মোদীৰ ৫৬ ইঞ্চ্ বুকুত কপঁনি তুলি ৰাজনীতিত প্ৰিয়ংকাৰ প্ৰবেশ ?

3022
  • প্ৰফুল্ল   কলিতা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


[ এক ]
‘নাৰী শক্তি’ এই শব্দ দুটাক ২০১৮ চনৰ ‘বৰ্ষটোৰ হিন্দী শব্দ’ হিচাপে ঘোষণা কৰিছে  অক্সফ’ৰ্ড অভিধানে । এই শব্দ দুটাই যোৱা বছৰত ভাৰতত বিশেষ গুৰুত্ব লাভ কৰিছিল । মূল সংস্কৃতৰ পৰা উদ্ভৱ হোৱা  এই শব্দ দুটাই মহিলা শক্তিকে বুজায় । যিসকল সাহসী আৰু প্ৰভাৱশালী মহিলাই নিজৰ কৰ্ম  দক্ষতা  আৰূ সাহসেৰে সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে;  যিসকলে অন্যায়ৰ বিৰুদ্ধে মাত মাতি আন নাৰীকো জাগ্ৰত কৰিছে,  সেইসকলৰ শক্তিক বুজাবলৈ যোৱা বছৰ ‘নাৰী শক্তি’ ব্যাপকভাৱে ব্যৱহৃত হৈছিল । অলপতে ৰাজস্থানত হৈ যোৱা জয়পুৰ সাহিত্য মহোৎসৱত অক্সফ’ৰ্ড অভিধানে এই কথা প্ৰকাশ কৰে । উল্লেখ্য ২০১৮চনৰ মাৰ্চ মাহত ভাৰত চৰকাৰে আগবঢ়োৱা ‘নাৰী শক্তি পুৰস্কাৰ’ৰ  সময়ত এই ‘নাৰী শক্তি’ শব্দটো সৰ্বাধিক ব্যৱহাৰ  হৈছিল । মনকৰিবলগীয়া যে,  শক্তিশালী ৰাজনৈতিক মহিলাৰ  ৰূপত ইতিমধ্যে কেইবাগৰাকীও  নাৰীয়ে দপদপাই আছে ভাৰতীয় ৰাজনীতিত । মমতা বেনাৰ্জীৰ পৰা ময়াবতীলৈ, সুষমা স্বৰাজৰ পৰা স্মৃতি ইৰাণীলৈ,  আৰু এতিয়া পদাৰ্পণ কৰিলেহি প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই । ইতিমধ্যে বংগৰ অগ্নি কন্যা মমতা দিদিয়ে সমগ্ৰ দেশখনৰ বিৰোধীক একত্ৰ কৰি দেখুৱাই দিছে নাৰী শক্তিৰ মহিমা । এনে নাৰী শক্তিৰ সন্মিলিত প্ৰচেষ্টাৰ বলতে  বাৰূ নিশেষ হ’ব  নেকি অধিকাংশ  ভষ্মাসুৰ  সদৃশ বিভিন্ন  ৰাজনৈতিক নেতাৰ মইবৰ মনোভাৱ । নিশ্চিত ভাবে সেয়া আগন্তুক  সময়ে ক’ব   ।
২০১৪ ৰ  লোকসভা নিৰ্বাচনৰ সময়তকৈ ৰাহুল গান্ধী বৰ্তমানে যে বহু পৰিমাণে পৰিপক্ক হৈ উঠিছে তাত সন্দেহ নাই । যাৰ বাবে হাৰি হাৰিও জয়ৰ সোৱাদ পাল কিছুদিন পূর্বে  হৈ যোৱা তিনিখনকৈ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ।  এতিয়া  সকলো জল্পনা কল্পনাৰ অন্তপেলাই ভগ্নী প্ৰিয়ংকাক  সক্ৰিয়  ৰাজনীতিলৈ কংগ্ৰেছৰ  ব্ৰহ্মাস্ত্ৰৰ ৰূপত কৰিছে নিক্ষেপ । – ‘মোদীৰ ৫৬ ইঞ্চ্ বুকুত কপঁনি তুলি ৰাজনীতিত প্ৰিয়ংকাৰ প্ৰবেশ’ … এয়া  হৈছে  যোৱা ২৪ জানুৱাৰীত  দেশৰ আগশাৰীৰ বাতৰি কাকত একাংশৰ  শিৰোনাম  বিশেষ । অৱশ্যে এই কথা কিমান সঁচা , কিমান মিছা , সেয়া নিৰূপণ কৰিব আগন্তুক লোকসভা নিৰ্বাচনে,  জনতা জনৰ্দনে । অন্যহাতে প্ৰিয়ংকাৰ সক্ৰিয় ৰাজনীতিলৈ আগমনৰ লগে লগে বিজেপি দলত যে বহুতৰে মূৰৰ কামোৰণি সৃষ্টি হৈছে তাক তেওঁলোকৰ ভাষ্যই প্ৰতীয়মান কৰে । অতি শেহতীয়াকৈ প্ৰায় প্ৰতিদিনেই বিজেপিৰ বিভিন্ন নেতাই বিভিন্ন ধৰণেৰে  প্ৰিয়ংকাক তুচ্ছ তাচ্ছিল্যৰে সমালোচনাত সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে । আনকি বিজেপিৰ সভাপতি অমিত শ্বাহে হিমাচল প্ৰদেশৰ বিজেপিৰ পান্না প্ৰমুখ সন্মিলনত অংশগ্ৰহণ কৰি অ’ আৰ অ’ পিয়ে ‘অনলি ৰাহুল,  অনলি প্ৰিয়ংকাকে বুজাই বুলি মতপোষণ কৰিছে । অ’ আৰ অ’ পি মানে হৈছে ‘ৱান ৰেংক ৱান প’ষ্ট’ । যিটো কংগ্ৰেছ দলৰ ক্ষেত্ৰত অইন এটা অৰ্থহে  সূচায় বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে সজোৰে উল্লেখ কৰে । আকৌ বিজেপিৰ জ্যেষ্ঠ নেতা,  সাংসদ সুব্ৰমণিয়াম স্বামীয়ে  কৈছে যে প্ৰিয়ংকা গান্ধী পৰস্পৰবিৰোধী মেজাজৰ মহিলা । তেওঁ বহুজনক শাৰিৰীকভাৱে অপদস্থ কৰিছে । আকৌ  বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা বিজেপি প্ৰমুখ সুশীল কুমাৰ মোডীয়ে প্ৰিয়ংকা গান্ধীক সমালোচনা কৰি কৈছে যে, ‘ প্ৰিয়ংকা গান্ধীৰ এটাই অৰ্হতা আছে আৰু সেয়া হৈছে তেওঁ দেখিবলৈ ইন্দিৰা গান্ধীৰ নিচিনা।’ আন এজন  বিহাৰৰ মন্ত্ৰী বিনোদ নাৰায়ণ ঝাই কৈছে যে, প্ৰিয়ংকাৰ কোনো ৰাজনৈতিক টেলেন্ট অথবা সাফল্য নাই ; মাথো দেখনীয়াৰ ।’ কোনোৱে আকৌ  ইয়াকো কৈছে – ধুনীয়া চেহেৰাৰ সকাম  ৰাজনীতিত অৰ্থহীন। অথচ কেইবাগৰাকীও চিনেমা জগতৰ সুন্দৰ – সুন্দৰী, অভিনেতা – অভিনেত্ৰী , মডেলেৰে ভৰি আছে বিজেপিৰ সাংসদীয় ৰাজনীতিত। তত্ৰাচ নানা অভিসন্ধিমূলক  মন্তব্যৰে এতিয়া প্ৰিয়ংকাৰ লগতে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ একাংশ নেতা পালিনেতাই । ইয়াৰ পৰা এটা কথাই প্ৰতীয়মান হৈছে যে প্ৰিয়ংকা গান্ধীৰ কংগ্ৰেছত যোগদানে বিজেপি দলৰ কোনো কোনো নেতা আৰু  দলৰ আভ্যন্তৰীণ ভাগৰ কোনোবাখিনিত বেয়াকৈয়ে আঘাত হানিছে । হয়তু কিছু সংশয় কঢ়িয়াই আনিছে । আমাৰদৰে সাধাৰণ  ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ ধাৰণাও তেনেধৰণে আগবাঢ়িছে । প্ৰিয়ংকাৰ আগ্ৰাসী ৰাজনৈতিক কথোপকথন , কাৰুকাৰ্য্যই  নিশ্চিতভাৱে কংগ্ৰেছক বহুমত প্ৰদান কৰিব নোৱাৰিলেও বহুদূৰ যে আগুৱাই নিব ; সেয়া ধুৰূপ । ইতিমধ্যে প্ৰিয়ংকা গান্ধীয়ে অসম তথা অগ্নিগৰ্ভা উত্তৰ পূৰ্বাঞ্চলৰ পৰিস্থিতিৰ বাবে বিজেপি চৰকাৰক দায়ী কৰি নিজৰ ফেচবুক পেজত তীব্ৰ বিষোদগাৰ কৰি কৈছে – ’৫৬ ইঞ্চিৰ বুকু ক’লৈ গ’ল ? মিজোৰামত খালী হৈ থকা ফিল্ডত ৰাজ্যপালে কিয় ভাষণ দিব লগীয়া হ’ল? পানীতোলাত অখিল গগৈহঁতে কিয় দেশে সন্মান সহকাৰে জীয়াই থাকিবলৈ নিদিলে ভাৰতৰ সতে নথকাৰ সিদ্ধান্ত ল’ম বুলি ক’বলৈ বাধ্য হ’ল ?’ এনেবোৰ অলেখ প্ৰশ্নৰে যে আগন্তুক দিনত মোদী চৰকাৰক থকাসৰকা কৰিব সেয়া নিশ্চিত ! কিয়নো প্ৰিয়ংকা গান্ধী এইবাৰ শিকি বুজি শেনৰ এজাত হৈ ৰাজনীতিত পথাৰত খোজ দিয়া বুলি জানিব পৰা গৈছে ! অৱশ্যে বিজেপিৰ নেতা, কৰ্মীসকলো বহি থকা ভকত নহয় । অপেক্ষা মাথো ৰাজনৈতিক ফিল্ডত  ( খেলত ) কোনে কেতিয়া সাংঘাটিক ভুলটো কৰি পেলাই ? তেনে ভুল পদক্ষেপৰ হেতু  কোন মূহুৰ্তত কোন পক্ষই গ’ল খাই বা উইকেটৰ পতন হয় , তাৰ একো ঠিকনা নাই  ।
[ দুই ]
 প্ৰণিধানযোগ্য যে  পৰৱৰ্তী নিৰ্বাচন এপ্ৰিল – মে’ মাহত হোৱাৰ সম্ভাৱনাই অধিক ৷ এই নিৰ্বাচনত কিছু সুফল লাভ কৰিবলৈ কংগ্ৰেছে ব্ৰহ্মাস্ত্ৰ হিচাপে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাক সক্ৰিয় ৰাজনীতিলৈ আনি উত্তৰ প্ৰদেশৰ পূব অঞ্চলৰ দায়িত্ব প্ৰদান কৰিছে – কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে । ভাতৃ ভগ্নী যুটীয়ে কি ৰূপ লয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ’ব । স্মৰ্তব্য উত্তৰ  প্ৰদেশত ভাৰতীয় জনতা পাৰ্টীৰ দুই জনপ্ৰিয়  নেতা  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ৰাজনৈতিকভাৱে মোকাবিলা কৰিবৰ বাবে প্ৰিয়ংকাৰ ৰাজনীতিত প্ৰৱেশ কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ ইফালে প্ৰিয়ংকাক দায়িত্ব প্ৰদান কৰি কংগ্ৰেছৰ সভাপতি বাহুল গান্ধীয়ে কৈছে যে উত্তৰ প্ৰদেশলৈ তেওঁৰ  ভগ্নী আৰু জ্যোতিৰাদিত্য সিন্ধিয়াক দুই-এমাহৰ বাবে পঠিওৱা নাই । ৰাজ্যখনত কংগ্ৰেছক শক্তিশালী  আৰু  জনপ্ৰিয় কৰাৰ দায়িত্বতহে পঠিওৱা  হৈছে৷ উল্লেখ্য  ৪৭ বছৰ বয়সীয়া প্ৰিয়ংকাক দলটোৰ একাংশই বহু পূৰ্বৰেপৰা ৰাজনীতিলৈ আনিবৰ বাবে চেষ্টা চলাই আছিল যদিও, দুই সন্তানৰ মাতৃ প্ৰিয়ংকা  তেওঁৰ স্বামীৰ ৰবাৰ্ট ৱাদ্ৰাৰ  ব্যৱসায় চোৱাচিতাত ব্যস্ত আছিল৷ অৱশ্যে প্ৰিয়ংকাই ২০১৪ৰ লোকসভা নিৰ্বাচনত মাতৃ ছোনিয়া গান্ধী