মোদীৰ গুজৰাটত

1832
  • প্ৰদীপ পাটোৱাৰী

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


গুজৰাট ৰাজ্যৰ কথা , এই ৰাজ্যৰ উন্নতিৰ কথা, গুজৰাট মডেলৰ কথা খবৰে কাগজে, টিভিয়ে , দেখি-শুনি, পঢ়ি  মোৰ গুজৰাট ভ্ৰমণ কৰাৰ বাসনা জন্মিছিল। লগৰ বন্ধু দুজনক লগ ধৰি গুজৰাটলৈ যোৱা পৰিকল্পনা কৰিলোঁ । গুজৰাট যিহেতু গৰম ঠাই, ঠাণ্ডাত দিনত যাব পাৰিলে ভাল।
কথামতে কাম, আমি গুৱাহাটীৰ পৰা আহমেদাবাদলৈ আকাশী মাৰ্গেৰে যোৱাৰ বাবে টিকট ল’লো আৰু যথা সময়ত নিজৰ লাগতীয়াল টকা পইচা, পৰিচয় পত্ৰ , এ টি এম কাৰ্ড আৰু কাপোৰ কানি, ঔষধ– বস্তুৰ মোনা লৈ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পালো। যথাসময়ত বিমানত উঠি প্ৰায় তিনি ঘণ্টামানৰ মূৰত আহমেদাবাদ বিমানবন্দৰ পালো। পিছলৈ নিজৰ নিজৰ বস্তু বাহানি লৈ আমাৰ বাবে ৰৈ থকা ড্ৰাইভাৰক ফোন কৰি মটৰ গাড়ীত উঠিলো,    তিনি বন্ধু __ মই,কুমুদ ৰঞ্জন পাটগিৰি আৰু গণেশ দাস।
আধা ঘন্টা মানৰ মুৰত আমাৰ হোটেল পালো।
প্ৰথম দিনৰ গধুলীৰ প্ৰগ্ৰেম আহমেদাবাদ চহৰ চাই এই চহৰৰ সম্যক আভাষ লোৱা। আৰু সন্ধিয়া আহমেদাবাদ চহৰৰ মাজমজিয়াত থকা কাংকাৰিয়া লেক বা হ্ৰদ, চিৰিয়াখানা আদি চোৱা।
কাংকাৰিয়া হ্ৰদ বৰ ডাঙৰ , বিশাল , হ্ৰদৰ চাৰিওফালে বৃত্তাকাৰ পকা ৰাস্তা , আটকধুনীয়া লাইট ,আৰু ৰাস্তাৰ কাষত খেলাৰ , খোৱাৰ, নানা ধৰণৰ মনোৰঞ্জনৰ দোকান। ৰাস্তাত ই-ৰিক্সা চলে আৰু টিকট কাটি মিনি ট্ৰেইনত উঠিও হ্ৰদৰ চাৰিওফালে মনোৰম দৃশ্য উপভোগ কৰিব পাৰি। গধুলী মানুহে হ্ৰদৰ পাৰত বহি, খোজ কাঢ়িও ঠান্দা পৰিবেশত সপৰিয়ালে সময় কটায় আৰু ছা-পোহৰৰ লুকাভাকু উপভোগ কৰে।
হ্ৰদৰ মাজত লাইট এন্দ চাউন্দেৰে আৰু লেজাৰ ৰশ্মিৰ দ্বাৰা মহাত্মা গান্ধীৰ আৰু গুজৰাটৰ ওপৰত আলোকপাত কৰে। হ্ৰদৰ পানীত নৌকা বিহাৰৰ ব্যৱস্থা আছে। আমাৰ চিৰিয়াখানা চোৱা নহ’ল।

দ্বিতীয় দিনৰ ৰাতিপুৱাৰ ভাগত বাপুৰ সৱৰমতি আশ্ৰম চালো। সৱৰমতি নদীৰ পাৰত বিশাল আশ্ৰম- য’ত গান্ধীজীয়ে জন্মগ্ৰহণ কৰা ঠাই পোৰবন্দৰৰ পৰা আহি সপৰিয়ালে আছিল । গান্ধীজীৰ বাতৰি কাকতৰ ছপাশাল, ৰান্ধনী ঘৰ , শোৱা ঘৰ এতিয়াও সুন্দৰকৈ সংৰক্ষিত হৈ আছে । ইয়াত গান্ধীৰ যঁতৰত সুতা কটাৰ পৰা নানাবিধ যন্ত্ৰ , আচবাব পত্ৰ দেখিবলৈ পোৱা যায়। গান্ধীয়ে ব্যৱহাৰ কৰা পানীৰ কুৱা , সকলো ঘৰ দুৱাৰ ভালদৰে সংৰক্ষণ কৰা আছে।
