লুৰিণ-অখিলৰ নজৰ অসমীয়াভাষী হিন্দু-মুছলমানৰ ভোটত

1299

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


১৯৮৫ ৰ পৰা আৰম্ভ কৰি অসমৰ ৰাজনৈতিক পথাৰখনত আজিলৈকে অজস্ৰ ছাত্ৰ নেতাই ৰাজনীতিত যোগ দিলে আৰু আজিৰ তাৰিখত পুৰ্বৰ ছাত্ৰ নেতাসকলৰ বহুতেই ৰাজনীতিয়েই নহয় সমাজিক ভাবেও অপ্ৰাসংগিক হৈ গ’ল ।
প্ৰফুল্ল কুমাৰ মহন্ত , ভৃগু ফুকনে আৰম্ভ কৰা ট্ৰেণ্ড আজিলৈ চলি থাকিল । ক্ষমতা লাভৰ সহজ বাট যেতিয়া অগপ আছিল তেতিয়া অগপলৈ গৈছিল আৰু বৰ্তমান বিজেপি শক্তিশালী সেয়ে ছাত্ৰ সকল বিজেপি লৈ আহিছে ।
হিতেশ্বৰ শইকীয়া বা তৰুণ গগৈৰ দিনত কংগ্ৰেছত যোৱা বহু ছাত্ৰ নেতাকো ৰাইজে দেখিছে ।
লুৰিণ জ্যোতি গগৈৰ হাতত নেতৃত্ব প্ৰদান কৰি সদৌ অসম ছাত্ৰ সন্থাই অসম জাতীয় পৰিষদ গঠন কৰিলে । পৰিস্থিতিৰ লগত তাল মিলাই অজাপ আৰু বাওঁপন্থী ভাৱধাৰাৰ ৰাইজৰ দলে মিত্ৰতা স্থাপন কৰিলে । অজাপ বা ৰাইজৰ দলৰ ভোট বেংক এটাই । অসমীয়া ভাষী হিন্দু ভোটাৰ খিনি হৈছে দুয়োটা দলৰ মুল ভোট বেংক । বদৰুদ্দিন আজমল বা কংগ্ৰেছৰ ভোট বেংকত অজাপ আৰু ৰাইজৰ দলে প্ৰভাব পেলাব নোৱাৰে। আনহাতে বিজেপিৰ নিয়ন্ত্ৰণত থকা চাহ জনগোষ্ঠী ভোটাৰ সকলৰ কাষ চপাও এই দল দুটাৰ বাবে অসম্ভৱ । নলবাৰী , হাজো , কমলপুৰ , ৰঙিয়া , জালুকবাৰী , মংগলদৈ , শিবসাগৰ আদি সমষ্টিৰ খিলঞ্জীয়া মুছলমান ভোটাৰৰ পুৰণি ভোটিং ট্ৰেণ্ডৰ পৰা ধাৰণা হয় যে কংগ্ৰেছৰ পৰা কোনোপধ্যে এই সমুহ ভোটাৰ আতৰি নাহে অহা নিৰ্বাচনত ।  যদি কংগ্ৰেছে বিজেপিক ৰোধ কৰাৰ স্বাৰ্থত দুৰ্বল প্ৰাৰ্থী বা ৱাক অভাৰ দিয়ে তেন্তে  অজাপ বা ৰাইজৰ দলৰ প্ৰাৰ্থীৰ স্থিতি সুদৃঢ় হব ।
অসমত লোকসভাৰ  ১৪ টা সমষ্টি  । ৪ টা সমষ্টি ( তেজপুৰ , যোৰহাট , ডিব্ৰুগড় , লক্ষীমপুৰ  ) ৰ জয় পৰাজয় নিৰ্ণয় কৰে চাহ জনগোষ্ঠী আৰু গোৰ্খা ভোটাৰ সকলে।
ধুবুৰি , নগাওঁ , কলিয়াবৰ আৰু বৰপেটা সমষ্টি  নিৰ্ণয় কৰে অভিবাসী মুছলমান ভোটাৰে । কৰিমগঞ্জ আৰু শিলচৰ সমষ্টি দুটা বৰাকৰ অন্তৰ্গত  ।লুৰিণ জ্যোতি গগৈৰ অসমীয়া ভাষা কেন্দ্ৰীক ৰাজনীতি  তাত অৰ্থহীন । তথাপি বদৰুদ্দিন আজমলৰ হৈ প্ৰচাৰ কৰাৰ স্বাৰ্থত ইউডিএফে অজাপৰ লগত গোপন মিত্ৰতা কৰিলে নামনি অসম আৰু উজনিত কংগ্ৰেছ – ইউডিএফ উপকৃত হব পাৰে । ৬ষ্ঠ অনুসূচীৰ অন্তৰ্গত স্বায়ত্ব শাসিত পাৰ্বত্য জিলা সমষ্টি ( ডিমাহাচাও + কাৰ্বিআংলং) আৰু কোকৰাঝাৰত লুৰিণ জ্যোতি গগৈৰ ৰাজনৈতিক নেৰেটিভ অপ্ৰাসংগিক ।
বাকী থাকিল গুৱাহাটী আৰু মংগলদৈ । নগাওঁৰ দৰে অভিবাসী মুছলমানৰ ভোটৰ বৰ্ধিত সংখ্যাই মংগলদৈতো ছবিখনৰ দ্ৰুত সলনি হৈছে  । ১৯৮৫ ত অগপৰ যিমান ঢৌ আছিল সেই ঢৌৰ তুলনাত অজাপৰ ঢৌ ১০ % ও নহয় । কিন্তু এইবাৰ অজাপ আৰু ৰাইজৰ দলৰ উত্থানৰ লগত বদৰুদ্দিন আজমলৰ প্ৰত্যক্ষ সমৰ্থন আৰু অংক থাকিব । কাৰণ আজমল আৰু লুৰিণ জ্যোতি গগৈ দুয়োজনেই হিন্দু বাংলাদেশীৰ বিৰোধী ।
 বদৰুদ্দিন আজমলে ধৰ্মীয় সংখ্যালঘু প্ৰধান প্ৰায় ২৫ টা সমষ্টি নিজৰ দখললৈ আনিবলৈ চেষ্টা কৰিব আৰু সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভুমিকা লোৱা ১৫ টা  সমষ্টি  কংগ্ৰেছে দখল কৰাৰ চেষ্টা কৰিব ।  উজনিৰ অসমীয়াভাষী হিন্দু  সংখ্যাগৰিষ্ঠ সমষ্টি কেইটাত  অজাপ আৰু ৰাইজৰ দলক সহযোগ কৰি  ২০ টা সমষ্টি বিৰোধী প্ৰাৰ্থী জয়ী কৰিলেই  আগন্তুক সময়ত কংগ্ৰেছ – ইউডিএফ এ অজাপ আৰু ৰাইজৰ দলৰ সহযোগত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িব ।  মুলত: লুৰিণ জ্যোতি গগৈ আৰু অখিল গগৈয়ে অসমীয়া ভাষী হিন্দু ভোট বিভাজন কৰিবলৈ যিমানেই সফল হ’ব সিমানেই ৰাজ্যত বিজেপি বিৰোধী ইউদিএফ – কংগ্ৰেছৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ সম্ভাৱনীয়তা বৃদ্ধি পাব ।