিৰাশ নাই হোৱা , ভবিষ্যতেও নিৰাশ নহওঁ । বিজেপিৰ সচা কাৰ্য্যকৰ্তাই কেতিয়াও একো নিবিচাৰে, কেবল দি যাব বিচাৰে , দলক আৰু দেশক।
ৰাজনীতি অসমঃ বৰ্তমানৰ অসমৰ বিজেপি চৰকাৰখনে ৰাইজৰ আশা আকাঙ্ক্ষা পূৰ্ণ কৰাত সফল হোৱা বুলি ভাবেনে?
পবিত্ৰ মাৰ্ঘেৰিটাঃ নিশ্চিত ভাবে, স্বাধীনতাৰ পিছৰ এইখন এখন চৰকাৰ যিয়ে ৰাইজৰ মুল সমস্যা সমূহ দূৰ কৰাৰ বাবে সুদূৰপ্ৰসাৰী কিছুমান আচনি হাঁতত লৈছে। ভবিষ্যতৰ নিৰ্বাচন বিলাকত কি লাভ লোকচান হ’ব সেইবিলাক নাভাবি ৰাজ্য আৰু সমান্তৰাল ভাবে দেশখনৰ প্ৰগতিৰ কথা চিন্তা কৰি গৈছে। দুৰ্নীতি মুক্ত অসমৰ যি প্ৰধান সংকল্প আছিল সেই সংকল্পটো লৈ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনে কি কৰি আছে প্ৰত্যক্ষ ভাবে ৰাইজে দেখিছে। ৰাইজক এতিয়া কোৱাৰ প্ৰয়োজন নাই। উচ্চ পৰ্য্যায়তে হওঁক বা নিম্ন পৰ্য্যায়তে হওঁক আজি ধন দি চাকৰি লোৱা, ধন দি কাম পোৱা , উপধৌকন দিয়া, দুৰ্নীতি কৰা , চৰকাৰৰ টকা অপব্যবহাৰ কৰি ৰাইজৰ ধন আত্মসাৎ কৰা এনে ধৰণৰ কথা বিলাক আজি আৰু নাই। বিয়াগোম দুৰ্নীতি কৰা মানুহো আজি জেল হাজোতত সোমাই আছে। তাৰোপৰি সামাজিক উন্নয়নৰ বাবে কিমান কাম কৰিছে তাৰ কোৱাৰ প্ৰয়োজন নাই। আজিৰ তাৰিখত লাখ লাখ ছাত্র ছাত্রীয়ে এটা শৈক্ষিক পৰিবেশ পাইছে। গুণোৎসবৰ যোগেদি প্ৰতিখন বিদ্যালয়ৰ গুণগত মান নিৰ্ধাৰণ হৈছে। যাক যিদৰে সহায় সহযোগীতা লাগে দিয়া হৈছে। লাখ লাখ ছাত্র ছাত্রীয়ে কলেজ পৰ্য্যন্ত বিনামূলীয়া শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে। চৰকাৰে মাচুলৰ পৰা ইউনিফৰ্মৰ পৰা কিতাপলৈ সকলো দিছে। এইবিলাক আচলতে হৈ আছে আৰু মানুহে দেখি আছে। সকলোকে সামৰি বৃদ্ধ পেঞ্চনৰ ব্যবস্হা কৰা হৈছে, বীমা কৰা হৈছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰতিখন গাওঁত বৈদ্যুতিকৰণ হৈছে। বিদ্যুতৰ পোহৰ নোপোৱা অঞ্চল এতিয়া একেবাৰে নাইকিয়া হৈ পৰিব। আগৰ তুলনাত ৰাস্তা নিৰ্মানৰ কাম প্ৰতি ঘন্টাৰ হিচাপত দুগুন হৈছে। চিকিৎসালয়ত এক্স ৰে, তেজ পৰীক্ষা , এম আৰ আই আদি বিনামূলীয়াকৈ দিয়া হৈছে। গ্ৰামাঞ্চলত আগতে ডাক্তৰ নাছিল কিন্তু আজি ডাক্তৰ আছে নাৰ্চ আছে , বিনামূলীয়া ঔষধ আছে। দুই এটা কেৰোণ কৰবাত দেখা দিলে তৎখনাত সেইবিলাক দূৰ কৰিবলৈ চেষ্টা কৰা হৈছে। আজি ৰিভাৰ এম্বুলেন্সৰ ব্যবস্হা কৰা হৈছে।