মোদী আৰু মুছলমান

1942
  • তাৰক দাস


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


নৰেন্দ্ৰ মোদী দ্বিতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্রী পদত অধিষ্ঠিত হ’ল। এফালে বিজেপি দলৰ নেতা কৰ্মীৰ মাজত উৎসাহৰ ঢৌ , আনফালে চুড়ান্ত হতাশ কংগ্ৰেছ দলৰ সমৰ্থক। কংগ্ৰেছ দলৰ সমৰ্থকসকলৰ লগতে হতাশ হৈছে ভাৰতৰ একাংশ মুছলমান মানুহ । মুছলমান মানুহৰ এই শংকাৰ প্ৰকৃততে কিবা আধাৰ আছে নেকি? এই বিষয়ে আছে দুটা মত। আমি আজি এই দুয়োটা মতৰ কাৰণসমূহ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম।

মোদীক বিশ্বাসত ল’ব লাগে মুছলমান সমাজে :
প্ৰধানমন্ত্রী পদৰ শপত লোৱাৰ আগে আগে মোদী ডাঙৰীয়াই কৈছে যে এইবাৰ তেখেতৰ মন্ত্র হ’ব ,  ‘চবকা সাথ, চবকা বিকাশ, চবকা বিশ্বাস’। তেখেতে আনকি কৈছে যে মুছলমানসকলক ইমান বছৰে কেৱল ভোটবেংকৰ নামত ব্যবহাৰ কৰা হৈছে।
ইয়ে প্ৰমাণ কৰে যে বিজেপি তথা মোদী মুছলমানৰ শত্ৰু  নহয়। মুক্তাৰ আব্বাছ নকৱীক কেবিনেট মন্ত্রীৰ মৰ্য্যাদা দি বিজেপিয়ে মুছলমানকো মন্ত্রীসভাত প্ৰতিনিধিত্ব দিলে। সংখ্যালঘু কল্যাণ বিভাগৰ বাজেট বৃদ্ধি , মুছলমান ছাত্র-ছাত্রীক স্কোলাৰশ্বিপ দিয়া আদি আচঁনিৰ জৰিয়তে মোদী চৰকাৰে মুছলমান সমাজৰ বিশ্বাস জয় কৰাৰ চেষ্টা চলালে। মোদী চৰকাৰৰ যোৱা ৫ বছৰত দেশত কোনো ডাঙৰ ধৰ্মীয় হিংসা হোৱা নাই। গো মাংস ইত্যাদিক লৈ কেইজনমান লোকক হত্যা কৰা হৈছে যদিও সেইবিলাকক ধৰ্মীয় ৰং দিয়াতকৈ স্হানীয় অপৰাধজনিত ঘটনা হিচাপে গণ্য কৰিব লাগে। ইয়াৰ উপৰিও ত্রিপল তালাক বিলৰ জৰিয়তে বিজেপিয়ে মুছলমান মহিলাক ন্যায় দিয়াৰ চেষ্টা কৰিছে। অসমতো বিজেপি চৰকাৰে মুছলমান ছোৱালীসকলৰ বাবে বিদ্যালয় স্হাপন কৰাৰ কথা ঘোষণা কৰিছে। গৰিয়া-মৰিয়া আদি  খিলঞ্জীয়া  মুছলমানসকলৰ কল্যাণৰ বাবে আচঁনি হাতত লৈছে। এইবিলাক সকলো কথাৰ পৰা এইটো পৰিস্কাৰ হৈছে যে বিজেপি তথা নৰেন্দ্ৰ মোদীয়ে মুছলমান সকলৰ হিতৰ কথা চিন্তা কৰে। বিজেপি চৰকাৰৰ পৰা মুছলমান সকলৰ শংকাৰ কোনো কাৰণ নাই। মোদীয়ে কৈছে মাদ্ৰাছাৰ আধুনিকীকৰণ আৰু ৫ কৌটি মুছলমানক জলপানি দিয়াৰ কথা। মুছলমানসকলে ইমান বছৰে কংগ্ৰেছক বিশ্বাস কৰি ভোট দি থাকিল। কিন্তু মুছলমানসকল  অৰ্থনৈতিক ভাবে অনগ্ৰসৰ হৈয়ে থাকিল। যি সময়ত মোদী ডাঙৰীয়াই মুছলমানৰ হকে ১৫ দফীয়া কাৰ্য্যক্ৰমৰ ঘোষণা কৰিছে সেই সময়ত ভাৰতৰ মুছলমানসকলে তেখেতক বিশ্বাস কৰি চৰকাৰৰ হাত মজবুত কৰা উচিত।
