মোদীৰ বিৰূদ্ধে এজন নতুন ডেভিদ

1256
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


ডেভিদ আৰু গোলিয়াথৰ যুদ্ধৰ কথা সকলোৱে শুনিছো। যেতিয়া এজন প্ৰবল পৰাক্ৰমী যোদ্ধাৰ লগত এজন নিমাখিত ব্যক্তিৰ যুদ্ধ হয় তাক ডেভিদ -গোলিয়াথৰ যুদ্ধৰ লগত তুলনা কৰা হয়। ভাৰতৰ এখন আগশাৰীৰ বাতৰি কাকতে ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনক ‘ডেভিদ বনাম ডেভিদ’ বুলি অভিহিত কৰিছে। অৰ্থাৎ মোদীৰ সন্মুখত ডেভিদ ৰূপে ঠিয় দিব কোনে? এতিয়া যেন ভাৰতত ডেভিদ হোৱাৰ প্ৰতিযোগিতা চলিছে। ইয়াৰ মুখ্য কাৰণ হ’ল মুখ্য বিৰোধী দল কংগ্ৰেছৰ দুৰ্বলতা। ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত মুখা-মুখি প্ৰতিদ্বন্দ্বিতা হোৱা আসন বোৰৰ ভিতৰত বিজেপিয়ে ৯২% আসনত জয়লাভ কৰিছিল। ২০১৯ত ই ৯৩%লৈ বৃদ্ধি হয়। কংগ্ৰেছ দলত বৰ্তমান চৰম অৰাজকতা চলি আছে। এজন এজনকৈ শক্তিশালী নেতা দল ত্যাগ কৰি গৈ আছে। এই সুযোগ গ্ৰহণ কৰি দিল্লীৰ মুখ্যমন্ত্রী ডেভিদ হ’বলৈ আগবাঢ়ি আহিছে। দিল্লীত দ্বিতীয়বাৰৰ বাবে বিশাল জনসমৰ্থন লাভ কৰাৰ পিছৰে পৰা কেজৰিৱাল উৎসাহিত হৈ পৰিছে। গুজৰাটৰ চুৰাত পৌৰসভাৰ নিৰ্বাচনত আপ দলে কংগ্ৰেছক পিছ পেলাই বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দ্বী হ’বলৈ সক্ষম হৈছে। লাহে লাহে দলটোৱে গুজৰাটত সাংগঠনিক বিস্তাৰ আৰম্ভ কৰিছে। কংগ্ৰেছৰ নিৰাশ তৃণমূল কৰ্মীবোৰৰ বহুতে আপত যোগদান কৰিছে। অহা বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰত্যহ্বান জনাবলৈ সাজু হৈছে আন্না আন্দোলনত জন্ম হোৱা দলটো। গোৱাটো ছয় বছৰ মানৰ পৰা কষ্ট  কৰি কিছু সুফল লাভ কৰিছে আপে। বিশেষকৈ গোৱাৰ খৃষ্টান ভোটাৰৰ মাজত কেজৰিৱালৰ জনপ্ৰিয়তা বাঢ়িছে। এইখন ৰাজ্যত মমতাৰ তৃণমূল দলেও দল বিস্তাৰৰ বাবে চেষ্টা কৰি আছে যদিও তৃণমূলতকৈ বহু আগত আছে আপ।কেজৰিৱালৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ হ’ব অহা বছৰৰ পঞ্জাবৰ বিধানসভা নিৰ্বাচন। বৰ্তমান ৰাজ্য খনৰ প্ৰধান বিৰোধী দল আম আদমী পাৰ্টী। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ ৫ মাহ আগলৈ আপৰ চৰকাৰ গঠন কৰাৰ সম্ভাবনা আছিল সকলোতকৈ বেছি। কিন্তু প্ৰশান্ত কিশোৰে শেষৰ ৫ মাহত খেলা সলনি কৰি দিলে। সেইবাবে এইবাৰ কেজৰিৱাল অত্যন্ত সাবধান। সঠিক সময়ত নিৰ্বাচনী প্ৰচাৰক উচ্চতাৰ শিখৰলৈ নিব পৰাটোৱে সফল ৰাজনেতাৰ পৰিচয়। অলপ আগ পিছ হ’লেই সমস্যা। যোৱাবাৰ আপৰ প্ৰচাৰ নিৰ্বাচনৰ বহু আগতেই peak কৰিছিল যিটো আছিল দলটোৰ পৰাজয়ৰ কাৰণ। পঞ্জাবত চৰকাৰ গঠন কৰি ,গোৱা আৰু গুজৰাটত প্ৰধান বিৰোধী দল হ’ব পাৰিলেই কেজৰীৱালৰ গুৰুত্ব ৰাষ্ট্ৰীয় ৰাজনীতিত বৃদ্ধি পাব। ভাৰতৰ ভোটাৰেও বিচাৰি পাব মোদীৰ বিৰূদ্ধে এজন নতুন ডেভিদক।