চিকিৎসা মহাবিদ্যালয় সমূহ ৰাষ্ট্ৰীয় মানৰ হৈছে। গতিকে শিক্ষা বিভাগ , গড়কাপ্টানী বিভাগ সকলোতে আগবাঢ়ি গৈছে। মুঠতে দুৰ্নীতিমূক্ত এটা সুপ্ৰশাসনৰ ফালে গৈ আছে। বিৰোধীয়ে হাজাৰ কুৎসা ৰচনা কৰিলেও চৰকাৰখনে সততাৰে আগবাঢ়ি গৈছে আৰু কাৰ্য্যক্ষম হিচাপে আগবাঢ়ি গৈছে। সেইবিলাকত আজি কোনেও আঙুলি টোৱাব পৰা নাই বাবে অদ্ভুত কিছুমান ৰাজনীতি সৃষ্টি কৰি মিথ্যা প্ৰচাৰত আগবাঢ়ি গৈছে। তৎসত্বেও ৰাইজে যিহেতু সম্পূৰ্ণৰুপে চৰকাৰখনক শুভাশীষ জনাই আছে গতিকা মই ভাবো ৰাইজৰ আকাঙ্ক্ষা পূৰণ হৈছে।
ৰাজনীতি অসমঃ আপোনালোকৰ  কিছুমান মন্ত্রী বিধায়কৰ বিৰুদ্ধে চিণ্ডিকেটৰ অভিযোগ উঠিছে। এই বিষয়ত কি কব?
পবিত্ৰ মাৰ্ঘেৰিটাঃ চিণ্ডিকেটতো আমাৰ বাবে অপৰিচিত শব্দ। সেইটো কংগ্ৰেছৰ অভিধানত আছে।
চিণ্ডিকেটৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীৰ অভিধানত আছে সুশাসন, সুপ্ৰশাসন আৰু দুৰ্নীতিমুক্ত এটা দৈনিক জীৱন যাত্রা। এনেয়েতো যিকোনো মানুহে যি ইচ্ছা কব পাৰে কিন্তু কোনোৱে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰক আঙুলি টোৱাই কব পৰা নাই যে অমুক জনে দুৰ্নীতি কৰিছে বুলি। এইবোৰ আচলতে কিছুমান শাসনৰ পৰা আতৰি যোৱাত ব্যক্তিয়ে হতাশ হৈ কৈ আছে। এনেয়ে চিণ্ডিকেট শব্দটো লগাই দিছে কিন্তু কোনোৱে গুৰুত্বই দিয়া নাই। আনকি সংবাদ মাধ্যমেও গুৰুত্ব দিয়া নাই।
ৰাজনীতি অসমঃ নাগৰিকত্ব সংশোধনী বিধেয়কখন আপুনি সমৰ্থন কৰেনে?
পবিত্ৰ মাৰ্ঘেৰিটাঃ নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিষয়ে ইতিমধ্যে আমাৰ দলত অতি গুৰুত্ব সহকাৰে আলোচনা কৰি আছে। দলৰ এজন কাৰ্য্যকৰ্তা হিচাপে মই নিশ্চিত যে মোৰ দেশ ভাৰত , মোৰ ৰাজ্য অসম , দেশৰ অখণ্ডতাৰ বাবে , কোনো ভাষা ভাষীৰ, কোনো জাতি জনগোষ্ঠীৰ অসুবিধা নোহোৱাকৈ যিটো ভাল হ’ব সেই সিদ্ধান্তটো ল’ব। দলৰ সিদ্ধান্তই আমাৰ সিদ্ধান্ত। মই ভাবো আমাৰ দলে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে ৰাজ্য তথা দেশৰ ভাল হোৱাকৈ এটা শক্তিশালী সিদ্ধান্ত ল’ব।
ৰাজনীতি অসমঃ নিৰ্বাচনৰ আগতে চৰকাৰে অসমীয়া চিনেমাৰ সোনালী যুগ ঘূৰাই অনাৰ কথা কৈছিল, বাস্তবত তেনে কোনো পদক্ষেপ লৈছে নেকি?
