যেতিয়া লগ লাগিছিল বিজেপি – চিপিএম

1362
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ৰাজনীতিত আদৰ্শৰ স্থান ক্ৰমান্বয়ে শিঠিল আৰু অপ্ৰাসংগিক হৈ গৈ আছে । ক্ষমতাত থাকিবলৈ প্ৰতিটো দলেই আদৰ্শৰ লগত কম বেছি পৰিমাণে আপোচ কৰাতো অতি সাধাৰণ কথাত পৰিগণিত হৈছে । নেহেৰুৰ দিনৰ পৰাই ৰাজনীতিত আদৰ্শৰ স্থান সীমিত আছিল যদিও বিগত দিনত মহাৰাষ্ট্ৰৰ ৰাজনীতিত ঘটা পট পৰিৱৰ্তনে পতিয়ন নিয়ালে যে ৰাজনীতি একমাত্ৰ ক্ষমতাৰ খেল । হিন্দু্ত্ববাদী ৰাজনীতি কৰা শিৱসেনা আৰু কংগ্ৰেছৰ মাজত হোৱা মিত্ৰতাই সকলো কথা স্পষ্ট কৰিছে । ১৯৭৭ চনত ইন্দিৰা গান্ধীক পৰাজিত কৰিবলৈ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ আশীষ ধন্য দল জন সংঘই জনতা দলৰ লগত মিত্ৰতা কৰিছিল । মোৰাৰজী দেশাইক জন সংঘ আৰু চি পি এমে দুয়োটা দলেই সমৰ্থন দি প্ৰধানমন্ত্ৰী পাতিছিল । জনতা দল , জন সংঘ , চিপিএম ৰ এখন খিচাৰী চৰকাৰ ভাৰতৰ ৰাজনৈতিক ইতিহাসত লিপীবদ্ধ হৈ আছে । মোৰাৰজী দেশাইৰ চৰকাৰৰ গৃহমন্ত্ৰী চৰণ সিংৰ পাভলুটি আকৌ এখোপ চৰা । ইন্দিৰা গান্ধীক জেলত ভৰোৱা চৰণ সিং এ প্ৰধানমন্ত্ৰীৰ চকী খনৰ কাৰণে পুনৰ কংগ্ৰেছৰ লগত মিত্ৰতা কৰি চৰকাৰক নেতৃত্ব দিয়া কাহিনী আজিৰ প্ৰজন্মই জনা দৰকাৰ ।ভি পি সিং , চন্দ্ৰ শেখৰ , দেৱেগৌৰা , গুজৰালৰ দৰে বহু কেইজন নেতাক ৫ টা বছৰত পাঁচজন নতুন প্ৰধানমন্ত্ৰী হিচাপে পাইছিল । একমাত্ৰ সুবিধাবাদী ৰাজনীতিৰ ফচল আছিল প্ৰধানমন্ত্ৰীৰ সালসলনি । ২০১৫ চনত বিহাৰত নিতিশ কুমাৰ আৰু লালু প্ৰসাদ যাদৱ মিত্ৰতা কৰি বিজেপিক পৰাভুত কৰি চৰকাৰ গঠন কৰিছিল । কিন্তু চৰকাৰ গঠন কৰাৰ কিছু মাহ পিছতেই নিতিশ কুমাৰে বিজেপিৰ লগত লাগি লালু প্ৰসাদৰ সংগ ত্যাগ কৰি মিত্ৰ চৰকাৰ গঠন কৰে । জম্মু-কাশ্মীৰত বিজেপি আৰু পিডিপিয়ে লগ লাগি চৰকাৰ গঠন কৰাটো আছিল সেই সময়ৰ এক আচৰিত সিদ্ধান্ত । কিন্তু ৩৭০ ধাৰা বিলুপ্তিৰ পিছত পিডিপিৰ লগত বিজেপিৰ মিত্ৰতাক প্ৰশ্ন কৰাসকলে এতিয়া দোহাৰে যে সেই মিত্ৰতা আছিল এক ষ্ট্ৰেটেজিৰ অংশ ।
অসমৰ ক্ষেত্ৰত সকলোৱে স্বীকাৰ কৰে হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা সৰ্বাধিক । ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ অৰিহণাৰ ফলতেই বিজেপিয়ে সংখ্যাগৰিষ্ঠতা পাইছিল । অৰ্থাৎ কংগ্ৰেছ চৰকাৰত দুই -তিনিটা অতি দায়িত্বশীল বিভাগ পৰিচালনা কৰা প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী জন সফল হৈছিল ৰাইজৰ আদালতত । কিন্তু ৰাইজৰ আদালতত হিমন্ত বিশ্ব শৰ্মাক নেতৃত্ব দিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ উত্তীৰ্ণ হ’ব নোৱাৰিলে । বহু সময়ত বিভিন্নজন ৰাজনীতিৰ খৱৰ ৰখা বুদ্ধিজীৱীয়ে কয় যে ৰাজনৈতিক দলৰ আদৰ্শ যিদৰে শিঠিল , সেই একেদৰে ভোটাৰৰ সিদ্ধান্ততও শিঠিলতা দেখা দিছে ।