মোৰ আইৰ মৃত্যুত

1768

■দেবজিত দত্ত


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


১৯৯৬ চন। মই তেতিয়া হাইস্কুলত পঢ়ো। ৰাজনীতিৰ কোনো জ্ঞান নাই। প্ৰধানমন্ত্রী, মুখ্যমন্ত্রীকে ধৰি কেইজনমান নেতাৰ বাহিৰে আন কাকো চিনি নাপাও। এদিন স্কুল শেষ হোৱাৰ পিছত ঘৰলৈ আহি টিভি অ’ন কৰো। সেইখিনি সময়ত সাধাৰণতে টিভিত কিছুমান চিৰিয়েল দিয়ে। কিন্তু সেই বিশেষ দিনটোত ভাৰতৰ প্ৰধানমন্ত্রী দেৱগৌড়াৰ বিশ্বাসমতৰ ওপৰত চৰ্চা টিভিত লাইভ চলি আছিল। যিহেতু সেই সময়ত দুৰদৰ্শনৰ বাহিৰে অন্য চেনেল নাছিল সেয়েহে আমাৰ হাতত বিশ্বাসমতৰ বিতৰ্ক চোৱাৰ বাহিৰে  অন্য বিকল্প নাছিল।
কিছুসময় পিছত অধ্যক্ষ পি.এ. চাংমাই বিতৰ্কত অংশ লবলৈ আহ্বান জনালে সুষমা স্বৰাজক। তেতিয়াই প্ৰথম বাৰৰ বাবে প্ৰত্যক্ষ কৰিছিলো এই গৰাকী ৰাজনীতিবিদক। প্ৰায় ৩৫ মিনিটৰ ভাষনত সুষমা স্বৰাজ ডাঙৰীয়ানীয়ে ৰাজনীতিৰ ওপৰত মোৰ ধাৰণাটোৱে সলনি কৰি দিলে। সুষমা স্বৰাজৰ এই ঐতিহাসিক ভাষন আছিল তথ্য আৰু হাস্যৰসৰ এক অদ্ভুত সংমিশ্ৰণ। অধ্যক্ষ পি.এ সাংমাই ধেমালিতে কৈছিল “Don’t make your speech so interesting”. এই ভাষনটোৰ বিষয়ে সবিশেষ প্ৰকাশ পাইছিল ৰাজনীতি অসমৰ চেপ্তেম্বৰ ২০১৮ খণ্ডত।
স্বৰাজ ডাঙৰীয়ানীৰ এই ভাষনৰ পিছতে মই ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হ’লো। বাতৰি কাকতত ৰাজনীতিৰ খবৰ পঢ়িবলৈ আৰম্ভ কৰিলো, লোকসভা, বিধানসভাৰ অধিবেশন বিলাক উপভোগ কৰিব ধৰিলো। এই ভাষনটোৰ পিছতে সুষমা স্বৰাজৰ ৰাষ্ট্ৰীয় স্তৰত গুৰুত্ব বৃদ্ধি পালে। দেৱগৌড়া চৰকাৰৰ পতনৰ পিছত ইন্দৰ কুমাৰ গুজৰালৰ বিশ্বাসমতৰ বিতৰ্কতো তেখেতে অংশ গ্ৰহণ কৰে। গুজৰালক কটাক্ষ কৰি তেখেতে কয় ” মই নাজানো আপুনি এনে এখন চৰকাৰৰ মুৰব্বী হবলৈ কিয় সন্মতি প্ৰকাশ কৰিলে? আপোনাৰ অবস্থা এজন নব বিবাহীত বোৱাৰীৰ নিচিনা যাৰ এক দৰ্জন শাহু- শহুৰ আছে।” গুজৰালৰ চৰকাৰো বেছিদিন নছলিল আৰু ভাৰতৰ ৰাইজে অটল বিহাৰী বাজপেয়ীক দেশৰ প্ৰধানমন্ত্রী ৰুপে নিৰ্বাচিত কৰিলে। স্বৰাজ ডাঙৰীয়ানীৰ ওপৰত বিজেপি নেতৃত্বৰ আস্তা ইমানেই বৃদ্ধি পালে যে তেখেতক দায়িত্ব দিয়া হ’ল অসম্ভবকো সম্ভব কৰিবলৈ। প্ৰথমতে কেইমাহমানৰ বাবে দিল্লীৰ মুখ্যমন্ত্রী বনাই দলক পুনৰ শাসনাধিস্ত কৰাৰ ভাৰ অৰ্পন কৰিলে। তাৰ পিছত কৰ্ণাটকৰ বেল্লাৰীলৈ গৈ ছোনীয়া গান্ধীক প্ৰত্যাহ্বান জনালে। তেখেতে যুঁজিলে যদিও এই দুয়োটা পৰীক্ষাত তেখেত ফেইল কৰিলে। এইখিনি আছিল তেখেতৰ জীৱনৰ দুৰ্যোগৰ সময়। বাজপেয়ী ডাঙৰীয়াৰ অবশ্যে স্বৰাজৰ ওপৰত বিশ্বাস অটুট আছিল। তেখেতক ৰাজ্যসভাৰ জৰিয়তে নিৰ্বাচিত কৰি গুৰুত্বপূৰ্ণ মন্ত্রীৰ দায়িত্ব অৰ্পন কৰা হ’য়।  ২০০৯ৰ পৰা ২০১৪ লৈ লোকসভাৰ বিৰোধী দলনেত্রীৰ আসন সুৱনি কৰা সুষমা স্বৰাজৰ নাম পৰবৰ্তী  প্ৰধানমন্ত্রীৰ বাবে বিবেচিত হৈছিল। কিন্তু তেখেতে বুজি পাইছিল যে নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা বিজেপিৰ নেতাসকলৰ ভিতৰত সকলোতকৈ বেছি। সেয়েহে নিৰবে তেখেতে মোদীৰ নেতৃত্ব মানি লৈছিল। বিদেশ মন্ত্রীৰ কালচোৱাত তেখেতৰ চমকপ্ৰদ প্ৰদৰ্শন সাত শত্ৰু  ও স্বীকাৰ কৰিব। টুইটাৰৰ যোগেদি তেখেতে জনগনক সৰু বৰ সকলো প্ৰশ্নৰ উত্তৰ দিছিল। তেখেতে শাসক বিৰোধী সকলো দলৰ সাংসদক সহায় কৰিছিল। বহুবাৰ বিৰোধী দলৰ নেতাসলেও সদনত সুষমা স্বৰাজক প্ৰশংসা কৰিছিল।
২০১৯ চনৰ মন্ত্রীসভাৰ সদস্য হিচাপে সুষমা স্বৰাজক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। তথাপিও মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানত তেখেত উপস্থিত আছিল। এয়া আছিল সুষমা স্বৰাজৰ মহানুভবতা। সেইবাবে তেখেতৰ মৃত্যুত সকলোৱে চকুপানী টুকিছে।  এনে এগৰাকী মহান নেত্রীৰ বিয়োগত আমিও মৰ্মাহত হৈছো। মোৰ মাতৃতুল্য সুষমা স্বৰাজ ডাঙৰীয়ানী যাৰ পৰা মই ৰাজনীতিৰ প্ৰথম আদিপাঠ শিকিছিলো; আজি আমাৰ মাজৰ পৰা গুছি গ’ল। তেখেতলৈ যাচিছো শতকৌটি শ্ৰদ্ধাঞ্জলী।