মোডী মন্ত্ৰীসভাত কোন সফল কোন বিফল

5380

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


মোডী চৰকাৰে ইতিমধ্যে ৫০ মাহ সম্পূৰ্ণ কৰিলে। অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ৰাজনীতি অসমৰ সম্পাদনা মেজত কাম কৰা মণ্ডলীয়ে প্ৰস্ত্তত কৰি উলিয়াইছে মোডী মন্ত্রীসভাৰ সফল আৰু বিফল মন্ত্রীৰ তালিকা।

পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এই তালিকাত আছে ৫জন সফল আৰু ৫জন বিফল মন্ত্রী।

সফল মন্ত্রীঃ

১) নিতিন গাডকাৰীঃ পাৰদৰ্শী মন্ত্রী হিচাপে শীৰ্ষ স্হানত আছে স্হল পৰিবহন তথা ৰাষ্ট্ৰীয় ঘাই-পথ, জাহাজ আৰু গংগা উন্নতীকৰণ বিভাগ বিলাকৰ মন্ত্রী নিতিন গাডকাৰী। কেইবা লাখ কৌটি টকাৰ পৰিতক্ত আচনি বিলাকৰ সমস্যা বিলাক খুব সোনকালে সমাধান কৰি স্হল পৰিবহণ বিভাগটোক গতি দিবলৈ সক্ষম হয় গাডকাৰীয়ে। ইউ.পি.এ চৰকাৰৰ দিনত প্ৰতিদিন ১০ কিমি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈছিল। নিতিন গাডকাৰীৰ প্ৰচেষ্টাত ঘাইপথ নিৰ্মাণ ২৭ কিমি লৈ বৃদ্ধি পাইছে। বিশ্বৰ ভিতৰতে প্ৰথম ১৪ লেন হাইৱে নিৰ্মাণ আৰম্ভ কৰিছে গাডকাৰীয়ে। দিল্লী আৰু মিৰাটৰ মাজৰ এই পথটোৰ প্ৰথম ভাগটো মোডী ডাঙৰীয়াই জুন মাহত ৰাইজৰ বাবে মুকলি কৰি দিয়ে। বিজেপিৰ প্ৰাক্তন সভাপতি গাডকাৰী কেন্দ্ৰীয় কেবিনেটৰ সভা বিলাকতো খুব সক্ৰিয় বুলি জনাজাত। তেখেতে যে নিজৰ বিভাগতে ভাল কাম কৰিছে এনে নহয়, অন্য মন্ত্রী বিলাককো দিহা পৰামৰ্শ দি সহায় কৰে। উত্তৰ পূৰ্বাঞ্চলৰ জল পৰিবহণ উন্নত কৰাৰ বাবে তেখেতে অভিলাষী আচনি লৈছে। চি প্লেন, ইলেকট্ৰিক গাড়ীৰ প্ৰসাৰৰ ক্ষেত্রটো তেখেতে প্ৰশংসনীয় পদক্ষেপ লৈছে। তেখেতে কথা দিছে যে ২০১৯ মাৰ্চৰ ভিতৰত ৮০% গংগাৰ পানী পৰিষ্কাৰ হৈ যাব। নিসন্দেহে নিতিন গাডকাৰী মোডী মন্ত্রীসভাৰ সকলোতকৈ পাৰদৰ্শী মন্ত্রী।