পবিত্ৰ মাৰ্ঘেৰিটাঃ আমি গৌৰৱেৰে কব খোজো যে সৰ্বানন্দ সোনোৱালৰ প্ৰথম কেবিনেটত অসমীয়া চিনেমাৰ উন্নয়নৰ কথা গুৰুত্ব সহকাৰে আলোচনা কৰা হৈছিল। আজি ৮৩ বছৰীয়া অসমীয়া চিনেমা উদ্যোগ বিভিন্ন কাৰণত যেনে আগৰ চৰকাৰৰ সদিচ্ছাৰ অভাবত কঁকাল ভাঙি গৈছিল। সেইখিনি আমি সুষ্ঠ, সবল, সুন্দৰ পথলৈ আনিবৰ বাবেই দুবছৰ অপেক্ষা কৰিব লগা হৈছে। আমি দুখেৰে জনাও যে স্বাধীনতাৰ পিছত ইমান বছৰে আগৰ চৰকাৰকেইখনে এখন চলচিত্র নীতিয়েই বনাব নোৱাৰিলে। আমি আশা ৰাখিছো অহা দুই তিনিমাহৰ ভিতৰত অসমীয়া চিনেমাৰ সৰ্বাংগীন উন্নতিৰ বাবে সৰ্বানন্দ সোনোৱাল চৰকাৰখনৰ হৈ সংস্কৃতিক বিভাগে এখন শক্তিশালী চলচিত্র নীতি ৰাইজ তথা শিল্পী সমাজক অৰ্পন কৰিব পাৰিম। যেতিয়া আমি বিজেপি কৰ্মী নাছিলো, পূৰ্ণাংগ সাস্কৃতিক কৰ্মী আছিলো আমি বছৰ বছৰ ধৰি ৰজাঘৰীয়া লোকক আবেদন কৰিবলগীয়া হৈছিল  মিনি চিত্রগৃহ লাগে, ভাল চিনেমা নিৰ্মাণৰ বাবে সহায় লাগে, পুৰস্কাৰ প্ৰাপ্ত চিনেমা বিলাকক উৎসাহ যোগাব লাগে, চলচিত্র নীতি লাগে ইত্যাদি। আমি বছৰৰ পিছত বছৰ ধৰি এইবিলাক কৈ থাকিলো কিন্তু কোনোৱে গুৰুত্ব নিদিলে।  তাৰ বিপৰীতে সৰ্বানন্দ সোনোৱালে আহিয়ে জ্যোতি চিত্রবনৰ ব্যাপক উন্নতি কৰিছে, চিত্রগৃহৰ উন্নতিৰ বাবে ৫ কৌটি টকা ইতিমধ্যে মুকলি কৰি দিছে যি টকা কম দিনৰ ভিতৰতে আমাৰ চিনেমা হলৰ মালিক বিলাকে পাবগৈ। এতিয়া নতুন নতুন চিনেমা হল নিৰ্মান হব, কংগ্ৰেছৰ দিনত যিবিলাক বন্ধ হৈ গৈছিল সেইবিলাক মুকলি হ’ব।  আজি চলচিত্র মহোৎসৱত হৈছে, দেশ বিদেশৰ চলচিত্র নিৰ্মাতাই অসমৰ প্ৰতিভাক কাষৰ পৰা দেখা পাইছে, অসমত ছবি নিৰ্মাণ কৰিবলৈ সাজু হৈছে, অসমীয়া চিনেমা বাহিৰত প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। জ্যোতি চিত্রবন চলাবলৈ যিখিনি খৰচ হয় তাত ৭০% ৰাজ সাহায্য দিছে। গতিকে সোনালী দিন ইতিমধ্যে আৰম্ভ হৈছে আৰু কিছুদিন পিছত ব্যবহাৰিক ৰুপে দেখিবলৈ পাম। ৰিমা দাসৰ চিনেমাখন অস্কাৰৰ দৌৰত থাকোতে চৰকাৰে সদিচ্ছা প্ৰকাশ কৰি ততালিকে  ১ কৌটি টকাৰ ধনৰাশি মুকলি কৰি দিছে আমাৰ অসমৰ চিনেমাক উৎসাহ যোগাবলৈ। এইবিলাক আগতে নোহোৱা ঘটনা।
ৰাজনীতি অসমঃ ভবিষ্যতে চৰকাৰে অসমীয়া চিনেমাৰ উন্নতিৰ বাবে আৰু কি পদক্ষেপ লবলগীয়া আছে বুলি আপুনি ভাবে?