আৰু ভাতৃ ৰাহুলৰ সমষ্টি ক্ৰমে ৰায়বেৰেলি আৰু আমেথিত সক্ৰিয়ভাৱে প্ৰচাৰ কাৰ্যত অংশ লৈছিল ৷    যোৱা ২৩ জানুৱাৰী, নেতাজীৰ জন্ম দিনটো   লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ দিন  হিচাবে  চিহ্নিত হৈছে । প্ৰিয়ংকা গান্ধীয়ে আনুষ্ঠানিকভাৱে এই দিনটোতে প্ৰৱেশ কৰিলে ৰাজনীতিত । দেশে নেতাজীৰ জন্মদিন পালন কৰাৰ মূহুৰ্তত ।  উল্লেখ্য প্ৰিয়ংকাক পোনপটীয়াকৈ ৰাজনীতিলৈ আহিবলৈ কংগ্ৰেছৰ কৰ্মী-সমৰ্থকসকলে বহু বছৰৰ পৰাই আহ্বান জনাই আহিছিল। প্ৰধানতঃ প্ৰিয়ংকা গান্ধীৰ  যথেষ্ট জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা আছে বুলি তেওঁলোকে বিশ্বাস কৰে ।বিগত সময়ত ( ২০১৪ ৰ পৰা ) ৰাহুল গান্ধীৰ নেতৃত্বত লোকসভা আৰু কেইবাখনো ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছ ব্যৰ্থ হোৱাৰ সময়তে এই দাবী আৰু অধিক হাৰত উত্থাপন হৈছিল। অৱশ্যে অতি শেহতীয়া ভাৱে  ৰাহুল গান্ধীৰ নেতৃত্বতে উত্তৰ ভাৰতৰ তিনি ৰাজ্যত বিধান সভাৰ নিৰ্বাচনত জয়ী হৈছে ।  ফলস্বৰূপে  কংগ্ৰেছ হাইকমাণ্ড অৰ্থাৎ ভাতৃ ৰাহুল গান্ধীয়ে কৰ্মী-সমৰ্থকসকলৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই প্ৰিয়ংকা গান্ধীক প্ৰত্যক্ষভাৱে ৰাজনীতিলৈ আনে।এই কথা দোহৰাৰ প্ৰয়োজন নাই, সমাজবাদী পাৰ্টি আৰু বহুজন সমাজ পাৰ্টিয়ে তেওঁলোকৰ জোঁটবন্ধনত কংগ্ৰেছক চামিল নকৰাত হিন্দী বলয়ৰ ৰাজ্যখনত কংগ্ৰেছৰ স্থিতি দুৰ্বল ৰূপেজ বিবেচিত হৈছে। সেই মুহূৰ্ততে ৰাজীৱ আৰু ছোনিয়া  গান্ধীৰ তনয়া তথা ইন্দিৰা গান্ধীৰ নাতি প্ৰিয়ংকা গান্ধীৰ ৰাজনীতিত প্ৰৱেশৰ খবৰে দেশজুৰি তুমুল চৰ্চা লাভ কৰাই নহয়,  কৌতুহল জগাই তুলিছে। বহুদিন ধৰি প্ৰিয়ংকাই ৰাজনীতিত প্ৰৱেশ কৰিব বুলি চৰ্চা চলি আছিল। স্বামী ৰবাৰ্ট বাদ্ৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগে প্ৰিয়ংকাৰ ৰাজনীতিত প্ৰৱেশৰ বাটত হেঙাৰ ৰূপে থিয় দিছিল। ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ অধ্যক্ষৰ দায়িত্ব লোৱাৰ এবছৰ পাছত সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিল প্ৰিয়ংকা।মনকৰিবলগীয়া বিষয়টো হৈছে,  বহুতেই তেওঁক আইতাক ইন্দিৰা গান্ধীৰ সৈতে তুলনা কৰে।প্ৰিয়ংকা গান্ধীৰ মুখাবয়বৰ সতে , লগতে তেওঁৰ বিচক্ষণতাৰ মাজত কংগ্ৰেছ নেতৃত্বই ইন্দিৰা গান্ধীৰ উত্তৰাধিকাৰীৰ সন্ধান পায় বুলি ইতিমধ্যে ৰাজহুৱাকৈ মন্তব্য কৰিছে। লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- ‘তেওঁ এগৰাকী ভাল মহিলা।ৰাহুল গান্ধীয়ে অৱশেষত বুজি পাইছে যে অকলে তেওঁ ৰাজনীতি কৰিব নোৱাৰে।সেয়ে তেওঁ প্ৰিয়ংকাক সহায়ৰ বাবে লৈ আহিছে।অৱশেষত ৰাহুল গান্ধীয়ে যে বুজি পালে, এইটো ডাঙৰ কথা।’
