মোদী জিকিল; নিতীশ হাৰিল

1150
  • ৰুপেশ কুমাৰ সিং

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


বিহাৰৰ বিধানসভাৰ শ্বাসৰুদ্ধকৰ নিৰ্বাচনী ফলাফল। ই.ভি.এম অহাৰ পৰা নিৰ্বাচনী ফলাফল দিনৰ ১২ মান বজাত প্ৰায় স্পষ্ট হৈ পৰে। কিন্তু ভোটগণনাৰ পিছদিনাহে বিহাৰৰ ফলাফল গম পোৱা গ’ল। অবশ্যে নিৰ্বাচন কেন্দ্ৰ বৃদ্ধি হোৱাটোৱো দেৰিৰ এটা কাৰণ। কাণে কাণ মাৰি বিজেপি-জনতা দলৰ মিত্রজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰে। প্ৰয়োজনীয় ১২২ খন আসনতকৈ মাত্র ৩ খন বেছি অৰ্থাৎ ১২৫খন আসনেৰে নিতীশ কুমাৰ পুনৰ মুখ্যমন্ত্রী আসনত বহাটো নিশ্চিত হয়। বিজেপিয়ে লাভ কৰে ৭৪ খন আসন, জনতা দল জয়ী হয় ৪৩ খন অাসন। যোৱা ২০ বছৰৰ বিহাৰ বিধানসভা নিৰ্বাচনত এয়া আছিল নিতীশ কুমাৰৰ দলৰ সকলোতকৈ বেয়া প্ৰদৰ্শন। মিত্রতাৰ ধৰ্ম পালন কৰি বিজেপিয়ে নিতীশ কুমাৰক মুখ্যমন্ত্রী পাতে যদিও নিতীশ কুমাৰৰ মৰ্যাদা আগতকৈ লাঘব হ’ল।
বিজেপিতকৈ জনতা দলে অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ৩১ খন আসন কমকৈ পালে। বিজেপিয়ে নিতীশ কুমাৰৰ জনপ্ৰিয়তা হ্ৰাসৰ উমান পাই পোষ্টাৰৰ পৰা তেওঁক নাইকিয়া কৰিছিল। ৰাজ্যত বৃদ্ধি হোৱা নিবনুৱা সমস্যা, লকডাউনৰ সময়ত বনুৱাৰ সমস্যা, কৰোনাৰ সময়ত চিকিৎসাৰ সুব্যবস্থা নথকা আৰু ৰাজ্যত ঘটি থকা দুৰ্নীতিকলৈ ৰাইজ অসন্ত্তষ্ট হৈছিল। তাৰ উপৰিও চিৰাগ পাছোৱানৰ লগত শত্ৰুতা কৰি নিজৰ বিপদ মাতিছিল নিতীশে। নিজে আসন পাব নোৱাৰিলেও জনতা দলৰ ভোট কাটি বহু সমষ্টিত জনতা দলৰ পৰাজয়ত মুখ্য ভুমিকা গ্ৰহণ কৰিছিল জুনিয়ৰ পাছোৱানে। ইয়াৰ বিপৰীতে মোদীৰ সপক্ষে দেখা গ’ল প্ৰবল জন সমৰ্থন। মোদীৰ প্ৰতিখন সভাতে অগণন মানুহ। ৰাইজৰ মনোভাব বুজিব পাৰি নিতীশক আতৰাই বিজেপিয়ে মোদীক অকলেই প্ৰজেক্ট কৰিলে। নিৰ্বাচনৰ ফলাফলৰ দিনা স্পষ্ট হ’ল যে বিজেপিৰ সিদ্ধান্ত সঠিক আছিল।
২০১৯ৰ লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত তেজস্বী যাদবক কোনেও গুৰুত্ব দিয়া নাছিল। কিন্তু নিতীশৰ ওপৰত ৰাইজৰ ৰোষে তেজস্বীক সুযোগ দিলে। ডেকা লৰাজনে খুব পৰিশ্ৰম কৰিলে। লাখৰ ঘৰত চাকৰিৰ প্ৰতিশ্ৰুতি দি ভোটাৰৰ মনো জয় কৰিলে। আছ‍াদুদ্দিন ওৱেছিয়ে বিজেপিক পৰোক্ষভাবে সহায় নকৰা হ’লে হয়তো আজি আমি বিহাৰৰ মুখ্যমন্ত্রী ৰূপে দেখা পালোহেতেন তেজস্বীক।
নিতীশ কুমাৰে চৰকাৰ গঠন কৰিলেও চৰকাৰখন সিমান স্থিৰ নহয়। বিজেপি আৰু জনতা দল মিলি পাইছে ১১৭ খন আসন পাইছে। আৰু দুটা সহযোগী দল জিতেন ৰাম মাঝীৰ হাম, বিকাশ শীল দলে পালে ৮ খন আসন। এই দুটা দলক সন্ত্তষ্ট কৰি ৰাখিব পাৰিলেহে চৰকাৰ বৰ্তি থাকিব। জেলৰ পৰাই লালুৱে ইতিমধ্যে চৰকাৰ ভঙাৰ পৰিকল্পনা আৰম্ভ কৰিছে বুলি জনা গৈছে।