মৰিয়নিত ফুলিব পদুম , চামগুৰিত ?

2078

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২০২১ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্র ডেৰ বছৰ। ‘ ৰাজনীতি অসম ‘ এ ইতিমধ্যে আৰম্ভ কৰিছে অসমৰ বিধানসভা সমষ্টিবিলাকৰ  অ’পিনিয়ন প’ল। যোৱা মাহত আমি বাচি লৈছিলো অসমৰ দুটা সমষ্টি মৰিয়নি আৰু চামগুৰি। বৰ্তমান এই দুয়োটা সমষ্টি কংগ্ৰেছৰ দখলত আছে। ১ চেপ্তেম্বৰৰ পৰা ২০ চেপ্তেম্বৰলৈ চলা আমাৰ এই প’ললৈ ৰাইজৰ সহাঁৰি  অধিক হৈছে । ৰাইজৰ মতামতৰ ভিত্তিত আমাৰ এক প্ৰতিবেদনঃ
মৰিয়নিঃ এতিয়ালৈকে মৰিয়নি বিধানসভা সমষ্টিত ১২ বাৰ নিৰ্বাচন হৈছে আৰু ১০ বাৰ জয়ী হৈছে কংগ্ৰেছ। ১৯৯১ চনৰ পৰা ২০০৪ চনলৈ মৰিয়নিৰ বিধায়িকা আছিল কংগ্ৰেছৰ ৰুপম কুৰ্মী। ২০০৪ চনৰ উপ নিৰ্বাচনত ইয়াৰ পৰা বিজয়ী হৈছিল তৃণমূল কংগ্ৰেছৰ অলক কুমাৰ ঘোষ। কিন্তু ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে মৰিয়নি সমষ্টি  পুনঃউদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৰুপম কুৰ্মীৰ পুত্র তথা বিতৰ্কিত কংগ্ৰেছ নেতা ৰুপজ্যোতিয়ে যোৱা তিনিটা বিধানসভা নিৰ্বাচনত অলক কুমাৰ ঘোষক পৰাজিত কৰিছে। কিন্তু ২০২১ত ৰুপজ্যোতিৰ অংকটো ইমান সহজ হৈ থকা নাই। অলক ঘোষে ইতিমধ্যে বিজেপিত যোগ দিছে। যোৱাবাৰ ঘোষ আৰু বিজেপিৰ ভোট যোগ দিলে ৰুপজ্যোতি প্ৰায় ১২ হাজাৰ ভোটত পিছ পৰে। সম্ভাব্য বিপদৰ কথা জানিয়েই হয়তো তেওঁ বিজেপিলৈ মন মেলিছিল কিন্তু অংকটো নিমিলিল। অসমৰ ৰাইজে এই কথা উপলব্ধি কৰিছে সেয়েহে গৰিষ্ঠসংখ্যক ৰাইজৰ মতে এইবাৰ মৰিয়নিত বিজেপি জিকিব। ৫৫.৬% লোকে বিজেপিৰ জয় হ’ব বুলি অনুমান কৰিছে। তাৰ বিপৰীতে  ৪১.৭% ৰাইজৰ মতে মৰিয়নিত কংগ্ৰেছে পুনৰ শেষ হাঁহি মাৰিব।
চামগুৰিঃ ২০০১ চনত ৰকিবুল হুছেইনে চামগুৰি সমষ্টিৰ পৰা প্ৰায় ৩৫০০ ভোটত বিজয়ী হৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল। তাৰ পৰবৰ্তী বিধানসভা নিৰ্বাচন বিলাকত শক্তিশালী প্ৰতিদ্বন্দ্বী স্বত্বেও হুছেইনে নিজৰ জয়ৰ ব্যবধান বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। ২০১১ ত প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্ত তথা ২০১৬ত বিজেপিৰ জিতু গোস্বামীক হেলাৰঙে পৰাস্ত কৰে। যিসকল ৰাইজে মৰিয়নিত ২০২১ত পদুম ফুলিব বুলি ভাবে সেইসকল ৰাইজেই কিন্তু চামগুৰিত ৰকিবুল হুছেইন পুনঃ নিৰ্বাচিত হ’ব বুলি ৰায় প্ৰদান কৰিছে।  ২০২১ত চামগুৰি বিধানসভা সমষ্টিত ৬১.১% লোকে কংগ্ৰেছ জিকিব বুলি ভাবে । তাৰ বিপৰীতে   ৩৬.১% ৰাইজে চামগুৰিত পৰিবৰ্তন হ’ব বুলি অনুমান কৰিছে।