মোদীৰ জনপ্ৰিয়তা কমিছে

1597

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


“নতুন ভাৰত নিৰ্মানৰ বাবে ভাৰতৰ জনতাৰ জানদেশ লবলৈ গৈছিলো। আমি দেখিছো যে ভাৰতৰ কৌটি কৌটি জনতাই এই ফকীৰৰ মোনাখন মৰমেৰে উপচাই পেলাইছে।” ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলৰ ঘোষণাে দিনা জনতাক উদ্দেশ্যি ভাষণ দিছিল ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ দামোদৰদাস মোদীয়ে। ১৯৭১ চনৰ ইন্দিৰা গান্ধীৰ পিছত প্ৰথম বাৰৰ বাবে এজন প্ৰধানমন্ত্রীয়ে লাভ কৰিছিল পূৰ্ণ সংখ্যাগৰিষ্ঠতা। লোকসভাত ৩০০ খন আসন পাৰ বিজেপিৰ বাবে সম্ভব হৈছিল অকল মোদীৰ জনপ্ৰিয়তাৰ বাবে। নতুন চৰকাৰে শপত গ্ৰহণ কৰে আৰু ইয়াক নাম দিয়া হয় মোদী ২.০। ইয়াৰ আৰম্ভনি আছিল অভূতপূৰ্ব। ধাৰা ৩৭০ৰ বিলোপ, ত্রিপল তালাক আইন প্ৰণয়ন, ৰাম মন্দিৰৰ সপক্ষে ৰায় আদিত ৰাষ্ট্ৰীয়বাদী শক্তি সমূহ হৈ পৰিছিল মোদীৰ প্ৰশংসাত পঞ্চমুখ। ৰাজনৈতিক বিষয় বিলাকত চমৎকাৰ প্ৰদৰ্শন কৰিলেও এই চৰকাৰখনৰ অৰ্থনৈতিক ক্ষেত্রত প্ৰদৰ্শন আছিল দুৰ্বল। মোদী ১.০ৰ শেষৰ বছৰৰ কাৰ্য্যকালৰ পৰাই ভাৰত জি.ডি.পি কমিবলৈ আৰম্ভ কৰে। নিৰ্মলা সিতাৰমণেও সকলোকে নিৰাশ কৰে। সদ্য প্ৰকাশিত জি.ডি.পিৰ সংখ্যা অত্যন্ত চিন্তনীয়। ৩.১ জি.ডি.পি হ’ল ভাৰতৰ যোৱা দহ বছৰৰ সৰ্বনিম্ন জি.ডি.পি। ভূতৰ ওপৰত দানহ পৰাদি মাৰ্চৰ পৰা ভাৰতত আৰম্ভ হৈছে লক ডাউন। ইয়াৰ বাবে সকলোতকৈ ক্ষতিগ্ৰস্থ হৈছে ভাৰতৰ শ্ৰমিকসকল। ২০১১ ৰ জনগণনা অনুসৰি ভাৰতৰ শ্ৰমিকৰ সংখ্যা প্ৰায় ১১ কৌটি। ২০২০ত এই সংখ্যা ২২ কৌটিৰ ওচৰা ওচৰি হ’ব বুলি অনুমান কৰা হৈছে। লক ডাউনৰ সময়ত শ্ৰমিকসকলৰ নিজৰ গৃহ ৰাজ্যলৈ পলায়নৰ কৰুণ দৃশ্য সকলোৱে প্ৰত্যক্ষ কৰিছে। প্ৰথম অবস্থাত হাজাৰ হাজাৰ কিলোমিটাৰ খোজকাঢ়ি তেওঁলোক নিজৰ গাওঁৰ পিনে অগ্ৰসৰ হয়। পিছত চৰকাৰে বাছ আৰু শ্ৰমিক ৰেলৰ ব্যৱস্থা কৰে যদিও সুব্যৱস্থা নথকাৰ ফলত তেওঁলোক হাৰাশাস্তিৰ সন্মুখিন হয়। ৪৮ ঘন্টাত গন্তব্য স্থান পাবলগীয়া ৰেলএখনক সময় লাগিল ৪-৫ দিন। ভোক পিয়াহত জৰ্জৰিত মানুহসকলে ষ্টেচনত খাদ্য কঢ়াৰ দৰে ঘটনা সংঘটিত হ’ল। শ্ৰমীকৰ পৰা গাড়ীৰ ভাৰা নলবলৈ চুপ্ৰীম কোৰ্টক ৰায়দান কৰিবলগীয়া হ’ল। আজি অহা খৱৰ অনুসৰি প্ৰায় চাৰিশ শ্ৰমিক যাত্রাকালত মৃত্যুমুখত পৰে। এনে শোকাবহ ঘটনাৰ বাবে মোদী চৰকাৰ নিজৰ দায়িত্বৰ পৰা হাত সাৰিব নোৱাৰে। শ্ৰমিকৰ উপৰিও নিম্ন মধ্যবিত্ত সকলো সমস্যাত পৰিছে। ৰেস্তুৰেন্টৰ মালিক, চিনেমাৰ লগত জড়িত লোকসকল, বেচৰকাৰী খণ্ডৰ কৰ্মচাৰীসকলৰ দুখ কুলাই পাচিয়ে নধৰা হৈছে। চৰকাৰে ২ লাখ কৌটি টকাৰ পেকেজ ঘোষণা কৰিছে যদিও প্ৰকৃততে ৰাইজে ইয়াৰ পৰা কিমান সুফল পায় তাৰ ওপৰত সন্দেহ আছে। মুঠৰ ওপৰত যোৱা ছয়বছৰৰ মোদী চৰকাৰৰ এয়া সকলোতকৈ কঠিন সময়। যিজন নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা ২০১৯ত তুংগত আছিল সেই জনপ্ৰিয়তা দ্ৰুত গতিত হ্ৰাস পাইছে বুলি বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে। চৰকাৰখনৰ হাতত অবশ্যে এতিয়াও চাৰিবছৰ সময় আছে। ক’ৰোনাৰ পিছৰ সময়ছোৱাক সঠিকভাবে নিয়ন্ত্রন কৰিব নোৱাৰিলে ৰাস্তা মসৃন নহ’ব।