ইয়াৰ পিছৰ প্ৰগ্ৰেম গান্ধী নগৰৰ অক্ষৰধাম বা স্বামী নাৰায়ণ মন্দিৰ দৰ্শন । গধূলী তিনিটা মানতে আমি গান্ধী নগৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। বৰ পৰি পাতিকৈ বনোৱা ৰাস্তা ঘাট , পাতল পাতল কৈ ঘৰ , অফিচ কাছাৰী, গছ গছনীৰে ভৰা এখন অত্যাধুনিক নয়নাভিৰাম উদ্যান উদ্যান লগা চহৰ নাম যাৰ গান্ধী নগৰ- গুজৰাট ৰাজ্যৰ ৰাজধানী। তাতেই অৱস্থিত অক্ষৰধাম বা স্বামী নাৰায়ণ মন্দিৰ- য’ত জোতা চেন্দেল, ম’বাইল ,মোনা, চামৰাৰে তৈয়াৰ কৰা একো বস্তু ভিতৰলৈ লৈ যোৱা নিষিদ্ধ। কটকটীয়া নিৰাপত্তা এক্সৰে মেচিনেৰে চোৱাৰ উপৰিও প্ৰত্যেক ব্যক্তিৰ তালাচি লৈ হে ভিতৰলৈ যাবলৈ দিয়ে। শাৰিপাতি যাব লাগে। হাজাৰ হাজাৰ মানুহ। ভিতৰত গৈ মন্দিৰৰ ফুলনিৰ বাগিচা , পানীৰ ফোৱাৰা চাই সঁচাকৈ সকলো আনন্দিত। মন্দিৰৰ পৰিচালনা প্ৰশংসাৰ পাত্ৰ। ভিতৰত আৰতি আৰম্ভ হৈছিল। স্বামী নাৰায়ণ আৰু আন আন আচাৰ্য্য সকলৰ  মূৰ্তিবোৰ সুন্দৰকৈ সজাই ৰাখিছে। স্বামী নাৰায়ণৰ জীৱন বৃত্তান্ত আবিৰ্ভাৱ , জীৱন দৰ্শন সুন্দৰকৈ লিখা আছে। পৃথিৱীৰ বিভিন্ন দেশৰ – চহৰত প্ৰায় ১৩০০ মন্দিৰ আছে । মন্দিৰৰ আৰতি, লাইট আৰু চাউন্দ উপভোগ কৰি মন্দিৰৰ লাড়ু কিনি ভগাই খাই সন্ধিয়া প্ৰায় আঠ বজাত তাৰ পৰা ওলাই আহোঁ। গুজৰাটত সাত বজাত হে সূৰ্য্যাস্ত হৈছিল।
ৰাতি প্ৰায় ৯ বজা মানত আহমেদাবাদ চহৰৰ মাজমজিয়াৰ সৱৰমতী নদীৰ দুই পাৰত ( River Front Garden) অৱস্থিত ফুলৰ বাগিচা চোৱা, লাইটৰ লুকাভাকু উপভোগ কৰা আৰু নদীৰ দুই পাৰত ফুৰা চকা কৰি নদী পাৰৰ মনোৰম দৃশ্য উপভোগ কৰাৰ সকলো ব্যৱস্থা আছে । পিছত সৱৰমতি নদীৰ দুই পাৰত নদীৰ পানীতে লাগি থকা বাগিচাত ঘুৰি আহি তাতে থকা বেঞ্চত বহি নদীৰ পানীত স্ট্ৰিট লাইটৰ পোহৰৰ নদীৰ পানীৰ জলকেলি উপভোগ কৰিলো। মাজতে বন্ধুৱে দিয়া পপকৰ্ণ নে কি খালো আৰু কেতিয়ানো ৰাতি দহটা হ’ল গমকে নাপালোঁ- ড্ৰাইভাৰৰ মাতত হে সকলোৰে সপোন ভাঙিল। নদীৰ বুকুত নাৱত উঠা নহ’ল। বাহিৰতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিলো আৰু হোটেললৈ আহিলো, আৰু কেতি‌‌য়া যে নিদ্ৰাদেৱীয়ে গ্ৰাস কৰিলে কবই নোৱাৰিলো।
