মোদী কেবিনেট ২.০ ত অসম ০.০

4851
  • ৰাজেন ডেকা

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


বহু প্ৰতিক্ষিত মোদী মন্ত্রীসভা ২.০ এ যোৱা ৩০ মে তাৰিখে শপত গ্ৰহণ কৰে। ২৫ জন কেবিনেট আৰু ২৪ জন ৰাজ্যমন্ত্রীয়ে শপত গ্ৰহণ কৰা অনুষ্ঠানত উপস্হিত আছিল বহুতো দেশী বিদেশী অতিথি। অমিত শ্বাহ আৰু প্ৰাক্তন বৈদেশিক সচিব কে.জয়শংকৰৰ কেবিনেটত অৰ্ন্তভুক্তি আছিল সকলোতকৈ উল্লেখযোগ্য ঘটনা। নিতিন গাডকাৰী, পিয়ুস গোৱেল আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ দৰে দক্ষ মন্ত্রীৰ পুনৰ মন্ত্রীসভাত স্হান পোৱাটো দেশবাসীৰ বাবে ভাল খবৰ। মোদী মন্ত্রীসভা ১.০ ত থকা কিছুমান মন্ত্রী যেনে সুষমা স্বৰাজ, মেনকা গান্ধী, সুৰেশ প্ৰভু, ৰাজ্যবৰ্দ্ধন সিং ৰাথোৰ আদিৰ নাম মন্ত্রীৰ তালিকাত নোসোমাল।  কিছুমান মন্ত্রী যেনে সদানন্দ গৌড়া, হৰ্ষবৰ্ধন  যাৰ প্ৰদৰ্শন সিমান ভাল নাছিল তেওঁলোক পুনৰ মন্ত্রী হ’ল।

অসমে নাপালে কেবিনেটত স্হান
২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্রী হিচাপে শপতগ্ৰহণ কৰিছিল। সেই সময়ত অসমৰ পৰা বিজেপিৰ ৭ জন সাংসদ নিৰ্বাচিত হৈছিল। কিন্তু দুখৰ কথা কোনো এজন সাংসদে কেবিনেট মন্ত্রীৰ মৰ্য্যাদা নাপালে। সৰ্বানন্দ সোণোৱালক স্বতন্ত্ৰ ৰাজ্যিক মন্ত্রীৰ পদ দিয়া হ’ল। সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ পিছত ৰাজেন গোহাঁইয়ে ৰাজ্যিক ৰেলমন্ত্রীৰ পদ পালে। এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰদৰ্শন অসমত অধিক উন্নত হ’ল আৰু আসনৰ সংখ্যা ৯ লৈ বৃদ্ধি পালে। কিন্তু দুখৰ কথা কেবিনেটত স্হান নাপালে কোনো এজনে। ৰামেশ্বৰ তেলী  বিবেচিত হ’ল  অসম ৰাজ্যৰ পৰা একমাত্র প্ৰতিনিধি তাকো ৰাজ্যিক মন্ত্রীৰ ৰুপত। অসমৰ দুৰ্ভাগ্য যে আমি ভাৰতৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা কেন্দ্ৰীয় কেবিনেটত যোৱা  ৫ বছৰে প্ৰতিনিধিত্ব নাপালো আৰু অহা ৫ বছৰলৈ পোৱাৰ কোনো সম্ভাবনা নাই। ২০১৪ ৰ ৭ জন সাংসদ আৰু ২০১৯ৰ ৯ জন সাংসদ। এইবাৰৰ ৯ জন সাংসদৰ ভিতৰত ৭ জন নতুন আৰু ২ জন পুৰণি । তাৰমানে যোৱাবাৰ আৰু এইবাৰ মিলি মুঠ ১৪ জন অসমৰ নেতা নিম্ন সদনলৈ নিৰ্বাচিত হ’ল। কিন্তু এই ১৪ জনৰ ভিতৰত কোনো এজনকে মোদীয়ে কেবিনেটত স্হান পোৱাৰ যোগ্য বুলি নাভাবিলে। প্ৰশ্ন হয় ইমান কেইজন অযোগ্য নেতাই কেনেকৈ লোকসভাৰ টিকট পালে? নে অসমৰ মানুহৰ টেলেন্টৰ অভাব যে ইয়াত কোনো যোগ্য নেতাৰ জন্ম হোৱাই নাই? নে দিল্লীয়ে অসমক গুৰুত্বই দিব নোখোজে? এই সকলোবোৰ চিন্তা কৰিবলগীয়া বিষয়। আমাৰ দৃষ্টিত বিজেপিয়ে অসমত এনে কিছুমান নেতাক টিকট দিলে যি ৰাজনৈতিক ভাবে পৰিপক্ক নহয় আৰু লগতে ভালকৈ ইংৰাজী বা হিন্দীও কব নোৱাৰে। এওঁলোকে নিজৰ গুণত নহয় কেবল মোদী ঢৌত নিজৰ বিজয় সাব্যস্ত কৰিছে। যি সময়ত ঝাৰখণ্ড, উত্তৰাখণ্ডৰ নিচিনা সৰু ৰাজ্যই কেবিনেটত ঠাই পালে তেনে সময়ত ৯ জন সাংসদ থকাৰ পিছতো বঞ্চিত হ’ল অসম। আমি ভাবো অসমৰ ৰাইজেও ইয়াৰ পৰা এটা শিক্ষা পালে। প্ৰাৰ্থী নাচাই দলৰ চিহ্ন চাই ভোটদান কৰিলে এনেকুৱা হোৱাটো খুবেই স্বাভাবিক। যদি সাংসদেই নিৰ্বাচিত কৰিব লাগে তেনেহলে উপমন্যু হাজৰিকা বা ববিতা শৰ্মাৰ যোগ্যতা এওঁলোতকৈ বহু ওপৰত। তুলনামুলক ভাবে কংগ্ৰেছৰ নিৰ্বাচিত ৩ জন সাংসদ বিজেপিৰ সাংসদতকৈ বেছি যোগ্য বুলি মনে ধৰে। বিজেপিৰ ৯ জন সাংসদে অহা ৫ বছৰত অসমৰ বাবে কিবা কৰিব পাৰিবনে আমি সন্দিহান। ৰাইজে দলৰ লগতে প্ৰাৰ্থীৰ যোগ্যতাও চাব লাগিব। নহ’লে ৰাজনৈতিক দলবিলাকে জাত-পাত চাই প্ৰাৰ্থী নিৰ্বাচন কৰি যোগ্যজনক সদায় প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰি থাকিব।