লুৰিণক বিধানসভালৈ পঠোৱাৰ দায়িত্ব কোনে ল’ব ?

1269
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


সকলো জল্পনা কল্পনাৰ অন্ত পেলাই আছুৰ মজিয়াৰ পৰা বিদায় লৈ লুৰিণ জ্যোতি গগৈয়ে ৰাজনীতিৰ পথাৰত প্ৰবেশ কৰিলে। শিৱসাগৰৰ অধিবেশনত লুৰিণৰ সৈতে অসম জাতীয় পৰিষদত যোগদান কৰিলে আন বহুতো লোকে। অসমৰ সংবাদ মাধ্যমত এই বাতৰিটোৱে প্ৰত্যাশিত ভাবে লাভ কৰিলে গুৰুত্ব।
আছুৰ পৰা বিদায় লৈয়ো আছুত লুৰিণ
নিজকে সদায় অৰাজনৈতিক সংগঠন বুলি কৈ থকা আছুৱে জাতীয় পৰিষদক দিলে মুকলি সমৰ্থন। জাতীয় পৰিষদৰ অভিবৰ্তনত আছুৰ সভাপতিৰ উপস্থিতিয়ে বহু কথা কৈ গ’ল।  ছাত্র সন্থাৰ পৰা লুৰিণে আনুষ্ঠানিক ভাবে বিদায় লৈছে যদিও সন্থাটো তেওঁৰ ৰাজনৈতিক যাত্রাত একেলগে যাব। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বাহিৰে আন সকলো লুৰিণৰ লগত থকা যেন অনুমান হয়। তেনেস্থলত নতুন ৰাজনৈতিক সংগঠন এটাৰ জন্ম দিয়াৰ প্ৰয়োজনীয়তা কিমান আছিল আমাৰ বোধগম্য নহ’ল। ছাত্র সন্থাক ৰাজনৈতিক সংগঠন ঘোষণা কৰি তাৰ বেনাৰত নিৰ্বাচন খেলিব পৰা গ’লহেতেন। ঝাৰখণ্ড ছাত্র সন্থাই ( অজছু) নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ দৰে আছুৰ নিৰ্বাচন খেলাত কোনো বাধা নাই।
   লুৰিণ জ্যোতি গগৈ সভাপতিৰ আসনত বহাৰ লগে লগে সমাপ্ত হ’ল জগদীশ ভূঞাৰ নৃত্য নাতিকা। সকলোতকৈ আচৰিত হ’লো পবীন্দ্ৰ ডেকাক কাৰ্য্যকৰী সভাপতিৰ আসনত অধিষ্ঠিত কৰা কথাটোত। অগপত টিকট নোপোৱাটো ১০০% নিশ্চিত হোৱাৰ পিছত ডেকাই জাতীয় পৰিষদত যোগ দিছে। দলবাগৰাত সিদ্ধসস্ত ডেকাৰ বিধায়ক হিচাবে ৰেকৰ্ড ভাল নহয়। তেনে ক্ষেত্রত তেখেতক নামনি অসমৰ হোৱা বুলিয়েই এনে গুৰুত্বপূৰ্ণ পদ দিয়াটো উচিত হোৱা নাই। ই দলটোৰ মৰ্য্যাদা হানি কৰিব। জাতীয় পৰিষদে নিজৰ টিকটৰ হেৰুওৱাৰ ভয়ত দলত যোগদান কৰা লোকতকৈ সৎ ভাবমুৰ্তিৰ লোকক টিকট দিলে দলটোৰ লাভ হ’ব।
২০২১ত লুৰিণৰ প্ৰভাব
লুৰিণৰ দলে সংখ্যালঘু অধ্যুষিত অঞ্চল,বড়োভূমি, কাৰ্বিভূমি আৰু বৰাকত কোনো প্ৰভাব পেলাব নোৱাৰে। নামনি অসমৰ ভবানীপুৰ/পাটাছাৰকুছিৰ পৰা আৰম্ভ কৰি নলবাৰী, কামৰূপ তথা মধ্য অসমৰ নগাওঁলৈ বিজেপিৰ ব্যাপক প্ৰভাব আছে। ইয়াত মুল প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছ-আজমল বনাম বিজেপিৰ হ’ব। চাহবাগিছাক বাদ দি উজনিৰ ১৫খন মান আসনত লুৰিণৰ দলে বিজেপিক প্ৰত্যহ্বান জনোৱাৰ সম্ভাবনা আছে। এই ১৫খন মান আসনত হয়তো কংগ্ৰেছ তৃতীয় স্থানত থাকিব। জাতীয় পৰিষদে কেইখনত জয়ী হয় এতিয়াই কৈ দিয়া টান কিন্তু ০ ৰ পৰা ১০ খনৰ ভিতৰত থাকিব বুলি অসমৰ ৰাইজে ইতিমধ্যে ৰাজনীতি অসমৰ অ’পিনিয়ন প’লত মতামত ব্যক্ত কৰিছে।
প্ৰাপ্ত খৱৰ মতে লুৰিণে নাহৰকটীয়া বা দুলিয়াজানৰ পৰা নিৰ্বাচন খেলিব। লুৰিণৰ জয়ৰ পথ কিন্তু মসৃন নহয়। এই দুয়োটা সমষ্টিতে বিজেপি শক্তিশালী। তেনে ক্ষেত্রত লুৰিণক বিধানসভালৈ পঠোৱাৰ দায়িত্ব লব লাগিব সমষ্টিৰ জাতীয়তাবাদী ৰাইজে। লুৰিণক অসম বিধানসভাত পঠোৱাৰ প্ৰয়োজন আছে। অসমীয়া সত্তাটোক প্ৰতিনিধিত্ব কৰা লুৰিণ নিৰ্বাচনত হাৰিলে দুৰ্ভাগ্যৰ কথা হ’ব। অন্তত: আগন্তুক বিধানসভাত চৰকাৰ বিৰোধী সত্তা এটাৰ প্ৰয়োজন আছে , কাৰণ বিৰোধী অবিহনে গণতন্ত্ৰ শক্তিশালী হ’ব নোৱাৰে ।