মোদীৰ পিছত কোন?

1192

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


২০২৪ চনৰ সাধাৰণ নিৰ্বাচনলৈ মাজত প্ৰায় আঢ়ৈ বছৰ আছে। যিকোনো নিৰপেক্ষ মানুহক যদি সোধা হয়_ পৰৱৰ্তী প্ৰধানমন্ত্রী কোন হ’ব, নিসন্তেহে ক’ব যে নৰেন্দ্ৰ মোদী ২০২৪ত পুনৰ নিৰ্বাচিত হ’ব। সাংঘাতিক ভাবে ৰাজনৈতিক পট পৰিবৰ্তন নহ’লে ২০২৪তো মোদীক ৰোধ কৰা বিৰোধীৰ বাবে সম্ভন নহয়। কেইদিনমান আগতে প্ৰকাশ পোৱা ইণ্ডিয়া টুডেৰ অ’পিনিয়ন প’লটো নৰেন্দ্ৰ মোদী তেওঁৰ প্ৰতিদ্বন্দ্বী সকলতকৈ বহু আগবাঢ়ি আছে। সেইবাবে এতিয়ালৈকে এটা প্ৰশ্ন উত্থাপন হোৱা নাই যে _ মোদীৰ পিছত কোন? বিৰোধীক বাদ দিলেও বিজেপিৰ ভিতৰতো এনে কোনো প্ৰশ্নৰ অবতাৰণা হোৱা নাই। তাৰ কাৰণ হ’ল মোদী ডাঙৰীয়াৰ শক্তিশালী ব্যক্তিত্ব। কেইদিনমান আগতে তেখেতৰ ৭১তম জন্মদিন পালন কৰা হ’ল। ২০২৪ত তেখেত পুনৰ শাসনলৈ আহিলে মাত্র এবছৰ পিছত তেখতৰ বয়স হ’ব ৭৫। তেখেতে নিজে সৃষ্টি কৰা নিয়ম অনুসৰি ৭৫ বছৰৰ উৰ্দ্ধৰ কোনো ব্যক্তি সক্ৰিয় ৰাজনীতিত থাকিব নোৱাৰে। সেই নিয়মমতেই  মন্ত্রীত্ব হেৰুৱালে নাজমা হেপতুল্লা, কলৰাজ মিশ্ৰ, য়েদুৰাপ্পা আদিয়ে। মোদী ডাঙৰীয়াই নিজৰ ক্ষেত্রত এই নিয়ম প্ৰযোজ্য কৰিব নে সেয়া এতিয়াই কোৱা টান। তথাপিও ২০২৪ৰ পিছতে ৰাজনৈতিক মহলত চৰ্চা হ’ব লগা বিষয়টো হ’ল _মোদীৰ পিছত কোন? এই ক্ষেত্রত মাত্র দুটা নাম মনলৈ আহে_অমিত শ্বাহ আৰু যোগী আদিত্যনাথ। গৃহমন্ত্রী অমিত শ্বাহে নিজৰ team বনোৱা আৰম্ভ কৰি দিছে য’ত আছে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাও। শ্বাহে আশা কৰি আছে যে মোদী কেবিনেটৰ দুই নম্বৰ মন্ত্রী হিচাপে মোদীৰ পিছত তেওঁকে পতা হ’ব ভাৰতৰ প্ৰধানমন্ত্রী। ৫৪ বছৰীয়া শ্বাহৰ সন্মুখত প্ৰধান প্ৰতিদ্বন্দ্বী হিচাপে আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী আদিত্য নাথ। উত্তৰ প্ৰদেশৰ পৰা হোৱা বাবে তেখেতৰ এদভান্টেজ এটা আছে। তাৰ উপৰিও আছে আদিত্যনাথৰ সাধাৰণ মানুহৰ মাজত জনপ্ৰিয়তা। কেইদিনমান আগতে ‘আব্বাজান’ বুলি বিৰোধীক কটাক্ষ কৰি সোপন্থী সকলৰ ব্যাপক সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে। মোদী-শ্বাহে যদি কোনো এজন বিজেপি মুখ্যমন্ত্রীক সমীহ কৰে সেয়া হ’ল যোগী আদিত্যনাথ। নিজৰ কেবিনেটত কোন থাকিব, কোনে কি বিভাগ পাব সেয়া তেওঁ নিজে নিৰ্ধাৰণ কৰে।বাকী প্ৰায়বোৰ ৰাজ্যৰে সকলো সিদ্ধান্ত লয় মোদী-শ্বাহৰ জুতিয়ে। বুদ্ধিমত্তাৰ ক্ষেত্রত অমিত শ্বাহো অবশ্যে আদিত্যনাথতকৈ কোনো গুণে কম নহয়। বিজেপি সভাপতি হিচাপে শ্বাহৰ চমকপ্ৰদ প্ৰদৰ্শন,   গৃহমন্ত্রী হৈ কাশ্মীৰৰ পৰা আৰ্টিকল ৩৭০ প্ৰত্যাহাৰ শ্বাহৰ ৰাজনৈতিক পৰিপক্কতাৰ পৰিচায়ক। বিজেপি ২০২২ত উত্তৰ প্ৰদেশত পৰাজিত হ’লেই শ্বাহৰ পথ হ’ব মসৃন। অমিত শ্বাহ প্ৰধানমন্ত্রী হ’লে লাভবান হ’ব অসমো যিহেতু মুখ্যমন্ত্রীৰ লগত তেখেতৰ সুম্পৰ্ক আছে।