লকডাউন আৰু ভেকছিনৰ বিৰুদ্ধে প্ৰতিবাদ লণ্ডনত

1409
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


যোৱা ২৬ ছেপ্তেম্বৰ শনিবাৰে লণ্ডনৰ ঐতিহাসিক ট্ৰফেলগাৰ স্কুৱেৰত জমা হয় হাজাৰ হাজাৰ লোক। উদ্দেশ্য আছিল চৰকাৰৰ নতুন ল’কডাউনৰ ঘোষণাৰ বিৰুদ্ধে প্ৰতিবাদ। ইউনাইটেদ কিংডমত কৰোনাৰ দ্বিতীয় ৱেভ আৰম্ভ হৈছে। যোৱা ১ মে তাৰিখৰ দিনা কৰোনা আক্ৰান্তৰ সংখ্যা আছিল ৬২০১। কিন্তু লাহে লাহে কৰোনা আক্ৰান্তৰ গ্ৰাফডাল নামি আহে। জুলাইত প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা আছিল দিনে ৫০০ৰ পৰা ৬০০ৰ ভিতৰত। আগষ্ট মাহত চৰকাৰে লকডাউনত শিথিলতা আনে। বহু দিন লকডাউনৰ বাবে ঘৰতে আবদ্ধ হৈ থকা লোকসকলে মুকলি আকাশৰ তলত আনন্দ মনে বিচৰণ কৰে। সাগৰৰ পাৰ, পাব, ৰেষ্টুৰেন্ট সকলোতে মানুহৰ ভিৰ দেখা যায়। ৰেষ্টুৰেণ্টবিলাকক সকাহ দিবলৈ চৰকাৰে ঘোষণা কৰে এক অভিনব আচনি। ‘Eat out to help out’ ৰ জড়িয়তে চৰকৰে ৰেষ্টুৰেন্টত খাবলৈ অহা প্ৰতিজন গ্ৰাহকক ৫০% ৰেহাই দিয়ে। ইয়ে ৰেষ্টুৰেন্টত কাম কৰা লোকসকলৰ চাকৰি ৰক্ষা কৰাত সহায়ক হয়। লকডাউন উঠাই লোৱাৰ লগে লগে বন্ধু কেইজনমানৰ লগত আমিও যাত্রা কৰো স্কটলেণ্ডলৈ। চাৰিদিনৰ স্কটলেণ্ড যাত্রা আছিল এক পাহৰিব নোৱাৰা অভিজ্ঞতা। এডিনবেৰাৰ পৰা ৫ ঘন্টাৰ দুৰত্বত থকা ‘আইল অফ স্কাই’ আছিল আমাৰ যাত্রাৰ অন্যতম আকৰ্ষন। লণ্ডনৰ পৰা এখন চাৰিচকীয়া গাড়ী ভাৰা লৈ আমি ৫জন বন্ধুৱে নিজে চলাই গৈছিলো। যাত্রা পথৰ বিভিন্ন স্হানত গাড়ী ৰখাই আমি উপভোগ কৰিছিলো স্কটলেণ্ডৰ নৈষৰ্গিক দৃশ্য। চেপ্তেম্বৰৰ পৰা সপ্তাহত ২-৩ দিন অফিছলৈ যোৱাও আৰম্ভ কৰিছিলো। কিন্তু চেপ্তেম্বৰত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে আৰু চৰকাৰে পুনৰ লকডাউন ঘোষণা কৰিবলৈ বাধ্য হ’ল।  দেশত আৰম্ভ হ’ল কৰোনা মহামাৰিৰ দ্বিতীয় wave । দিনে এতিয়া আক্ৰান্ত হৈছে ৬ হাজাৰৰো অধিক লোক। অবশ্যে এইবাৰৰ লকডাউন যোৱাবাৰৰ নিচিনা কঠোৰ নহয়। ইয়াৰ কাৰণ হ’ল চৰকাৰৰ ৰাজকোষত ধন নাই। যোৱাটো লকডাউনৰ সময়ত ফাৰ্লো আইনৰ জড়িয়তে চাকৰি হেৰুওৱা লোকসকলৰ বাবে মাহিলি ভাট্টাৰ ব্যবস্হা কৰিছিল চৰকাৰে। পুনৰ এই ভাট্টা দিয়াৰ সামৰ্থ নাই চৰকাৰখনৰ। সেয়েহে যিমান সম্ভব ঘৰৰ পৰা কাম কৰা, পাব-ৰেষ্টুৰেন্ট ৰাতি দহবজাত বন্ধ কৰা, সামাজিক অনুষ্ঠান আদিত মানুহৰ উপস্হিতি কম কৰা আদি নিয়ম বান্ধি দিছে চৰকাৰে। বাৰে বাৰে লকডাউন কৰাৰ ফলত মানব অধিকাৰ খৰ্ব হোৱা বুলি আক্ষেপ কৰিছে বহু লোকে। ইয়াৰ উপৰিও গণ ভেকছিনক লৈও অসন্ত্তষ্টি ব্যক্ত কৰিছে বহুতে। চৰকাৰে ভেকছিন অহাৰ লগে লগে সকলো লোককে বাধ্যতামূলক ভাবে ভেকচিন দিয়াৰ চিন্তা চৰ্চা কৰিছে। ইয়াৰ বাবে ক্ৰোধিত হৈছে ৰাইজ। বৰ্তমান পৰীক্ষামূলকভাবে যি ভেকচিন দিছে তাত চাইদ এফেক্ট ধৰা পৰিছে। তেনে ক্ষেত্রত ভেকচিন লবলৈ বহু লোক আগ্ৰহী নহয়। ৰাইজৰ এই আন্দোলনে কি ৰূপ লয় সেয়া সময়ত গম পোৱা যাব।