২) পিযুষ গোৱেলঃ পিযুষ গোৱেল মোডী মন্ত্রীসভাত অৰ্ন্তভুক্ত হৈছিল শক্তি আৰু কয়লা ৰাজ্য মন্ত্রী হিচাপে। কয়লা খনি বিলাকৰ নিলাম স্বচ্ছ ভাবে সম্পূৰ্ণ কৰি তেখেতে ভাৰতত বিজুলী সমস্যাৰ অন্ত পেলালে। পেচাত এজন চাৰটাৰ্ড একাউন্টতেন্ট গোৱেলৰ কামত সন্ত্তষ্ট হৈ মোডী ডাঙৰীয়াই তেখেতক কেবিনেট পৰ্য্যায়লৈ পদোন্নতি দিয়ে। ভাৰতৰ সকলো গাওঁলৈ বিজুলী লৈ যাবলৈ তেখেতে কৰা প্ৰচেষ্টা সফল হয়। ২০২২ লৈ সকলো ঘৰত বিজুলী যোগান ধৰা লক্ষ্য চৰকাৰে বান্ধি লৈছে। উজালা আচনিৰ অধিনত ২৩ কৌটি এল.ই.দি বাল্ব বিতৰণ কৰা হৈছে যাৰ বাবে ভাৰতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপতত ভাৰত প্ৰশংসিত হৈছে। বৰ্তমান তেখেত ভাৰতৰ ৰেল মন্ত্রী। অৰুন জেটলীৰ অসুস্হতাৰ সময়ত গোৱেলে ভাৰতৰ বিত্ত মন্ত্ৰীৰ দায়িত্বও লব লগীয়া হ’য়। শক্তি মন্ত্ৰীৰ ৰুপত সফল হোৱা গোৱেলে ৰেল বিভাগতো সংস্কাৰৰ বাবে অহৰহ চেষ্টা কৰি আছে।

৩) সুষমা স্বৰাজঃ প্ৰথমবাৰৰ বাবে এজন বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্রীয়ে ৰাইজৰ লগত প্ৰত্যক্ষ  যোগাযোগেৰে সমস্যা সমাধান কৰা দেখা গ’ল। বিদেশত হোৱা ভাৰতীয় মানুহৰ যিকোনো সমস্যা শ্ৰীমতী স্বৰাজে ক্ষিপ্ৰতাৰে সমাধান কৰে। ইয়াৰ উপৰিও পাছপৰ্টৰ বিলম্বৰ বাবে তেখেতক ৰাইজে টুইটাৰত যোগাযোগ কৰিলে ততালিকে উত্তৰ পোৱা যায়। সংসদত বিৰোধী দলৰ সাংসদে বহুবাৰ সুষমা স্বৰাজক প্ৰশংসা কৰিছে। আমেৰিকা, ইজৰাইল আৰু জাপানৰ লগত ভাৰতৰ সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্রত তেখেতৰ অবদান আছে। সেইবাবে আমি সুষমা স্বৰাজ ডাঙৰীয়ানীক আমাৰ তালিকাত তৃতীয় স্হানত ৰাখিছো।

৪) ধৰ্মেন্দ্ৰ প্ৰধানঃ পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰদৰ্শনত সন্ত্তষ্ট হৈ মোডী ডাঙৰীয়াই তেখেতক ৰাজ্যিক মন্ত্রীৰ পৰা কেবিনেটলৈ পদোন্নতি দিছিল। কৌশল বিকাশৰ দ্বৰে গুৰুত্বপূৰ্ণ বিভাগো তেখেতক অৰ্পন কৰা হৈছে। পেট্ৰলিয়াম মন্ত্রালয়ক দালাল ৰাজৰ পৰা মুক্ত কৰি প্ৰধানে কেইবাটাও সাহসী পদক্ষেপ গ্ৰহন কৰিছে। ডিজেলক ৰাজ সাহাজ্যৰ পৰা মুক্ত কৰা, দৈনিক পেট্ৰলৰ দাম সলনি কৰা তথা ৰন্ধন গেছৰ টকা বেংক একাউন্টত দিয়া আচনিটো সফল বাবে ৰুপায়ণ কৰি তেখেতে চৰকাৰৰ বহু হাজাৰ কৌটি টকাৰ ৰাজহ ৰাহি কৰিছে। এই ৰাহি হোৱা টকাৰে চৰকাৰে ৮ কৌটিৰো অধিক মহিলাক গেছৰ সংযোগ দিবলৈ সক্ষম হৈছে। উত্তৰ প্ৰদেশত বিজেপিৰ বিজয়ত এই যোজনাই বিশেষ ভাবে সহায় কৰে।