পবিত্ৰ মাৰ্ঘেৰিটাঃ ছবি, গীত , মাত এইবিলাকত কিবা কৰিব পৰা চৰকাৰ আচলতে প্ৰথম পক্ষ নহয়। চৰকাৰ তৃতীয় পক্ষহে। প্ৰথম পক্ষ হ’ল শ্ৰষ্টা। সৃষ্টি ভাল হ’বই লাগিব।  গীত, চিনেমা, ভাওনা বা থিয়েটাৰ সকলোৰে গুনগত মান অপূৰ্ব হব লাগিব যাতে শ্ৰদ্ধেয় ৰাইজে তাক গ্ৰহণ কৰে। এবাৰৰ পিছত দুবাৰ চায়।  এজনে আন এজনক চাবলৈ কয়, দেশ বিদেশত সমাদৃত হয়। আগতে কোৱাৰ দৰে প্ৰথম পক্ষ স্ৰস্টা, দ্বিতীয় পক্ষ ৰাইজ আৰু তৃতীয় পক্ষ চৰকাৰ। চৰকাৰে সেতুবন্ধন কৰিব পাৰে। কংগ্ৰেছ ৰ দিনত চিনেমাহ’ল বন্ধ হৈ শুন্যৰ ফালে গৈ আছিল। এতিয়া আমাৰ চৰকাৰৰ দিনত আশা কৰিছো চিনেমা হ’ল বাঢ়ক। কোনোবাই চিনেমা হল নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিলে তাক আমি সহায় কৰিব পাৰো। কাৰোবাৰ হাতত যদি ভাল script  আছে, পৰিচালক আছে , কাহিনী আছে, উঠি অহা প্ৰজন্ম আছে আৰু আৰ্থিক সাহায্যৰ দৰকাৰ আমি সেইখিনি দিব পাৰো। ৰিমা দাসৰ দৰে কোনোবাই ভাল চিনেমা নিৰ্মাণ কৰি দেশ বিদেশলৈ যাব বিচাৰিছে,অৰ্থৰ অভাব হৈছে আমি সহায় কৰিব পাৰো। পূৰ্বৰ চৰকাৰৰ দিনত জ্যোতি চিত্রবন কঁকাল ভঙা ৰুগ্ন অনুষ্ঠানলৈ পৰিণত হৈছিল।  ভূপেন হাজৰিকা দেৱে জ্যোতি চিত্রবনক আখ্যা দিছিল সাংস্কৃতিক মন্দিৰ ৰুপে। মন্দিৰ গুছি অদ্ভুত এটা পৰিবেশ হৈ পৰিছিল আগৰ চৰকাৰৰ দিনত। আমি আকৌ ইয়াক মন্দিৰলৈ ঘূৰাই আনিছো। আমি ব্যবহাৰিক ভাবে কাম আৰম্ভ কৰিছো , পূৰ্বৰ চৰকাৰৰ দৰে কেবল কথাৰে নহয়।
ৰাজনীতি অসমঃ মোডী চৰকাৰৰ ওঁপৰত ৰাইজৰ মোহভংগ হোৱা বুলি সততে শুনা যায়। ২০১৯ ত ৰাইজে কি কাৰণে মোডী ডাঙৰীয়াক পুনৰ ভোট দিব বুলি ভাবে?