[ তিনি ]
১৯৭২ চনৰ ১২  জানুৱাৰীত জন্ম গ্ৰহণ কৰা,  প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধীৰ কন্যা  প্ৰিয়ংকা গান্ধীয়ে দিল্লীতে শিক্ষা গ্ৰহণ কৰিছিল । স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল  ক্ৰমে মডাৰ্ণ স্কুল আৰু কনভেণ্ট  অৱ জেছাছ এণ্ড মেৰীত  । দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত জেছাছ এণ্ড মেৰী কলেজৰ  পৰা  তেওঁ মনোবিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে । উল্লেখ্য যে বিবাহৰ পাছত  প্ৰিয়ংকাই বৌদ্ধ  ধৰ্ম গ্ৰহণ কৰে । ২০১০চনত তেওঁ ‘বুদ্ধিষ্ট ষ্টাডিজ’ৰ ওপৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । মনকৰিবলগীয়া বিষয়টো হৈছে,  ২০০৮ চনত  প্ৰিয়ংকা গান্ধীয়ে পিতৃ হত্যাকাৰীক কাৰাগাৰত সাক্ষাৎ কৰি বাতৰি কাকতৰ শিৰোনামদখল কৰিছিল । সেই  সাক্ষাতত প্ৰায় ডেৰ ঘন্টা সময় অতিবাহিত কৰাৰ উপৰিও পিতৃ হত্যাকাৰী নলিনীক  ক্ষমা কৰি দিয়া বুলিও জনাইছিল । যাৰ বাবে সাধাৰণ মানুহৰ লগতে যুৱ প্ৰজন্মৰ মাজত আকৰ্ষণৰ কেন্দ্ৰ বিন্দু  হৈ পৰে । স্মৰ্তব্য   অহা ৪ ফেব্ৰুৱাৰীত কুম্ভমেলাত গংগা -যমুনাৰ সংগমস্থলত স্নান কৰি উঠি এখন সংবাদ মেলত ভাগ ল’ব ভাতৃ ৰাহুলৰ সতে । আৰু আনুষ্ঠানিক ভাবে দায়িত্ব গ্ৰহণ  কৰিব । উল্লেখ্য প্ৰিয়ংকা গান্ধীয়ে ৰাজনীতিত যোগ দিয়াৰ লগে লগে প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ স্মৃতি সজীৱ হৈ ধৰা দিছে সকলোৰে সন্মুখত । সমুখ সমৰত সাহসেৰে যুঁজ দিব পৰা মহিলাৰ ৰূপত । প্ৰিয়ংকাৰ মনতো । এক সাক্ষাৎকাৰত প্ৰিয়ংকাই ইয়াকো কৈছে যে, ‘আইতাৰ সতে মোৰ চেহেৰাৰ সাদৃশ্য আছে । হয়তো মই বহুখিনি আইতাৰ দৰেই । মই মোৰ শৈশৱকাল এনে এটা পৰিয়ালত কটালোঁ, য’ত সৰ্বময় কৰ্তা আছিল আইতা। এতেকে মোৰ ওপৰত আইতাৰ প্ৰভাৱ থকাটো একো অস্বাভাৱিক নহয় ।’ এনে বক্তব্যৰে প্ৰিয়ংকা গান্ধীয়ে হয়তু বুজাব বিচাৰিছে যে ভাৰতবৰ্ষৰ ৰাজনীতিত আন এগৰাকী ইন্দিৰা গান্ধীৰ অভিষেক ঘটিছে । ■■ ■■ ■■