লণ্ডনত বৰ্ণ বৈষম্য আৰু পুনৰ লকডাউন

1351
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


(১)
লণ্ডৰ ষ্টেটফৰ্ড ৰেলৱে ষ্টেচনত অক্টোবৰ মাহৰ এটা সন্ধিয়া। ট্ৰেইনৰ বাবে ৰৈ আছো। এনেতে কিছু চিঞৰ বাখৰ শুনিলো। ওচৰলৈ গৈ দেখিলো এটা মানুহৰ জুম। এগৰাকী শ্বেতাংগ মহিলা আৰুএজন কৃঞ্চাংগ ডেকা লৰাৰ মাজত  কিবা কথাক লৈ কাজিয়া লাগিছে। হঠাৎ মহিলা গৰাকীয়ে ক’লে “How can you talk like that to a white woman?” কথাশাৰ শুনি অবাক হ’লো। কলা- বগাৰ ভেদাভেদ আমি কিতাপত পঢ়িছিলো যিতো অতীতত আছিল। বৰ্তমান যুগত লণ্ডনৰ নিচিনা এখন বিকশিত চহৰত এনে ঘটনা সংঘটিত হ’ব বুলি আমি কেতিয়াও ভবা নাছিলো। আমাক শিকোৱা হৈছিল যে ইয়াত বৰ্ণ বৈষম্য কেতিয়াবাই সমাপ্ত হৈছে। কিন্তু সেই ঘটনাটোৰ পিছত অনুভব হ’ল সেইবোৰ এনেয়ে কোৱা  কথা। হাতীৰ দেখুওৱা দাত বেলেগ আৰু খোৱা দাত বেলেগ। উচ্চ-নীচ, কলা-বগা আদিক লৈ মানুহৰ মাজত যি ভেদাভেদ সেয়া এতিয়াও আতঁৰ হোৱা নাই। বৰ্ণ বৈষম্যৰ বিৰুদ্ধে আইন বনোৱাৰ পিছত মানুহ এই ক্ষেত্রত কিছু সচেতন হ’ল। কিন্তু শ্বেতাংগ মানুহৰ অন্তৰত লুকাই থকা অহংকাৰ এতিয়াও সম্পূৰ্ণ মষিমুৰ হোৱা নাই।
                    (২)
আমি লণ্ডনত এটা নতুন টেকন’লজিৰ বিষয়ে ক্লায়েন্টৰ কৰ্মচাৰী সকলক এটা প্ৰশিক্ষণ দি আছো। প্ৰশিক্ষণৰ কাৰণে দিনে ৩-৪ টা গ্ৰুপ আহে। এটা গ্ৰুপত থাকে ১০-১৫ জন লোক। প্ৰতিটো গ্ৰুপক এঘন্টাৰ প্ৰশিক্ষণ দিব লাগে। এটা গ্ৰুপৰ প্ৰশিক্ষণ শেষ হোৱাৰ লগে লগে জেক উপস্থিত হয় হাতত চেনিটাইজাৰ লৈ।  প্ৰতিখত মেজ আৰু চকী পৰিস্কাৰ কৰে। এইটো হ’ল কোভিডৰ নতুন গাইডলাইন। খুব নিষ্ঠাৰে জেকে কাম কৰে তেওঁ। এনেদৰে জেকক প্ৰায় এমাহ দেখাৰ পিছত তেওঁৰ লগত কথা পাতিবৰ মন গ’ল। জেক লণ্ডনলৈ আহিছে স্পেইনৰ পৰা। তেওঁৰ মাতৃভাষা স্পেনিছ। লণ্ডনলৈ আহি প্ৰায় এবছৰ তেওঁ ইংৰাজী অধ্যয়ন কৰিছে। তাৰ পিছত তেওঁ  ইয়াত চাফাই কৰ্মচাৰীৰ চাকৰি পাইছে। ৰাতিপুৱা প্ৰায় ৭ বজাত উঠি নিজৰ কৰ্মৰ আৰম্ভনি কৰে আৰু দৈনিক ১২-১৩ ঘন্টা কাম কৰে। বাবদ পায় ভাৰতীয় মুদ্ৰাৰ হিচাপত দুইৰ পৰা আঢ়ৈ লাখ টকা। জেকে কোনো কাম সৰু বুলি নাভাবে। তেওঁ কামৰ লগতে পঢ়া শুনা অব্যাহত ৰাখিছে আৰু ভবিষ্যতে আৰ্মিত যোগদান কৰিব বিচাৰে। যিসময়ত কোভিডৰ বাবে বহু মানুহে চাকৰি হেৰুৱাইছে সেই সময়ত  কোভিডৰ বাবে  চাকৰি পাইছে।
(৩)
লণ্ডন তথা গোটেই ইউনাইটেড কিংডমত কৰোণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। এদিনত প্ৰায় ২০ -২৫ হাজাৰ মানুহ কৰোণাৰ চিকাৰ হৈছে। ই প্ৰথম ৱেভতকৈও ভয়ংকৰ। উপায়হীন হৈ প্ৰধানমন্ত্রী বৰিছ জনচনে ৩১ তাৰিখৰ পৰা দেশত দ্বিতীয় লকডাউন ঘোষণা কৰিছে। ৪ নৱেম্বৰৰ পৰা বলবৎ হবলগা এই লকডাউন চলিব এক মাহৰ বাবে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানৰ বাহিৰে সকলো বন্ধ থাকিব। পাব, ৰেষ্টুৰেন্ট, জিম, ধাৰ্মীক স্থান  আদি খোলাৰ অনুমতি নাই। অৱশ্যে বিদ্যালয়, মহাবিদ্যালয় সমূহ খুলা থাকিব। ফাৰ্লো আইনৰ সহায়ত চৰকাৰে ব্যবসায়ীসকলক সাহায্য আগবঢ়াব। দেশৰ হাস্পতাল বিলাক কৰোণা আক্ৰান্ত লোকেৰে ভৰি পৰিছে। হাস্পতালত বিচনা একেবাৰে কমি গৈছে। লকডাউনৰ বাহিৰে চৰকাৰৰ হাতত আন বিকল্প নাছিল।