৫)অৰুণ জেটলী অৰুণ জেটলীৰ সাক্ষাৎকাৰ প্ৰত্যক্ষ কৰিলে অনুভব কৰিব পাৰি যে  নিজৰ বিভাগৰ ওপৰত তেখেতৰ জ্ঞান গভীৰ। জি.এছ.টি সফল ভাবে প্ৰবৰ্তন কৰি তেখেতে বিত্ত মন্ত্ৰী হিচাপে খ্যাতি অৰ্জন কৰিছে। অন্য দেশবোৰত জি.এছ.টি অনাৰ পিছত সমস্যাবোৰ সমাধান কৰিবলৈ বহুত বছৰ লাগিছেল। কিন্তু ভাৰতবৰ্ষত জি.এছ.টিৰ পিছত হোৱা সৰু বৰ সমস্যাবোৰ ক্ষিপ্ৰতাৰে সমাধান কৰি ৰাজহো বৃদ্ধি কৰিবলৈ সক্ষম হৈছে জেটলীয়ে। আধাৰ কাৰ্ডৰ ব্যবহাৰৰ ফলত হোৱা ৰাজহ ৰাহিৰ কৃত্যিত্ব জেটলীয়ে পাব। মনত ৰখা ভাল যে আধাৰ কাৰ্ড ভাৰতত ইউ.পি.এ চৰকাৰে আৰম্ভ কৰিছিল কিন্তু তেওঁলোকে ইয়াৰ সুফল দেশখনক দিব পৰা নাছিল। অবশ্যে বিমুদ্ৰাকৰণৰ ফলত দেশত কি লাভ হ’ল সেই কথাটো বুজোৱাত ব্যৰ্থ হৈছে জেটলী।

বিফল মন্ত্রী

১) উমা ভাৰতীঃ জলসম্পদ আৰু গংগা উন্নয়ন মন্ত্ৰী উমা ভাৰতীয়ে এটা সোনালী সুযোগ পাইছিল। ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতীক গংগা নদীৰ পানীক নিৰ্মল কৰাৰ গুৰুদায়িত্ব আছিল ভাৰতীৰ ওপৰত। ১২০০ কৌটি টকা, উন্নত টেকন’লজী আদিৰে গংগা পৰিষ্কাৰ কৰাৰ বাবে কেইবাটাও আচনি লৈছিল তেখেতে। কিন্তু এই আচনি বিলাকক সঠিক দিশ দিব নোৱাৰাত কামবোৰ ভবা মতে হৈ নুঠিল। মোডী ডাঙৰীয়াৰ ধৈৰ্য্য চ্যুতি হ’ল আৰু উমা ভাৰতীক আতৰাই গাডকাৰীক গংগা নদী তথা জলসম্পদ মন্ত্রনালয়ৰ দায়িত্ব দিলে। উমা ভাৰতী বৰ্তমান পেয়-জল বিভাগৰ মন্ত্রী অাৰু ইয়াতো তেখেতে ভাল কাম কৰি দেখুৱাব পৰা নাই।

২) ৰাধামোহন সিং:  কৃষকৰ আত্মহত্যা মোডী চৰকাৰে ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। কংগ্ৰেছে দাবী কৰা মতে মোডী চৰকাৰৰ দিনত কৃষকৰ আত্মহত্যা ৪১% বৃদ্ধি পাইছে। যোৱা চাৰি বছৰে ৰাধা মোহন সিংৰ পৰা কৃষকৰ উন্নয়নৰ কাৰণে কোনো প্ৰচেষ্টা লোৱা দেখা নগ’ল। প্ৰধান মন্ত্রী আৰু বিত্ত মন্ত্রীৰ ফালৰ পৰা কোৱা হৈছে যে ২০২২ চনলৈ কৃষকৰ আয় দুগুন কৰা হ’ব। কিন্তু কৃষি মন্ত্রীৰ প্ৰদৰ্শনৰ ভিত্তিত কব পাৰি যে এয়া মাথোন এক অলীক কল্পনাঁ।