পবিত্ৰ মাৰ্ঘেৰিটাঃ মই ভাবো মোডী ডাঙৰীয়াই ২০১৪ তকৈ ২০১৯ত বেছি আসন পাব। মোহভংগ হোৱা কথাটো নেতিবাচক চিন্তা কৰা সকলে কৈছে। বাওঁপন্থী চিন্তাধাৰাৰ লোক, কিছুমান নিবন্ধ লেখক বা যিসকলে কংগ্ৰেছৰ দিনত যঠেষ্ট সা সুবিধা লাভ কৰিছিল বা যিসকলে ৰাজনৈতিক ভাবে অপ্ৰাসঙ্গিক হৈ পৰিছে তেওঁলোকৰ মুখত মোহভংগ শব্দটো শুনিবলৈ পাও। কিন্তু অসমৰ যি ৩ কৌটি ৩০ লাখ মানুহ আছে , যি শ্ৰমজিবী আছে, ছাত্র আছে, চৰকাৰী চাকৰীয়াল তেওঁলোকে আপোনাৰ প্ৰশ্নটো শুনিলে নৎসাত কৰিব। মোহভংগ শব্দটো কেতিয়াবা বাতৰি কাকতত দেখিব পোৱা যায়। কিন্তু মোহভংগ হৈছেনে নে নাই সেই কথা ভাৰতৰ প্ৰতিখন ৰাজ্যত হোৱা নিৰ্বাচনৰ ফলাফল চালে গম পোৱা যাব। পঞ্চায়ত বা টাউন কমিটিৰ নিৰ্বাচনতো আমি সিংহভাগ জয় কৰিছো। মোহভংগ  শব্দটো কোনোবা বাতৰি কাকত, চছিয়েল মেডিয়া বা কোনোবা বিৰোধী দলৰ নেতাৰ বক্তৃতাৰ ফুলজাৰিত শুনিবলৈ পাইছো কিন্তু সাধাৰণ ৰাইজৰ মাজত মোহভংগ হোৱা নাই। তাৰ প্ৰমাণ আমি পাইছো.. মোডী চৰকাৰে দুৰ্নীতি নোহোৱাকৈ সুদূৰপ্ৰসাৰী আচনি লৈছে কৃষিজীবী, শ্ৰমজীবী, ছাত্র ছাত্রী আটাইৰে বাবে। আমি মোহভংগ শব্দটোৱে অপ্ৰাসঙ্গিক বুলি ভাবো।
ৰাজনীতি অসমঃ মোডী চৰকাৰ কোন তিনিটা আচনি আপোনাৰ দৃষ্টিত ট’প ৩ ত আছে?
পবিত্ৰ মাৰ্ঘেৰিটাঃ আচলতে সেইটো কোৱা অলপ দিকদাৰ যেনেকে কোনোটো সন্তান মোৰ প্ৰথম পচন্দৰ কোনটো দ্বিতীয় কব নোৱাৰি। মোডী চৰকাৰে কিছুমান ইমান সুন্দৰ সুন্দৰ আচনি লৈছে  তাৰ ভিতৰত কোনটো প্ৰথম বা কোনটো দ্বিতীয় স্হানত দিও তাক কব নোৱাৰো। কিন্তু এটা কথা ঠিক যে দৰিদ্ৰ বা আমাৰ দৰে নিম্ন মধ্যবিত্তৰ লোকসকলক পূৰ্বৰ চৰকাৰে মুল অৰ্থনৈতিক পৰিমণ্ডললৈ অনাৰ কোনো দিন চেষ্টা কৰা নাছিল। বেংক একাউন্ট বা বীমা যেন কেবল ধনী বা উচ্চ মধ্যবিত্তৰ বাবেহে তেনে এটা পৰিবেশ আছিল। ধনী মানুহে বেংকত টকা থয় আৰু দুখীয়া বা নিম্ন মধ্যমীয়া যেনে আমিবোৰে গাৰুৰ তলত, বাঁহৰ চুঙা বা আইৰ আচলৰ ভাজত টকা থব লাগে, এনে এটা মানসিক চিন্তাৰ সৃষ্টি কৰিছিল পূৰ্বৰ চৰকাৰ বা ধনী পুজিপতিসকলে। কিন্তু মোডী চৰকাৰ আহি  সকলোকে সামৰি ১০-১৫ কৌটি মানুহৰো বেংক একাউন্ট খুলি দিছে। স্বাস্হ্য