লুৰিনৰ স্পষ্টবাদিতাৰ শলাগ লৈছো

3863
  • ডাঃ শুভ্ৰ কিংকৰ গোস্বামী

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ছাত্ৰ বুলি নিজকে জনা হোৱাৰ দিনৰ পৰাই ছাত্ৰ সন্থাৰ সৈতে আছে এক আত্মিক সম্বন্ধ ৷৭২ৰ ভাষা আন্দোলন ,তাৰ পিচৰ খাদ্য আন্দোলন আৰু সুদীৰ্ঘ বিদেশী বহিষ্কাৰৰ আন্দোলনত ছাত্ৰ হিচাবেই কৰা অংশগ্ৰহণে আমাৰ জীৱন ধন্য কৰিছে ৷ আজি তিনিকুৰি বছৰতো নিজকেই মই অনানুষ্ঠানিক ছাত্ৰ হিচাবেই গণ্য কৰো আৰু সেয়েহে অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন হিচাবে আছুক সন্মান দি আহিছো আৰু ছাত্ৰ সন্থাই ইয়াৰ ধৰ্মনিৰপেক্ষ আৰু জাতীয়তাবাদী চৰিত্ৰ বৰ্তাই থকালৈকে এই ৰঙীন পতাকা খনক সন্মান জনাই যাম৷
দুলিয়াজান অধিবেশনত কিছু দীৰ্ঘম্যাদী সিদ্ধান্ত লব পাৰিব বুলি আমি আশা কৰি আছিলো ৷ কিন্তু কিছুমান সিদ্ধান্তই আমাক হতাশ কৰিলে ৷ দুকুৰি বছৰলৈকে এজন ছাত্ৰই আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিব নোৱাৰাৰ কোনো যুক্তিযুক্ততাই নাই ৷ তেনে ক্ষেত্ৰত কাৰোবাৰ স্বাৰ্থৰক্ষাৰ কাৰণেই বয়সৰ সৰ্বোচ্চ সীমা দুকুৰি বছৰ কৰা হ’ল ৷ ছাত্ৰছাত্ৰী সকলৰ সুৰক্ষিত শৈক্ষিক ভবিষ্যত বুলি এটা শব্দ প্ৰায়ে উচ্চাৰিত কৰা হয় ৷ ছাত্ৰ সন্থাৰ চাৰি দিনীয়া অধিবেশনতেই যদি শৈক্ষিক ভৱিষ্যতৰ কথা আলোচনা নহয় তেনেহলে ক’ত হব এনে আলোচনা ? ছাত্ৰ সন্থাৰ নতুন নেতৃত্বই অস্পৃশ্য বুলি ভাবি থকা বহুতো ছাত্ৰ সংগঠনক বিশ্বাস আৰু মৰ্যাদা দি আগ বাঢ়িলেহে বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত সহায়ক হব ৷
কা আন্দোলনৰ গইনা লৈ যোৱা এটা বছৰে অখিল গগৈক পোতাশালত ৰখাৰ কথাটোত ছাত্ৰসন্থাই নিজৰ স্থিতি পৰিষ্কাৰ কৰিব লাগে ৷ যদি তেওঁলোকৰ দৃষ্টিত অখিল এজন ৰাষ্ট্ৰবিৰোধী তেনেহলে তাকেই স্পষ্টকৈ কব লাগে ৷ আৰু যদিহে নহয় বুলি ভাবে তেনেহলে অখিল গগৈৰ মুক্তিৰ কাৰণে দৃঢ়তাৰে দাবী জনাব লাগে ৷ দুলিয়াজানৰ অধিবেশনত তেনে কোনো প্ৰস্তাৱ আমাৰ দৃষ্টিগোচৰ নহ’ল ৷
ডঃ সমুজ্জ্বল ভট্টাচাৰ্যৰ জাতিটোৰ প্ৰতি যি অৱদান সেয়া সৰ্বস্বীকৃত ৷ সেইবুলি বছৰ বছৰ ধৰি একেজন ব্যক্তি ছাত্ৰ সন্থাৰ বিষয়ববীয়া হৈ থকাটো গণতান্ত্ৰিক পৰম্পৰাৰ পৰিপন্থী ৷ তেনে ক্ষেত্ৰত তেখেতক আৱেগিক ভাৱে “বিবেকৰ প্ৰশ্নবান”ৰ সন্মুখীন হবলৈ দিয়াটো যুক্তিসংগত নহয় ৷ ছাত্ৰ সন্থাৰ অনানুষ্ঠানিকভাৱে বহুতো উপদেষ্টা আছেই ৷ দেহৰ শেষ তেজ থকালৈকে তেনে এগৰাকী অনানুষ্ঠানিক উপদেষ্টা হৈ থকাটো আৰু থাকিবলৈ দিয়াটোৱেই সময়ৰ আহ্বান ৷
নতুন ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহকে নতুন উদ্যমেৰে নতুন দিশত ছাত্ৰছাত্ৰী সকলক আগুৱাই নিয়ক ৷ ছাত্ৰ সন্থা কোনো কালেই অৰাজনৈতিক নাছিল ৷ বিভিন্ন ৰাজনৈতিক বিষয়ত ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা মাত মাতি আহিছে ৷ গতিকে “ছাত্ৰ সন্থাৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব লাগিবই “বুলি অযথা শুন্যতে গদা ঘুৰাই লাভ নাই ৷ কেৱল ছাত্ৰ সন্থাৰ কোনো সদস্যই সক্ৰিয় ৰাজনীতিৰ পথাৰত থাকিব নালাগে ৷
শেষত লুৰিনজ্যোতি গগৈৰ স্পষ্টবাদিতাৰ শলাগ লৈছো ৷ সচাকৈয়ে নেতাসকল কাপুৰুষ হব নালাগে ৷ তেওলোক দুমুখীয়া হবও নালাগে ৷ তেওঁলোকৰ ওপৰত ৰাইজে নজৰ ৰাখে ৷ তেওঁলোক জাতিটোৰ গাড্ডাৰো হব নালাগে ৷
জয়তু সদৌ অসম ছাত্ৰ সন্থা ৷
জয় আই অসম ৷
ছাত্ৰ সন্থা সচাকৈয়ে ছাত্ৰছাত্ৰী সকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ টৰ্চ বিয়াৰাৰ হওক ৷