পিছদিনাখনৰ মানে তৃতীয় দিনাৰ প্ৰগ্ৰেম- পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্তি- স্টেচু অফ ইউনিতি ( Statue of Unity – 182 metres) চোৱা। আহমেদাবাদ ৰ পৰা প্ৰায় ১৮৫ কি: মি: । আমি ৰাতিপুৱা ৭ বজাতে হোটেলত ৰাতিপুৱাৰ আহাৰ ভালদৰে খাই লৈ যাত্ৰা আৰম্ভ কৰিলোঁ । সুন্দৰ হাইৱে , দুই কাষত শাৰী শাৰী গছ ,নাৰিকলৰ ডাঙৰ ডাঙৰ বাগিচা। বাগিচা নথকা ঠাইত খেতি পথাৰ- ক’ৰবাত কপাহৰ, ক’ৰবাত মাকৈ বা জৱ, গম ধানৰ অথবা জিৰা আদিৰ খেতি। খেতি নথকা পথাৰবোৰ ট্ৰেক্টৰেৰে চহাই থোৱা আছিল। ঠায়ে ঠায়ে পথাৰৰ মাজত পানীৰ পাম্প দেখিলোঁ। উইন্দ মিল অথবা বতাহৰ সহায়ত সুউচ্চ  পাঙ্খা ঘুৰিবলৈ দি তাৰ পৰা বিদ্যুৎ উৎপাদন কৰি খেতিত পানী যোগান ধৰাৰ লগতে আন ঠাইলৈ বিদ্যুৎ লৈ যোৱা দেখিলোঁ। আমাৰ ড্ৰাইভাৰ আৰু গাইদৰ পৰা গম পালো- আগতীয়াকৈ পথাৰ সাজু কৰি থৈছে, বৰষুণ পৰিলে খেতি আৰম্ভ কৰিব। হাইৱেত ক’তো ৰৈ থাকিব লগা হোৱা নাছিল, কাৰণ বেছি ভাগ ৰাস্তাতে উৰণীয়া সেতু আছিল। ক’তো মানুহৰ জুম বা এনেয়ে কথা কৈ ৰৈ থকা নেদেখিলো।
লাহে লাহে ওখ পাহাৰ দেখা পোৱা গ’ল – পাহাৰ বোৰ শিলাময় , আমাৰ অসমৰ পাহাৰৰ দৰে সেউজীয়া নহয় ।পুৱা ৯.৩০ বজাত নৰ্মদা নদীৰ পাৰৰ সুউচ্চ (১৮২ মিটাৰ , অকল মূৰ্তি টোৱে ) চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তি ( স্টেচু অফ ইউনিতি – Statue of Unity) বহু দূৰৰ পৰাই দেখা পালো। পিছত টিকট কাটি প্ৰথমে চাৰিখন এলিভেটৰেৰে আৰু পিছত লিফ্টেৰে মূৰ্তিৰ ভিতৰে ভিতৰে ওপৰলৈ যাব লাগে। ওপৰত গৈ দূৰদূৰলৈ নৰ্মদা নদী আৰু নদীৰ মাজত বন্ধা হাইদ্ৰো ইলেকট্ৰিকেল  বান্ধ চাব পাৰে। মূৰ্তিৰ থুতুৰিলৈ যাব পাৰি আৰু ভিতৰত থাকিলে গম নাপায় যে আমি এটা প্ৰকাণ্ড মূৰ্তিৰ মাজত আছো। ভিতৰত আৰু আছে মিউজিয়াম, পুঠি ভৰাল , য’ত পেটেলৰ বিষয়ে ছা- ছবিৰ দ্বাৰা বুজায় থকা হৈছে। সকলোবোৰ শীত-তাপ নিয়ন্ত্ৰিত। আৰু আছে দৰ্শনাৰ্থীৰ বাবে বহা ঠাই আৰু শৌচালয় আদি। তাৰ পৰা ওলাই ওচৰতে থকা নদী দাম আৰু ফুলনি বাগিচা ও চাব পাৰি। বাহিৰত সৰু দোকান ও আছে য’ত নাৰিকলৰ পানী , চাহ জলপান খাব পাৰি।
চতুৰ্থ দিনত আমি আহমেদাবাদৰ বাহিৰত গ’লো- জামনগৰ হৈ শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰী আৰু প্ৰসিদ্ধ সোমনাথ মন্দিৰ চাবলৈ।