বা জীবন বীমা কেবল ধনী মানুহৰ বাবে আছিল। আজি যদি কেনেবাকৈ ঘৰৰ মূল মানুহজন ঈশ্বৰে লৈ যায় বা মৃত্যু ঘটে গোটেই পৰিয়ালটোৰ অবস্হা তথৈবচ হৈ পৰে। মোডী চৰকাৰে আহি প্ৰথমতে সমবিকাশৰ লক্ষ্য লৈ সকলোৰে বাবে বেংক একাউন্ট খুলাৰ লগতে বীমা যেনে দুৰ্ঘটনা বীমা, মৃত্যু বীমা আদি অাচনি লৈছে ভাৰতৰ ১২৫ কৌটি মানুহক সামৰি। আই মাতৃসকলৰ স্বাবলম্বনৰ বাবেও বিভিন্ন আচনি লৈছে। ৰন্ধন গেছো আগতে যেন ধনী মানুহৰ বাবেহে আছিল। আজি কেচা ঘৰত থকা আই মাতৃসকলেও গেছৰ চুলাত ভাত ৰান্ধে। কৌটি কৌটি মানুহে আজি গেছ পাইছে বা সুলভ মূল্যত চিলিণ্ডাৰ পাইছে। ধনী মানুহৰ বাবে এইটো সাধাৰণ কথা হ’ব পাৰে কিন্তু যি সকলে ৩ ঘন্টা ধৰি ধোৱাৰ মাজত খৰিত ভাত ৰান্ধে তেওঁলোকৰ বাবে এইটো ডাঙৰ বস্তু। বিদ্যুত বা গেছেৰে ৰাইজৰ অকল জীবনৰ মান উন্নত কৰাই নহয় স্বাস্হ্য জনিত ভাবেও বহু আগুৱাই নিছে। স্বস্হ ভাৰত মিচনটোও অকল মোডীজীৰ সপোন হৈ থকা নাই গোটেই দেশবাসীৰ সপোন হৈ পৰিছে। এইটো পৃথিবীৰ ভিতৰতে এটা অভূতপূৰ্ব আচনি যত চৰকাৰে ধন দি অকল অনাময় কৰি দিয়াই নহয় বিভিন্ন সংস্হাইও ইয়াত সহায় কৰিছে। মহাত্না গান্ধীয়ে যিটো আশা কৰিছিল মোডীজীয়ে তাৰ সাৰ্থক ৰুপ দিছে স্বস্হ ভাৰত বনোৱাৰ ক্ষেত্রত। দেশৰ উন্নতিৰ বাবে আমি নিজে কৰিবলগীয়া কাম মোডীজীয়ে আমাক দেখুৱাই দিছে।
ৰাজনীতি অসমঃ মিনি চিত্রগৃহ ন’হলে অসমীয়া চিনেমাৰ অবস্হা ভাল হ’ব বুলি আশা কৰিব নোৱাৰি। যোৱা দুবছৰত কিমান মিনি চিত্রগৃহ বনোৱাৰ কাম আৰম্ভ কৰিলে?
পবিত্ৰ মাৰ্ঘেৰিটাঃ যিকোনো এটা হ’ল বনাবলৈ আমি আগতে দেখা মতে চব নিয়ম কানুন মানি প্ৰায় তিনি বছৰ সময় লাগে। আগতে এটা চিনেমা হল বনাবলৈ যিমান টাকুৰি ঘূৰা দি ঘূৰিব লাগে সেই বিলাক এতিয়া কমি গ’ল। এতিয়া কিছুমান উদ্যোগ পতিয়ে নিজাববীয়াকৈ কিছুমান চিনেমা হল নিৰ্মাণ  কৰিছে। অন্যৰ দৰে মিনি চিত্রগৃহৰ ফাইলবোৰো আজিকালি ৰঙা ফিটাৰ মেৰপেছত নাথাকে। আৰু কেইমাহমানৰ ভিতৰতে মিনি বুলি মই নকও কিন্তু আধুনিক মানৰ চিত্রগৃহ নিৰ্মাণ হব বুলি আমি আশা কৰিছোঁ
ৰাজনীতি অসমঃ চৰকাৰে এই চলচিত্র মহোৎসৱৰ জৰিয়তে অসমীয়া চিনেমাৰ কিবা লাভ হ’ব বুলি ভাবেনে?
