লক্ষীমপুৰ আৰু নাহৰকটীয়া :অগপৰ অগ্নি পৰীক্ষা

1169
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অগপৰ লগত বিজেপিয়ে মিত্ৰতা কৰা সময়ত অগপ আছিল বিগ ব্ৰাদাৰ । কিন্তু বিগত নিৰ্বাচনবোৰ অতিক্ৰম কৰি অগপ আৰু বিজেপিৰ মিত্ৰতাই ২০২১ চনত ভৰি দিলে । এইবাৰ প্ৰফু্ল্ল মহন্ত, বৃন্দাবন গোস্বামীৰ দৰে ৮৫’ ৰ নেতা সকলে টিকট লাভ নকৰিলে । এসময়ৰ আছু আৰু অগপৰ সাংগঠনিক ভেটিৰ বলত অগপৰ হাতীৰ চিহ্নত বিধায়ক হোৱা কমলপুৰ , ৰঙিয়া , ছিপাঝাৰ , নলবাৰী,ধৰ্মপুৰ ,বৰক্ষেত্ৰী , বৰমা , দিছপুৰ , জালুকবাৰী , পুৱ গুৱাহাটী , নগাঁও ,বৰহমপুৰ প্ৰমুখ্যে অজস্ৰ সমষ্টিৰ ইভিএমত হাতীৰ চিহ্ন নাই । নিৰ্বাচনৰ সময়ত ৮৫ ‘ ৰ সময়ৰ সমষ্টিৰ পুৰণি অগপ নেতাসকলক বিজেপিৰ প্ৰাৰ্থী সকলে এখন বলেৰো বাহন দিয়ে । দুই-তিনিজনীয়া গ্ৰুপত সমষ্টিৰ বিশজন পুৰণি অগপ নেতাক সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত লগায় । আৰু এইখিনি মানুহেই মিটিংত নতুন প্ৰজন্মই পাহৰি  যোৱা অসম চুক্তিৰ বৰ্ণনা কৰে । বিজেপিৰ প্ৰাৰ্থীক অগপৰ লগত থকা হাজাৰ হাজৰ পকেট ভোটৰ ফন্দি পাঠ কৰাই আৰু বুথৰ খানাৰ নামত বৰঙনি গোটাই । খানা অবিহনে অগপৰ ভোট আন দললৈ ট্ৰেন্চফাৰ হৈ যোৱাৰ ব্লেকমেইলে নিৰ্বাচনী খৰচ বৃদ্ধি কৰে । প্ৰাৰ্থীয়ে ভোটৰ ভয়ত বিশ্বাস নকৰি উপায় নাইকিয়া এক পৰিবেশত মেনেজ কৰে অগপৰ কাল্পনিক ভোট বেংক । ১৯৮৫ চনত অগপই পোৱা ভোটৰ ওপৰত ভিত্তি কৰি ২০২১ চনলৈ চলি আছে অগপৰ পকেট ভোটৰ ৰাজনীতি । পূৱ গুৱাহাটীৰ পৰা পাটাছাৰকুছি আৰু নগাঁওৰ পৰা টিংখংলৈ বিজেপিয়ে অগপৰ পুৰণি সমষ্টি বিলাকত প্ৰাৰ্থী দিলে । অগপ আৰু বিজেপিয়ে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰা দুটা সমষ্টিৰ ভোটে অগপ আৰু বিজেপিৰ গণ ভিত্তিৰ এটা তুলনামুলক ছবি চিহ্নিত কৰিব । লক্ষীমপুৰত অগপৰ পৰা নিৰ্বাচনত নামিছে এসময়ৰ প্ৰভাবশালী নেতা উৎপল দত্ত আৰু বিজেপিৰ পৰা মানব ডেকা । উৎপল দত্ত যিদৰে প্ৰফুল্ল মহন্ত ফৈদৰ একেদৰে মানব ডেকা হৈছে হিমন্ত বিশ্ব শৰ্মা ফৈদৰ । কংগ্ৰেছৰ প্ৰাৰ্থী জয় প্ৰকাশ দাসৰ জয় -পৰাজয় যিয়েই নহওক মানব ডেকা আৰু উৎপল দত্তৰ কোনে অধিক ভোট পায় সেয়া হব বিচাৰ্য্য বিষয় । আন এটা সমষ্টি হৈছে নাহৰকটীয়া । অগপৰ পৰা নৰেণ সোণোৱাল , বিজেপিৰ তৰংগ গগৈ আৰু কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনৰ লগত নিৰ্বাচনত নাম সোমাইছে আছুৰ দ্বাৰা নবগঠিত দল অজাপৰ লুৰিন জ্যোতি গগৈ । লুৰিন জয়ী হব নে কোন জয়ী হব সেয়া গুৰুত্বপুৰ্ণ বিষয় যদিও আগন্তুক সময়ত অগপ-বিজেপিৰ মাজত চলা সমষ্টি আদান-প্ৰদানৰ বিষয়টোক প্ৰভাবিত কৰিব তৰংগ গগৈয়ে ভোট বেছি পায় নে নৰেণ সোণোৱালে । যদিহে নৰেণ সোণোৱালৰ ভোটৰ সংখ্যাই কংগ্ৰেছ বা অজাপক জয়ী কৰাই তেন্তে অগপ-বিজেপিৰ মিত্ৰতা প্ৰাসংগিক হৈ থাকিব । অন্যথা লাহে লাহে অগপই মুছলমান সংখ্যাগৰিষ্ঠ সমষ্টি বিলাকত হে নিৰ্বাচন খেলিব লাগিব ।