অচিন সাগৰত নাওঁ মেলি ধুমুহাক জয় কৰা

5187

এই মাহৰ ৰাজনেতা

পাৰ্থ প্ৰতিম লহকৰ

ঈগলৰ আয়ুস প্ৰায় ৭০ বছৰ কাল । কিন্তু জীৱনৰ ৪০ টা বছৰ বয়স  অতিক্ৰম কৰাৰ পিছত এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব লগা হয় ঈগলে । এই সময়ছোৱাত তাৰ মুখ্য অংগ নখ , ঠোঁট আৰু পাখী প্ৰায়  নিশকতীয়া আৰু বিকল  হৈ পৰে । আসন্ন মৃত্যুৰ এই ক্ষনত মাত্ৰ তিনিটা বিকল্প  ঈগলৰ থাকে । প্ৰথম নিশ্চিত মৃত্যুলৈ অপেক্ষা কৰা , দ্বিতীয় শগুনৰ দৰে মৃত খাদ্য আৰু অইন জন্তুই খোৱাৰ পিছত এৰি যোৱা খাদ্যৰ বাবে ৰৈ থকা নাইবা শেষ উপায় নিজকে পুনৰ শক্তিশালী কৰা । ঈগলে বাচি লয় বৰ্তমানৰ লগত যুদ্ধ দিবলৈ । ই গুছি যায় কোনো এক পাহাৰৰ উচ্চ শিখৰলৈ আৰু তাতেই সি ক্ৰমান্বয়ে তাৰ নখ , ঠোঁট আৰু পাখীবিলাক শিলত মাৰি মাৰি ভাঙি পেলায় । প্ৰায় ১৫০ দিনৰ যন্ত্ৰনাময় সময় পাৰ কৰাৰ পিছত পুনৰ আগৰ দৰে তাৰ প্ৰতিটো অংগ নতুনহৈ ওলায় আহে । এই কঠোৰ সিদ্ধান্তৰ ফলতেই ঈগল পুনৰ শক্তি আৰু সাহসৰ ৩০ বছৰ কালৰ নতুন জীৱন পায় ।

ঈগল চৰাই যেনেদৰে বিখ্যাত তাৰ সাহস আৰু তীক্ষ্ণতাৰ বাবে তেনেদৰে হিমন্ত বিশ্ব শৰ্মাও বিখ্যাত  সাহস আৰু তীক্ষ্ণ বুদ্ধিৰ  বাবে  । হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ সময়ছোৱাত আটাইতকৈ জনপ্ৰিয় আৰু সফল মন্ত্ৰী আছিল । সময়ৰ আহ্বানত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিলে । যোগদান কৰাৰ পিছতেই তেওঁ অসমত বিজেপি দলক এক নতুন মাত্ৰা প্ৰদান কৰে । সমগ্ৰ উত্তৰ পূব অঞ্চলত বিজেপিৰ জয়ধ্বজা উৰুৱাৰ মাধ্যম হৈ পৰিল । তীক্ষ্ণ নজৰ আৰু বুদ্ধিৰ বলত আজি সমগ্ৰ ভাৰতবৰ্ষতে জনাজাত  হিমন্ত বিশ্ব শৰ্মা । ভাৰতৰ ক্ষমতাশালী ব্যক্তিসকলৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰাত সফল হৈছে ।

ত্ৰিপুৰাত ‘ চলো পাল্টাই ‘ৰ সফল সমাপ্তি , মেঘালয় আৰু নাগালেণ্ডত নেডাৰ নেতৃত্বত বিজেপিৰ সমৰ্থনত  চৰকাৰ গঠন, এইবিলাক ঘটনাই দলৰ ভিতৰে বাহিৰে হিমন্ত বিশ্ব শৰ্মাক অধিক সন্মানিত আৰু শক্তিশালী কৰিলে । বিশেষকৈ ত্ৰিপুৰাত চিপিএম দলৰ পৰাজয়ে সমগ্ৰ ভাৰতবৰ্ষৰ  বিজেপি কৰ্মীসকলক এক নতুন জয়ৰ সোৱাদ দিলে । ত্ৰিপুৰা জয় মাত্ৰ বাওঁপন্থী চৰকাৰ এখনৰ পৰাজয় নহয় । ই সমগ্ৰ ভাৰতবৰ্ষতে বাওঁপন্থী চিন্তাধাৰাত মোক্ষম আঘাত ।অতীতৰ বিভিন্ন সময়ত ৰাজ্য পুনৰ গঠন নীতিৰ ফলস্বৰূপে বৰ অসম ভাঙি সাতখন হৈছিল । জাতি-জনগোষ্ঠীৰ মাজত অবিশ্বাসৰ ভাৱ ৰোপণ হৈছিল । কিন্তু এতিয়া আকৌ প্ৰতিটো জনগোষ্ঠীৰ পৰস্পৰৰ মাজত মিলা-প্ৰীতিৰ ভাৱৰ উদগীৰণ হৈছে । অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ বিজেপি দলৰহৈ ত্ৰিপুৰা নিৰ্বাচনত প্ৰচাৰ চলাব গৈছে । কোকৰাঝাৰ , ডিফুৰ পৰা যেতিয়া নতুন প্ৰজন্মই মেঘালয় , নগালেণ্ডৰ নিৰ্বাচনী প্ৰচাৰত যায় তেতিয়া ৰাজনৈতিক উদ্দেশ্য এটা সমাধানৰ হোৱাৰ উপৰিও ব্যক্তি ব্যক্তিৰ মাজত ভাৱৰ আদান প্ৰদানে দুখন ৰাজ্যৰ মাজত মিলা-প্ৰীতিৰ ভাৱ সৃষ্টি কৰে । গুৱাহাটী আৰু শিলচৰৰ মাজত ভাৰতীয় ৰেলে যিদৰে দুৰত্ব কমাই আনিছে , তেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শিলচৰ আৰু গুৱাহাটীৰ মাজত মনৰ দূৰত্ব নোহোৱা হৈছে ।  কৰ্ম আৰু ভাগ্যই হিমন্ত বিশ্ব শৰ্মাক  বিজেপিৰ নীতি নিৰ্ধাৰণৰ প্ৰথম পাচঁজন ব্যাক্তিৰ ভিতৰত স্থান দিলে । বিজেপি দলেও প্ৰমান কৰিলে যে কৰ্মীৰ স্থান কৰ্মৰ দ্বাৰাহে নিৰ্ধাৰণ হয় য’ত নতুন,পুৰণি,বংশমৰ্য্যদা,নাম-গোত্ৰ আদি নেতা সৃষ্টিৰ মাপকাঠি   নহয় । ৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ প্ৰভাব পেলোৱা       ‘ মিদাচ স্পৰ্শ ‘ থকা হিমন্ত বিশ্ব শৰ্মাই অসমক ভাৰতৰ আন উন্নত ৰাজ্য যেনে মহাৰাষ্ট্ৰ , গুজৰাট , কৰ্ণাটক আদিৰ লগত ফেৰ মাৰিব পৰাকৈ কেনেকুৱা পৰিবেশ আমাৰ ৰাজ্যখনলৈ আনে সেয়া অসমৰ উন্নতিকামী জনগনে বাট চাই ৰ’ব ।