পবিত্ৰ মাৰ্ঘেৰিটাঃ নিশ্চয়, অসমীয়া চলচিত্র জগতখন ৮৩ বছৰ পুৰণি , ভাৰতৰ ভিতৰতে অন্যতম প্ৰাচীন কিন্তু কিয় ইমানদিনে আমি এখন চলচিত্র মহোৎসৱ পাতিব পৰা নাছিলো সেইটো এটা সাথৰ। চলচিত্র মহোৎসৱ প্ৰতিখন দেশতে হয় আৰু ইয়াৰ এটা গুৰুত্ব আছে। ভাৰতৰ আগশাৰীৰ ৰাজ্য যেনে গোৱা , কেৰেলা , কলিকতা আদিত বহুতো আন্তঃৰাষ্ট্ৰীয় চলচিত্র মহোৎসৱ হয়। কিয় আমি আজিলৈকে পাতিব নোৱাৰিলো ? কিয় আমি সৰ্বানন্দ সোনোৱাল চৰকাৰখনলৈ ৰবলগীয়া হ’ল সেইটো এটা ডাঙৰ সাঁথৰ। এই মুহূৰ্তত আপোনালোকে দেখিছে ইয়াত দেশ বিদেশৰ ৰাষ্ট্ৰদূত, কূটনীতিবিদ , ছবি নিৰ্মাতা আদি আহিছে। অসমৰ প্ৰতিভা আমাৰ মজিয়াত থাকি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছো। চলচিত্র পৰ্য্যটনৰ বিকাশ হৈছে। এই মহোৎসৱ চলি থকা সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিনেমা চাবলৈ অহা মানুহ ঘূৰি ফুৰিছে। অসমৰ মনোমহা সৌন্দৰ্য তেওঁলোকৰ কেমেৰাত বন্দী হৈছে। আশা কৰিছো অনাগত দিনত অসমত দেশ বিদেশৰ চিনেমাৰ শ্বুটিং হ’ব। অসমৰ মনোমহা সংস্কৃতি আৰু পৰিবেশ গোটেই বিশ্বই দেখিব। ইয়াৰ দ্বাৰা আমাৰ পৰ্য্যটনৰ বিকাশ হ’ব। ইয়াৰ শৈক্ষিক দিশো আছে। হাজাৰ হাজাৰ ছাত্র ছাত্রী আহি চলচিত্র সমূহ প্ৰত্যক্ষ কৰিছে। দেশ বিদেশৰ বিখ্যাত লোকসকলৰ লগত পোনপতীয়াকৈ কথা পাতিছে। বিভিন্ন দেশৰ ভূগোল সংস্কৃতি জানিছে। চিনেমা যে এক শিক্ষা হ’ব পাৰে বা কেৰিয়াৰ হ’ব পাৰে সেইটো এই চলচিত্র মহোৎসৱৰ জৰিয়তে আমি হাজাৰ হাজাৰ লোকক বুজাইছো। সৰ্বানন্দ সোনোৱাল নেতৃতাধীন চৰকাৰখনে জ্যোতি চিত্রবনৰ উদ্যোগত পতা এই মহোৎসৱ কেবল চহৰ কেন্দ্ৰীক নহয়। শদিয়াৰ পৰা ধুবুৰীলৈ আনকি চুবুৰীয়া ৰাজ্যৰ পৰাও হাজাৰ হাজাৰ ছাত্র ছাত্রীক আমি ইয়ালৈ মাতি আনিছো। আমাৰ খৰচত আনি আমি তেওঁলোকক ৰাখিছো। ভাল চিনেমা যাতে দৰ্শকে চায় তাৰ এক পৰিবেশ ৰচনা হৈছে।  অসমীয়া সংস্কৃতি যে আমি অসমত থাকি বেলেগলৈ প্ৰক্ষেপ কৰিব পাৰো তাৰ এক পৰিবেশ হৈছে।  গতিকে চলচিত্র হল নিৰ্মাণৰ লগতে চলচিত্র মহোৎসৱ প্ৰতিখন ৰাষ্ট্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ।
বাকীবিলাক ৰাজ্য আৰু ৰাষ্ট্ৰ আমাতকৈ বহু আগুৱাই গ’ল। সৌভাগ্যৰ কথা সোনোৱাল চৰকাৰে আমাক এই ক্ষেত্রত দুই বছৰ অভিজ্ঞ কৰিলে।
ৰাজনীতি অসমঃ আমাক সময় দিয়াৰ বাবে আকৌ আপোনাক ধন্যবাদ জনালো
পবিত্ৰ মাৰ্ঘেৰিটাঃ ধন্যবাদ..