ময়ো পঞ্চায়ত খেলিলোঁ !

1893
  • চুমি কলিতা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


এইবেলি মই পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰূপে থিয় দিলোঁ।ঘৰৰ পৰা ওলালোঁহে,এসোপা কেমেৰাই মোক হেঁচি ধৰিলে।
               *ভাৰতত মুঠ ৰাজ্য কেইখন ?
               *অসমৰ ৰাজ্যপাল কোন ?
               *গ্ৰামোন্নয়ন মন্ত্ৰী কোন ?
               *লোকসভাত প্ৰাৰ্থী সংখ্যা কিমান?
         একে লেঠাৰিয়ে এশটামান প্ৰশ্ন।ফ্লেশ্ববেকত আকৌ কিবাকিবি মিউজিকো বাজি আছে।মই হলো মাষ্টৰ মানুহ।সাংবাদিকে সোধা বেছিখিনি প্ৰশ্নৰ উত্তৰেই মই জানো,দুটামানৰ নাজানোও। ৰাইজৰ বাবে দুটা কাম কৰাৰ মন আছে বুলিহে নিৰ্বাচনত উঠিছোঁ ।পাছে ৰাজনীতিৰ জ্ঞান এতিয়াও নায়েই মোৰ।দুই চাৰি শুভাকাংক্ষীয়ে ‘জানানে” খনৰ পৰা ইম্পৰটেণ্ট প্ৰশ্ন দুটামান মুখস্থ কৰি যাবলৈ কৈছিল,পিছে মই বোলো দৰকাৰ কি ? যিকেইখন গাঁৱক প্ৰতিনিধিত্ব কৰি নিৰ্বাচন খেলিবলৈ ওলাইছোঁ,সেইকেইখন গাঁৱৰ ক’ত কেইটা টিউবেল,কেইখন স্কুল,কিমানটা দৈনিক স্কুললৈ যোৱা ল’ৰা-ছোৱালী,কেইটা পকী ৰাস্তা ,কিমানজন নিবনুৱা,কিমানখিনি খেতি মাটি,কেইটা চুলাই ঘাটি  আছে সকলো খবৰ মই লৈ থৈছোঁ।মোক আৰু ৰাজনৈতিক নেতাৰ নাম কিহলৈ লাগে ? মই  চতুৰ্থ শ্ৰেণীৰ  সাধাৰণ জ্ঞানৰ পৰীক্ষা দিবলৈ গৈছোঁনে কিবা! সাংবাদিকজনক কলোঁ,”বোপাই, সকলো কথাৰ উত্তৰ দিম।আগতে তুমি মোক কোৱাচোন অসমত সংবাদ সেৱাৰ পাতনি কোনে মেলিছিল? “বেচেৰাটোৱে সেমেনা-সেমেনি কৰিব ধৰিছিলহে,ৰঙা-চিঙা পৰা মুখখন ভালকৈ চাবই নাপালোঁ,গৃহস্থই আহি “হেৰা ,গুৱাহাটীত শুবলৈ আহিছা নেকি ? উঠা উঠা, ” বুলি টানি টানি দিলে জগাই।