মোদীক কিয় বিশ্বাসত লোৱা নাই :
বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে এবাৰ কৈছিল , ‘ এইখন ভাৰতবৰ্ষ,  ইয়াত তিলকো লগাব লাগিব আৰু মুছলমানৰ টুপীয়ো পিন্ধিব লাগিব। ‘  যিজন নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাকৈ মুছলমানৰ টুপি পিন্ধিবলৈ অমান্তি হৈছিল সেইজন নৰেন্দ্ৰ মোদীক মুছলমানসকলে কেনেকৈ বিশ্বাসত ল’ব ? মোদী মুখ্যমন্ত্রী হৈ থাকোতে গুজৰাটত হৈছিল মুছলমানৰ ওপৰত সকলোতকৈ ডাঙৰ নৰসংহাৰ । সেই নৰসংহাৰৰ বিষয়ে ২০১৪ নিৰ্বাচনৰ আগতে সাংবাদিকে প্ৰশ্ন কৰাত তেখেতে কৈছিল যে গাড়ীৰ চেপাত সৰু কুকুৰৰ পোৱালি এটাৰ মৃত্যু হ’লেও মনত কষ্ট পোৱা যায়। বিজেপি দলে ২০১৯ লোকসভা নিৰ্বাচনত মাত্র ৬ জন মুছলমানক টিকট দিছিল তাৰ ভিতৰত এজনো জয়ী হবলৈ সক্ষম ন’হল। মুছলমান বিদ্বেষী মন্তব্য কৰি শিৰোনাম দখল কৰা গিৰিৰাজ সিংৰ নিচিনা নেতাক কেবিনেট মন্ত্রীৰ দায়িত্ব দিয়া হ’ল। কেইদিনমান আগতে ঈদ পালনকলৈ নিতীশ কুমাৰ আৰু সুশীল মোদীক বিৰুপ মন্তব্য কৰা গিৰিৰাজ সিংৰ ওপৰত কোনো ব্যবস্হা লোৱা নহ’ল।  তেনে ক্ষেত্রত বিজেপিক মুছলমানসকলে কেনেকৈ বিশ্বাস কৰে। গিৰিৰাজ সিং আৰু প্ৰজ্ঞা সিং ঠাকুৰৰ বাদেও আন বহুতো বিজেপি নেতাই সময়ে সময়ে সাম্প্ৰদায়িক মন্তব্য কৰি থাকে। মুছলমান সমাজৰ বিশ্বাস জয় কৰিবলৈ বিজেপি নেতৃত্বই সেইসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক পদক্ষেপ ল’ব লাগিব। অকল জলপানি আৰু মাদ্ৰাছা আধুনিকীকৰণত সীমাবদ্ধ নেৰাখি  মুছলমান মানুহৰ আত্ম সন্মান বৃদ্ধিৰ চেষ্টা কৰিব লাগিব ।ইয়াৰ কাৰণে লাগিব ইমান বছৰে প্ৰচলিত বুৰঞ্জী শিক্ষাৰ আমূল পৰিৱৰ্তন ,নতুন শিক্ষানীতি আৰু ভাৰতীয় সংস্কৃতিৰ বিষয়ে বিষদ বিৱৰণ । মুছলমানসকলক সম মৰ্য্যাদাৰে সমান অধিকাৰ দি যেতিয়ালৈকে মোদী চৰকাৰে আগুৱাই নিয়াৰ প্ৰচেষ্টা নকৰে তেতিয়ালৈকে মুছলমানসকলৰ বিশ্বাস জয় কৰা সম্ভব নহয়।