লুৰিণৰ ভাল দিন আহি আছে

1160
  • হৰকুমাৰ ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


লুৰিণ জ্যোতি গগৈৰ চক্ৰবেহুত চিকাৰ হল সৰ্বানন্দ সোণোৱাল । কথাটো আচৰিত যেন লাগিলেও মিছা নহয় । সদৌ অসম ছাত্ৰ সন্থাই লুৰিণ জ্যোতি গগৈক নেতৃত্ব প্ৰদান কৰি  ৰাজনৈতিক দল জন্ম দিয়াৰ লগে লগে অসমত ইতিহাসৰ পুনৰাবৃত্তি হল । অসম আন্দোলনৰ পিছত অসম গণ পৰিষদৰ জন্ম হৈছিল আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ পিছতেই জন্ম হ’ল অসম জাতীয় পৰিষদৰ । অগপৰ জন্মৰ সময়ত প্ৰফুল্ল মহন্ত , ভৃগু ফুকনৰ দৰে নেতাসকল আছিল অবিসম্বাদী আৰু অদ্বিতীয় । কিন্তু প্ৰফুল্ল মহন্ত বা ভৃগু ফুকনতকৈও তেজস্বী ভাষণ দিব পৰা লুৰিণ জ্যোতি গগৈ কিন্তু অদ্বিতীয় ধৰণৰ নেতা হব পৰা নাছিল । আছুত থকা সময়ছোৱাটোত কেব আন্দোলনক নেতৃত্ব দি জনপ্ৰিয় হোৱা লুৰিণ গগৈৰ সন্মুখত প্ৰত্যাহ্বান আছিল দুজন ব্যক্তি । এজন সমুজ্জল ভট্টাচাৰ্য্য আৰু আনজন হৈছে সৰ্বানন্দ সোণোৱাল । কাৰণ এই দুয়োজন নেতা হৈছে অসমীয়া ভাষীক জাতীয়তাবাদৰ চিনাকী । তেনেস্থলত এই দুজন নেতাৰ বৰ্তমানৰ স্থিতিৰ সন্মুখত তৃতীয় এজন নেতাৰ কাৰণে খালী ঠাই নাছিল । এফালে চৰকাৰত সৰ্বানন্দ সোণোৱাল আৰু আনফালে চৰকাৰ বিৰোধী ছবি এখনক নেতৃত্ব দিয়া সমুজ্জল ভট্টাচাৰ্য্যৰ তুলনাত লুৰিণ জ্যোতি গগৈ নিচেই ক্ষুদ্ৰ । কেব আন্দোলনৰ সময়ত লুৰিণ জ্যোতি গগৈ যেতিয়া নায়ক হোৱাৰ পথত খোজ দি আছিল সেই সময়ত অসমৰ কেব আন্দোলনত জপিয়াই পৰিল মেঘালয়ৰ কৰ্নাদ চাংমা । একে ৰাতিত চাংমাক হিৰো কৰা হ’ল । বিভিন্ন সুত্ৰই দাবী কৰা মতে কৰ্নাদ চাংমাক অসমত প্ৰবেশ কৰাই সমুজ্জল ভট্টাচাৰ্য্যই লুৰিণ জ্যোতিৰ জনপ্ৰিয়তাৰ গ্ৰাফ দালক কিছু মন্থৰ কৰিবলৈ চেষ্টা কৰিছিল ।  কিন্তু লুৰিণ জ্যোতিৰ বিৰুদ্ধে ৰচনা হোৱা প্ৰতিটো চক্ৰান্ত গন্তব্য স্থান পোৱাৰ আগমুহুৰ্তত অখিল গগৈৰ কেব বিৰোধী স্থিতিয়ে সমুজ্জল ভট্টাচাৰ্য্যক বিব্ৰত কৰিলে । গোটেই দৃষ্টি অখিলে কাঢ়ি নিয়াৰ উপক্ৰম হওতেই সমুজ্জল ভট্টাচাৰ্য্যই তেওঁৰ পুৰণি সহকৰ্মী সৰ্বানন্দ সোণোৱালক লক্ষ কৰি লবলৈ বাধ্য হয় । সমুজ্জল ভট্টাচাৰ্য্যই আৰম্ভ কৰা সৰ্বানন্দ বিৰোধী স্থিতিৰ পুৰ্ণ সুযোগ গ্ৰহণ কৰে লুৰিণে । জাতীয় নায়কক জাতিৰ খলনায়ক লৈ ৰূপান্তৰ কৰিবলৈ লোৱা প্ৰতিটো প্ৰচেষ্টাই সৰ্বানন্দ সোণোৱালৰ ইমেজক ক্ষতি কৰে আৰু শেষত সংবাদ মেল সম্বোধন কৰি আবেগিক কথা কবলৈ  বাধ্য হয়  সৰ্বানন্দ সোণোৱাল।
সোণোৱালৰ ব্যক্তিত্বক আঘাত কৰা আৰু আদৰ্শক প্ৰশ্ন কৰা অন্যতম ব্যক্তি লুৰিণ জ্যোতি গগৈ । যাৰ ফলশ্ৰুতিত  সংবাদ মেলত কবলৈ বাধ্য হৈছিল __” মোক এঘৰীয়া নকৰিব ”। অসমৰ সংবাদ মাধ্যমত শক্তিশালী পদবী লৈ থকা ৰাজনৈতিক দলৰ এজেন্ট সাংবাদিক আৰু বুদ্ধিজীবীৰ সন্মুখত নিজকে সমৰ্পিত কৰা মুখ্যমন্ত্ৰীজনক তেওঁৰ উপদেষ্টা মণ্ডলীয়ে  এবাৰো মনত পেলাই নিদিলে যে নামনি অসমৰ বিভিন্ন ঠাইত কেব সমৰ্থকে মুখ্যমন্ত্ৰীৰ কনভয়ত ফুল চতিয়াইছিল আৰু we support CAB ৰ প্লেকাৰ্ড লৈছিল ।
সৰ্বানন্দ সোণোৱাল অসমৰ ৰাজনীতিৰ পৰা প্ৰস্থান কৰাৰ লগে লগেই নতুন জাতীয়তাবাদী ৰাজনেতাৰ সম্ভাৱণা সৃষ্টি হব আৰু সেইজনেই হব লুৰিণ জ্যোতি গগৈ । হিমন্ত  বিশ্ব শৰ্মা বা ৰঞ্জিত দাস বা দিলীপ শইকীয়া যিকোনো এজন মুখ্যমন্ত্ৰী হলেই হ’ল , মাত্ৰ সৰ্বানন্দ সোণোৱাল দিল্লী যাব লাগে । প্ৰফুল্ল মহন্তৰ ৰাজনীতি কেৰিয়াৰ প্ৰায় শেষ , অগপৰ স্থিতি প্ৰায় এটা এন জি অৰ দৰে হোৱা এই সময়ছোৱাত সৰ্বানন্দ সোণোৱাল যদি দিছপুৰৰ পৰা নিৰ্বাসিত হয় তেন্তে ২০২৬ লৈ  অজাপ আৰু লুৰিণ জ্যোতি গগৈ হৈ পৰিব অসমৰ ৰাজনীতিৰ দুটা শক্তিশালী নাম ।