মোডী বনাম ৰাহুলঃ কোনে পালে কিমান ভোট

21050

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


গণতন্ত্ৰত ৰাইজেই ৰজা হৈ থকাটো আবশ্যক। সেই কথা মনত ৰাখি আমি সমাজক প্ৰভাবিত কৰিব পৰা বিভিন্ন বিষয়ৰ ওপৰত ৰাইজৰ মতামত গ্ৰহণ কৰাৰ চেষ্টা কৰো।

ৰাজনীতি অসমৰ যোৱা খণ্ডৰ অ’পিনিয়ন প’লত ৰাইজলৈ তিনিটা প্ৰশ্ন আছিলঃ

১) ২০১৯ ত কোন প্ৰধান মন্ত্রী হব?
২) অসমত কংগ্ৰেছৰ সকলোতকৈ জনপ্ৰিয় নেতা কোন?
৩) হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যোৱাটো আপুনি বিছাৰেনে?

২০১৯ লোকসভা নিৰ্বাচনলৈ মাজত মাত্র দহ মাহ আছে। বৰ্তমান সময়ত সকলোতকৈ চৰ্চিত বিষয়টো হৈছে যে ২০১৯ৰ নিৰ্বাচনত কোন জয়ী হ’ব? মোডী পুনৰ প্ৰধান মন্ত্রী হব পাৰিবনে? ৰাহুল গান্ধীৰ নেতৃত্বত চৰকাৰ গঠন হব পাৰে নেকি? নে তৃতীয় মৰ্চাৰ পৰা কোনোবা নেতা যেনে মমতা বেনাৰ্জী, চন্দ্ৰবাবু নাইডু বা কেজৰীৱাল দেশৰ প্ৰধান মন্ত্ৰী হব?

আমি এই বিষয়ে ৰাইজৰ মতামত জনাৰ প্ৰয়াস কৰিছিলো। ৰাজনীতি অসমৰ জুন খণ্ডৰ অ’পিনিয়ন প’লত আমি অসমৰ ৰাইজক এই বিষয়ে নিজৰ অভিমত ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছিলো।

ইয়াৰ উপৰিও আমাৰ টুইটাৰ একাউন্ট @RajnitiAxom ৰ অ’পিনিয়ন প’লৰ দ্বাৰা ভাৰতৰ অন্য ৰাজ্যৰ মানুহৰ পৰাও এই বিষয়ত মত সংগ্ৰহ কৰিছো।

অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ ওৱেবচাইত www.rajnitiaxom.com ত কৰা অ’পিনিয়ন প’লত ৫০০ তকৈ অধিক ৰাইজে অংশগ্ৰহন কৰিছা তথা আমাৰ টুইটাৰত ৩০০ তকৈ অধিক মত লাভ কৰিছো। আমি সকলোকে  ধন্যবাদ জনাইছো।

www.rajnitiaxom.com ত কৰা অ’পিনিয়ন প’ল যত কেবল অসমৰ মানুহে ভাগ লৈছে , ফলাফল তলৰ দণ্ড চিত্রত প্ৰতিফলিত হৈছে।

৬৫.৮০% লোকৰ মতে মোডী ডাঙৰীয়া ২০১৯ত পুনৰ দেশৰ প্ৰধানমন্ত্রী হব। ২৮.৮০% ৰাইজে ৰাহুল গান্ধীৰ সপক্ষে ৰায়দান কৰিছে। বাকী থকা ৫.৪০% ই তৃতীয় কোনোবা নেতা ২০১৯ত প্ৰধানমন্ত্রী হব বুলি ভাবে।

আমাৰ টুইটাৰ একাউন্ট @RajnitiAxom r দ্বাৰা লোৱা সৰ্বভাৰতীয় ৰাইজৰ মতামত এনে ধৰনৰঃ

সৰ্বভাৰতীয় পৰ্যায়তো মোডী ডাঙৰীয়াৰ জনপ্ৰিয়তা অটুট আছে। মোডীয়ে ৬৩.৩৩% ভোট পোৱাৰ বিপৰীতে গান্ধীয়ে ২২% ভোট লাভ কৰিছে। সৰ্বভাৰতীয় পৰ্য্যায়ত তৃতীয় প্ৰাৰ্থীয়ে মত অলপ বেছিকৈ পাইছে। ১৪.৬৭% লোকে মোডী বা গান্ধীক নিৰ্বাচন নকৰি অন্যক ভোট দিছে।

আমাৰ ওৱেবচাইট আৰু টুইটাৰ মিলাই কৰা চুৰান্ত ফলাফলঃ

আমাৰ ওৱেবচাইট আৰু টুইটাৰ মিলাই ৮০০ তকৈও অধিক মতৰ ভিত্তিত আমাৰ অ’পিনিয়ন প’লৰ চুৰান্ত ফলাফলত মোডীয়ে ৬৪.৮৮%, ৰাহুল গান্ধীয়ে ২৬.৩৪% আৰু অন্যই ৮.৭৮% মত লাভ কৰিছে।

আমাৰ অ’পিনিয়ন প’লৰ পৰা এইটো কথা প্ৰমাণ হৈছে যে মোডী ডাঙৰীয়াৰ জনপ্ৰিয়তা এতিয়াও অটুট আছে। নৰেন্দ্ৰ মোডী আৰু ৰাহুল গান্ধীৰ মাজত এতিয়াও প্ৰায় ৪০% ব্যবধান আছে। লোকসভা নিৰ্বাচনলৈ মাজত মাত্র দহমাহ আছে। কিন্তু বৰ্তমান কব পাৰি যে এদভান্টেজ মোডী।

ৰাজনীতি অসমৰ অান দুটা অ’পিনিয়ন প’লৰ ফলাফল তথা অন্য ৰাজনৈতিক বিশ্লেষণ আৰু খবৰৰ বাবে আমাৰ ওৱেবচাইত www.rajnitiaxom.com ক্লিক কৰক।


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) ৰ তৃতীয় খণ্ড প্ৰকাশ হ’ল জুলাই ২০১৮ত। আমাৰ জুন খণ্ডই ৭৫০০০ ভিউজ অতিক্ৰম কৰিছে।জুনৰ সকলোতকৈ জনপ্ৰিয় লেখনি তিনিটা হ’ল:

1. ২০১৯: বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা – 24000 + views
2. বৰ্তমান সময়ত বিপিএফ দলে অবিজেপি চৰকাৰ গঠনৰ সমীকৰণক গুৰুত্ব নিদিয়ে : প্ৰবীণ বড়ো – 13,500+ views
3. ২০১৯ ত মোডী নে ৰাহুল? অ’পিনিয়ন প’ল জুন ২০১৮ – 8900+ views