৩) স্মৃতি ইৰানীঃ মানব সম্পদ উন্নয়নৰ দ্বৰে গুৰুত্বপুৰ্ণ বিভাগ চলোৱাত চুৰান্ত ভাবে ব্যৰ্থ হৈছিল ইৰানী। ৰোহিত বাৰ্মুলাৰ মৃত্যু আৰু জে.এ.নিউত উদ্ভব হোৱা সমস্যাত বিতৰ্কিত মন্তব্য কৰি মানব সম্পদ বিভাগৰ পৰা অপসাৰিত হ’ব লগা হৈছিল ইৰানী। তথ্য আৰু সম্প্ৰচাৰ বিভাগতো বিতৰ্কই ল’গ এৰা নাছিল স্মৃতি ইৰানীক। ভূৱা বাতৰি পৰিবেশন কৰিলে স্বীকৃতি বাতিল কৰাৰ ধমকি হিয়া হৈছিল তেখেতৰ মন্ত্রনায়লৰ পৰা। শেষত যেনিবা প্ৰধান মন্ত্ৰীৰ হস্হক্ষেপত সলনি কৰিব লগীয়া হ’ল সিদ্ধান্ত। কিন্তু এই মন্ত্রালয়ো হাতৰ পৰা গুছি গ’ল ‘ছাচ ভি কভি বহু থি’ৰ জৰিয়তে জনপ্ৰিয় হৈ ৰাজনীতিত প্ৰবেশ কৰা মহিলা গৰাকীৰ। এতিয়া বস্ত্ৰ মন্ত্রালয়ৰ দায়িত্বত থকা স্মৃতি ইৰানীৰ ভবিষ্যতৰ কাৰ্য্যপন্হাৰ ওপৰত আমাৰ নজৰ থাকিব।

৪) সদানন্দ গৌড়াঃ প্ৰথমতে ৰেল মন্ত্রী, তাৰ পিছত আইন মন্ত্রী আৰু শেষত পৰিসংখ্যাৰ নিচিনা গৌন বিভাগৰ দায়িত্ব পালে সদানন্দ গৌড়াই। ৰেল বিভাগৰ সংস্কাৰৰ বাবে ৰ’ড মেপ তৈয়াৰ কৰাত ব্যৰ্থ হোৱাৰ পিছত মোডীয়ে গৌড়াক আইন বিভাগলৈ স্হানান্তৰিত কৰে। কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রীজনে আইন বিভাগতো অসফল হ’ল। তেখেতৰ কাৰ্য্যকালত চৰকাৰে বহুতো গুৰুত্বপূৰ্ণ কেচত পৰাজিত হয়। উপায়বিহীন হৈ তেখেতক আইন বিভাগৰ পৰা আতৰাই পৰিসংখ্যা বিভাগ দিয়া হ’য়।সেয়ে আমাৰ ব্যৰ্থ মন্ত্রীৰ তালিকাত চতুৰ্থ স্হানত আছে সদানন্দ গৌড়া।

৫) ৰাজনাথ সিং: কাশ্মীৰ সমস্যা সমাধান কৰাত বিফল হৈছে গৃহ বিভাগ। বিজেপি নেতৃত্বাধীন চৰকাৰ অহাৰ পিছত কাশ্মীৰ সমস্যাৰ অধিক অবনতি হৈছে।যোৱা ৩.৫ বছৰত ২১১ জন সেনা জোৱান আৰু ১০৯ জন সাধাৰণ নাগৰিকক হত্যা কৰা হৈছে। ২০১৭ শ্ৰীনগৰ উপ নিৰ্বাচনত কেবল ৭% ভোটদান হৈছিল। কাশ্মীৰক বাদ দি দেশৰ আন ঠাইত কোনো ডাঙৰ সন্ত্রাসবাদীৰ আক্ৰমন হোৱা নাই আৰু সেইবাবে গৃহ বিভাগ প্ৰশংসাৰ পাত্র। কিন্তু কাশ্মীৰৰ বিফলতাৰ বাবে কোনোবাই দোষ মুৰ পাতি লবই লাগিব আৰু সেইবাবে ৰাজনাথ সিংক ব্যৰ্থ মন্ত্রীৰ তালিকাত পঞ্চম স্হানত ৰখা হৈছে।


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)