মোদীৰ হাতত বিধ্বস্ত হ’ল কংগ্ৰে-শেষ

1904

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


বেছিভাগ লোকে অনুমান কৰিছিল যে মোদী পুনৰ ক্ষমতালৈ আহিব। কিন্তু খুব কম সংখ্যকেহে কল্পনা কৰিছিল যে বিজেপিয়ে অকলে ৩০০ আসন পাব। বিজেপিৰ ভিতৰতো অনেকে নিজ দলে ২৪০-২৬০ আসন পাব বুলি পুৰ্মানুমান কৰিছিল। কিন্তু সকলোকে আচৰিত কৰি ভাৰতৰ জনতাই মোদীক যোৱাবাৰৰ তুলনাত বেছি আসন দিলে। ৫২ খন আসন লাভ কৰি কংগ্ৰেছ একপ্ৰকাৰ বিধ্বস্ত হৈ গ’ল। বহুতে কবলৈ আৰম্ভ কৰিছে যে ২০১৪ চনৰ পৰা এতিয়ালৈকে কংগ্ৰেছ ক’মাৰ পৰা ওলোৱা নাই। কেৰেলাৰ ১৫ খন আৰু পঞ্জাৱৰ ৮ খন আসন বাদ দিলে বাকী গোটেইকেইখন ৰাজ্যত কংগ্ৰেছে লাভ কৰা আসনৰ সংখ্যা ২৯ খন। ভাৰতৰ ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ সামগ্ৰিক ফলাফলৰ বিশ্লেষণ আমি তলত আগবঢ়ালোঃ
  • বিজেপিয়ে ২০১৯ৰ সাধাৰণ নিৰ্বাচনত মোদীক সন্মুখত ৰাখি জনতাৰ পৰা ভোট ভিক্ষা কৰিলে। এই গোটেই নিৰ্বাচনটো মোদীকেন্দ্ৰিক হৈ পৰিল। বিজেপিয়ে যেনেকৈ মোদীৰ গুণানুকীৰ্তন কৰিলে ঠিক তেনেকৈ বিৰোধীয়ে মোদীক তীক্ষ্ণ সমালোচনা কৰিলে। মোদীৰ বিকল্প হিচাপে বিৰোধীয়ে কোনো নেতাক প্ৰজেক্ট কৰিব নোৱাৰাটো তেওঁলোকৰ ১ নম্বৰ ভুল। বহুতে বিজেপি নেতৃত্বাধীন চৰকাৰৰ যোৱা ৫ বছৰৰ কামত সন্ত্তষ্ট নাছিল তথাপিও সন্মুখত কোনো বিকল্প নাপাই সেইসকলে মোদীকেই ভোট দিলে।
  • কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী নিজে আমেথিত হাৰি থাকিল। ৰাহুল গান্ধীৰ ৰাজনৈতিক পৰিপক্কতা মোদীৰ তুলনাত খুবেই কম। ‘চৌকিদাৰ চোৰ হে’ বুলি দিয়া শ্লোগান ৰাইজে গ্ৰহণ নকৰিলে। নিৰ্বাচনৰ ৬ মাহ মান আগৰ পৰা ধাৰাবাহিক ভাবে সংবাদ মাধ্যমত সাক্ষাতকাৰৰ জৰিয়তে নিজৰ মতাদৰ্শ ৰাইজৰ মাজলৈ লৈ যাব লাগিছিল ৰাহুলে। কিন্তু নিৰ্বাচনৰ একেবাৰে শেষৰ ফালেহে দুটামান সাক্ষাতকাৰ দি দায়িত্ব সামৰিলে ৰাহুলে।
  • বিজেপিয়ে ৰাজনীতিৰ পৰিভাষা সলনি কৰি পেলাইছে। অমিত শ্বাহ-মোদীৰ যুটিয়ে দলৰ বিস্তাৰৰ বাবে ৩৬৫*৭*২৪ চিন্তা কৰে, ৰণ-নীতি বনায়। সৰু সৰু ৰাজ্য যেনে ত্রিপুৰা, মণিপুৰ আদিত জয়তো খুব গুৰুত্ব দিয়ে। এটা সময় আছিল যেতিয়া অনেক ৰাজ্যত কংগ্ৰেছে বিশেষ কোনো কষ্ট নকৰাকৈ জয়ী হৈছিল। এতিয়া কিন্তু সেই দিন নাই। বিজেপিৰ সমানে কষ্ট  নকৰিলে কংগ্ৰেছৰ অবস্হা দিনক দিনে আৰু শোচনীয় হৈ যাব।
  • কংগ্ৰেছৰ পৰা বহু যোগ্য নেতা আতৰি গৈ আজি হয়তো বিজেপিত আছে নহলে নিজাকৈ দল খুলিছে। কংগ্ৰেছৰ পুৰণি কৰ্মী মমতা বেনাৰ্জী, জগনমোহন ৰেড্ডী, হিমন্ত বিশ্ব শৰ্মাই আজি এখন এখন ৰাজ্যৰ নিৰ্বাচনী যুঁজৰ প্ৰধান সৈনিক। কংগ্ৰেছৰ পৰা তেওঁলোক কিয় ওঁলাই যাবলগীয়া হ’ল সেই কথাটো কংগ্ৰেছ নেতৃত্বই অনুধাবন কৰাটো অতিকে প্ৰয়োজন।