জামনগৰত এৰাতি থাকি তাত হ্ৰদৰ মাজত থকা ৰজাৰ দূৰ্গ ৰাজপ্ৰসাদ, স্বামী নাৰায়ণ মন্দিৰ আদি চাই হোটেলত নিশাটো কটালো।
পঞ্চম দিনত , ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি পৃথিৱীৰ সবাতোকৈ ডাঙৰ ৰিলায়েন্সৰ তেল ৰিফাইনেৰী বাহিৰে বাহিৰে চাই দুপৰীয়া দ্বাৰকা চহৰ পালো।
আৰব সাগৰৰ পাৰতে লাগি থকা, ভাৰতবৰ্ষৰ একেবাৰে পশ্চিমৰ ঠাই দ্বাৰকা চহৰ। দুপৰীয়া সাগৰৰ পাৰতে লাগি থকা হোটেলত খাদ্য গ্ৰহণ কৰিলো আৰু বেদ দ্বাৰকা মন্দিৰ চাবলৈ গ’লো। তাৰ পৰা আহি গধূলী ভগৱান শ্ৰীকৃষ্ণৰ মূল মন্দিৰ দ্বাৰকা মন্দিৰত প্ৰবেশ কৰিলোঁ। মন্দিৰৰ আৰতিৰ সময়ত তাত পালো আৰু পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ মাজে মাজে শঙ্খ , ঘন্টা, নানান মৃদংগৰ শব্দত মনপ্ৰান আপ্লুত হ’ল। মন্দিৰৰ ভোগ আৰু মিঠাইৰে মুখ ভৰালো ।
তাৰ পিছৰ দিনত প্ৰায় এঘাৰ শতিকাৰ বিখ্যাত সোমনাথ মন্দিৰ চাবলৈ ওলালোঁ।
বাটত গুজৰাটৰ পোৰবন্দৰ চহৰ- মহাত্মা গান্ধীৰ জন্ম স্থান। ঘৰৰ নাম কিৰ্তী আজাদ – Kirti Azad, দুতলীয়া  ঘৰ, বহুতো কোঠা আছে। গান্ধীয়ে জন্ম লাভ কৰা ঠাই , বিছনা , কাপোৰ, খৰম, সকলো সংৰক্ষণ কৰা আছে। লাইব্ৰেৰী, যাদুঘৰ আৰু বহুতো। গান্ধীয়ে নিজে লিখা কেইবাখনো গ্ৰন্থ কিনি ললো।
দিনৰ প্ৰায় এটা বজাত সোমনাথ চহৰত হোটেল পালো। আৰব সাগৰৰ পাৰৰ সৰু চহৰ , নাৰিকলৰ বাগিচাৰে ভৰপূৰ।
সন্ধিয়া সোমনাথ মন্দিৰত সোমালো- আৰব সাগৰৰ পাৰত।  আবেলিৰ পশ্চিমৰ সাগৰৰ বুকুত বেলি অস্ত যোৱা দৃশ্য দেখি মন আনন্দৰে ভৰি পৰিল । আৰতিৰ সময় তেতিয়া- বেদ মন্ত্ৰ শঙ্খ ঘন্টাৰ ধ্বনিত মন্দিৰৰ চৌদিশ ৰজনজনাই উঠিছিল। আমিও আৰতিত ভাগ ললো । আৰতিৰ শেষত মূল বিগ্ৰহ -শিৱলিঙ্গ , দৰ্শন কৰিলোঁ। পিছত টিকট কাটি মন্দিৰৰ বাহিৰফালে হোৱা লেজাৰ শ্বো, চা পোহৰেৰে মন্দিৰৰ গম্বুজত বুজাই দিয়া প্ৰগ্ৰেম উপভোগ কৰিলো। বহু বিদেশী আক্ৰমণ প্ৰতিহত কৰিও কেনেকৈ প্ৰতি বাৰেই মহাকালৰ আশীৰ্বাদত সোমনাথ মন্দিৰ আজিও জিলিকি আছে , ভগৱানৰ মহিমা, সকলো ইয়াত দেখুওৱা হয় প্ৰায় এঘন্টা মানৰ ভিতৰত।
