লণ্ডনত অনুভব কৰিছোঁ কৰ’ণাৰ কৰুণ প্ৰহাৰ

1533
  • পাৰ্থ সাৰথি দত্ত

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


যোৱা ১১ মাৰ্চ তাৰিখে লণ্ডন পালোঁ । বাংগালোৰৰ  অফিচৰ পৰা পঠাইছে দুই বছৰীয়া  ভিছাত। এইটো লণ্ডনলৈ আমাৰ চতুৰ্থ যাত্রা। লণ্ডনলৈ আহি মোৰ পুৰণি বন্ধু সুমনৰ তাত আশ্ৰয় ল’লো। সি এটা পৰিয়ালৰ লগত থাকে ; পৰিয়ালটো ভাৰতীয় । পৰিয়ালটোৰ তিনটা ৰুমৰ ভিতৰত এটা তাক ভাড়াত দিছে। আমি নিজাকৈ ঘৰ লোৱাৰ কথা ভাবিলো আৰু  দুসপ্তাহৰ পিছত ঘৰ এটা বিচাৰি পালোঁ । অন লাইনত ভাড়া ঘৰ বিচৰাটো সিমান কঠিন নহয় । । ২৮ ফেব্ৰুৱাৰীৰ পৰা আমাৰ নতুন ঠিকনা হ’ল ৫১ বাৰ্লি লেন।
লণ্ডনত লাহে লাহে কৰ’ণাৰ প্ৰকোপ বৃদ্ধি পাইছে। ৪০০০ ৰো অধিক লোকৰ দেহত কৰ’ণা ধৰা পৰিছে। গোটেই দেশৰ সংখ্যা হ’ল ১৪ হাজাৰৰ ওপৰ। বাদ পৰা নাই প্ৰিন্স চাৰ্লচ, প্ৰধান মন্ত্রী বৰিছ আৰু স্বাস্হ্য মন্ত্ৰীও। ১২ মাৰ্চৰ পৰা মই আৰু মোৰ ফ্লেট মেট চুমন চেটাৰ্জী ঘৰৰ পৰা ওলোৱা নাই। ১২ মাৰ্চৰ আগতে লাগতীয়াল বজাৰ সমাৰ কৰি ৰাখিছো। ১৫ কেজি চাউল, ৫ কেজি ডালি, ৫ লিটাৰ মিঠাতেল, তুনা মাছৰ ১০ টা টিন, ফ্ৰিজাৰত থব পৰা শাক -পাছলি; প্ৰায় ২ মাহৰ বজাৰ কৰা আছে। এই ভয়াবহ সময়ছোৱাত বাহিৰত ওলোৱাৰ প্ৰশ্নই নাই। ইয়াৰ  চৰকাৰে সম্পূৰ্ণ লকডাইন ঘোষণা কৰা নাই। এয়া এই চৰকাৰৰ সম্পূৰ্ণ দায়িত্বহীনতাৰ পৰিচয়। চৰকাৰে যদিও সকলোকে ঘৰত থাকিবলৈ আহ্বান কৰিছে তথাপিও মেট্ৰো আৰু ছিটি বাছ চলিয়েই আছে। গোটেই ইউনাইটেদ কিংগদমত আই.চি.উৰ বিচনা আছে মাত্র ৪ হাজাৰ। এনে ক্ষেত্ৰত ভবিষ্যত দিনত চৰকাৰে কেনেকৈ কৰ’ণাৰ মোকাবিলা কৰিব সেইটো এটা সাথৰ। কিন্তু আমি নিজকে প্ৰস্তুত কৰিছো। আমি প্ৰতিজ্ঞাবদ্ধ যে যিকোনো কাৰণতে নহওক অহা দুমাহলৈ ঘৰৰ পৰা বাহিৰত নোলাও। ঘৰৰ পৰাই অ’ফিছৰ কাম কৰি আছো। ব্ৰেদ , কণী, গাখীৰ আদি সামগ্ৰী অ’ন লাইন অৰ্দাৰ দিছো। ঘৰত দি যোৱাৰ পিছতো পেকেটবোৰত ২৪ ঘন্টা পৰ্য্যন্ত  হাত দিয়া নাই।
মোৰ ফ্লেটত দুটা বেডৰুম। এটাত থাকো মই আৰু আনটোত সুমন। সুমন মোৰ বহু বছৰৰ চিনাকী। অলপ হাইপাৰ টেনচন আছে। যোৱা ৫ দিন মানৰ পৰা অলপ গাটো বেয়া। জ্বৰ ভাব আছে আৰু মুৰৰ বিষ। সাংঘাতিক টেনচনত আছে। কিজানিবা কৰ’ণা হৈছে।  বাংগালোৰত থকা ৬ বছৰীয়া  ছোৱালীজনী লৈ তাৰ  খুব মনত পৰিছে। “মোক পাউণ্ড নালাগে , ঘৰলৈ যাব পাৰিলেই ৰক্ষা”। সি ইতিমধ্যে তাৰ এল.আই.চিত কাম কৰা বন্ধু এজনলৈ ফোন কৰিছে। তাৰ মৃত্যু হ’লে পৰিয়ালে কিমান টকা পাব সেই বিষয়ে জনাৰ বাবে। “চিন্তা নকৰিবা আমাৰ কোম্পানীয়েও ১ কৌটি দিব আমাৰ মৃত্যু হ’লে” লগে লগে সি কোম্পানীৰ পৰ্টেলত গৈ চেক কৰাত লাগি গ’ল। মই নিশ্চিন্ত আছিলো যে সেয়া  কৰ’ণা নহয়। তাক পৰামৰ্শ দিলো হেল্প লাইনত ফোন কৰিবলৈ। “বাচি গ’লো..মোৰ কৰ’ণা হোৱা নাই। মোৰ লক্ষণবোৰ শুনি হেল্পলাইনৰ পৰা ক’লে যে এয়া সাধাৰণ ফ্লু।” চুমন আনন্দত আত্মহাৰা। “উফ ৰক্ষা ” ।সুমনটো বাচি গ’ল , কিন্তু মই মনে মনে ভাবিলোঁ__ দুই  মাহ আগত  মোৰ হাতত পৰা ভিছা খন লণ্ডনৰ আছিল নে নৰকৰ আছিল ?