  • এই নিৰ্বাচনৰ এগৰাকী ফ্লপ নায়িকা হ’ল প্ৰিয়ংকা গান্ধী। প্ৰত্যেক নিৰ্বাচনৰ আগতে ধুমকেতুৰ নিচিনা আবিৰ্ভাব হোৱা প্ৰিয়ংকাক দায়িত্ব দিয়া হৈছিল পূব উত্তৰ প্ৰদেশৰ। ৰায়বেৰেলিৰ বাহিৰে আন এটা সমষ্টিতো তেওঁ দলক বিজয়ী কৰাব নোৱাৰিলে। প্ৰিয়ংকাই এইটো বুজা উচিত যে নিৰ্বাচনী সভাবোৰত গৈ নিজকে ইন্দিৰা গান্ধীৰ লগত তুলনা কৰিলেই ৰাইজে আজিকালি ভোট নিদিয়ে। সময় সলনি হ’ল। ডিজিটেল মিডিয়াৰ যুগত আপুনি নিজৰ কৰ্মৰ জৰিয়তে ভোট প্ৰাপ্ত কৰিব লাগিব।
  • এই নিৰ্বাচন পৰিয়ালকেন্দ্ৰীক ৰাজনীতিকৰ বাবেও বেয়া খবৰ। ৰাহুল গান্ধীৰ লগতে পৰাজিত হ’ল জৌতিৰাদিত্য সিন্ধিয়া আৰু দিপেন্দৰ সিং হুদা। ৰণত পৰিল অশোক গেহলোটৰ পুত্র, লালুৰ জীয়ৰী তথা দেৱগৌৰাৰ নাতি। ভাৰতৰ ৰাইজে বংশবাদৰ ৰাজনীতিক লাহে লাহে ভাৰতৰ পৰা বিদায় দিয়াৰ অনুমান পোৱা গৈছে।
  • কংগ্ৰেছৰ সভাপতি হিচাপে ৰাহুল গান্ধীৰ প্ৰদৰ্শন পুতৌজনক হ’লেও কংগ্ৰেছক একগোট কৰি ৰাখিবলৈ গান্ধী পৰিয়াল অপৰিহাৰ্য। ৰাহুলে যোৱা ১৬ বছৰে দলৰ কামত নিয়োজিত হৈ আছে। দলৰ সভানেত্রীৰ ৰুপত প্ৰিয়ংকা গান্ধীক নিৰ্বাচিত কৰিলেও ইয়ে সুফল দিয়াৰ সম্ভাবনা ক্ষীণ। প্ৰিয়ংকাই ৰাজনীতিৰ ক্ষেত্রখনত পাৰ্ট টাইম কাম কৰি আছে। সেয়েহে প্ৰিয়ংকাৰ শিকিবলৈ বহু বাকী।
  • কংগ্ৰেছক ভাৰতবৰ্ষৰ মানুহে মুছলমানৰ দল বুলি ভাবিবলৈ আৰম্ভ কৰিছে। কংগ্ৰেছে নিজৰ এনে ভাবমূৰ্তি কেনেকৈ সলনি কৰিব সেইটো লক্ষণীয় হ’ব। বিজেপিক অনুসৰণ কৰি যদি হিন্দুত্বৰ পথ গ্ৰহণ কৰে তেন্তে আকৌ বিপদজনক হ’ব। হিন্দুত্বৰ বিষয়ত বিজেপিৰ লগত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। চেষ্টা কৰিলে মুখ ঠেকেছা খোৱাৰহে সম্ভাবনা আছে।
  • ৰাহুল গান্ধীৰ নেতৃত্বত দলতো পুনৰ সজাই পৰাই সংগঠন নিৰ্মানৰ কামত মনোনিবেশ কৰিব লাগে। প্ৰাক্তন কংগ্ৰেছী মমতা, শৰদ পাৱাৰ , জগন ৰেড্ডী আদিক কংগ্ৰেছলৈ ঘূৰাই আনিবলৈ যত্ন কৰিব লাগে। কংগ্ৰেছত দুটা উপ-সভাপতিৰ পদ সৃষ্টি কৰি যোগ্য নেতাক সেই পদত উপবিষ্ট কৰিলে দলটো শক্তিশালী হোৱাৰ সম্ভাবনা আছে।
  • ৰাহুল গান্ধীয়ে মাজে মাজে কাকো নজনোৱাকৈ মাহদিনৰ বাবে ভাৰতৰ বাহিৰত থাকে। শক্তিশালী বিজেপিক হৰুৱাব লাগিলে ৰাহুলে ৩৬৫ দিন কষ্ট কৰিব লাগিব। প্ৰত্যেক দিন দলৰ অফিচত বহি দলৰ নেতাসকলৰ লগত দেশৰ সমস্যাবিলাকৰ বিষয়ে আলোচনা কৰিব লাগিব। টেলিভিচনত সাক্ষাতকাৰৰ জৰিয়তে নিজৰ মনৰ বাৰ্তা দি দেশৰ কৌটি কৌটি জনতাৰ মাজত বিশ্বাস জন্মাব লাগিব।
শেষত এটা কথা কও যে গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। কংগ্ৰেছ শক্তিশালী হ’লে বিজেপি দলে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে দহ বাৰ ভাবিব লাগিব। বিৰোধী দুৰ্বল হ’লে চৰকাৰে নিবনুৱা সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা আদিৰ বিষয়ে চিন্তা কৰাৰো প্ৰয়োজন নাই। কাৰণ মানুহৰ হাতত বিকল্প নাই। সেয়েহে ৰাইজৰ স্বাৰ্থতে বিৰোধী শক্তিশালী হ’ব লাগিব , কংগ্ৰেছ শক্তিশালী হ’ব লাগিব।