ময়ো কৈছিলো “জয় শ্ৰী ৰাম”

1912
  • লক্ষ্মন কুমাৰ কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


বহু দিনৰ মুৰত দাদাৰ ঘৰলৈ যাম। দাদাক সৰুৰে পৰা পাইছো । দেশপ্ৰেম , মৌলবাদী মুক্ত অসমৰ ধাৰণা তেখেতৰ পৰাই পাইছিলোঁ । ভাবিছিলোঁ ৰাভাদেৱো চাগে এনেকুৱাই আছিল । এসাজ খাই এসাজ আনক দিয়ে । দাদাৰ অনুপ্ৰেৰণাতেই ৰাষ্ট্ৰীয় দলত যোগদান কৰিছিলোঁ। পুৰণি বাজাজ স্কুটাৰ এখন লৈ সভাবোৰলৈ আহে। মানুহ বৰ বেছি নহয়। ১৫-২০ জন মানুহ লৈও আমি সভা কৰা মনত আছে। তেখেতৰ ভাষণত পাকিস্থানৰ পৰিকল্পনা , চীনৰ কূটনীতি বা  ৰোহিংগীয়া আদি সকলো শুনিছিলোঁ । তেখেতে যেতিয়া গোটেই শৰীৰৰ জোৰেৰে জয় শ্ৰী ৰাম বুলি ধ্বনি দিছিল ; গাটো কিবা ৰিজিন জিনাই গৈছিল। ধমনীৰ মাজেৰে বৈ গৈছিল ভাৰত মাতাৰ জয়ৰ সুবাস। দেউতাৰ সৰু গেলামাল দোকানখনৰ পৰা আহৰি লৈ মই ঘন্টাৰ পিছত ঘন্টা ধৰি দাদাৰ ঘৰত আলোচনাত মিলিত হৈছিলো। আমি চিন্তিত আছিলো। এখনৰ পৰা আনখন জিলা আমাৰ হাতৰ পৰা ওলাই গৈ আছে। অসমীয়াৰ কিয় জানো কানসাৰ নাই? প্ৰতিটো নিৰ্বাচনত আমি চেষ্টা কৰো আৰু প্ৰতিবাৰে নিৰাশ হৈ হা হুমুনিয়া কাঢ়ো। অবশেষত আহিল আমাৰ সপোনৰ দিনটো। এইবাৰ আমাৰ চৰকাৰ। দাদাৰ চোতালত দেৱালী, হোলী একেলগে। আমাৰ মুখ্যমন্ত্রী, আমাৰ বিত্তমন্ত্রী , আমাৰ বিধায়ক ।
  দেউতাৰ অসুখৰ বাবে দোকানখন ময়ে চাবলগা হৈছিল। সেইবাবে দাদাৰ ঘৰলৈ বা দলৰ সভাই সমিতিয়ে যাবলৈ সুযোগ পোৱা নাছিলো। আক্ষেপ নাই। ৰাজ্যখন আচল দেশপ্ৰেমীৰ হাতত আছে যিহেতু আমি এতিয়া চিন্তা মুক্ত।ভাবিলো আজি দাদাৰ ঘৰৰ পৰা পাক এটা মাৰি আহো। ঘৰ পাই দেখিলো গেটৰ সন্মুখত প্ৰচণ্ড ভিৰ। ঘৰৰ ভিতৰলৈ যোৱা গেটখন সলনি হৈছে। পুৰণি অসম টাইপৰ ঘৰৰ কাষতে এটা তিনিমহলীয়া আৰ.চি.চি। দুটা মহলা সম্পুৰ্ণ হৈ গৈছে। তৃতীয়টোৰ কাম চলি আছে। ৰৈ থকা মানুহবোৰৰ পৰা জানিলো দাদা ঘৰত নাই; কিছুসময় পিছতে ঘৰ আহি পাব। আজি দাদাৰ ঘৰত খানা পাতিছে। আগৰ পৰাই জানো যে দাদাৰ বৰ চিম্পল মানুহ । দুই এজনৰ লগত চিনাকী হলো । আমাৰ পুৰণি মানুহ বিলাকে হয়তো আহিবলৈ সময় নাপেলে ।  দাদা হঁতৰ ঘৰুৱা সহায় কৰা লৰাজনৰ লগতে আড্ডা মাৰি থাকিলো । কিছু সময় বহাৰ পিছত ৰাস্তাত গাড়ীৰ শব্দ শুনিলোঁ । দাদা আহিছে । বগা  টুপী পিন্ধি থকা মানুহজনে গেট খন খুলি দিলে । কলা গ্লাছ লগোৱা গাড়ী এখন সোমাই আহিলে ।  পিছৰ চিটত দাদা। “জয় শ্ৰী ৰাম”  দাদাক দেখি স্বাভাবিক ভংগিমাৰে চিঞৰিলো।  গাড়ী খন একেবাৰে ভিতৰৰ গেৰেজলৈ গুছি গ’ল ।  দাদাই  নুশুনিলে নে শুনিলে ভাবি থাকোতেই ভিতৰৰ ৰুমৰ পৰা এজাক মহিলাৰ কন্ঠস্বৰ ভাহি আহিল ____” হেপী বাৰ্থ ডে টু ইউ , হেপী বাৰ্থ ডে ট’মি ………”
দাদাৰ কুকুৰটোৰ জন্মদিন আজি । যোৱা দুবছৰ মান অহা নাছিলোঁ দাদাৰ ঘৰলৈ । ট’মি চাগে নতুন আলহী ।