মোৰ অন্তৰত ৰাম আছে ৰোম  নাই….

2707

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)

  • চবিন বসুমতাৰী

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


পুলিচ থানাত পদুম দলৰ সভাপতি কমিত শ্বাহ আৰু হাত দলৰ সভাপতি কাহুল গান্ধী।
দাৰোগাঃ এখেতে আপোনাৰ ওপৰত চুৰিৰ অভিযোগ উত্থাপন কৰিছে।
কাহুল গান্ধীঃ ৰাম ৰাম ! মই নামদাৰহে, চকীদাৰতো নহয়। আপোনাৰ নিশ্চয় ভুল হৈছে !!মই সৰুতে আইচক্ৰীম খালেও মাৰ অনুমতি লৈছিলো ।
কমিত শ্বাহঃ দাৰোগা চাহাব । এখেতে আমাৰ হিন্দুত্বৰ ওপৰত থকা অধিকাৰ চুৰি কৰিছে । আমাৰ মঠ-মন্দিৰ এটাও বাদ পৰা নাই এখেতৰ। গুজৰাট, কৰ্ণাটক আনকি মান- সৰোবৰ পৰ্য্যন্ত গৈছে। এওলোকৰ সভা বিলাকতো এতিয়া কেবল বম বম বোলে  ।
কাহুল গান্ধীঃ মই এওঁলোতকৈ বেছি ডাঙৰ হিন্দু। এইয়া চাওক মোৰ লগুণ, মই আজিকালি এওঁলোকৰ উৎপাতত চোলাৰ ওপৰতে পিন্ধিব লৈছো ।
কমিত শ্বাহঃ লগুন পিন্ধিলে কি হব ? কব পাৰিব.. হিন্দু জিন্দাবাদ বুলি ।
কাহুল গান্ধীঃ ভালকৈ শুনক…হিন্দু জিন্দাবাদ ।
কমিত শ্বাহঃ কওঁক হিন্দুস্হান জিন্দাবাদ ।
কাহুল গান্ধীঃ হিন্দুস্হান জিন্দাবাদ ।
কমিত শ্বাহঃ কওঁক পাকিস্হান মুৰ্দাবাদ…
কাহুল গান্ধীঃ পাকিস্হান মুৰ্দাবাদ..লগতে আফগানিস্হানো মুৰ্দাবাদ..
কমিত শ্বাহঃ কওঁক ইটালী মুৰ্দাবাদ..
কাহুল গান্ধীঃ ইটালী, জাৰ্মানী, পৰ্টুগাল, আমেৰিকা  মুৰ্দাবাদ..
কমিত শ্বাহঃ ভাগিন…মামা হতে শুনিলে বেয়া পাব।
কাহুল গান্ধীঃ দেশতকৈ মোমাই ডাঙৰ নহয় । মোৰ অন্তৰত ৰাম আছে ৰোম নহয় ।
কমিত শ্বাহঃ গো হত্যা বন্ধ কৰাৰ সমৰ্থন কৰেনে ?
কাহুল গান্ধীঃ গান্ধীজীয়ে কৈছিল যে গো হত্যা বন্ধ হব লাগে। আমিতো নিমিত্ত গান্ধী মাত্র।
কমিত শ্বাহঃ কওক ৰাম মন্দিৰ বনামেই..
কাহুল গান্ধীঃ আপোনালোকে খালি কৈ থাকে মই বনাই দেখাম..
কমিত শ্বাহঃ ৩৭০ ধাৰাৰ ওঁপৰত কি কব?
কাহুল গান্ধীঃ ৩৭০, ৪৯৭ বাতিল হব লাগে।
কমিত শ্বাহঃ সংঘৰ বিষয়ে কি কব?
কাহুল গান্ধীঃ সকলো গাওঁ, চহৰ, দেশত সংঘ হ’ব লাগে।
কমিত শ্বাহঃ ৰুমাল খন দিয়ক। আজি মোকো আপুনি আলিংগন কৰিব লাগিব।
কাহুল গান্ধীঃ একেলগে কওঁ আহক…জয় শ্ৰী ৰাম…ভাৰত মাতা কি জয়…