পিছৰ দিনত আমি ওলালো – ভাৰতবৰ্ষৰ ভিতৰত অন্যতম অটব্য হাবি ” গিৰ অৰণ্যৰ”- মাজত থাকি, বনৰ ৰজা – সিংহ ছোৱাৰ বাবে। অৰণ্যৰ মাজত হোটেলৰ দৰে কিছুমান তাৰ কাটাৰে আবৃত ঠাই আছে- য’ত থকা খোৱা আৰু সিংহ চাবলৈ যোৱাৰ বিশেষ ধৰণৰ জীপ গাড়ী আছে- জীপ চাফাৰী। বেচৰকাৰী/ চৰকাৰী দুই ধৰণৰ জীপ চাফাৰী আছে। আমিও জীপ চাফাৰীৰে গিৰ অৰণ্যৰ প্ৰায় ১৫/২০ কি: মি: ভিতৰত সোমাইছিলো। অটব্য অৰণ্য – গছ গছনীৰে ভৰা, মাজে মাজে ওখ চাপৰ, মাজত নৈ জুৰি ও আছে । গোটেই অৰণ্য খন মজলীয়া ওখ আমাৰ ইয়াৰ চেগুন আদি গছৰ দৰে – এক ধৰণৰ গছেৰে আবৃত, গছবোৰ চেগুনৰ দৰে ওখ নহয় , আমি যোৱাৰ সময়ত গছৰ পাতবোৰ সৰি তলত পৰি আছিল আৰু সেয়েহে ৰাস্তাৰ পৰা অৰণ্যৰ বহু ভিতৰলৈ দেখা পোৱা গৈছিল। দূৰত এফালে পাহা‌ৰ । দিনৰ ভিতৰত গৰমত সিংহ বোৰে গছৰ ছাঁত , জুৰিৰ পাৰত, খোৰোংত সোমাই থাকে, সন্ধিয়া আৰু ৰাতিপুৱা ই বেছি সক্ৰিয় হয়। আমি চাৰিটা সিংহ চোৱাৰ সৌভাগ্য পাইছিলো। সিংহৰ লগতে আন আন জীৱ-জন্তু যেনে- হৰিণা, শহাপহু, ম’হ , বন-গাহৰি, নীল গাই, ময়ূৰ পক্ষী , ধনেশ পক্ষী আদি বিভিন্ন ধৰণৰ জীৱ জন্তু দেখিবলৈ পাইছিলো।
সন্ধিয়া ৬ টাৰ পৰা ৰাতিপুৱা ৬ বজালৈ থকা ঠাইৰ বাহিৰলৈ ওলাব নোৱাৰি। বৰ বিপদ বা টান বেমাৰ হ’লে প্ৰসাশনক খবৰ দিলে – সহায় পোৱা যায় বুলি শুনিবলৈ পাইছোঁ। অৰণ্যৰ কাষত কিছুমান পুৰণি গাঁও অৱস্থিত এতিয়াও আছে। সিংহ বোৰে কেতিয়াবা বনৰ বাহিৰলৈ ওলাই গৈ ঘৰচিয়া গৰু ছাগলী চিকাৰ কৰে বোলে।
ইয়াৰ পিছত আমি এদিন সাগৰৰ মাজৰ উপদ্বীপ দ্বীউ চহৰত এৰাতি কটাইছিলো আৰু তাৰপৰা পোনে পোনে আহমেদাবাদ লৈ ঘূৰি আহি পিছদিনা গুৱাহাটী পাইছিলো।
গুজৰাট ভ্ৰমণ কৰি গমপালো- গুজৰাট এখন উন্নত প্ৰদেশ, বৰষূণ কম হয় যদিও খেতিত আগবঢ়া, পথাৰ এনেয়ে পৰি নাথাকে, জলসিন্চনৰ সুব্যৱস্থা আছে, বহুতো উইন্দ মিল ( ওখকৈ ৩/৪ খনমান ডাঙৰ পাঙ্খা বতাহৰ সোতৰ সহায়ত লাহে লাহে ঘুৰি থাকে আৰু তাৰ ফলত ইলেকট্ৰিচিটি উৎপাদন হয় ) আছে, মাটি ক’লা ৰঙৰ, মানুহ পৰিশ্ৰমি , বেছিভাগ মানুহ নিৰামিষ ভোজী, বহুতো উদ্যোগ আছে , বিজুলি উৎপাদনত স্বাৱলম্বি , গৰু-ছাগলীবোৰ উন্নত জাতৰ, ওখপাখ । মানুহৰ সকলোৰে ব্যৱসায়ৰ প্ৰতি ৰাপ আছে , গছ গছনি ৰুই সকলোপিনে সেউজীয়া কৰাৰ চেস্টা কৰিছে , পানীৰ উপযুক্ত সদব্যৱহাৰ আৰু সংৰক্ষণত গুৰুত্ব দিছে ।